Browsing Category

অসম

জোনমণি আৰু বাবুললৈ তেজপুৰত শ্ৰদ্ধাঞ্জলিঃ ন্যায়ৰ দাবী

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২১মে’ এক ৰহস্যজনক দুৰ্ঘটনাত নিহত হোৱা আৰক্ষী উপপৰিদৰ্শক জোনমণি ৰাভা আৰু বহিৰাজ্যত হত্যাৰ বলি হোৱা বাবুল বৰুৱাৰ প্ৰতি আজি তেজপুৰৰ মিছন চাৰিআলিত শ্ৰদ্ধাঞ্জলি জনাই তেজপুৰৰ বহুসংখ্যক লোকে৷ বিভিন্ন ক্ষেত্ৰৰে জড়িত এইসকল লোকে দুয়োগৰাকী নিহতৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন তথা শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি এই দুয়োটা শোকাবহ ঘটনাৰ সঠিক তদন্ত তথা নিহত আৰু তেওঁলোকৰ আত্মীয়ই ন্যায় লাভৰ আশা ব্যক্ত কৰে৷ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সমবেত হোৱা লোকসকলে দেশ তথা ৰাজ্যত অশুভ শক্তিৰ বিৰুদ্ধে শক্তিশালী ন্যায়িক প্ৰতিৰোধৰে এনে…

তেজপুৰত বাচফৰ নৃত্য বিদ্যালয়

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ২১ মে' : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে উচ্চ-নীচ, জাত-পাতৰ ভেদাভেদ পৰিহাৰ কৰি বৃহত্তৰ অসমীয়া জাতি গঠন কৰিছিল ৷ গুৰুজনাৰ সেই আদৰ্শকেই সৰোগত কৰি তেজপুৰত হৰিজনসকলে আৰম্ভ কৰিছে শংকৰী কলা-কৃষ্টিৰ সাধনা৷ হৰিজনসকলৰ ল'ৰা-ছোৱালীৰ মাজত শংকৰী কলা-কৃষ্টিৰ লগতে ৰাজ্যৰ বাৰেবৰণীয়া সংস্কৃতিৰ চৰ্চাৰ বাবে তেজপুৰৰ আমোলাপট্টিৰ হৰিজন কলনীত আজি আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হয় বাচফ'ৰ নৃত্য বিদ্যালয় ৷ ডাঃ হেডগেৱাৰ সেৱা সমিতিৰ উদ্যোগত স্থাপন কৰা এই বিদ্যালয়খন আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে আৰ এছ এছৰ সহ-ক্ষেত্ৰ প্ৰচাৰক বশিষ্ট…

সাত-আঠ মাহৰ ভিতৰত প্ৰকাশ পাব অসম সাহিত্য সভাৰ পত্ৰিকাৰ একত্ৰ সংকলন

তেজপুৰক বাদ দি অসম সাহিত্য সভাৰ ইতিহাস পূৰ্ণাংগ হ'ব নোৱাৰে তেজপুৰ সাহিত্য চ'ৰাৰ ৩৬ সংখ্যক দ্বি বাৰ্ষিক অধিৱেশনত অসম সাহিত্য সভাৰ সভাপতি মুখপত্ৰ "চয়নিকা" আৰু বীৰেন্দ্ৰ কুমাৰ বৰাৰ প্ৰবন্ধ সংকলন "হেঙুলী আভাৰ ৰেঙনি" উন্মোচন শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২১ মে'ঃ তেজপুৰক বাদ দি অসম সাহিত্য সভাৰ ইতিহাস পূৰ্ণাংগ হ'ব নোৱাৰে। সেয়েহে অসমৰ নৱ প্ৰজন্ম উপকৃত হ'ব পৰাকৈ অসম সাহিত্য সভাৰ যি সংগ্ৰহালয় গঢ়ি তুলিব বিচৰা হৈছে সেই সংগ্ৰহালয়ত সাহিত্য সভা সম্পৰ্কীয় তেজপুৰ ইতিহাসে বিশেষ স্হান লাভ কৰিব বুলি আজি বিয়লি তেজপুৰ সাহিত্য…

লখিমপুৰৰ জহিঙত এলিফেণ্ট কৰিড’ৰত ফল-মূলৰ বৃক্ষ ৰোপন শিক্ষাৰ্থীৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২১ মে’ ঃ ৰাজ্যত হাতী-মানুহৰ সংঘাত বৃদ্ধি পাই অহাৰ সময়তে আজি লখিমপুৰ জিলাৰ জহিঙত থকা লখিমপুৰৰ একমাত্ৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ একাংশ শিক্ষাৰ্থীয়ে জহিঙৰ সমীপৱৰ্তী কৈলামাৰী চাহ বাগিছাৰ কাষত বৃক্ষ ৰোপনৰ কাৰ্যসূচী গ্ৰহণ কৰে৷ শিক্ষাৰ্থীসকলৰ লগতে কেবাজনো অধ্যাপকে আজি জহিং বন খণ্ডৰ অন্তৰ্গত তথা কাকৈ বনাঞ্চলৰ জে এফ এম চিৰ এলিফেণ্ট কৰিড’ৰত ভালেসংখ্যক ফল-মূলৰ গছপুলি ৰোপন কৰে৷ হাতী মানুহৰ সংঘাত বৃদ্ধি হৈ অহাৰ সময়ত এনে সংঘাত কেনেদৰে দূৰ কৰিব পৰা যায় তাৰ বাবে প্ৰকৃতিপ্ৰেমী লোকসকলে বিভিন্ন কাৰ্যসূচী…

দৰং মহাবিদ্যালয়ত স্মৃতিকাতৰ হ’ল ভাৰতীয় সেনা বাহিনীৰ ইষ্টাৰ্ণ ৰিজনৰ মেজৰ জেনেৰেল

উত্তৰ ভাৰতৰ সেনা বিষয়া গৰাকীয়ে ক'লে অসমীয়া মানুহৰ দৰে সৰল মানুহ পৃথিৱীৰ আন কোনো ঠাইত পোৱা নাই শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২০ মে'ঃ তেজপুৰৰ ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয়ত ভাৰতীয় সেনা বাহিনীৰ ইষ্টাৰ্ণ ৰিজনৰ মেজৰ জেনেৰেল (Major General, Eastern Command) তথা প্ৰাক্তন দৰঙিয়ান অতুল পান্নু আজি উপস্থিত হৈ স্মৃতিকাতৰ হৈ পৰে । উল্লেখ্য যে, ১৯৮৬-৮৭ চনৰ দৰং মহাবিদ্যালয়ৰ ছাত্ৰাবাসৰো আবাসী হিচাপে থকা সেনা বিষয়া গৰাকীয়ে এসময়ত নিজে অধ্যয়ন কৰা মহাবিদ্যালয়খনত উপস্থিত হোৱাৰ পিছত প্ৰথমে দৰং মহাবিদ্যালয়ৰ এন চি চিৰৰ তৰফৰ গাৰ্ড অৱ অনাৰ…

শোণিতপুৰত নকল সোণ চক্ৰৰে জড়িত ১১জনক গ্ৰেপ্তাৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২০মে’ঃ শোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষী থানা আৰু তেজপুৰ সদৰ আৰক্ষী থানা অন্তৰ্গত তিনিটা অঞ্চলত যোৱা নিশা স্হানীয় আৰক্ষীয়ে চলোৱা পৃথক অভিযানত নকল সোণৰ বেহাৰে জড়িত মুঠ ১১জনক গ্ৰেপ্তাৰ কৰা হৈছে৷ ইয়াৰে ভিতৰত চাৰিদুৱাৰ আৰক্ষীৰ অভিযানত গুদামঘাটৰ পৰা সাতজনক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে তেজপুৰৰ শালনিবাৰী আৰক্ষীৰ অভিযানত ভালুকঝাৰণিৰ হানিফ আলি(২৭)আৰু আব্দুল মতলেব নামৰ আন দুই প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰে৷ তদুপৰি বৰঘাট আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হয় নুৰ আৰু ৰফিকুল নামৰ নকল সোণ চক্ৰৰে জড়িত আন দুই অভিযুক্ত৷ ইয়াকে লৈ শোণিতপুৰত…

তেজপুৰৰ ক্ৰীড়া সংগঠক ৰণধীৰ পাণ্ডেৰ বিয়োগ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২০মে’ঃ তেজপুৰ জিলা ক্রীড়া সন্থাৰ বক্সিং বিভাগৰ প্ৰাক্তন সম্পাদক, ক্ৰীড়া সন্হাটোৰ আজীৱন সদস্য, ক্রীড়া সংগঠক ৰণধীৰ পাণ্ডে(৪৮)ৰ যোৱা নিজা বাসভৱনত পৰলোকপ্রাপ্তি ঘটে। প্রায় দুবছৰ অচিন ৰোগত আক্ৰান্ত হৈ শয্যাগত হৈ আছিল তেওঁ৷ উল্লেখযোগ্য যে, তেজপুৰ জিলা ক্রীড়া সন্হাৰ উদ্যোগত পূৰ্বে আয়োজিত ডুগৰ শ্বিল্ড ফুটবল প্ৰতিযোগিতা আৰু বৰ্তমানৰ তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্রতিযোগিতাকে ধৰি বিভিন্ন খেলৰ আয়োজনত সকলো সময়তে নিজৰ দক্ষতাৰে কায়িক আৰু আৰ্থিক ভাবে ওতপ্ৰোতভাবে আত্মনিয়োগ কৰিছিল পাণ্ডেই। তেজপুৰত বক্সিং খেলৰ…

লখিমপুৰৰ নতুন এছ পি আনন্দ মিশ্ৰক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়া

 লখিমপুৰৰ এছ পিক বদলি দুই আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্ল’জ ১০ নকল সোণ-জাল নোটৰ বেপাৰী গ্ৰেপ্তাৰ শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২০ মে’ঃ লখিমপুৰত শেহতীয়াকৈ অসম আৰক্ষীৰ এজন দক্ষ-বিতৰ্কিত বিষয়া আনন্দ মিশ্ৰক লখিমপুৰলৈ আৰক্ষী অধীক্ষক হিচাপে নিয়োগ কৰাৰ খবৰে একাংশ লখিমপুৰবাসীক আনন্দিত কৰিছে যদিও কা আন্দোলনৰ সময়ত চৰাইদেউত ঘৰে ঘৰে সোমাই অসমীয়া নিৰীহ যুৱকক মাৰধৰ- হাৰাশাস্তি কৰা তথা নগাঁৱত কীৰ্তিকমল বৰা নামৰ এজন ছাত্ৰ নেতাক ২০২২ চনৰ জানুৱাৰী মাহত নগাঁৱৰ আৰক্ষী প্ৰদীপ বনিয়াই মিছাকৈ ড্ৰাগছৰ সৰবৰাহকাৰী বুলি গুলি কৰি আহত কৰা ঘটনাই…

দুৰ্যোগ ব্যৱস্থাপনাত তিনিচুকীয়া প্ৰথম

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৯ মে’ : অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ দ্বাৰা প্ৰদান কৰা দুৰ্যোগ ব্যৱস্থাপনা স্ক'ৰকাৰ্ডত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে তিনিচুকীয়া জিলাই ৷ এই স্বীকৃতিস্বৰূপে তিনিচুকীয়া বাইপাছত নৱনিৰ্মিত কনভেনশ্যন চেণ্টাৰত ১৫-১৭ মে’লৈকে অনুষ্ঠিত পঞ্চম উপায়ুক্ত সন্মিলনত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই তিনিচুকীয়া জিলাক বঁটা প্ৰদান কৰে ৷ বঁটা গ্ৰহণ কৰে তিনিচুকীয়াৰ উপায়ুক্ত স্বপ্নীল পালে ৷  তিনিচুকীয়াত গাড়ী চুৰি নিষিদ্ধ ড্ৰাগছ আৰু মাৰাত্মক নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ এক অন্যতম ঘাটিত…

বিহপুৰীয়া মহাবিদ্যালয় শিক্ষক গোটৰ আন্দোলন অনিৰ্দিষ্ট কাললৈ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৮ মেঃ লখিমপুৰ জিলাৰ বিহপুৰীয়া মহাবিদ্যালয়ৰ শিক্ষক গোটে মহাবিদ্যালয়খনৰ কেতবোৰ আভ্যন্তৰীণ সমস্যাক লৈ যোৱা ১১ মেৰ পৰা আন্দোলন অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত জিলা প্ৰশাসনে বিষয়টোত গুৰুত্ব নিদিয়াৰ গুৰুতৰ অভিযোগ উঠিছে। উল্লেখ্য যে শিক্ষক গোটটোৱে যোৱা ৮ মেত জিলা উপায়ুক্তক বিষয়টোৰ সন্দৰ্ভত স্মাৰক পত্ৰ দিয়াৰ লগতে ১১ মেত স্থানীয় ৰাজহ চক্ৰ বিষয়াকো অৱগত কৰে। আনহাতে শিক্ষক গোটে ১১ মেৰ পৰা ধাৰাবাহিক ভাৱে আন্দোলন অব্য়াহত ৰাখিছে যদিও ৰহস্য়জনক কাৰণত জিলা প্ৰশাসনে শিক্ষানুষ্ঠানখনৰ শিক্ষকসকলক ন্যায় প্ৰদানৰ ক্ষেত্ৰত…