Browsing Category
অসম
হিমন্তবিশ্ব শৰ্মাৰ সীমা বিবাদ নিষ্পত্তি চুক্তি অসাৰঃ অৰুণাচলীয়ে লখিমপুৰৰ বনাঞ্চলত গছ কাটিয়েই আছে
জিলা উপায়ুক্ত-আৰক্ষী অধীক্ষকৰ ঘটনাস্থলী পৰিদৰ্শন
অসম চৰকাৰৰ নিৰ্লিপ্ত ভূমিকাত আটছাৰ তীব্ৰ ক্ষোভ
কাকৈত ভূমি দখলৰ প্ৰচেষ্টাৰে অৰুণাচলীৰ আগ্ৰাসন
বনাঞ্চলত বন শিবিৰ স্থাপনশতাব্দ ষ্টাফ ৰিপৰ্টাৰ,লখিমপুৰ ১৯ মে’ ঃ অসম অৰুণাচলৰ মাজত সীমা সমস্যা সন্দৰ্ভত বুজা বুজি চুক্তি হৈ যোৱাৰ পিছতো একাংশ অৰুণাচলীয়ে অসমৰ ভূমিলৈ লোলুপ দৃষ্টি দি আহিছে৷ বিশেষকৈ অসম-অৰুণাচল সীমান্তৱৰ্তী লখিমপুৰ জিলাৰ বিভিন্ন বনাঞ্চলত অৰুণাচলীয়ে এতিয়াও আগ্ৰাসন অব্যাহত ৰাখিছে৷ ইয়াৰ পৰিণতি স্বৰূপে যোৱা ১৭ মে’ৰ নিশা জিলাখনৰ কাকৈ সংৰক্ষিত বনাঞ্চলৰ লৱাৰ জুমি…
সোৱণশিৰিৰ ভীমপৰা কোৱেৰিত অবাধে বালি খননঃ থেকেৰাগুৰি গাঁৱলৈ ভাবুকি
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ১৮ মে'ঃ লখিমপুৰ জিলা বন বিভাগৰ বিষয়া-কৰ্মীৰ সহযোগত সোৱণশিৰি নৈৰ বুকুৰ পৰা বনজ সম্পদ সংগ্ৰহ কৰাৰ নামত ভীমপৰা শিল-বালি মহলৰ মহলদাৰ গোষ্ঠীয়ে দৌৰাত্ম্য চলোৱাৰ অভিযোগ উত্থাপন কৰিছে মহলটোৰ দাঁতিকাষৰীয়া থেকেৰাগুৰি গাঁৱৰ ৰাইজে। উল্লেখ্য যে, চৰকাৰী নীতি-নিৰ্দেশনাক পদদলিত কৰি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত থকা সোৱণশিৰি দলঙৰ পৰা মাত্ৰ ১৫০ মিটাৰমান নিলগতে উল্লেখিত মহলটোৰ মহলদাৰ গোষ্ঠীয়ে পুখুৰী সদৃশ দ বৃহৎ বৃহৎ আকাৰৰ গাঁত খান্দি বৰ্তমান বালি খনন অব্যাহত ৰখাত অহা বাৰিষা সোৱণশিৰি নৈয়ে থেকেৰাগুৰি গাঁৱৰ অস্তিত্বৰ…
তিনিচুকীয়াত দৈনিক প্ৰায় ৫০ হাজাৰ নেমু নষ্ট
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৮ মে’ : কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে দেশত নিৰ্মিত তথা থলুৱাভাৱে উৎপাদিত গুণগত মানসম্পন্ন সামগ্ৰীক বজাৰমুখী কৰি গ্ৰাম্য অৰ্থনীতিৰ লগতে সামগ্ৰিকভাৱে ৰাজ্য আৰু দেশৰ অৰ্থনৈতিক বিকাশ তৰান্বিত কৰাৰ বাবে নানা পদক্ষেপ গ্ৰহণ কৰিছে যদিও চৰকাৰৰ এনে পদক্ষেপত হেঙাৰ হৈ থিয় দিছে একাংশ লোকৰ মানসিকতা ৷ উল্লেখ্য যে ৰাজ্যৰ তিনিচুকীয়া অঞ্চল হৈছে ’আছাম লেমন’ অৰ্থাৎ কাজি নেমু বা ইলাচি নেমুৰ বাবে বিখ্যাত ৷ কিয়নো এই অঞ্চলত পৰ্যাপ্ত পৰিমাণে উৎকৃষ্ট নেমুৰ উৎপাদন হয় ৷ কিন্তু বজাৰৰ অভাৱত দৈনিক বৃহৎ পৰিমাণৰ নেমু নষ্ট…
বিহপুৰীয়া মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ বৈঠক বাতিলঃ পুনৰ আন্দোলন ঘোষণা শিক্ষক গোটৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৮ মেঃ বিহপুৰীয়া মহাবিদ্যালয় শিক্ষক গোটে একাধিক দাবী উত্থাপন কৰি যোৱা ১১ মেৰ পৰা আন্দোলন অব্যাহত ৰাখিছিল। ১৫ মেত শিক্ষকগোট আৰু মহাবিদ্যালয় পৰিচালনা সমিতিৰ যুটীয়া বৈঠকে আজি ১৮ মেত পৰিচালনা সমিতিয়ে এই বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জনাইছিল যদিও পৰিচালনা সমিতিয়ে সমগ্ৰ বিষয়টো লঘু বা গৌণ কৰাৰ কাৰচাজি কৰাৰ গুৰুতৰ অভিযোগ উঠিছে ৷ উল্লেখ্য যে আজি বিহপুৰীয়া মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ বৈঠক হোৱাৰ কথা আছিল যদিও স্থানীয় বিধায়কৰ অনুপস্থিতি দেখুৱাই সভাখন স্থগিত ৰখা হয় ৷ তাৎপৰ্যপূৰ্ণ কথা যে বিহপুৰীয়াৰ বিধায়কগৰাকীয়ে…
জোনমণি ৰাভাৰ মৃত্যু ঘটনাঃ নাওবৈচাত চি আই ডিৰ অভিযান
লখিমপুৰত বিজেপিৰ বহু নেতাৰ লগত আবু চুহিদৰ আছিল ঘনিষ্ঠতা
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৮ মে’ঃ এছ আই জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই সম্প্ৰতি তোলপাৰ লগাইছে সমগ্ৰ ৰাজ্য৷ জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাক লৈ ৰহস্যৰ সৃষ্টি হৈ থকাৰ সময়তে আৰক্ষী সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে চি আই ডিয়ে ইতিমধ্যে অভিযান আৰম্ভ কৰিছে৷ কালি নিশাৰে পৰা লখিমপুৰত থিতাপি লোৱা চি আই ডিৰ তিনিজনীয় দলে আজি পুৱাই জিলাখনৰ নাওবৈচাৰ বৰচলাত অভিযান আৰম্ভ কৰে৷ দলটিয়ে লখিমপুৰ আৰক্ষীৰ সহযোগত আজগৰ আলিৰ বাসগৃহত অভিযান চলাই আজগৰ আলিৰ মাতৃ আমিনা খাতুনক জেৰা কৰে যদিও মাতৃক…
২০২৪ চনৰ মাৰ্চ মাহৰ পূৰ্বে সম্পূৰ্ণ হ’ব তিনিচুকীয়া মেডিকেল কলেজৰ নিৰ্মাণকাৰ্য
ছেপ্তেম্বৰত তিনিচুকীয়াত অনুষ্ঠিত হ’ব কেবিনেট
মুখ্যমন্ত্ৰীক ‘ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সফল অসমীয়া বঁটা' প্ৰদান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৮ মে’ : আগন্তুক ছেপ্তেম্বৰ মাহত তিনিচুকীয়াত অনুষ্ঠিত হ’ব ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক ৷ আজি তিনিচুকীয়াত সাংবাদিকসকলৰ সৈতে এক চাহমেলত অংশগ্ৰহণ কৰি এইকথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰীয়ে সাংবাদিকসকলৰ পৰা তিনিচুকীয়াৰ সমস্যাৰ বুজ লয় ৷ সাংবাদিকসকলে তিনিচুকীয়াৰ ভয়াৱহ যানজঁটৰ সমস্যা, পাৰ্কিঙৰ সমস্যা, বেদখল, অবৈধ নিৰ্মাণকাৰ্য, নলা-নৰ্দমাৰ সমস্যা আদিৰ বিষয়ে…
আহকচোন, এখন চৰকাৰী আদৰ্শ বিদ্যালয়ৰ ভিতৰখন চাও
হায় শিক্ষা বিভাগ ! আনন্দ চাহ বাগিছা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ আন্তঃগাঁথনি নিম্ন
দুই শতাধিক ছাত্ৰ-ছাত্ৰীৰ বাবে নাই এযোৰাও ডেক্স-বেঞ্চএখনো ব্লেক বৰ্ড নাই
প্ৰধান শিক্ষকৰ বাবেও নাই কোনো চকী-টেবুল
৯৮ লাখ টকীয়া গৃহ নিৰ্মাণত ব্যাপক অনিয়ম
এতিয়াও বহু ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰা নাই সম্পূৰ্ণ পাঠ্য-পুথিশতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৮ মে’ ঃ লখিমপুৰ জিলাৰ আনন্দ চাহ বাগিছা এলেকাত ৰাজ্য চৰকাৰে শেহতীয়াকৈ স্থাপন কৰা আনন্দ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ত এতিয়া চূড়ান্ত প্ৰহসন ঘটিছে৷ বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীয়ে…
কাকৈ বনাঞ্চলত একেনিশাই অৰুণাচলী দুবৃৰ্ত্তই কাটিলে হাজাৰোধিক মূল্যবান গছ
ঘটনাস্থলীত ডি এফ অ’-আৰক্ষী অধীক্ষক
সীমান্তত উত্তেজনা
অৰুণাচলীৰ আগ্ৰাসন অব্যাহত
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৭ মে’ ঃ অসম-অৰুণাচল সীমান্তৱৰ্তী তথা লখিমপুৰ জিলাৰ কাকৈ সংৰক্ষিত বনাঞ্চলত যোৱা নিশা অৰুণাচলী দুবৃৰ্ত্তই হাজাৰৰো অধিক মূল্যবান গছ-গছনি কাটি তহিলং কৰা ঘটনাই সীমান্তত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে৷ ইতিমধ্যে আজি ঘটনাস্থলীত লখিমপুৰ উচ্চ পদস্থ বন বিষয়া, আৰক্ষী অধীক্ষক উপস্থিত হৈ যোৱা নিশা ঘটনাৰ অনুসন্ধান অব্যাহত ৰাখিছে৷ ঘটনাৰ বিৱৰণী অনুসৰি ১৬ মে’ৰ নিশা লখিমপুৰ জিলাৰ কাকৈ সংৰক্ষিত বনাঞ্চলৰ লৱাৰ জুমিত অৰুণাচলী…
শোণিতপুৰত জিলা ভিত্তিক কাৰাটে প্ৰশিক্ষণ কৰ্মশালা
শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ ,১৭ মে ' অসম ৰাজ্যিক কাৰাটে সন্থাৰ তত্ত্বাৱধানত যোৱা ১৩ আৰু ১৪ মে, ২০২৩ তাৰিখে শোণিতপুৰ জিলা ভিত্তিক কাৰাটে প্ৰশিক্ষণ শিবিৰটি বিহগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত দুদিনীয়া কাৰ্যসূচীৰ অনুষ্ঠিত হৈ যায়। ১০০ জনৰো অধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্রহণ কৰা প্ৰশিক্ষণ শিবিৰটিত প্ৰশিক্ষণ প্ৰদান কৰে গুৱাহাটীৰ পৰা অহা ছেনছেই শৈলেন শৰ্মা, ছেনছেই তিথাংকৰ বৈশ্য আৰু নিৰীক্ষক হিচাপে উপস্থিত থাকে লক্ষীমপুৰ জিলাৰ ছেনছেই ৰাজকমল বৰা। শোণিতপুৰ জিলা কাৰাটে সন্হাৰ সন্মানীয় সভাপতি জিতেন বৰঠাকুৰৰ সভাপতিত্বত অনুষ্ঠিত…
“পাঠশালা”ঃ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীৰ বাবে প্ৰকাশ পাব ৰঙীন কাকত
কৃতী শিক্ষক, লেখক সাংস্কৃতিক কৰ্মী ৰাম হাজৰিকাৰ দৃষ্টান্তমূলক পদক্ষেপশতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১৭ মে' সমগ্ৰ অসমৰ অসমীয়া মাধ্যমৰ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ বাবে অসমত প্ৰথমবাৰৰ বাবে কিউ আৰ কোড সমৃদ্ধ এখন মাহেকীয়া ৰঙীন কাকত শীঘ্ৰেই প্ৰকাশ পাব তেজপুৰৰ পৰা। উল্লেখ্য যে, তেজপুৰৰ প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী কৃতী শিক্ষক, লেখক তথা সাংস্কৃতিক কৰ্মী ৰাম হাজৰিকাৰ সম্পাদনাত প্ৰকাশ পাবলগীয়া "পাঠশালা" শীৰ্ষক কাকতখনত অসমীয়া মাধ্যমৰ প্ৰাথমিক বিদ্যালয়সমূহৰ পাঠভিত্তিক লেখাৰ লগতে ছাত্ৰ ছাত্ৰীৰ লেখা প্ৰকাশ পাব৷…
