Browsing Category
অসম
তেজপুৰত বাণিজ্যবীৰ ভোলানাথ বৰুৱাক স্মৰণ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৩০মে’ঃ তেজপুৰৰ অসমীয়া ব্যৱসায়ী উন্নয়ন পৰিষদৰ উদ্যোগত আৰু বালিপুখুৰী তিনিআলি ব্যৱসায়ীসকলৰ সহযোগত আজি বালিপুখুৰী নামঘৰ প্ৰাংগণত ৰাজ্যখনৰ এগৰাকী বিখ্যাত সদাগৰ তথা দানবীৰ সাউদ,বাণিজ্যবীৰ ভোলানাথ বৰুৱাৰ আজি মৃত্যু শতবাৰ্ষিকী তিথিৰ দিনটো বাণিজ্য দিৱস হিচাপে উদযাপন কৰা হয়৷ উল্লেখযোগ্য যে,তেজপুৰৰ এই থলুৱা ব্যৱসায়ী সংস্হাটোৱে বিগত তিনিবছৰে ৰাজ্যখনৰ প্ৰখ্যাত সাউদ গৰাকীক আনুষ্ঠানিক ভাবে স্মৰণ কৰি আহিছে আৰু আজি ইয়াৰে অংশ হিচাপে বাণিজ্যবীৰ গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই এখন স্মৃতি চাৰণ সভা অনুষ্ঠিত কৰা হয়৷ সদাগৰ…
শিলিখাগুৰিত স্বাস্থ্য খণ্ডৰ ৰাষ্ট্ৰীয় গুণগত নিশ্চয়তা মান (NQAS) কৰ্মসূচী সম্পন্ন
শতাব্দ নাৰায়ণপুৰৰ প্ৰতিবেদক,৩০ মে': স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে স্বাস্থ্য খণ্ডত ভাল প্ৰদৰ্শন আগবঢ়োৱা কল্যাণ কেন্দ্ৰসমূহৰ কৰ্মৰাজিক স্বীকৃতি দিয়াৰ লগতে সমাজত ৰাজহুৱা চিকিৎসালয়সমূহৰ বিশ্বাসযোগ্যতা বৃদ্ধি কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা ৰাষ্ট্ৰীয় গুণগত নিশ্চয়তা মানদণ্ড অৰ্থাৎ নেশ্যনেল কোৱেলিটি এচুৰেঞ্চ ষ্টেণ্ডাৰড NQAS কাৰ্যসূচী লখিমপুৰ জিলাৰ শিলিখাগুৰি স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰত যোৱা ২৯মে'ত অনুষ্ঠিত কৰে।NHSRCৰ দ্বাৰা সমগ্ৰ দেশতে ৰূপায়ন হৈ অহা এই কাৰ্যক্ৰম জিলাখনৰ ভিতৰতে শিলিখাগুৰি স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰত…
তেজপুৰত কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰৰ ৰহস্যজনক সলিল সমাধি
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৩০মে’ঃ তেজপুৰ বিশ্ববিদ্যালয় চৌহদত থকা কেন্দ্ৰীয় বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ নৰ্ছেন ব্ৰহ্মৰ আজি তেলেৰীয়া অঞ্চলৰ এটা পুখুৰীত পৰি প্ৰাণ হানি ঘটে৷ এই ঘটনাৰ পাছতে নিহত ছাত্ৰজনৰ পৰিয়ালে এয়া এক ষড়যন্ত্ৰ বুলি অভিযোগ কৰিছে৷ উল্লেখযোগ্য যে, কেন্দ্ৰীয় বিদ্যালয়খনৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ নৰ্ছনে আজি দুপৰীয়া আন পাঁচজন বন্ধুৰ স’তে নপামৰ পৰা প্ৰায় ১৪কিলোমিটাৰ দূৰত্বৰ তেলেৰীয়া অঞ্চললৈ আহে৷ প্ৰচণ্ড গৰমত যথেষ্ট গভীৰ ৰাজহুৱা পুখুৰীটোৰ পানীত জাপ দিয়ে বুলি প্ৰকাশ কৰি স্হানীয় একাংশ লোকে কয় যে,পুখুৰীটোত নৰ্ছন ডুব যোৱাত…
উৎকট গৰমত উচ্ছেদ অভিযানত জড়িত থকা আৰক্ষী বিষয়াৰ মৃত্যু
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,৩০মে’ঃ তিনিদিনৰ অন্তত শোণিতপুৰৰ বৰছলাত আৰম্ভ হোৱা ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ উচ্ছেদ অভিযান আজি সামৰণি পৰে৷ আনহাতে উৎকট গৰমত দ্বীজেন বৰা নামৰ আৰক্ষী উপ পৰিদৰ্শকজনৰ মৃত্যু ঘটে৷ তেওঁ আজি মুছলিম চৰত উচ্ছেদ চলি থকাৰ সময়ত নিজ দায়িত্ব পালন কৰি আছিল আৰু দিনৰ প্ৰায় ১:৩০ বজাত উৎকট গৰমত তেওঁ সংজ্ঞাহীন হৈ পৰে৷ মায়ং থানাৰ উপ পৰিদৰ্শক বৰাক ততাতৈয়াকৈ নাৱেৰে শিঙৰীলৈ অনাৰ পিছত তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে৷ আজিৰ এই ঘটনাই উচ্ছেদত জৰিত থকা সকলো বিষয়া, কৰ্মচাৰীৰ মাজত শোকৰ ছাঁ…
নৰ্থ লখিমপুৰ কলেজত ভোলানাথ বৰুৱাৰ মৃত্যু শতবাৰ্ষিকী উপলক্ষ্যে আলোচনা সত্ৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৩০ মেঃ ‘ভোলানাথ বৰুৱা এজন সাধাৰণ ব্যৱসায়ী নাছিল, সমাজ-সংস্কৃতিৰ প্ৰতি অত্যন্ত দায়ৱদ্ধ এইগৰাকী ব্যক্তিয়ে অসমীয়া জাতিৰ নৱজাগৰণক যথেষ্ট ত্বৰান্বিত কৰিছিল৷’– এই মন্তব্য ড॰ অৰবিন্দ ৰাজখোৱাৰ৷ আজি নৰ্থ লখিমপুৰ কলেজত ভোলানাথ বৰুৱাৰ মৃত্যু শতবাৰ্ষিকী উপলক্ষ্যে আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ আলোচনা-সত্ৰত তেওঁ এইদৰে কয়৷ ড॰ ৰাজখোৱাই ‘ঔপনিৱেশিক অসমৰ সমাজ-ৰাজনৈতিক প্ৰেক্ষাপট আৰু ভোলানাথ বৰুৱা’ শীৰ্ষক বক্তৃতা প্ৰদান কৰি এই প্ৰখ্যাত অসমীয়াগৰাকীৰ ঐতিহাসিক গুৰুত্ব সম্পৰ্কে কয়৷ পৰাধীন অসমত ব্যৱসায়ৰ যোগেদি স্বচ্চল হৈ দান আৰু…
শিৱসাগৰ অৰুণ’চ নামৰ বস্ত্ৰ বিপণিখনত সংঘটিত অগ্নিকাণ্ড (ফটো সংবাদ)
শিৱসাগৰ অৰুণ'চ নামৰ বস্ত্ৰ বিপণিখনত সংঘটিত অগ্নিকাণ্ডত অগ্নিনিবাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণ কৰাৰ দৃশ্যআলোকচিত্ৰঃ আব্দুল মতিন
লখিমপুৰত বলেৰ’- ভলভ’ বাছৰ মুখামুখি সংঘৰ্ষ ঃ এজনৰ অৱস্থা সংকটজনক
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৩০ মে’ ঃ আজি দুপৰীয়া লখিমপুৰ জিলাৰ কদম টেঙাবস্তিত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত দুখন বাহনৰ ভয়াৱহ মুখামুখি সংঘৰ্ষ লাগে৷ এই ঘটনাত এজন লোক গুৰুতৰ ভাৱে আহত হোৱাৰ পিছত তেওঁক ততালিকে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হয়৷ প্ৰাপ্ত খবৰ অনুসৰি আজি দুপৰীয়া প্ৰায় ১২ মান বজাত পাচিঘাটৰ পৰা কোচবিহাৰ অভিমুখে যাত্ৰী হৈ আহি থকা ভলভ’ বাছখনে লখিমপুৰৰ পৰা বগীনদী অভিমুখি এ এচ ০৬ ভি ৪৭১২ নম্বৰৰ বলেৰ’ খনৰ লগত প্ৰচণ্ড জোৰত মুখামুখি খুন্দা লাগে৷ লগে লগে বলে’খন তলৰ খাৱৈলৈ নামি যোৱাৰ লগতে দুয়োখন বাহনৰ যথেষ্ঠ ক্ষতিসাধন…
গোগামুখত মিচিং আগম কৗবাঙৰ অধিৱেশন- সোণালী জয়ন্তী
সমাজ এখনক সংগঠিত ৰূপত আগুৱাই নিয়াৰ ক্ষেত্ৰত সামাজিক সংগঠন সমূহৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে ঃ মুখ্যমন্ত্ৰী
গোগামুখৰ পৰা শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ ৩০ মে’ ঃ মিচিং জাতীয় শীৰ্ষ সংগঠন সমূহৰ অন্যতম সামাজিক সংগঠন হিচাপে মিচিং জাতীয় জীৱনলৈ মিচিং আগম কৗবাঙে অপৰিসীম অৱদান আগবঢ়াই আহিছে৷ সমাজ এখন সংগঠিত ৰূপত আগুৱাই নিয়াৰ ক্ষেত্ৰত সামাজিক সংগঠন সমূহৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে৷ মিচিংসকল অসমৰ এটা অন্যতম সমৃদ্ধিশালী জনজাতি হিচাপে পৰিচিত হোৱাৰ মূলতে ভাষা সাহিত্যৰ ক্ষেত্ৰত মিচিং আগম কৗবাঙৰ অৱদান অবিস্মৰণীয়৷ অসমৰ এক সমৃদ্ধিশালী জনগোষ্ঠী…
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৯ মে’: ৰাজ্যৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান ইন্দো গ্লবেল চচিয়েল চাৰ্ভিছ চ’চাইটিয়ে সময়ে সময়ে বিভিন্ন লোকক স্বাবলম্বনৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰি আহিছে৷ যোৱা ২৬ তাৰিখৰ পৰা ২৯ তাৰিখলৈকে উক্ত স্বেচ্ছাসেৱী সংগঠনটোৰ উদ্যোগত বিভিন্ন স্থানত কেবাটাও প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত হৈ যায়৷ তেনে কাৰ্যসূচীৰ অংশ হিচাপেই লখিমপুৰ নগৰৰ গৰুমূৰীয়াৰ মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰত চাৰিদিনীয়া প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত কৰা হয়৷ বিভিন্ন প্ৰকাৰৰ ৰবি শস্য তথা ধান, মাহ সৰিয়হ আদিৰ কৃষিকাৰ্য কেনেদৰে উন্নত পদ্ধতিৰে কৰিব পৰা হয় আৰু…
লখিমপুৰ বালিকা মহাবিদ্যালয়ত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৯ মে’: চি টেটৰ ক্ষেত্ৰত এল ওৱান নহলে তেনে প্ৰাৰ্থীয়ে অসমত চাকৰি কৰাতো বাদেই তেওঁলোকে আবেদনেই কৰিব নোৱাৰিব৷ এই মন্তব্য ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ৷ আজি লখিমপুৰ বালিকা মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় উচ্ছতৰ শিক্ষা অভিযানৰ অনুদানেৰে নিৰ্মিত এটি ভৱন উদ্বোধন কৰি তেওঁ এনেদৰে কয়৷ চি টেটৰ জৰিয়তে অসমৰ মাতৃভাষাৰ বিদ্যালয়সমূহত বৰ্হিঃ ৰাজ্যৰ প্ৰাৰ্থী নিযুক্তি সন্দৰ্ভত বিভিন্ন সংগঠনে প্ৰতিবাদ জনাই অহাৰ প্ৰসংগতে আজি মন্ত্ৰীগৰাকীয়ে এনেদৰে কয়৷ ইফালে তেওঁ আজি আৰু কয় যে জনগোষ্ঠীয় পাঠ্যক্ৰম আগুৱাই নিয়াৰ ক্ষেত্ৰত…
