Browsing Category
অসম
লখিমপুৰৰ নাওবৈচা কিশোৰীক ৩ লাখ টকাত অৰুণাচলত বিক্ৰীৰ অভিযোগ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ১২ মে : লখিমপুৰ জিলাৰ নাওবৈচা আৰক্ষী চকীৰ অন্তৰ্গত গড়ছিগা কঠালগুৰি গাঁৱৰ কেবাজনো দুৰ্বৃত্তই এগৰাকী ১২ বছৰীয়া কিশোৰীক অৰুণাচলত ৩ লাখ টকাত বিক্ৰী কৰাৰ ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে। গড়ছিগা কঠালগুৰি গাঁৱৰ হোমৰন পায়েঙ আৰু সুনীতা পায়েঙৰ ১২ বছৰীয়া কন্যা ফুলেশ্বৰী পায়েঙক যোৱা ৫ এপ্ৰিলতে নিশা শুই থকাৰ সময়তে স্থানীয় কেইজনমান যুৱকৰ দলে কৌশলেৰে মাতি আনি লৈ যায়। নাওবৈচাৰ সৰ্বশিক্ষা বিভাগৰ আৱাসিক বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীত পঢ়ি থকা ফুলেশ্বৰী পায়েঙক স্থানীয় নগেন পায়েঙ, ৰেবা পায়েঙৰ নেতৃত্বত মানৱ সৰবৰাহকাৰী চক্ৰটোৱে…
তিনিচুকীয়া-দুলীয়াজান ঘাইপথ নিৰ্মাণত ব্যাপক দুর্নীতিৰ অভিযোগ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১২ মে’ : তিনিচুকীয়া চহৰৰ নপুখুৰী অঞ্চলৰ পৰা দুলীয়াজান অভিমুখী ঘাইপথ নিৰ্মাণত ব্যাপক অনিয়ম আৰু দুর্নীতি সংঘটিত হোৱাৰ অভিযোগ তুলি ইয়াৰ এক তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ তিনিচুকীয়া জিলা সমিতিয়ে ৷ এই সন্দৰ্ভত আজি অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা উপায়ুক্তক এখন স্মাৰক-পত্ৰ প্ৰদান কৰা হয় । অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি বাবলু কুলদ্বীপ আৰু সাধাৰণ সম্পাদক ৰবিন কুৰ্মিয়ে ক্ষোভ প্ৰকাশ কৰি কয়…
কৰুণাধাৰাৰ তেজপুৰ শাখাৰ উদ্যোগত হোমেন বৰগোহাঞিক স্মৰণ
শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ১২ মেঃ ৰাজ্যখনৰ প্ৰাত:স্মৰণীয় কথাশিল্পী, বিশিষ্ট বুদ্ধিজীৱী তথা কৰুণাধাৰাৰ প্ৰতিষ্ঠাতা হোমেন বৰগোহাঞিৰ দ্বিতীয় মৃত্যু বাৰ্ষিকীৰ আজিৰ দিনটোত কৰুণাধাৰাৰ তেজপুৰ শাখাই ভাৰতীয় শিশু কল্যাণ পৰিষদ আৰু শিশু বিকাশ একাডেমীৰ সহযোগত আয়োজন কৰে বিশেষ শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ অনুষ্ঠানৰ। ভাৰতীয় শিশু কল্যাণ পৰিষদৰ তেজপুৰ শাখাৰ কাৰ্যালয়ত আয়োজিত এই অনুষ্ঠানৰ আৰম্ভণিতে কৰুণাধাৰাৰ তেজপুৰ শাখাৰ সম্পাদিকা ড০ কৃষ্ণা শৰ্মাই প্ৰয়াত কথাশিল্পী গৰাকীক স্মৰণ কৰি কৰুণাধাৰাৰ জন্ম বৃতান্ত সদৰী কৰি তেওঁৰ বদান্যতাৰ বিভিন্ন দিশ…
লখিমপুৰত ডাম্পাৰে মহটিয়ালে দুই বাইক আৰোহীক
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ১২ মে ঃ উত্তৰ লখিমপুৰ নগৰৰ মাজ মজিয়াত মাত্ৰ দুদিন পূৰ্বে ডাম্পাৰে এজন লোকক খুন্দিয়াই নিহত কৰাৰ পিছত আজি নগৰখনৰ বাইপাছত আনএখন ডাম্পাৰে দুই বাইক আৰোহীক মহটিয়াই নিয়া ঘটনাই নগৰখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ আজি পুৱা ১১.৩০মান বজাত পহুমৰা দিশৰ পৰা মিক্সাৰ কয়লা কঢ়িয়াই অনা এ এচ ২৩ চি চি ৫৪৭৯ নম্বৰৰ ডাম্পাৰখনে লখিমপুৰ বাইপাছৰ চাবতিত দুই বাইক আৰোহী যুৱকক মহটিয়াই নিয়াৰ ফলত এজন যুৱক থিতাতে নিহত হয়৷ লক্ষণীয় কথা যে লীলাবাৰী দিশৰ পৰা এ এচ ০৭ এফ ১৪৮৫ নম্বৰৰ বাইকখনেৰে তীব্ৰ বেগেৰে নিপু নাথ আৰু ৰাজু গোৱালাই…
ঐতিহাসিক ফাটবিহু আৰম্ভ
শতাব্দ ঢকুৱাখনাৰ প্ৰতিবেদক,১২ মে': পৰম্পৰাগত উৎসাহ-উদ্দীপনাৰে আজিৰে পৰা ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত ফাটবিহু আৰম্ভ হৈছে। চাৰিকড়ীয়া নৈ বিধৌত উত্তৰ পাৰৰ ম'হঘুলি চাপৰিৰ সেউজ বাকৰিত ফাটবিহু আৰম্ভ হৈছে। ম'হঘুলি চাপৰিৰ প্ৰায় ৪০ বিঘা মাটিৰ সেউজ আৱেষ্টনীৰ ফাটবিহুতলীক কেন্দ্ৰ কৰি সমগ্ৰ ঢকুৱাখনাত এতিয়া উছৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। বৃহত্তৰ ঢকুৱাখনা আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলবোৰৰ পৰা ফাটবিহু তলীলৈ শ শ বিহুৱা- বিহুৱতীয়ে ঢাপলি মেলিছে। আজি প্ৰথম দিনৰ কাৰ্যসূচী শুভাৰম্ভ হয় ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াই কৰা পতাকা উত্তোলনৰে।ইয়াৰ পিছত স্মৃতি…
ঘূনাসুঁতিত দলং নিৰ্মাণত অনিশ্চয়তা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ, ১১ মে’ ঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই বিগত বৰ্ষৰ ১৬ ডিচেম্বৰত লখিমপুৰ জিলাৰ ঐতিহাসিক ঘূনাসুঁতিত উপস্থিত হৈ ঘাগৰ-ঘূনাসুঁতি সংযোগী পথৰ সোৱণশিৰিৰ ওপৰত নিৰ্মাণ হ’ব লগা পকী দলংখনৰ শিলান্যাস আৰু ভূমি পূজন কৰিছিল যদিও এই দলংখনৰ নিৰ্মাণক লৈ এতিয়া চৰম অনিশ্চয়তা আহি পৰিছে৷ সোৱণশিৰি নদীৰ ভয়ংকৰ গৰা খহনীয়াই এনে অনিশ্চয়তা নমাই আনিছে৷ উল্লেখ্য যে বহু প্ৰতীক্ষাৰ অন্তত ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ ৰাজ্য চৰকাৰে সোৱণশিৰৰ ওপৰত মহাইজানত দ্বিতীয়খন পকী দলং নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰাৰ…
তেজপুৰত ফ্লাইঅভাৰ নিৰ্মাণৰ বাবে অতি কম মূল্যত ভূমি অধিগ্ৰহণঃ ক্ষুব্ধ বহুলোক
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১১মে’ ইতিমধ্যে নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা তেজপুৰ মিছন চাৰিআলিৰ ফ্লাই অভাৰৰ বাবে চৰকাৰে অধিগ্ৰহণ কৰা ম্যাদী ভূমিৰ মূল্য যথেষ্ট কম পৰিমানে নিৰ্দ্ধাৰণ কৰা বুলি অভিযোগ উঠিছে৷ সদাব্যস্ত মিছন চাৰিআলিত এখন ফ্লাই অভাৰ নিৰ্মানৰ বাবে দাবী উত্থাপন হৈ আহিছিল আৰু সম্প্ৰতি ৰাজ্য চৰকাৰে ইয়াত ইয়াৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে৷ প্ৰথম অৱস্থাত ফ্লাইঅভাৰখন নিৰ্মাণৰ ক্ষেত্ৰত সেনাৰ পৰা আপত্তি প্ৰদৰ্শন কৰা হৈছিল আৰু ইয়াৰ বাবে প্ৰায় দুবছৰে কাম আৰম্ভ কৰা হোৱা নাছিল৷পাছত তেজপুৰত অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত এইখন…
সাজু হৈ উঠিছে ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত ফাটবিহুতলী
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ ১১মে' : ঐতিহ্যৰে সমৃদ্ধ ঢকুৱাখনাৰ ফাটবিহু। চাৰিকড়ীয়া নৈৰ পাৰতে ম’হঘুলি চাপৰিত আহোম ৰাজত্ব কালৰে পৰা পালন কৰি অহা হৈছে ফাটবিহু। এইবাৰো ঐতিহ্যৰ ভেটি চিকুণাই-অতাই সাজু হৈ উঠিছে চাৰিকড়ীয়াৰ পাৰ। ঐতিহ্য আৰু পৰম্পৰাৰ সমাহাৰেৰে ১২ মেৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপিত হব ঐতিহ্যমণ্ডিত ফাটবিহু। অসমীয়া সংস্কৃতি জগতৰ অনন্য তথা আকৰ্ষনীয় অনুষ্ঠান ফাটবিহু উদযাপনক লৈ ঢকুৱাখনাত এতিয়া উৎসৱ মুখৰ পৰিবেশে বিৰাজ কৰিছে। ন-ৰূপত সজাই পৰাই তোলা হৈছে ৩৭বিঘা মাটিৰে পৰিবেষ্টিত ম’হঘুলি চাপৰিৰ ফাটবিহুৰ বাকৰি।আহোম…
অধ্যক্ষৰ বিৰুদ্ধে বিহপুৰীয়া মহাবিদ্যালয় শিক্ষক গোটৰ অৱস্থান ধৰ্মঘট ( ফটো সংবাদ)
বিহপুৰীয়া মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে শিক্ষক গোট সৰব
তিনিচুকীয়াৰ নাবালিকা ধৰ্ষণ কাণ্ডৰ অভিযুক্ত বিজেপি নেতা ডেৰমাহে মুকলি আকাশৰ তলত
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১০ মে’ : তিনিচুকীয়া জিলাৰ বৰডুবি থানাৰ অন্তৰ্গত কাছমাৰী পঞ্চায়তৰ কাটানি গাঁৱত যোৱা ২০ মাৰ্চত সংঘটিত নাবালিকা ধৰ্ষণ কাণ্ডৰ অভিযুক্তক আজিকোপতি কৰায়ত্ত নকৰাত চিপিআই(এম-এল)ৰ তিনিচুকীয়া জিলা সমিতিয়ে উদ্বেগ প্ৰকাশ কৰিছে ৷ আজি দলৰ জিলা সমিতিৰ সম্পাদক সুভাষ সেন, সদস্য পূৰ্ণ কাকতি আৰু প্ৰগতিশীল নাৰী সন্থাৰ তিনিচুকীয়া জিলাৰ সম্পাদিকা শিখা দাসে ঘটনাৰ এক চৰজমিন কৰি এক প্ৰেছ বিবৃতিত উক্ত ঘটনা সম্পৰ্কে কয় যে কাটানি গাঁৱৰ বাপুজী প্ৰাথমিক বিদ্যালয়ৰ কাষৰ একেবাৰে দৰিদ্ৰ চাহ শ্ৰমিক পৰিয়ালৰ ষষ্ঠ শ্ৰেণীত…
