Browsing Category
অসম
শোণিতপুৰত তিনিলাখ চাৰি হেজাৰ ৯৬৫জনলৈ ১০৮এম্বুলেঞ্চ সেৱা
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৬মে’ঃ ৰাজ্যত বিগত প্ৰায় ১৫বছৰে বিনামূলীয়া এম্বুলেন্স সেৱা আগবঢ়াই অহা ১০৮ মৃত্যুঞ্জয় সেৱাই শোণিতপুৰত এইপৰ্যন্ত তিনিলাখ চাৰি হেজাৰ ৯৬৫জন হিতাধিকাৰীক সেৱা আগবঢ়াইছে৷ ইয়াৰে ভিতৰত একলাখ ১৩হেজাৰ ৩৫৮গৰাকী গৰ্ভৱতী৷ ক’ভিদৰ সময়ত জিলাখনত ১৯হেজাৰ৯১৬জনক সেৱা আগবঢ়োৱা ১০৮ সেৱাৰ দ্বাৰা জিলাখনত উপকৃত হৈছে দুৰ্ঘটনাগ্ৰস্ত ২৭হেজাৰ ৫৬১জন লোক৷ এনেদৰে বিভিন্ন প্ৰয়োজনীয় সময়ত ৰোগীক সেৱা আগবঢ়োৱা এম্বুলেন্স সেৱা বিধৰ হিতাধিকাৰীসকলৰ এক সভা আজি তেজপুৰ সাহিত্য সভা ভৱনত অনুষ্ঠিত হয়৷ বিশাল ভৰালীয়ে আঁত ধৰা সভাখনত শোণিতপুৰৰ…
গুৱাহাটীত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ দুদিনীয়া ৰাজ্যিক সমাৰোহ আৰম্ভ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৫ মে' : ৰাজ্যৰ স্কুল পৰ্যায়ৰ শিক্ষাৰ্থী তথা নৱ প্ৰজন্মৰ মাজত বিজ্ঞান শিক্ষাক ৰোমাঞ্চকৰ কৰাৰ লগতে বিজ্ঞান মনস্কতা বৃদ্ধিৰ লক্ষ্যৰে অসম বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদ (এছটেক)ৰ উদ্যোগত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ মণিৰাম দেৱান আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰত আৰম্ভ হৈছে 'আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ ৰাজ্যিক সমাৰোহ ২০২৩'। ৰাজ্যৰ বিজ্ঞান-প্ৰযুক্তি আৰু জলবায়ু পৰিবৰ্তন দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তই আজি দুপৰীয়া এই সমাৰোহ আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে। মন্ত্ৰী মহন্তই অনুষ্ঠানত মুখ্য অতিথি…
শোণিতপুৰৰ শিঙৰীৰ পৰা ১৬ বছৰীয়া কিশোৰ নিৰুদ্দেশ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২৫ মে'ঃ শোণিতপুৰৰ ঢেকীয়াজুলি- শিঙৰীৰ বেঙ্গলী বস্তি গাঁও নিবাসী গুণাধৰ দাস নামৰ যুৱক এজন ঘৰৰ পৰা ওলাই অহাৰ পিছত আজিও সন্ধানহীন হৈ থকাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷উল্লেখ যে,যোৱা ৰবিবাৰে পুৱা ১০-৩০নিজা গৃহৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা ১৬ বছৰীয়া নিৰুদ্দিষ্ট হোৱা কিশোৰজনৰ পিতৃ গৌৰ দাস আৰু মোমায়েক সন্তুষ দাসে আজি তেজপুৰৰ বিভিন্ন ঠাইত বিচাৰি চলাথ কৰাৰ পিছত বিচাৰি নাপাই হতাশ হৈ পৰাৰ পিছত সংবাদ মাধ্যমৰ কাষ চাপে। নিৰুদ্দিষ্ট কিশোৰজনৰ পিতৃয়ে জানিবলৈ দিয়া মতে তেওঁলোকে কালি নিশা শিঙৰী আৰক্ষী চকীত এখন এজাহাৰ…
হাৱাজানত কৃষকক পাৱাৰ গ্ৰীডৰ প্ৰৱঞ্চনা
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৫ মে’ ঃ এন এইচ পি চিৰ পৰা বিদ্যুৎ সৰবৰাহৰ বাবে পাৱাৰ গ্ৰীডে যি বিদ্যুৎ লাইন স্থাপনৰ দায়িত্ব লৈছে তেনে লাইন স্থাপনৰ নামত এতিয়া পাৱাৰ গ্ৰীডে একাংশ লোকক প্ৰৱঞ্চনা কৰি আহিছে৷ এই ক্ষেত্ৰত বিশ্বনাথ জিলাৰ পূৱ প্ৰান্তৰ তথা গহপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত হাৱাজান খাৰৈগুৰিত পাৱাৰ গ্ৰীডে এজন কৃষকক প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ পাৱাৰ গ্ৰীডে কৃষকজনক দিব লগা ধন আদায় নিদিয়াত এতিয়া হাৱাজান খাৰৈগুৰিৰ তোষেশ্বৰ ভূঞাই ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সংকল্প গ্ৰহণ কৰিছে৷ উল্লেখ্য যে ভূঞাৰ কৃষিভূমিৰ ওপৰেৰে তথা তেওঁৰ ১৯০…
চাৰিদুৱাৰত আঢ়ৈ কিলো নকল সোণসহ ২.৩০ লাখ টকা জব্দঃ ১৬ জনক গ্ৰেপ্তাৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৫ মে'ঃ আৰক্ষী বিষয়া জোনমনিৰ ৰভাৰ ৰহস্যজনক মৃত্যু আৰু এই ঘটনাৰ পাছতে ৰাজ্যত অব্যাহত নকল সোণৰ ব্যাপক প্ৰৱঞ্চনা তথা একাংশ আৰক্ষীৰ এই দুস্কৃতিকাৰী চক্ৰৰ স’তে দহৰম মহৰমৰ ঘটনাই ৰাজ্যৰ আৰক্ষী প্ৰশাসনত জোকাৰণি তোলাৰ পাছতে সম্প্ৰতি আৰক্ষী সঞ্চালক প্ৰধানৰ নিৰ্দেশ অনুসৰি ৰাজ্যত অব্যাহত আছে নকল সোণ চক্ৰৰ বিৰুদ্ধে তীব্ৰতৰ অভিযান।যোৱা সময় চোৱাত তেজপুৰ তথা চাৰিদুৱাৰত এনে ১৪জনক গ্ৰেপ্তাৰ কৰাৰ লগতে সম্প্ৰতি শোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষী থানাৰ ভিন্ন প্ৰান্তত অব্যাহত আছে নকল সোণ চক্ৰৰ বিৰুদ্ধে অভিযান।এনে…
লখিমপুৰত মিশ্ৰৰ মাৰাথান অভিযানঃ ১৮ জন ৰঙাঘৰলৈ
অসমীয়া যুৱ মঞ্চৰ আৰক্ষীলৈ প্ৰশ্ন - লখিমপুৰত পূৰ্বে কিয় গ্ৰেপ্তাৰ হোৱা নাছিল নকল সোণ-জাল নোটৰ বৃহৎ চক্ৰশতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৫ মে’ ঃ জাল নোট, নকল সোণৰ বিৰুদ্ধে লখিমপুৰত এছ পি আনন্দ মিশ্ৰৰ মাৰাথান অভিযান আজিও অব্যাহত আছে৷ যোৱা কেইটা দিনত অৰ্ধ শতাধিক লোকে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ পিছত আজি ১৮ জনক লখিমপুৰৰ আদালতত হাজিৰ কৰাই ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়৷ প্ৰাপ্ত তথ্যমতে দুষ্ট চক্ৰৰ লোকসকলে আত্মসমৰ্পণ কৰিলেই বাচি যাব বুলি ভাবিছিল যদিও আনন্দ মিশ্ৰৰ ওলোটা খৰে তেওঁলোকক শলঠেকত পেলাইছে৷ আৰক্ষীয়ে আত্মসমৰ্পণ কৰা…
পৰিচালনা সমিতিৰ প্ৰতি অনাস্থা প্ৰকাশ বিহপুৰীয়া মহাবিদ্যালয় শিক্ষক গোটৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৪ মেঃ বিহপুৰীয়া মহাবিদ্যালয়ৰ শিক্ষক গোটে মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে চলাই অহা ভ্ৰষ্টাচাৰ আৰু দুৰ্নীতিৰ বিৰুদ্ধে কৰি অহা প্ৰতিবাদী কাৰ্যসূচী সন্দৰ্ভত বৰ্তমানলৈকে কোনো ধৰণৰ সমাধানসূত্ৰ নোলোৱাৰ পৰিপ্ৰেক্ষিতত আন্দোলন বৰ্তমানেও অব্যাহত আছে ৷ যোৱা ১৫মেত মহাবিদ্যালয়ৰ পৰিচালনা সমিতি আৰু শিক্ষকগোটৰ যুটীয়া বৈঠকত মহাবিদ্যালয়ৰ সমস্যাসমূহত উচ্চ শিক্ষাধিকৰ্তাৰ হস্তক্ষেপ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল যদিও অৱশেষত পৰিচালনা সমিতিয়ে উক্ত সিদ্ধান্ত অগ্ৰাহ্য কৰে আৰু যোৱা ১৮মেত পুনৰ পৰিচালনা সমিতিৰ সভাত সিদ্ধান্ত কৰাৰ…
অসম বিধান সভাৰ ৰাজহুৱা হিচাপ পৰীক্ষণ সমিতিৰ লখিমপুৰ জিলা ভ্ৰমণ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ,২৪ মে: অসম বিধান সভাৰ ৰাজহুৱা হিচাপ পৰীক্ষণ সমিতিৰ এটা দলে আজি লখিমপুৰ জিলা ভ্ৰমণ কৰে। ভ্ৰমণৰ সময়চোৱাত দলটোৱে লখিমপুৰ জিলাত যোৱা ২০২০-২১ বিত্তীয় বৰ্ষৰপৰা ২০২২-২৩ বিত্তীয় বৰ্ষৰ ভিতৰত বিভিন্ন বিভাগৰ জৰিয়তে ৰূপায়ণ কৰি থকা কেইবাখনো আঁচনিৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে উক্ত আঁচনি সমূহৰ ফলপ্ৰসূ কার্যকাৰিতা আৰু উপযোগিতৰ খতিয়ান লয়। ইয়াৰ উপৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা এক পৰ্যালোচনা সভাতো উক্ত দলটোৱে অংশগ্ৰহণ কৰে। দক্ষিণ শালমৰা বিধান সভা সমষ্টিৰ বিধায়ক ৱাজেদ আলি চৌধুৰীৰ নেতৃত্বত অহা ৰাজহুৱা হিচাপ…
শোণিতপুৰৰ তেলীয়া ঘাটত অসহায় অৱস্থাত বন্যহস্তী
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ২৪ মে' : শোণিতপুৰৰ জহামাৰিত ব্ৰহ্মপুত্ৰৰ এটা সুঁতিৰ তেলীয়া ঘাটত এজনী হস্তিনী যোৱা চাৰি দিনে আৱদ্ধ হৈ আছে ৷ বনাঞ্চলৰ পৰা ওলাই অহা হাতীজনী বৰ্তমান ব্ৰহ্মপুত্ৰৰ সুঁতিটোৰ কিছু বোকাময় স্হানত আছে আৰু পানীৰ পৰা উঠি অহা নাই ৷এই বিষয়ে ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পাছত কালি ঘটনাস্থলীত তেজপুৰ সদৰ,ঢেকিয়াজুলিৰ লগতে ওৰাঙৰ পৰা বনকৰ্মী তথা চিকিৎসকৰ দল উপস্থিত হৈ হাতীজনীক পৰ্যবেক্ষণ কৰে। উল্লেখ্য যে, হাতীজনীয়ে ব্ৰহ্মপুত্ৰ অতিক্ৰম কৰি উত্তৰ পাৰত অৱস্থান কৰিছে যদিও মানুহৰ সমাগম হলেই পুনৰ বিপৰীত দিশলৈ গতি…
জলসিঞ্চন বিভাগৰ ঠিকাঃ কমিছন সংগ্ৰহৰ অভিযোগ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৪মে’ঃ জলসিঞ্চন বিভাগৰ অধীনত বৰদিকৰাই জলসিঞ্চন প্ৰকল্পৰ মেৰামতিৰ বাবে অনুমোদিত মুঠ ৬০লাখ টকাৰ ঠিকাৰ অধিকাংশই শোণিতপুৰৰ বাহিৰৰ ঠিকাদাৰক আবন্টন দিয়াৰ অভিযোগ উঠিছে৷ উল্লেখযোগ্য যে,শোণিতপুৰৰ এই জলসিঞ্চন প্ৰকল্পটোৰ মেৰামতিৰ বাবে স্হানীয় যথেষ্ট সংখ্যক ঠিকাদাৰ আছিল আৰু তেওঁলোকে ইয়াৰ বাবে নিবিদা দাখিল কৰিলেও মাত্ৰ তিনিজন স্হানীয় ঠিকাদাৰক সামান্য পৰিমানৰ কাম আবন্টন দিয়াৰ বাহিৰে অধিকাংশ ঠিকাদাৰেই গুৱাহাটী আৰু নগাঁৱৰ বুলি অভিযোগ উঠিছে৷ উল্লেখযোগ্য যে,জলসিঞ্চন বিভাগৰ তেজপুৰ চক্ৰৰ অধীক্ষক অভিযন্তাৰ কাৰ্যালয়ৰ…
