Browsing Category

অসম

নাটশিল্পক দণ্ডিনাথ কলিতাই সমাজ পৰিৱৰ্তনৰ আহিলা হিচাপে ব্যৱহাৰ কৰিছিল

"অসমীয়া নাট্য পৰম্পৰাত দণ্ডিনাথ কলিতাৰ নাট্য সাহিত্যৰ স্হান" শীৰ্ষক বিষয়ত বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক ড০ দয়ানন্দ পাঠকৰ মনোজ্ঞ বক্তৃতা শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২৮ মে'ঃ দণ্ডিনাথ কলিতাৰ দৰে অসমীয়া সাহিত্যৰ বিংশ শতিকাৰ আগলিভাগৰ এটি বহুমাত্ৰিক বক্তি প্ৰতিভাক কেৱল নাট্যকাৰ হিচাপে বিচ্ছিন্ন কৰি আলোচনা কৰিব নোৱাৰি। আধুনিক পাশ্চাত্য সাহিত্যৰ অবিসম্বাদী সাহিত্যিক চৰিত্ৰ টি.এছ.এলিয়টে যিদৰে প্ৰথমে কবিতাৰ জগতত পৰিভ্ৰমণ কৰি নাট্যজগতত ভুমুকি মাৰিছিল আৰু অবিনাশী স্বাক্ষৰ এৰি থৈ গৈছিল ঠিক তেনেদৰেই দণ্ডিনাথ কলিতায়ো সুক্ষ্ম…

তেজপুৰ জনসাংস্কৃতিক পৰিষদৰ উদ্যোগত তিনিখনকৈ গুৰুত্বপূৰ্ণ গ্ৰন্থ উন্মোচন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৭ মে'ঃ শোণিতপুৰ জিলাৰ চাহ জনগোষ্ঠীয় "স্বাধীনতা সংগ্ৰামী, শতবৰ্ষ গৰকা সোণাৰাম কুৰ্মীৰ জীৱন গাথা", "স্বাধীনতা সংগ্ৰামী চাহ জনগোষ্ঠী সমাজৰ এৰা - বোটলা" আৰু চাহ জনগোষ্ঠীৰ সংগ্ৰামী "জননেতা ডানিয়েল তপ্ন" শীৰ্ষক তিনিখনকৈ অতি গুৰুত্বপূৰ্ণ গ্ৰন্থ আজি উন্মোচন কৰে তেজপুৰ সাহিত্য সভা ভৱনত ।বিহালী বিধান সভা সমষ্টিৰ বেদেতী পথাৰ গাঁও নিবাসী অৱসৰপ্ৰাপ্ত কৃতী শিক্ষয়িত্ৰী,সু লেখিকা আলোচনা কুৰ্মীয়ে ৰচনা কৰা এই তিনিখনকৈ অতি গুৰুত্বপূৰ্ণ গ্ৰন্থ উন্মোচনৰ উদ্দেশ্যেৰে তেজপুৰ জনসাংস্কৃতিক পৰিষদে আয়োজন কৰা…

লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপনৰ বাবে ৰাজহুৱা সভা অনুষ্ঠিত

উত্তৰ লখিমপুৰ: ২৭ মে: আজি লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপনৰ বাবে এক ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায়। বিশিষ্ট শিক্ষাবিদ তথা লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি ড° মুকুন্দ ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত সভাত উদ্দেশ্য ব্যাখ্যা কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° লোহিত হাজৰিকাই। সভাত সোণালী জয়ন্তী উদযাপনৰ বাবে ২৩ খন উপ-সমিতি গঠন কৰা হয়। সভাত সোণালী জয়ন্তীৰ আৰ্থিক অৰিহণাৰ টিকট উন্মোচন কৰা হয়। অনুষ্ঠানত লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ উপাধ্যক্ষ গোপাল কুমাৰ চেত্ৰীয়ে এক লাখ টকাৰ প্ৰথমটো টিকট ক্ৰয়…

বিদাৰি পেলাইছে সোৱণশিৰিৰ পাৰঃ ৰণচণ্ডী মহিলা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৭ মে’ ঃ লখিমপুৰ জিলাৰ চাউলধোৱাত থকা ভীমপৰা কোৱাৰিত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ ন আলি থেকেৰাগুৰি গাঁৱৰ কাষতে ভীমপৰা কোৱাৰিৰ অন্তৰ্গত সোৱণশিৰি নদীৰ গৰাৰ কাষত ট্ৰেক্টৰে বালি-মাটি খন্দাক লৈ এনে পৰিস্থিতিৰ সৃষ্টি হয়৷ থেকেৰাগুৰি ন-আলিৰ একাংশ মহিলা ওলাই আহি নদীৰ গৰা খনন কাৰ্য বন্ধ কৰাৰ দাবী জনাই পৰিস্থিতি উত্তপ্ত কৰি তোলে৷ ফলত ঘটনাস্থলীত চাউলধোৱা আৰক্ষী, পথালিপাম বন খণ্ডৰ বিষয়া কৰ্মচাৰীৰ লগতে অৰ্ধ সামৰিক বাহিনীৰ জোৱান উপস্থিতি হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে৷ গাঁৱৰ একাংশ মহিলা-পুৰুষে অভিযোগ কৰি…

সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেৰিয়াৰ কৰ্মশালা সম্পন্ন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ২৭ মে' : গুৱাহাটী ভৰলুমুখস্থিত সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত এখন কেৰিয়াৰ সজাগতা সভা ২৭ মে' তাৰিখে অনুষ্ঠিত হয় । সভাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা তথা অসম ডনব’স্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ সহকাৰী অধ্যাপক ড° বুলজিৎ বুঢ়াগোহাঁই । বিদ্যালয়খনৰ নৱম শ্রেণীৰ পৰা দ্বাদশ শ্রেণীৰ ছাত্ৰ-ছাত্ৰীসকল লগতে শিক্ষক-শিক্ষয়ত্ৰী আৰু অভিভাৱক উপস্থিত থকা সভাখন শুভাৰম্ভণি কৰে বিদ্যালয়ৰ অধ্যক্ষা মঞ্জু ৰাণী বৰ্মনে ।…

বঙালমৰাত ১৩ খন নকল সোণৰ নাও ৬ টা যীচুৰ মূৰ্তি জব্দ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৭ মে’ ঃ লখিমপুৰত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই নকল সোণ-জাল নোটৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই ৬০ জনৰো অধিক লোকক গ্ৰেপ্তাৰ কৰাৰ সময়তে আজি বৃহৎ পৰিমাণৰ নকল সোণসহ এটা বেপাৰীক ৰাইজে ধৰি আৰক্ষীক গতাই দিয়ে৷ আজি দুপৰীয়া ৰাইজে খেদি খেদি কৰায়ত্ত কৰা এই নকল সোণৰ বেপাৰীটো হৈছে আশ্ৰাফুল আলি৷ আশ্ৰাফুলক আজি বঙালমৰাৰ মহঘূলি অঞ্চলৰ এখন পথাৰত ৰাইজে খেদি খেদি আটক কৰি আৰক্ষীক চমজাই দিয়ে৷ ধৃত আশ্ৰাফুলৰ পৰা স্থানীয় লোকে ১৩ খন নকল সোণৰ নাও আৰু ৬ টা নকল সোণৰ যীচুখ্ৰীষ্টৰ মূৰ্তি উদ্ধাৰ কৰাৰ লগতে এখন বলেৰ’ বাহন জব্দ…

ওপজা দিনত উন্মোচন হ’ব “হেমন্ত কুমাৰ বৰুৱা সোঁৱৰণী পুথিভঁৰাল “

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ , ২৭ মে'ঃ তেজপুৰৰ সমাজ, সাহিত্য, সংস্কৃতি আৰু শৈক্ষিক ক্ষেত্ৰখনৰ অতি সক্ৰিয় ব্যক্তিত্ব, বহুমুখী প্ৰতিভাধৰ হেমন্ত কুমাৰ বৰুৱাৰ স্মৃতি যুগমীয়া কৰাৰ অৰ্থে গঢ়ি উঠা "হেমন্ত কুমাৰ বৰুৱা স্মৃতি ৰক্ষা সমিতি"ৰ কালি নিশা অনুষ্ঠিত এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভাই আগন্তুক বৰ্ষত কেবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী সম্পন্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখ্য যে, ২০২১ বৰ্ষৰ ২৯ অক্টোবৰত কৰ'ণাত আক্ৰান্ত হৈ অকাল মৃত্যুক সাৱটি লোৱা অধ্যাপক, লেখক, সুবক্তা, কুইজ পৰিচালক তথা তেজপুৰৰ প্ৰায় সমূহ অনুষ্ঠানৰ সৈতে সক্ৰিয় ভাৱে…

যুক্তিবাদী বিজ্ঞানমনষ্ক ব্যক্তি শিৱ গগৈৰ তিনিচুকীয়াত দেহাৱসান : মৰণোত্তৰভাৱে দেহদান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৬ মে’ : যোৰহাট জিলাৰ টীয়ক নিৱাসী অসম চৰকাৰৰ সমবায় বিভাগৰ অৱসৰপ্ৰাপ্ত সহকাৰী পঞ্জীয়ক শিৱ গগৈৰ শুকুৰবাৰে সন্ধিয়া তিনিচুকীয়াত বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয় ৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৯২ বছৰ ৷ আজীৱন সমাজকৰ্মী যুক্তিবাদী কু-সংস্কাৰ আৰু অন্ধবিশ্বাস বিৰোধী প্ৰয়াত গগৈৰ শেষ ইচ্ছা অনুসৰি তেখেতৰ মৰণোত্তৰ দেহদান কাৰ্যসূচী আজি অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত আনুষ্ঠানিকভাৱে সম্পন্ন কৰা হয় ৷ এই উপলক্ষে অনুষ্ঠিত হোৱা এটি চমু অনুষ্ঠানত প্ৰখ্যাত হৃদৰোগ বিশেষজ্ঞ ডা: হেম চন্দ্ৰ কলিতা, এনাটমী…

লখিমপুৰত ১,৩৭,০৯৫ টি শিশুক সামৰিক ২৮ মেত পলিঅ টীকাকৰণৰ প্ৰস্তুতি

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ,২৬ মে: লখিমপুৰ জিলাত অহা ২৮ ,২৯ আৰু ৩০ মেত দ্বিতীয় উপৰাষ্ট্ৰীয় প্ৰতিষেধক প্ৰদান কাৰ্য্যসূচী অনুষ্ঠিত হব। পলিঅ টীকাকৰণ শীৰ্ষক এইবাৰৰ পদক্ষেপত জিলাখনৰ ৫ বছৰ পর্যন্ত ১,৩৭,০৯৫ টি শিশুক সামৰি লোৱাৰ পৰিকল্পনা কৰা হৈছে।- এই ভাষ্য জিলাৰ অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ তৰুণ কুমাৰ দেউৰীৰ। আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলত  দেউৰীয়ে এই কথা সদৰী কৰে। জিলা প্ৰতিষেধক বিষয়া ডাঃ ভাৰতী গগৈয়ে লগতে কয় এই টীকাকৰণৰ বাবে স্বাস্থ্য বিভাগ ইতিমধ্যে সাজু হৈ উঠিছে। উপৰাষ্ট্ৰীয় প্ৰতিষেধক প্রদান পলিঅ…