Browsing Category

অসম

তেজপুৰৰ সৰবৰহী ভাওনা আৰু সত্ৰীয়া শিল্পী, কোঁচ ৰাজবংশী সন্মিলনীৰ জিলাৰ ভাৰপ্ৰাপ্ত সভাপতি মহেশ্বৰ বৰুৱাৰ পৰলোকপ্ৰাপ্তি

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১০ মে'ঃ তেজপুৰৰ নিকটৱৰ্তী মিলনপুৰ ডেকা চুবুৰীৰ সৰবৰহী সমাজকৰ্মী, সত্ৰীয়া আৰু ভাওনা শিল্পী তথা কোঁচ ৰাজবংশী সন্মিলনৰ শোণিতপুৰ জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি মহেশ্বৰ বৰুৱাৰ আজি বিয়লি প্ৰায় ৩ বজাত আকস্মিক ভাৱে পৰলোকপ্ৰাপ্তি ঘটাত অঞ্চলটিৰ লগতে তেজপুৰ আৰু শোণিতপুৰ জিলাখনতে শোকৰ ছাঁ পৰিছে। মিলনপুৰৰ আদৰ্শ সন্মিলিত সংঘৰ প্ৰতিষ্ঠাপক সম্পাদক, মিলনবাকৰি ৰাস মহোৎসৱ সমিতিৰ প্ৰাক্তন সম্পাদক , মিলনপুৰ আঞ্চলিক ৰঙালী বিহু সন্মিলন, মিলনপুৰ দুৰ্গা পূজা সমিতিৰ লগতে ডেকা চুবুৰী নামঘৰ পৰিচালনা সমিতিৰ উপৰি বিভিন্ন…

নাৰায়ণপুৰত শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ১০ মে’ ঃনাৰায়ণপুৰ অসমৰ ভিতৰতে এখন পৱিত্ৰ স্থান৷ আজি এই পৱিত্ৰ স্থানত মই উপস্থিত হৈ সঁচাকৈ গৌৰৱ অনুভৱ কৰাৰ লগতে নিজকে পৱিত্ৰ অনুভৱ কৰিছোঁ৷ আধ্যাত্মিক তথা সাংস্কৃতিক ভাৱে সমৃদ্ধ স্থান বুলি কলে যি সমূহ ঠাইৰ নাম আমাৰ মনলৈ আহে সেই সমূহৰ ভিতৰত নাৰায়ণপুৰ অন্যতম ৷ --এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ ৰাজ্য চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তিৰ দিনটোত আজি নাৰায়ণপুৰত মাধৱদেৱ কলাক্ষেত্ৰ উদ্বোধন কৰি তেওঁ এনেদৰে কয়৷ মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান নাৰায়ণপুৰৰ বদলা পদ্মআতা সত্ৰই দান কৰা ৪৪ বিঘা ভূমিত…

বিহপুৰীয়া মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে শিক্ষক গোট সৰব 

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১০ মেঃ লখিমপুৰ জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান বিহপুৰীয়া মহাবিদ্যালয়ৰ কেতবোৰ আভ্যন্তৰীণ ঘটনাক লৈ অধ্যক্ষৰ বিৰুদ্ধে মহাবিদ্যালয়খনৰ শিক্ষক গোট সৰৱ হৈ উঠিছে। উল্লেখ্য যে মহাবিদ্যালয়খনত পূৰ্বেও বিত্তীয় অনিয়ম হোৱা বুলি অভিযোগ উঠাৰ লগতে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত হৈছিল যদিও সেই তদন্তৰ প্ৰতিবেদন প্ৰকাশ নাপালে। আনহাতে জিলা উপায়ুক্তক দাখিল কৰা স্মাৰক পত্ৰত শিক্ষক গোটে অভিযোগ কৰে যে মহাবিদ্যালয়খনৰ অধ্যক্ষৰূপে যোগদান কৰাৰে পৰা অমূল্য কুমাৰ হাজৰিকাই শিক্ষকসকলক মানসিক ভাবে নিৰ্যাতন দি আহিছে।আনকি কোনো কলেজ শিক্ষকৰ…

তেজপুৰত মৰ্মান্তিক ঘটনাঃ পুত্ৰবিয়োগৰ শোকত প্ৰাণ গ’ল মাতৃৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৯ মে’ঃ তেজপুৰৰ এজন যুৱকৰ চেন্নাইত শোকাৱহ মৃত্যুৱে যুৱকজনৰ পৰিয়ালত হাঁহাকাৰ অৱস্থাৰ সৃষ্টি কৰাৰ লগতে পুত্ৰশোকত ভাঙি পৰা মাতৃৰো মৃত্যু ঘটাৰ এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে৷ এই শোকাৱহ ঘটনাই তেজপুৰৰ নিকটৱৰ্তী বান্দৰমাৰী মনিঝাৰনি অঞ্চলৰ ৰাইজক ম্ৰিয়মাণ কৰিছে৷উল্লেখযোগ্য যে, বকুল বড়ো(২৩) নামৰ যুৱকজনে দুই সতীৰ্থক ৰক্ষা কৰিবলৈ গৈ নিজেই মৃত্যু মুখত পৰে। উল্লেখ্য যে, দুদিন পুৰ্বে চেন্নাইৰ মাদাথুকোলামত পুখুৰীত একেেলগে মাছ ধৰিবলৈ যোৱা বকুলৰ আন দুজন জন সতীৰ্থ পানীত ডুব যায়। সেই দৃশ্য প্ৰত্যক্ষ কৰি কৰি…

ৰাজ্যত দলিলৰ নাটনিঃ অত্যধিক মূল্যত বিক্ৰী দলিল

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ , ৯মে’ঃ সম্প্ৰতি ৰাজ্যত ভূমি পঞ্জীয়ন, বিভিন্ন চুক্তি পত্ৰ সম্পন্ন কৰা আৰু আদালতৰ বিভিন্ন কামৰ বাবে প্ৰয়োজন হোৱা একোখন দলিল সংগ্ৰহ কৰিবৰ বাবে দুৰ্ভোগ ভুগিব লগাত পৰিছে জনসাধাৰণ। এই দলিল ক্ৰয় কৰিবৰ বাবে নিৰ্ধাৰিত মূল্যৰ বিপৰীতে ভৰিব লগা হয় অত্যধিক ধন।এই অভিযোগ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপাৰাধ নিয়ন্ত্ৰণ ব্যুৰ' অসমৰ৷ আজি এক বিবৃতিত এই সন্দৰ্ভত কোৱা হয় যে, এশ টকাৰ দলিলখন ক্ৰয় কৰোতে দিব লগা হয় এশ পঞ্চাশৰ পৰা এশ সত্তৰ টকা। সেই বৃদ্ধি হাৰত সকলোবোৰ দলিল অধিক দামত বিক্ৰী কৰি এক নিয়ন্ত্ৰণহীন বেহা ৰাজ্যত…

মাজুলীৰ বিধায়ক গামৰ বাহন দুৰ্ঘটনাগ্ৰস্ত শোণিতপুৰৰ খনামুখত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৯ মেঃ আজি ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰে শোণিতপুৰহৈ আহি থকা অৱস্থাত খনামুখত মাজুলী বিধান সভা সমষ্টিৰ বিধায়ক ভূৱন গামৰ বাহন দুৰ্ঘটনাত পতিত হয়৷ দুৰ্ঘটনাটোত বিধায়ক সহ বাহনখনত থকা বিধায়কজনৰ পত্নী আৰু দেহৰক্ষীসহ কে’বাজনো লোক আহত হয়।উল্লেখযোগ্য যে, বিধায়ক গাম সপত্নীক মাজুলীৰ পৰা গুৱাহাটীলৈ এ এছ০১এফএফ-১২০০ নম্বৰৰ কিয়া কাৰ্নিভেল বাহন খনৰে আহি থকাৰ সময়ত দিনৰ প্ৰায় ১১.৩০ বজাত খনামুখত একেদিশৰ পৰা আহি থকা তীব্ৰ বেগী এ এছ১২ ৱাই ৭২৮৯ নম্বৰৰ বলেৰ বাহনৰ স’তে সংঘৰ্ষ হোৱাৰ ফলত বলেৰখন চিটিকি পথৰ কাষৰ খাৱৈত বাগৰি…

লখিমপুৰত ডাম্পাৰৰ খুন্দাত এজন নিহত

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ৯ ঃ উত্তৰ লখিমপুৰ নগৰৰ মাজ মজিয়াত আজি সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত এজন লোকৰ থিতাতে নিহত হয়৷ মৃত লোকজন হৈছে জিলাখনৰ ঘূনাসুঁতি বান্দৰকটা নিবাসী ফটিক নাথ ৷ প্ৰাপ্ত তথ্য অনুসৰি ফটিক নাথে আজি প্ৰায় ১১.৩০ বজাত উত্তৰ লখিমপুৰ নগৰলৈ আহি থকাৰ সময়তে নগৰখনৰ কে বি ৰোডৰ এফ চি আই কাৰ্যালয় সন্মুখত লখিমপুৰ-পানীগাঁও অভিমুখী এ এচ ২২ চি ৩৮৫১ নম্বৰৰ বালি ভৰ্তি ডাম্পাৰখনে উক্ত লোকজনক মহটিয়াই নিয়াত তেওঁৰ থিতাতে নিহত হয়৷ ডাম্পাৰখনৰ পিছ চকা ফটিক নাথৰ ভৰিৰ ওপৰেৰে পাৰ হৈ যোৱাত নাথৰ ঘটনাস্থলীতে মৃত্যু হয়৷ আৰক্ষীয়ে…

মাধৱদেৱ কলাক্ষেত্ৰ উদ্বোধনৰ প্ৰাকমুহূৰ্তত ভিতৰচ’ৰা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ৯ মে ঃ ২০০৮ চনতে কংগ্ৰেছ চৰকাৰৰ আমোলত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আধাৰশিলা স্থাপন কৰা মাধৱদেৱ কলাক্ষেত্ৰখন কাইলৈ বুধবাৰে ৰাইজলৈ আনুষ্ঠানিক ভাৱে উৎসৰ্গা কৰিব মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ বাৰ বৈষ্ণৱৰ জন্মস্থান তথা মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান নাৰায়ণপুৰত সুদীৰ্ঘ ১৩ বছৰৰ পাছত মাধৱদেৱ কলাক্ষেত্ৰ নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈ উঠিছে৷ কাইলৈ পুৱা ১০ বজাত মুখ্যমন্ত্ৰীয়ে এই কলাক্ষেত্ৰ শুভ উদ্বোধন কৰিব৷ উল্লেখ্য যে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগৰ ৫৭.৫৬ কোটি টকাৰ ব্যয় সাপেক্ষে বদলা পদ্ম আতা সত্ৰৰ…

ভাস্কৰ্য আৰু শিল্পৰ দিন উদযাপন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৯ মেঃ আধুনিক লখিমপুৰৰ অন্যতম খনিকৰ, ভাস্কৰ, সাংবাদিক, নাট্য কৰ্মী নন্দকিশোৰ মহেশ্বৰীৰ জন্মদিন ৯ মে দিনটো নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবে "ভাস্কৰ্য আৰু শিল্প দিন" ৰূপে পূৰ্বে পালন কৰি অহাৰ দৰে আজি ক্লাব ভৱনত এক স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত হয়। পোনতে মহেশ্বৰীৰ প্ৰতিছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে অসম বাৰ্তাজীৱী সংঘৰ সভাপতি টুটুমণি ফুকনে। ক্লাবৰ সভাপতি কুমুদ বৰুৱাৰ পৌৰোহিত্যত অনুষ্ঠিত স্মৃতিচাৰণ অনুষ্ঠানত লখিমপুৰৰ বিশিষ্ট নাট্যকৰ্মী, প্ৰবীণ খেলুৱৈ অৰুণ কুমাৰ দত্তই মহেশ্বৰীৰ লগত থকা দীৰ্ঘদিনীয়া সান্নিধ্যৰ…

১২ আৰু ১৩ মে’ত বিহগুৰিত কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাৰ মৃত্যু শতবৰ্ষৰ সামৰণি অনুষ্ঠান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ ,৮মে' : কুৰি শতিকাৰ প্ৰথম দুটা দশকত অসমৰ জাতীয় জীৱনলৈ ইতিবাচক জোৱাৰ আনোতা, অসমৰ সামাজিক ৰাজনৈতিক জীৱনৰ আন এজন মহীৰূহ তথা বিহগুৰিৰ গৌৰৱ কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাৰ মৃত্যু শতবৰ্ষৰ সামৰণি অনুষ্ঠান অহা ১২ আৰু ১৩ মে'ত পুৰোধাগৰাকীৰ জন্ম স্হান বিহগুৰিত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব । বিগত ২০ জুলাই ২০২২ তাৰিখে তেখেতৰ মৃত্যু তিথিৰ লগত সংগতি ৰাখি শতবৰ্ষৰ কাৰ্যসূচীৰ শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত কৰাৰ পাছত অহা ১২ আৰু ১৩ মে'ত দুদিনীয়া কাৰ্যসূচীৰে বিহগুৰিৰ কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত…