Browsing Category

অসম

নকল সোণঃ ৩০ আত্মসমৰ্পণ+২২ গ্ৰেপ্তাৰ =৫২ আৰক্ষীৰ জালত

লখিমপুৰত অপৰাধীৰ আত্মসমৰ্পণৰ জোৱাৰ বিজেপি নেতা-পঞ্চায়ত সভানেত্ৰীৰ স্বামীসহ অৰ্ধ শতাধিকৰ আত্মসমৰ্পণ-গ্ৰেপ্তাৰ এছ পি আনন্দ মিশ্ৰৰ এটা ধমকৰ পিছতে লখিমপুৰত নকল সোণ, জাল নোট, ড্ৰাগছ ব্যৱসায়ী আত্মসমৰ্পণৰ জোৱাৰ এনকাউণ্টাৰৰ ভয়ত আত্মসমৰ্পণ অপৰাধীৰ নকল সোণৰ খনিখ্যাত বঙালমৰাৰ ঘৰে ঘৰে মিশ্ৰৰ অভিযানশতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৪ মে’ ঃ লখিমপুৰৰ আৰক্ষী অধীক্ষকৰ ধমকৰ পিছতে লখিমপুৰত অপৰাধীৰ আত্মসমৰ্পণৰ জোৱাৰ উঠিছে৷ নকল সোণ, জাল নোটৰ ঘাটি হিচাবে পৰিচিত বঙালমৰাত ঘৰে ঘৰে গৈ আৰক্ষী অধীক্ষকে অভিযান চলোৱাৰ পিছতে অপৰাধ জগতৰ…

লখিমপুৰৰ ৫ কীৰ্তিমানক লখিমপুৰ জিলা প্ৰশাসনৰ সম্বৰ্ধনা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২৩ মে’ ঃ লখিমপুৰৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি বিয়লি এখন অভিনন্দন সভা অনুষ্ঠিত হয়৷ জিলা উপায়ুক্ত সুমিত সাত্তাৱনে আঁত ধৰা অভিনন্দন অনুষ্ঠানত সোমবাৰে ঘোষিত মেট্ৰিকৰ ফলাফলত জিলাখনৰ পৰা স্থান লাভ কৰা ৫ জন মেধাবী ছাত্ৰ-ছাত্ৰীক আনুষ্ঠানিক ভাৱে সম্বৰ্ধনা জনোৱা হয়৷ লখিমপুৰৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ, বিধায়ক মানৱ ডেকা আদিৰ উপস্থিতিত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানটিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত চতুৰ্থ স্থান লাভ কৰা ৰাজীৱ পাল, পঞ্চম স্থান লাভ কৰা কিন্নৰী দত্ত, অষ্টম স্থান লাভ কুলদীপ হাজৰিকা, নৱম…

বিহপুৰীয়া মহাবিদ্যালয় পৰিচালনা সমিতিৰ বৈঠক নোলাল সমাধানঃ শিক্ষক গোটৰ আন্দোলন অব্যাহত 

 শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৩ মেঃ বিহপুৰীয়া মহাবিদ্যালয়ত অব্যাহত থকা শিক্ষকৰ প্ৰতিবাদ সন্দৰ্ভত আজি পৰ্যন্ত কোনোধৰণৰ সমাধান সূত্ৰ বাহিৰ হোৱা নাই। কিছুদিন পূৰ্বে বিধায়কৰ অনুপস্থিতিৰ দোহাই দি পৰিচালনা সমিতিৰ এখন বৈঠক বাতিল কৰা হৈছিল যদিও আজি পৰিচালনা সমিতিৰ বৈঠক অনুষ্ঠিত হৈছিল। আজি দিনৰ ২:৩০বজাত পৰিচালনা সমিতিৰ সভাপতিৰ সভাপতিত্বত অনুষ্ঠিত পৰিচালনা সমিতিৰ বৈঠকতো একো সমাধান নোলাল। উল্লেখ্য পৰিচালনা সমিতিৰ বৈঠক সাধাৰণতে মহাবিদ্যালয়তে অনুষ্ঠিতকৰণৰ নিয়ম আছে যদিও আজিৰ বৈঠক মহাবিদ্যালয় পৰিচালনা বিধি ভংগ কৰি বিহপুৰীয়া পৰিদৰ্শন বাংলোত…

আধুনিক শিক্ষা ব্যৱস্থা বিষয়কেন্দ্ৰিক, বিদ্যাৰ্থীকেন্দ্ৰিক নহয়ঃ দিগন্তবিশ্ব শৰ্মা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৩ মে’ঃ আধুনিক শিক্ষা ব্যৱস্থা বিষয়কেন্দ্ৰিক, বিদ্যাৰ্থীকেন্দ্ৰিক নহয়।- এই ভাষ্য দিগন্তবিশ্ব শৰ্মাৰ। লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বক্তৃতা শৃংখলাৰ আৰম্ভণি আজি মহাবিদ্যালয়ত বিশিষ্ট বক্তা দিগন্ত বিশ্ব শৰ্মাৰ বক্তৃতাৰে শুভাৰম্ভ কৰা হয়। তেঁও "বিবেকানন্দ আৰু শ্ৰীঅৰবিন্দৰ আলোকত আদৰ্শ শিক্ষক আৰু আদৰ্শ শিক্ষাৰ ধাৰণাত এভূমুকি" বিষয়ক বক্তৃতা প্ৰদান কৰি শিক্ষাৰ প্ৰকৃত লক্ষ্য জীৱনৰ অন্বেষণ বা আত্মানুসন্ধান আৰু জগতৰ অন্বেষণ বুলি মত ব্যক্ত কৰে। তেঁও লগতে কয় আধুনিক শিক্ষা শিক্ষাৰ এটা অংগ হয়, কিন্তু…

শিৱসাগৰৰ মেটেকাত উদ্ধাৰ দুষ্প্ৰাপ্য বনৰৌ

শতাব্দ শিৱসাগৰৰ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৩ মে': শিৱসাগৰ জিলাৰ জয়সাগৰ আৰক্ষী চকীৰ অন্তৰ্গত ঐতিহাসিক মেটেকা মাজগাঁৱৰ এজন ব্যক্তিৰ ঘৰত যোৱা নিশা উদ্ধাৰ হয় এটা দুষ্প্ৰাপ্য বনৰৌ৷ জানিব পৰা নিশা প্ৰায় দহ বজাত বনৰৌটো ঘৰৰ ভিতৰত প্ৰত্যক্ষ কৰি পৰিয়ালটোৱে তাৎক্ষণিক ভাৱে বন্যপ্ৰাণী সুৰক্ষাত কৰ্মৰত লোকক খবৰ দিয়ে৷ এই খবৰ লাভ কৰিয়েই বন্যপ্ৰাণী সুৰক্ষা- উদ্ধাৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি কাম কৰি অহা যুৱক আকাশ দাস, বিশ্বজিৎ বৰুৱা, মৃন্ময় জ্যোতি দাস আৰু সুৰজ সিংহই লগে লগেই শিৱসাগৰ বন বিভাগক এই সন্দৰ্ভত অৱগত কৰি নিশাই সুৰক্ষিত ভাৱে বনৰৌটো উদ্ধাৰ কৰি বন…

সৰ্বভাৰতীয় অসামৰিক প্ৰশাসনিক সেৱাৰ পৰীক্ষাত অসমীয়াৰ সাফল্য অৰ্জন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৩ মেঃ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ (UPSC) সৰ্বভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত পঞ্চম স্থান লাভ কৰি ইতিহাস ৰচিলে অসম সন্তান নগাঁৱৰ ময়ূৰ হাজৰিকাই। ২৭১ সংখ্যক স্থান লাভ কৰিছে অঞ্জলি ভৰদ্বাজে, ২৯৮ সংখ্যক স্থান লাভ কৰিছে ইদুল আহমেদে, ৬১৯ সংখ্যক স্থান লাভ কৰিছে ৱিনচেন ৱাইফেইয়ে (Vincent Vaiphai ), ৬৬৪ সংখ্যক স্থান লাভ কৰিছে দীক্ষা লাংথাচাই, ৮৪৮ সংখ্যক স্থান লাভ কৰে নিবেদিতা দাস আৰু ৮৮১ সংখ্যক স্থান লাভ কৰিছে মানসজ্যোতি দাসে। উল্লেখ্য যে UPSCৰ প্ৰথম চাৰিটা স্থানৰ চাৰিগৰাকীয়েই মহিলা। পঞ্চম স্থানপ্ৰাপ্ত নগাঁৱৰ…

সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ তথা অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক জয়ন্ত বৰুৱাক শিৱসাগৰত ৰাজহুৱা সম্বৰ্ধনা

সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ তথা অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক জয়ন্ত বৰুৱাক শিৱসাগৰত ৰাজহুৱা সম্বৰ্ধনা জনোৱাৰ দৃশ্যফটো:-আব্দুল মতিন শিৱসাগৰ

মেট্ৰিকত হৃদম ঠাকুৰীয়া প্ৰথম

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ : ২২ মে: ঢেকীয়াজুলি শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ হৃদম ঠাকুৰীয়াই মেট্ৰিক পৰীক্ষাত ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল কৰি শ্বহীদ নগৰী ঢেকীয়াজুলিলৈ সুনাম কঢ়িয়াই আনিলে ৷ অসম মাধ্যমিক শিক্ষা পৰিষদে আজি পুৱা ১০ বজাত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছতেই নিকেতনখনত উৎসৱমুখৰ পৰিৱেশ দেখিবলৈ পোৱা যায় ৷ হৃদমৰ ঠাকুৰীয়াৰ এই সাফল্যত নিকেতনখনৰ ছাত্ৰ-ছাত্ৰী আৰু আচাৰ্য-আচাৰ্যাসকল আনন্দিত হৈ পৰে ৷ আচাৰ্য-আচাৰ্যাসকলে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলৰ মাজত মিঠাই বিতৰণ কৰা দেখা যায় ৷ নিকেতন প্ৰাংগনত পুৱাৰে পৰা…

মেট্ৰিকত লখিমপুৰ উজ্বলালে পাঁচ কৃতীমানে

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২২ মে’ ঃ আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত লখিমপুৰ জিলাৰ ৫ গৰাকী কৃতীমান ছাত্ৰ-ছাত্ৰীয়ে শীৰ্ষৰ ১০ টা স্থানৰ ভিতৰত চতুৰ্থ, পঞ্চম, অষ্টম আৰু নৱম স্থান দখলেৰে লখিমপুৰলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ ঘোষিত ফলাফল অনুসৰি সোনাপুৰ পুখুৰীপৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ৰাজীৱ পালে ইংৰাজীত ৯৭, অসমীয়াত- ১০০, গণিতত ৯৪, বিজ্ঞানত ১০০, সমাজ বিজ্ঞানত- ১০০, ভূগোলত- ১০০ সহ মুঠ ৫৯১ নম্বৰ লাভ কৰি চতুৰ্থ স্থান, উত্তৰ লখিমপুৰ ছেইণ্ট মেৰীজ হাইস্কুলৰ পৰা কিন্নৰী দত্তই ইংৰাজীত- ৯৮, অসমীয়াত- ৯২, গণিতত- ১০০,…

মিশ্ৰৰ চমকঃ লখিমপুৰত ১২ ঘণ্টাত তিনি নকল সোণ বেপাৰী ধৃত

 ১৫ দিনৰ ভিতৰত অপৰাধীক নিজে আহি ধৰা দিয়াৰ নিৰ্দেশ আৰক্ষী অধীক্ষকৰ শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২২ মে’ ঃ দেওবাৰে নিশা প্ৰায় ৮ বজাত লখিমপুৰ জিলাত নতুনকৈ যোগদান কৰা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই কৰ্তব্যত যোগদান কৰাৰ ১২ ঘণ্টাৰ ভিতৰতে আজি ৩ টাকৈ নকল সোণৰ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ নকল সোণৰ বেহাৰ বিৰুদ্ধে আজি তেওঁ জিলাখনৰ বঙালমৰাৰ বালিটিকা, হৰিপুৰ আদিত অভিযান চলাই এই তিনিটা অপৰাধীক গ্ৰেপ্তাৰ কৰে৷ ধৃত লোককেইজন হৈছে চাদ্দাম হুছেইন, চৰিফুল ইছলাম আৰু গুলজাৰ হুছেইন৷ এই আটাইকেইজনে দীৰ্ঘদিন ধৰি নকল সোণৰ বেহাৰ লগত জড়িত…