Browsing Category
অসম
ডন ব’স্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত কেৰিয়াৰ কৰ্মশালা সম্পন্ন
গুৱাহাটী, ২৯ মে’: অসম ডন ব’স্ক’বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগ আৰু কেৰিয়াৰ গাইডেন্স চেলৰ যৌথ উদ্যোগত ২৯ মে’ ২০২৩ তাৰিখে এখন কেৰিয়াৰ কৰ্মশালা অনুষ্ঠিত হয়৷ কৰ্মশালাখনৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকে গ্লোবেল প্ৰেচিডেণ্ট এণ্ড চিইঅ’, ইকোডাছ ইনক., আমেৰিকা যুক্তৰাজ্য, কানাডা আৰু ভাৰত তথা নৰ্থ ইষ্ট ইণ্ডিয়া বিউজিনেছ কাউঞ্চিলৰ প্ৰেছিডেণ্ট মাৰ্ক বৰদলৈ৷ সমল ব্যক্তিৰ পৰিচয় দাঙি ধৰে মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ সহকাৰী অধ্যাপক লীনা এইছ নেমাদে৷ মাৰ্ক বৰদলৈক গামোছাৰে আদৰণি জনায় মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ…
তেজপুৰৰ লেচুৰ চাহিদা বৃদ্ধি
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৯মে’: লণ্ডনলৈ ৰপ্তানি হ’ব তেজপুৰৰ লিচু৷ ইতিমধ্যে দেশৰ লগতে বিদেশতো বিশেষ ভাবে সমাদৃত হোৱা তেজপুৰৰ সোৱাদযুক্ত লিচুৰ বজাৰখন দ্ৰুতগতিত সম্প্ৰসাৰিত হৈছে আৰু এইবাৰ জুনৰ প্ৰথম সপ্তাহতে তেজপুৰৰ লিচু লণ্ডনলৈ ৰপ্তানিৰ বাবে সাজু হৈছে লিচু ব্যৱসায়ী সকল৷ উল্লেখযোগ্য যে, ইতিমধ্যেই ইয়াৰ বাবে যোগাযোগ চলাৰ লগতে কালি এইসন্দৰ্ভত স্থানীয় লিচু কৃষক একাংশৰে এক আলোচনা হৈ গৈছে বুলি প্ৰকাশ কৰিছে শোণিতপুৰ প্ৰশাসনৰ এক সূত্ৰই৷ উল্লেখযোগ্য যে, ২০১৫ত তেজপুৰৰ লিচুৱে জি আই টেগ লাভ কৰিছাল ইয়াৰ আঞ্চলিক বৈশিষ্ট্য্যতাৰ বাবে৷ যোৱা…
তেজপুৰত ৰাজ্যিক ভিত্তিত ৰেংকিং বেডমিণ্টন প্ৰতিযোগিতা
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৯মে’: অহা ৩১ম’ৰ পৰা তিনি জুনলৈ তেজপুৰ পলফিল্ডস্থিত ইণ্ডৰ ষ্টেডিয়ামত য়’নেক্স চানৰাইজ সদৌ অসম ৰেংকিং বেডমিণ্টন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ অসম বেডমিণ্টন সন্থাৰ সৌজন্যত তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ সহযোগত আৰু কমাৰচুবুৰী ক্ৰিকেট ক্লাৱৰ উদ্যোগত অনুষ্ঠিত হ’ব লগীয়া বেডমিণ্টন প্ৰতিযোগিতাখনত ৰাজ্যখনৰ ভালেসংখ্যক বেডমিণ্টন খেলুৱৈয়ে অংশ ল’ব৷ ইতিমধ্যে প্ৰতিযোগিতাখনৰ বাবে সকলো ব্যৱস্থা সম্পূৰ্ণ কৰি তুলিছে আয়োজক সকলে৷
প্ৰতিবাদকাৰী মল্লযুঁজাৰুৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ প্ৰতিবাদ তেজপুৰত
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৯মে’: দিল্লীৰ নৱনিৰ্মীত সাংসদ ভৱনৰ সমীপতে কালি দেশৰ গৌৰৱ তথা প্ৰতিবাদকাৰী মল্লযুঁজাৰু সকলৰ ওপৰত আৰক্ষীয়ে চলোৱা দমনকলৈ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সময়ত তেজপুৰতো আজি এই ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হয়৷ উল্লেখযোগ্য যে, দেশৰ আন্দোলনৰত মহিলা মল্লযুঁজাৰু সকলক কেন্দ্ৰীয় চৰকাৰৰ মদতপুষ্ট দিল্লী পুলিচে গ্ৰেপ্তাৰ কৰাৰ অগণতান্ত্ৰিক কাৰ্যক ধিক্কাৰ জনাই তেজপুৰৰ নিকামূল চাৰি আলিত ছাত্ৰ সংগঠন অল ইণ্ডিয়া ডি এছ অ’ৰ উদ্যোগত আজি ’সৰ্বভাৰতীয় ক’লা দিৱস’ পালন কৰা হয়৷ এই প্ৰতিবাদে কাৰ্যসূচীত সংগঠনটোৰ…
তেজপুৰৰ বিশিষ্ট সমাজকৰ্মী ডা০ লক্ষ্মী গোস্বামীৰ তৎপৰতাত শিশু কল্যাণ পৰিষদৰ বিনামূলীয়া স্বাস্থ্য শিবিৰ সম্পন্ন
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৯ মে’: তেজপুৰৰ বিশিষ্ট চিকিৎসক তথা সমাজকৰ্মী ডা০ লক্ষ্মী গোস্বামীৰ অধ্যক্ষতাত গঢ় লৈ উঠা ভাৰতীয় শিশু কল্যাণ পৰিষদ, তেজপুৰ শাখাৰ উদ্যোগত কালি ৰ পুৱা ১০ বজাৰ পৰা তেজপুৰৰ চানমাৰীৰ সমীপৰ শঙ্কৰ নগৰ উন্নয়ন সমিতৰ নামঘৰ প্ৰাঙ্গণ এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ সম্পন্ন কৰে ৷ শিশু কল্যাণ পৰিষদৰ বিষয়ববীয়াৰ উপস্থিতিত এই শিবিৰত চিকিৎসক ডাঃ তুলতুল মুখাৰ্জী আৰু ডাঃ নিয়ৰ দাসে শিশু, মহিলা আৰু পুৰুষকে ধৰি কেবা শতাধিক লোকৰ প্ৰাথমিক স্বাস্থ্য পৰীক্ষা কৰে৷ এই শিবিৰত ৰোগীসকলক যাৱতীয় দিহা পৰামৰ্শৰ লগতে বিনামূলীয়া…
তিনিচুকীয়া প্ৰেছ ক্লাবৰ অধিবেশন সম্পন্ন
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৯ মে’: তিনিচুকীয়া সাংবাদিক চ’ৰাৰ (তিনিচুকীয়া প্ৰেছ ক্লাব) দশম সংখ্যক অধিবেশন এদিনীয়া কাৰ্যসূচীৰে দেওবাৰে অনুষ্ঠিত হৈ যায়৷ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণৰ পাছত চ’ৰাৰ সভাকক্ষত ’সাংবাদিকতাৰ নৈতিকতা আৰু আইন’ শীৰ্ষক এক পাৱাৰপইণ্ট প্ৰেজেণ্টেছন আগবঢ়াই জেষ্ঠ সাংবাদিক ড° ঋষি দাসে৷ দুপৰীয়া আহাৰ বিৰতিৰ পাছত অনুষ্ঠিত এক সম্বৰ্দ্ধনা সভাত নতুন দিল্লীৰ এক উচ্চ শিক্ষানুষ্ঠানত দুবছৰীয়া পাঠ্যক্ৰমৰ বাবে ফেল’শ্যিপ লাভ কৰিবলৈ সক্ষম হোৱা চ’ৰাৰ সভাপতি কমল তালুকদাৰৰ কন্যা বাবলি তালুকদাৰ আৰু…
ওৰাং ৰাষ্ট্ৰীয় উদ্যানত উচ্ছেদ অভিযান আৰম্ভ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৮মে’ঃ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ দ্বিতীয় সংযোজনত আজি পুৱাৰে পৰাই আৰম্ভ হৈছে শোণিতপুৰ আৰু দৰং প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান৷ ইয়াৰে ভিতৰত শোণিতপুৰৰ বৰছলাৰ নটা চৰত চলিছে উচ্ছেদ অভিযান৷ প্ৰায় চাৰিহেজাৰ নিৰাপত্তা ৰক্ষীৰ উপস্থিতিত ৪৯৮০ টা ঘৰ উচ্ছেদ কৰা হ’ব এই অভিযানত৷ উল্লেখযোগ্য যে,শোণিতপুৰ প্ৰশাসনে উচ্ছেদ অভিযানৰ বাবে শিঙৰীত বৃহৎ নিয়ন্ত্ৰণ কক্ষ আৰু শিৱিৰ স্হাপন কৰি শিঙৰীৰ পৰাই উচ্ছেদৰ সম্পূৰ্ণ দিশ নিয়ন্ত্ৰণ কৰিছে৷ শোণিতপুৰ আৰু দৰঙৰ বৃহৎ নিৰাপত্তাৰক্ষীৰ লোক সকল আজি পুৱাই নাৱেৰে ৰাওনা হয় চৰ অঞ্চল সমূহলৈ৷…
শিক্ষকসকলে কামৰ বোজা সন্দৰ্ভত কিয় প্ৰশ্ন কৰেঃ তেজপুৰত মন্ত্ৰী ৰণোজ পেগু
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৮মে’ঃ “শিক্ষকতাৰ উপৰিও শিক্ষকসকলে নিৰ্বাচনী কাম কাজ কৰিব লাগিব নতুবা প্ৰাকৃতিক দুৰ্যোগৰ সময়ত তেওঁলোকে সেৱা আগবঢ়াব লাগিব৷দেশৰ শিক্ষাৰ অধিকাৰ আইন অনুসৰিয়েই শিক্ষক সকলে ৰাষ্ট্ৰৰ সেৱা প্ৰয়োজন অনুসাৰে কৰিব লাগিব৷ শিক্ষকসকলে যি অতিৰিক্ত কাম কৰিবলগীয়া হৈছে সেয়া শিক্ষকতাৰ স’তে জড়িত আৰু তেওঁলোকৰ দায়িত্বৰ ভিতৰতে পৰে৷ সেনা জোৱান, আৰক্ষী বা বিধায়কসকলৰ কামৰ বোজা বাঢ়িছে নেকি বুলি কোনেও প্ৰশ্ন নকৰে৷ দেশৰ বা ৰাজ্যৰ আন কোনো বিভাগৰ কৰ্মচাৰীয়ে এই প্ৰশ্ন নকৰে৷ শিক্ষক সকলে কিয় এই প্ৰশ্ন কৰে মই নাজানো৷”-এই মন্তব্য…
গৱেষক, শিক্ষাবিদ ড° ৰাজীৱ সন্দিকৈক বাঘ হাজৰিকা জাতীয় চেতনা বঁটা
মুহিউদ্দিন আহমেদক জীৱন জোৰা সাধনা বঁটা প্ৰদান
মুখপত্ৰ জাত বল্লভ উন্মোচনশতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২৮ মে': বাঘ হাজৰিকা জাগৰণ মঞ্চ, অসমৰ প্ৰথম দ্বি-বাৰ্ষিক ৰাজ্যিক সন্মিলন আজি দেওবাৰে লখিমপুৰত অনুষ্ঠিত হয়। পুৱা উত্তৰ লখিমপুৰ নগৰৰ টাউন বান্টৌৰ ছাৰনাজ হোটেল চৌহদত বাঘ হাজৰিকা জাগৰণ মঞ্চ, অসমৰ সভাপতি ড° পইনুৰুদ্দিন আহমেদে পতাকা উত্তোলনেৰে কাৰ্যসূচী মুকলি কৰাৰ পিছতে স্মৃতি তৰ্পণ কৰে বাঘ হাজৰিকা জাগৰণ মঞ্চৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি চৈয়দ অহিদুৰ ৰহমানে। স্মৃতি তৰ্পণৰ পিছতে অনুষ্ঠিত হয় বাঘ হাজৰিকা জাগৰণ মঞ্চ, অসমৰ…
তিনিচুকীয়া কলেজত চাৰি বছৰীয়া প্ৰাকস্নাতক কাৰ্য্যক্ৰম সন্দৰ্ভত কৰ্মশালা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৬ মে’ : তিনিচুকীয়া মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ উদ্যোগত মহাবিদ্যালয়ৰ সভাগৃহত 'Implementation of Four Year Undergraduate Programme (FYUP) as per National Education Policy -20 under Dibrugarh University' শীৰ্ষক এখন এদিনীয়া কৰ্মশালা অনুষ্ঠিত হৈ যায় ৷ কৰ্মশালাত ৰাষ্ট্ৰীয় শিক্ষা নীতি - ২০ অনুসৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ চাৰি বছৰীয়া প্ৰাকস্নাতক পৰ্যায়ৰ কাৰ্য্যক্ৰম তথা পাঠ্যক্ৰমত সন্নিৱিষ্ট ব্যাপক সালসলনি সম্পৰ্কত বিশদভাৱে আলোচনা কৰা হয় ৷ এই কৰ্মশালাত আমন্ত্ৰিত সমল…
