Browsing Category

অসম

দুবছৰে ন্যায় নাপালে চিপি ভেংৰাই

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,১৭মে’: তেজপুৰৰ চি পি ভেংৰা নামৰ কিশোৰীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ তদন্তত আৰক্ষীয়ে প্ৰদৰ্শন কৰা শিথিলতাৰ ক্ষেত্ৰত কিন্তু আজিলৈকে কোনো ব্যৱস্থাই গ্ৰহণ কৰা হোৱা নাই ৷ স্মৰ্তব্য যে,তেজপুৰৰ কিশোৰী চিপিৰ মৃত্যুৰ ঘটনাৰে জড়িত থকাৰ অভিযোগ উঠিছিল স্বয়ং আৰক্ষী বিভাগতে কৰ্মৰত দুই পতি পত্নীৰ বিৰুদ্ধে৷২০২১ৰ পাঁচ ছেপ্টেম্বৰতেই এইগৰাকী কিশোৰী চিপি ভেংৰাই এক অতি যন্ত্ৰণাদায়ক মৃত্যুক সাৱতিব লগীয়া হৈছিল যদিও আজিলৈকে এই ঘটনাৰ তদন্ত আগনাবাঢ়িল৷ উল্লেখযোগ্য যে,অসম আৰক্ষীৰে কনিষ্টবল দম্পতী অনুৰূপা শইকীয়া(জোন) আৰু ৰাজীৱ…

বিহপুৰীয়া মহাবিদ্যালয় শিক্ষক গোটৰ আন্দোলন অব্যাহত

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৮ মেঃ বিহপুৰীয়া মহাবিদ্যালয় শিক্ষক গোটে উত্থাপন কৰা দাবীসমূহ পূৰণৰ কাৰণে তেওঁলোকৰ আন্দোলন অব্যাহত আছে যদিও যোৱা ১৫ মেত শিক্ষকগোট আৰু মহাবিদ্যালয় পৰিচালনা সমিতিৰ যুটীয়া বৈঠকে ১৮ মেত পৰিচালনা সমিতিয়ে এই বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জনোৱাত ১৮ মেত তাৰিখলৈকে অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰাখে ৷ উল্লেখযোগ্য যে মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি গৰাকীয়ে অধ্যক্ষলৈ প্ৰেৰণ কৰা স্মাৰকপত্ৰৰ প্ৰতিলিপি গ্ৰহণ কৰাৰ দুসপ্তাহ উকলি যোৱাৰ পাছতো শিক্ষকগোটৰ সমস্যাসমূহৰ বুজ ল’বলৈ যত্ন কৰাৰ পৰিৱৰ্তে…

ফাটবিহুৰ অবাঞ্চিত কাণ্ডক লৈ অৱশেষত ক্ষমা প্ৰাৰ্থনা ফাটবিহু সমিতিৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৭ মে : ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত ফাটবিহুত সংঘটিত অবাঞ্চিত ঘটনাৰ বাবে চাৰিদিনৰ পিছত নিঃচৰ্ত ক্ষমা বিচাৰিলে ফাটবিহু সমিতিয়ে। ফাটবিহুৰ মঞ্চত সংঘটিত অনাকাংক্ষিত, অবাঞ্চিত, অপ্ৰীতিকৰ আৰু মাৰপিট কাৰ্যই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পিছত অৱশেষত সংস্কৃতিপ্ৰেমী ৰাইজৰ লগতে ভুক্তভোগী বৰদৈচিলা বিহু দলৰ ওচৰত নিঃচৰ্ত ক্ষমা প্ৰাৰ্থনা বিচাৰিবলৈ বাধ্য হল ফাটবিহু সমিতি। ফাটবিহু সমিতি আৰু ফাটবিহু উদযাপন সমিতিৰ যৌথ উদ্যোগত বুধবাৰে বিয়লি ফাটবিহুতলীত অনুষ্ঠিত এক সংবাদমেলত এই চৰ্তহীন ক্ষমা বিচাৰে ফাটবিহু সমিতিৰ…

সংগীতা বৰুৱা পিছাৰটিক পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা প্ৰদান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৭ মেঃ গোলাঘাটৰ জীয়ৰী তথা নতুন দিল্লী নিবাসী সাহসী সাংবাদিক সংগীতা বৰুৱা পিছাৰটিক আজি পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা প্ৰদান কৰে বিশিষ্ট ঔপন্যাসিক অৰূপা পটংগীয়া কলিতাই। অৰূপা পটংগীয়া কলিতাই এই বঁটা প্ৰদান কৰিবলৈ পাই নিজে ধন্য হোৱা বুলি উল্লেখ কৰি সংগীতা বৰুৱাৰ শিপা যথেষ্ট পৰিমাণে গভীৰ বুলি উল্লেখ কৰে। ঔপন্যাসিক তথা গল্পকাৰ কলিতাই কয় যে সংগীতা বৰুৱাৰ পিতৃ অপূৰ্ব বৰুৱা নিজেই এজন সাংবাদিক হোৱাৰ লগতে গোলাঘাটৰ প্ৰসিদ্ধ চাহ খেতিয়ক। তেখেতৰ ঘৰত থাকিয়েই কথা সাহিত্যিক ছৈয়দ আব্দুল মালিকে গোলাঘাট চহৰত পঢ়া-শুনা…

মুখ্যমন্ত্ৰীৰ সন্মুখত ক্ষোভ উজাৰিলে বিজেপিৰ ৱাৰ্ড কমিচনাৰে

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৭ মে’ : বিজেপিৰ তিনিচুকীয়া জিলা সমিতিৰ বৰগুৰিস্থিত স্থায়ী কাৰ্যালয় ’অটল বিহাৰী বাজপেয়ী ভৱন’ আজি পুৱা দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ লগতে একাধিক মন্ত্ৰী, বিধায়ক আৰু দলীয় কৰ্মকৰ্তাৰ উপস্থিতিত উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ গায়ন-বায়নেৰে আদৰি নিয়াৰ পাছত মুখ্যমন্ত্ৰীয়ে ফিটা কাটি আৰু নাৰিকল ভাঙি দলীয় কাৰ্যালয়টো উদ্বোধন কৰাৰ পাছত সমগ্ৰ কাৰ্যালয় পৰিদৰ্শন কৰে ৷ সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে সকলো জিলা আৰু সকলো মণ্ডলতে বিজেপিৰ এটাকৈ কাৰ্যালয় স্থাপনৰ বাবে চেষ্টা চলাই অহাৰ কথা উল্লেখ…

প্ৰায় পাঁচবছৰ পূৰ্বে হোৱা এক ৰহস্যজনক দুৰ্ঘটনাৰ আজিও তদন্ত সম্পূৰ্ণ নহল

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,১৭মে’ঃ আৰক্ষী বিষয়া জোনমণি ৰাভাৰ দুৰ্ঘটনাত মৃত্যুৰ ক্ষেত্ৰত ইতিমধ্যেই ৰাজ্যৰ বহুজনে গভীৰ ৰহস্য থকা বুলি আশংকা প্ৰকাশ কৰাৰ সময়তে তেজপুৰৰ এজন লোকৰ ২০১৮ চনৰ পাঁচ ডিচেম্বৰৰ নিশা সোণাৰিত সংঘটিত ৰহস্যজনক দুৰ্ঘটনাৰ তদন্ত সন্দৰ্ভতো শেহতীয়াকৈ প্ৰশ্ন উত্থাপন কৰিছে নিহত লোকজনৰ পৰিবাৰে৷ উল্লেখযোগ্য যে, তেজপুৰ নিকামূল নিবাসী প্ৰয়াত সঞ্জীৱ বৰা (৩৪) সেই সময়ত সমগ্ৰ শিক্ষাৰ জিলা অভিযান বিষয়া হিছাপে সোণাৰিলৈ বদলি হৈছিল আৰু তাত তিনিমাহ কৰ্মৰত হোৱাৰ সময়ত ২০১৮ চনৰ পঞ্চায়ত নিৰ্বাচনৰ কামত চৰাইদেউ জিলাত মনিটৰিং…

জোনমণি ৰাভাৰ মৃত্যুৰ লগত লখিমপুৰ আৰক্ষী জড়িত বুলি অভিযোগ

 সাঙুৰ খাইছে নাওবৈচাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জীৱ বৰা জোনমণিৰ ইনফ’মাৰ হাছিনা বেগমক লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক-নাওবৈচা আৰক্ষীচকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ ভাবুকি হাছিনাৰ বিস্ফোৰক স্বীকাৰোক্তিত ওলাইছে ন ন তথ্য শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৭ মে’ ঃ এচ আই জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই নতুন মোৰ লৈছে৷ বিশেষকৈ জোনমণি ৰাভাৰ মৃত্যুৰ পাছতেই লখিমপুৰ জিলাৰ বঙালমৰাৰ হাচিনা বেগম নামৰ এগৰাকী মহিলাই জোনমণি ৰাভাৰ সন্দৰ্ভত কৰা কেতবোৰ বিস্ফোৰক মন্তব্যৰ পিছতে আজি লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষকক তাৎক্ষণিক ভাৱে বদলি কৰা…

 জোনমণি ৰাভাৰ মৃত্যুৱে এৰি থৈ গল বহু ৰহস্য

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৬ মে'ঃ শাসকক ৰঙা চকু দেখুৱাই লাইমলাইটলৈ অহা তথা চমু চাকৰি জীৱনত একাধিক বিতৰ্কৰে জেল যাত্ৰা কৰিও অলেখজনৰ দৃষ্টিত সাহসী মহিলা আৰক্ষীৰূপে বিবেচিত জুনমণি ৰাভাৰ যোৱানিশা এক ৰহস্যজনক পৰিৱেশত দুৰ্ঘটনাত নিহত হয়। অসম আৰক্ষীৰ উপ পৰিদৰ্শক জুনমণি ৰাভাৰ ভয়াৱহ দুৰ্ঘটনাত নিহত হোৱা ঘটনাই শোকৰ ছাঁ পেলোৱাৰ লগতে এই ঘটনাই বহু প্ৰশ্নৰ অৱতাৰণা ঘটাইছে । নগাঁও জিলাৰ কলিয়াবৰত যোৱা নিশা জোনমনি ৰাভাৰ এ এছ ০১ ই এন ৭২৭৩ নম্বৰৰ মাৰুতি গাড়ীখন বিপৰীত দিশৰ পৰা অহা ইউ পি ৭৮ ইউ টি ৪৫১৮ নম্বৰৰ ট্ৰাকখনৰ মুখামুখি সংঘৰ্ষ লাগে।দুৰ্ঘটনাটোত…

তেজপুৰৰ সাংস্কৃতিক কৰ্মীক চাৰিদুৱাৰত আৰক্ষীৰ নিৰ্মম প্ৰহাৰঃ এজাহাৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৫ মে'ঃ নতুনকৈ পৰিধান কৰা খাকী পোছাকৰ ক্ষমতাৰ ৰাগিত তেজপুৰৰ মনোজ কলিতা নামৰ যুৱকজনক সুৰাপান কৰাৰ অভিযোগত সদলবলে গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগত চাৰিদুৱাৰ আৰক্ষী থানাৰ এজন উপপৰিদৰ্শকৰ বিৰুদ্ধে ন্যায় বিচাৰি এজাহাৰ দাখিল কৰাৰ লগতে ন্যায় বিচাৰি আদালতৰ কাষ চপাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভুক্তভোগী কলিতাই৷ৱ অভিযোগ অনুসৰি, এগৰাকী সৰবৰহী সাংস্কৃতিক তথা সংবাদকৰ্মী, তেজপুৰৰ নিকটৱৰ্তী বিহগুৰি মেকনৰ চুবুৰীৰ বিশিষ্ট মৃৎ আৰু ভাস্কৰ্য শিল্পী টংকেশ্বৰ কলিতাৰ পুত্ৰ মনোজ কলিতাক যোৱা ১২ মে'ৰ নিশা নিপন শইকীয়া নামৰ…

গোগামুখত আছুৰ ব’হাগী উৎসৱত সুৰামত্ত যুৱকৰ তাণ্ডৱ

 উদণ্ড-নিচাসক্ত যুৱকে গছকি ভাঙিলে চাৰি শতাধিক আসন শিল্পী ৰোহিত সোণাৰৰ বাহনসহ কুৰিৰো অধিক বাহন ক্ষতিগ্ৰস্ত শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৫ মে ঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰঙালী বিহু সন্মিলন চলি থকাৰ সময়তে একাংশ বিহু সন্মিলনস্থলীত বিভিন্ন অঘটন সংঘটিত হৈ আহিছে৷ শেহতীয়াকৈ লখিমপুৰ-ধেমাজিতো এনে ঘটনা সংঘটিত হোৱাৰ বাতৰি পোহৰলৈ আহিছে৷ বিশেষকৈ একাংশ নিচাসক্ত যুৱকৰ উদ্ভণ্ডালি আৰু তাণ্ডৱত বিহুতলীত অভাৱনীয় পৰিস্থিতিৰ সূচনা হৈ আহিছে৷ ১৪ মে’ নিশা ধেমাজি জিলাৰ গোগামুখত অনুস্থিত হোৱা এখন বিহু সন্মিলনত সৃষ্টি হোৱা অনাহুত পৰিস্থিতিয়ে…