Browsing Category
অসম
১৯২৮ চনৰ পৰা প্ৰকাশ পাই অহা অসম সাহিত্য সভাৰ পত্ৰিকাখনি আজিও একত্ৰে প্ৰকাশ কৰিব নোৱৰাটো দুৰ্ভাগ্যজনক কথা – ড° সঞ্জীৱপল ডেকা
বিশিষ্ট নাট্যকাৰ-সাহিত্যিক দ্বিজেন্দ্ৰ নাথ শৰ্মাক মামনি বৰা সোঁৱৰণী বঁটা প্ৰদান
অধিবক্তা প্ৰমোদ চন্দ্র শৰ্মাক সভাপতি হিচাপে লৈ নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন
কেবাগৰাকীও বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিক সম্বৰ্ধনাশতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৪ মেঃ অসমৰ ছপাশালৰ ইতিহাসত তেজপুৰে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল Crowed fundingৰ প্ৰথম দৃষ্টান্তৰে "আসাম বন্তি" আলোচনী প্ৰকাশৰ জৰিয়তে।এই "আসাম বন্তি" প্ৰকাশত বিশেষ ভূমিকা পালন কৰিছিল মহাদেৱ শৰ্মাৰ পিতৃ জয়দেৱ শৰ্মাই । নৈষ্ঠিক ব্ৰাহ্মণ পৰিয়াল এটাত জন্ম গ্ৰহণ কৰি 'মহম্মদ চৰিত' ৰ…
ফাটবিহু অসমৰ জাতীয় জীৱনৰ মহামিলনৰ উৎসৱ: মুখ্যমন্ত্ৰী
জন সমুদ্ৰত পৰিণত ম'হঘুলি চাপৰি
শতাব্দ ঢকুৱাখনাৰ প্ৰতিবেদক, ১৪ মে': ফাটবিহু এতিয়া কেৱল ঢকুৱাখনা ৰাইজৰে উৎসৱ হৈ থকা নাই, ই এতিয়া অসমৰ জাতীয় জীৱনৰ স্পন্দন, মহামিলনৰ উৎসৱত পৰিণত হৈছে। ই অসমৰ লোক-সংস্কৃতিৰ এক প্ৰধান অংগ হৈ পৰিছে। ফাটবিহুৱে অসমবাসীৰ মাজত সমন্বয়ৰ বাৰ্তা বিলাইছে। ফাটবিহুৱে বিৱৰ্তনৰ মাজেৰে আনুষ্ঠানিক ৰূপ লৈছে যদিও ই প্ৰাকৃতিক ৰূপ ধৰি ৰাখিবলৈ সক্ষম হৈছে। এই বক্তব্য মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত ফাটবিহুৰ আজি অন্তিম দিনা মুখ্য অতিথি হিচাপে উপস্থিত থাকি নিজৰ ভাষণত মুখ্যমন্ত্ৰী…
বিজেপিৰ অন্যায়ৰ বিৰুদ্ধে কৰ্ণাটকত ৰায়-ভূপেন বৰা
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ , ১৩ মে' : দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ একনায়কতত্ত্ববাদৰ প্ৰতি কৰ্ণাটকৰ ৰাইজে জনমত দিছে । এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ সভাপতি ভূপেন বৰাৰ৷ আজি তেজপুৰ ঐতিহাসিক মহাভৈৰব মন্দিৰত উপস্থিত হৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই পূজা অৰ্চনা কৰি এই মন্তব্য কৰে ।তেওঁ ন্যায়ৰ সপক্ষে ভগবান আছে আৰু বিজেপিৰ দুৰ্নীতিৰ বিৰুদ্ধে এয়া জনতাৰ ৰায়দান বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি কৰ্ণাটকত এয়া মাথো আৰম্ভণি, বিজেপিৰ মিথ্যাচাৰ ৰাইজে বুজি উঠিছে আৰু আগন্তুক দিনত ৰাইজে এনেধৰণেই বিজেপিৰ বিৰুদ্ধে ৰায় দান দিব বুলিও…
কৰ্ণাটকৰ নিৰ্বাচনী ফলাফল সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৩মে’ঃ “কৰ্ণাটকত ২০১৪ৰ পৰাই বিধানসভাত কংগ্ৰেছ আৰু লোকসভা নিৰ্বাচনত বিজেপি জিকে৷ তাত এইটো এটা ট্ৰেণ্ড হৈ পৰিছে৷ দেশৰ ৩৫খন ৰাজ্যতে নিৰ্বাচনত বিজেপি জয়ী হ’ব বুলি কোনো কথা নাই৷ তাত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়তে এটা আভাস পোৱা গৈছিল৷”-এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ৷ উল্লেখযোগ্য যে, বিহগুৰিত আয়োজিত কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাৰ মৃত্যু শতবৰ্ষৰ সামৰণি অনুষ্ঠান উপলক্ষে চন্দ্ৰনাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাৰ মৃত্যু শতবৰ্ষ সোঁৱৰণ সমিতিৰ উদ্যোগত অনুষ্ঠিত সভাত…
তেজপুৰৰ মাৰ্গদৰ্শনকাৰী, বিশিষ্ট সংস্কৃত পণ্ডিত উপেন্দ্ৰ নাথ শৰ্মাৰ দেহাৱসান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৩ মে'ঃ ৰাজ্যখনৰ বিশিষ্ট সংস্কৃত পণ্ডিত, দৰংমহাবিদ্যালয়ৰ সংস্কৃত বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক, মহাবিদ্যালয়খনৰ বৰ্তমানৰ পৰিচালনা সমিতিৰ সভাপতি, এক যোগাত্মক চিন্তাধাৰাৰে তেজপুৰৰ বৌদ্ধিক, সামাজিক আৰু শৈক্ষিক অনুষ্ঠানৰ নেতৃত্ব প্ৰদান কৰোতা, বিশিষ্ট শিক্ষাবিদ উপেন্দ্ৰ নাথ শৰ্মাৰ আজি গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত পুৱা প্ৰায় ৮ - ৪০ বজাত পৰলোকপ্ৰাপ্তি ঘটাত তেজপুৰৰ লগতে জিলাখনতে শোকৰ ছাঁ পৰিছে। তেজপুৰৰ সমাজ জীৱনৰ অগ্ৰণী ব্যক্তিত্ব তথা সৰবৰহী শিক্ষাবিদ গৰাকী কিছুদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছিল…
ফাটবিহুক অসমৰ পৰ্যটনৰ কেলেণ্ডাৰত অন্তৰ্ভুক্ত কৰক- অনুৰাধা শৰ্মা পূজাৰী
শুক্ৰবাৰৰ মহিলা টকা আৰু চেমনীয়া বিহুদলসমূহৰ বিহু শনিবাৰে পুৱা ৭-৩০ বজাহে সামৰণি।
বিয়লি ২ বজাৰ পৰিৱৰ্তে সন্ধিয়া ৭ -১৫ বজাত ফাটবিহু তলীত উপস্থিত হয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস
মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আগমন উপলক্ষত অন্তিম দিনৰ কাৰ্যসূচীৰ সময়ৰ কিছু সালসলনিশতাব্দ ঢকুৱাখনাৰ প্ৰতিবেদক, ১৩ মে': ঢকুৱাখনাৰ বিহু মানেই সমগ্র উত্তৰ-পূৰ্বাঞ্চলৰ হৃদ স্পন্দন। ঢকুৱাখনা বিহুৰ হৃদপিণ্ড। বিহুৰ এই বিনন্দীয়া ৰূপ ঢকুৱাখনাৰ ফাটবিহুৰ বাদে আন ক'তো নাই। ঢকুৱাখনাত উপস্থিত হৈ শ শ বছৰৰ আগলৈ ঘূৰি যোৱা যেন লাগিছে। প্ৰকৃত বিহু চাবলৈ…
লখিমপুৰত এখন চুপাৰ স্পেচিয়েলিটি হস্পিতাল, দন্ত চিকিৎসা মহাবিদ্যালয় আৰু এখন নাৰ্ছিং মহাবিদ্যালয় স্থাপনৰ অনুমোদন- বিধায়ক ডেকা
উত্তৰ লখিমপুৰ, ১২ মে: লখিমপুৰ জিলাৰ স্বাস্থ্য বিভাগৰ উদ্যোগত আজি যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ত অনুষ্ঠিত প্ৰেক্ষাগৃহত এক বিশেষ অনুষ্ঠানত আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ কাৰ্ড বিতৰণ কাৰ্যসূচী ১১১নং লখিমপুৰ বিধানসভা সমষ্টিৰ বিধায়ক মানৱ ডেকাই শুভাৰম্ভ কৰে । বিধায়ক ডেকাই নিজৰ ভাষণত কয় যে আমাৰ এক প্ৰচলিত ব্যৱস্থা আছে, কিন্তু এই প্ৰচলিত ব্যৱস্থাৰ ওপৰত চিন্তা চৰ্চা কৰি জনসাধাৰণৰ উপকাৰৰ বাবে চিন্তা চৰ্চা কৰা ৰাজনীতিবিদ বহু কম যদিও তেনেধৰণৰ বিশেষ ৰাজনীতিবিদ আমি আমাৰ দেশৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী…
লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ পুষ্টি পৰীক্ষা শিবিৰ অনুষ্ঠিত
উত্তৰ লখিমপুৰঃ ১২ মে': লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ এক্সটেনচন চাৰ্ভিচেছ এণ্ড আউটৰিচ প্ৰগ্ৰেম চেল আৰু আইকিউএ চেলৰ উদ্যোগত জিলা স্বাস্থ্য সমিতি (ৰাষ্ট্ৰীয় চিকিৎসা মোবাইল ইউনিট-১০০)ৰ সহযোগত আজি ইয়াৰ পালিত গাঁও বৰবিলত এক পুষ্টি পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° লোহিত হাজৰিকাই অধ্যাপক, কাৰ্যালয়ৰ কৰ্মচাৰী, চিকিৎসা কৰ্মী আৰু স্থানীয় গাঁওবাসীৰ উপস্থিতিত শিবিৰটো উদ্বোধন কৰে। লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ আইকিউএচিৰ সমন্বয়ক ড° দাদুল ৰাজকোঁৱৰে শিবিৰৰ উদ্দেশ্য ব্যাখ্যা কৰে। উত্তৰ লখিমপুৰৰ চিকিৎসা বিষয়া ডাঃ…
লখিমপুৰত চি বি এছ ইৰ দশম-দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত ছাত্ৰ-ছাত্ৰীৰ সাফল্য
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১২ মে’ ঃ আজি ঘোষিত চি বি এছ ইৰ দশম শ্ৰেণীৰ ফলাফলত লখিমপুৰ কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ আৰোহণ তিৱাৰী, চিমনা কলিতা আৰু অভিষেক বৰাই বিদ্যালয়খনত শীৰ্ষ স্থান দখল কৰে৷ আৰোহনে ৯৭.৮০ শতাংশ, চিমনাই ৯৬ শতাংশ আৰু অভিষেকে ৯৩.৬০ শতাংশ নম্বৰ লাভ কৰে৷ তদুপৰি বিদ্যালয়খনৰ পৰা এইবাৰ প্ৰায়সকল পৰীক্ষাৰ্থী সুখ্যাতিৰে উত্তীৰ্ণ হয়৷ আনহাতে এছিয়ান পাব্লিক স্কুলৰ পৰা আটাইকেইজন পৰীক্ষাৰ্থী উত্তীৰ্ণ হয়৷ ত্ৰিবেণী বৰা আৰু সৌমাৰদীপ কাকতিয়ে অসমীয়া বিষয়ত ১০০ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়৷ বিদ্যালয়খনৰ পৰা ত্ৰিবেণী বৰা, ভূয়সী ফুকন,…
“সৰগম” ৰ প্ৰয়াত শিল্পীক স্মৰণ কৰি বাণ থিয়েটাৰত স্মৃতিকাতৰ হ’ল প্ৰবীণ নাট্যশিল্পী
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১২মে: তেজপুৰৰ নাটশিল্প ক্ষেত্ৰখনৰ প্ৰয়াত বহুকেইগৰাকী দক্ষ শিল্পীক স্মৰণ কৰি কালি সন্ধিয়া স্মৃতিকাতৰ হৈ পৰিল তেজপুৰৰ শিল্পকলাৰ সৈতে জড়িত বুজন সংখ্যক লোক। উল্লেখ্য যে, ১৯৭৭ - ৭৮ চনতে তেজপুৰত আধুনিক নাট্য আন্দোলনৰ এক বিশেষ ধাৰা সৃষ্টি কৰি গঢ়ি উঠা "সৰগম সাংস্কৃতিক গোষ্ঠী" ৰ সৈতে জড়িত থকা প্ৰয়াত সুজিত সিংহ, প্ৰণৱ বৰা, বিবেক বৰা, দিনেশ গোস্বামী, জীৱন বৰা, উদয় শংকৰ শইকীয়া, দিলীপ চৌধুৰী, সুৰেণ মহন্ত, কাৰ্তিক হাজৰিকাকে ধৰি একাংশ দক্ষ নাট্যশিল্পীৰ স্মৃতি সজীৱ কৰি ৰখাৰ উদ্দেশ্যে নিস্ক্ৰিয় হৈ পৰা "সৰগম"…
