Browsing Category
অসম
প্ৰাণৰ সংশয়ত ভূগিছে নকল সোণ-জাল নোটৰ চক্ৰৰ বিৰুদ্ধে সাহসেৰে মাত মতা হাচিনাই
দলে দলে নকল সোণ-জাল নোটৰ চক্ৰ ধৰাই হোটেলত আশ্ৰয় হাচিনা বেগমৰ
শতাব্দ ষ্টাফ ৰিপ’টাৰ, লখিমপুৰ, ২ জুন ঃ লখিমপুৰ জিলাত দীৰ্ঘদিন ধৰি চলি থকা জালনোট-নকল সোণৰ চক্ৰৰ বিৰুদ্ধে মাত মাতি শেহতীয়াকৈ প্ৰাণৰ সংশয়ত ভূগিছে জিলাখনৰ এগৰাকী সাহসী মহিলাই৷ বঙালমৰাৰ হাচিনা বেগম নামৰ এইগৰাকী মহিলাই এই চক্ৰটোৰ বিৰুদ্ধে মাত মাতি একপ্ৰকাৰে ভাবুকিৰ সন্মুখীন হৈছে৷ যাৰ বাবে শেহতীয়াকৈ তেওঁ জীৱনৰ নিৰাপত্তা বিচাৰি আৰক্ষী সঞ্চালক প্ৰধানৰ লগতে মানৱ অধিকাৰ আয়োগৰ কাষ চাপিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে৷ উল্লেখনীয় কথা যে এইগৰাকী সাহসী মহিলাৰ তথ্যৰ ভিত্তিতে এনে…
তিনিচুকীয়াৰ বস্তাত বহি পাঠ গ্ৰহণ কণ কণ ছাত্ৰ-ছাত্ৰীৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১ জুন : বিজেপি চৰকাৰে চাহ বাগিছা অঞ্চলত নিৰ্মাণ কৰা মডেল স্কুল বা আদর্শ বিদ্যালয়ৰ পৰা দৰিদ্ৰ ছাত্ৰছাত্ৰীসকল তিলমানো উপকৃত হোৱা নাই ৷ কোনো পৰিকল্পনা নোহোৱাকৈ এই বিদ্যালয়সমূহ নিৰ্মাণ কৰাৰ বাবেই এনে পৰিস্থিতিৰ উদ্ভৱ হোৱা বুলি অভিযোগ কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি, চাবুৱাৰ প্ৰাক্তন বিধায়ক তথা অসম চাহ মজদুৰ সংঘৰ (এ চি এম এছ) পানীতোলা শাখাৰ সম্পাদক ৰাজু চাহুৱে ৷ আজি এক বিবৃতিত তেওঁ কয় যে বাগিছা অঞ্চলত নিৰ্মাণ কৰা মডেল স্কুলৰ পৰা দুখীয়া ছাত্ৰছাত্ৰীয়ে পঢ়াৰ ক্ষেত্ৰত অলপ হলেও সকাহ পাব বুলি…
লখিমপুৰত নদীৰ বুকুত ৩১ লাখ টকীয়া ‘অমৃত সৰোবৰ’ নিৰ্মাণ
শতাব্দ ষ্টাফ ৰিপ’টাৰ, লখিমপুৰ, ১ জুন ঃ ৰাজ্য চৰকাৰে প্ৰতিখন জিলাতে অমৃত সৰোবৰ নামৰ চৰকাৰী পুখুৰী খন্দাৰ আঁচনি গ্ৰহণ কৰাৰ সময়তে লখিমপুৰত নদীৰ বুকুত অমৃত সৰোবৰ নিৰ্মাণ কৰা কাৰ্যই ৰাইজৰ চকু কপালত তুলিছে৷ মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম বিকাশ যোজনাৰ অধীনত নিৰ্মাণ কৰিবলৈ লোৱা এনে পুখুৰীসমূহ নিৰ্মাণৰ ক্ষেত্ৰত লখিমপুৰত ব্যাপক ৰূপত চৰকাৰী নিৰ্দেশনা উলংঘা কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ লখিমপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত উজ্জ্বলপুৰ গাঁও পঞ্চায়তৰ অধীনস্থ কাকৈ ৰাজগড়ৰ সমীপৱৰ্তী ৰাজগড় বঙালীত কাকৈ নদীৰ বুকুত এনেদৰে দুটা পৰ্যায়ত অমৃত সৰোবৰ নামৰ পুখুৰী…
বৰ্খাস্ত, প্ৰতিবাদৰ মাজতে তিনিচুকীয়াৰ এ এছ টি চিত দপ দপকৈকৈ জ্বলিল যাত্ৰাৰ বাবে সাজু ডে’ ছুপাৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১ জুন : বক্ৰ পথেৰে চাকৰি লোৱাৰ অভিযোগত অসম ৰাজ্যিক পৰিবহণ নিগমৰ (এ এছ টি চি) ৭৭১ জন বিষয়া, কৰ্মচাৰীক চৰকাৰে বৰ্খাস্ত কৰা আৰু চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যজুৰি পৰিবহণ নিগমৰ কৰ্মচাৰীয়ে আজিৰ পৰা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ সময়তে আজি পুৱা তিনিচুকীয়া চহৰৰ মাজমজিয়াৰ এ এছ টি চি বাছ আস্থানত সংঘটিত হয় এক ৰহস্যজনক অগ্নিকাণ্ডৰ ঘটনা ৷ জানিব পৰা মতে আজি পুৱা ৭:৪৫ বজাত তিনিচুকীয়াৰ পৰা তেজপুৰলৈ যাত্ৰা কৰিবলগীয়া এ এছ ১২ বি চি ৯৪৪৭ নম্বৰৰ মুন ট্ৰেভেলছৰ ডে’ ছুপাৰখন যাত্ৰাৰ কিছুসময়ৰ পূৰ্বে দপ দপকৈ…
লখিমপুৰ জিলাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত ভয়ংকৰ কেলেংকাৰি
শতাব্দ ষ্টাফ ৰিপ’টাৰ, লখিমপুৰ, ৩১ মে’ ঃ লখিমপুৰ জিলা গ্ৰামোন্নয়ন অভিকৰণৰ কৰুণাবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত ডিক্ৰং গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰীৰ আৱাস গৃহ নিৰ্মাণত এক বৃহৎ কেলেংকাৰি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ পঞ্চায়তখনত বহু গৃহ নিৰ্মাণ নকৰাকৈ আৰু একাংশ হিতাধিকাৰীয়ে আনঘৰৰ ফটো জমা দি ধন উলিয়াই নিয়াৰ বিষয়ে একাংশ লোকে জিলা উপায়ুক্তক অভিযোগ দাখিল কৰাৰ পিছত জিলা উপায়ুক্তই তদন্ত ঘোষণা কৰিছে৷ তদন্তকাৰী বিষয়াৰ তদন্তত পঞ্চায়তখনত গৃহ নিৰ্মাণত সংঘটিত হোৱা বৃহৎ কেলেংকাৰি পোহৰলৈ অহাত শীঘ্ৰে এই কেলেংকাৰিৰ আঁৰত থকা একাংশ বিষয়া-কৰ্মচাৰী,…
অইল ইণ্ডিয়াৰ আৱাসিক মুখ্য বিষয়াৰ পদত অতীন্দ্ৰ ৰয়চৌধুৰীক নিযুক্তি
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৩১ মে’ঃ অইল ইণ্ডিয়া লিমিটেডৰ পৰৱৰ্তী আৱাসিক মুখ্য বিষয়াৰূপে অতীন্দ্ৰ ৰয়চৌধুৰীয়ে ১ জুনত দায়িত্বভাৰ গ্ৰহণ কৰিব । ৰয়চৌধুৰীয়ে ১৯৮৬ চনত কোম্পানীটোৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং বিভাগত কাৰ্যবাহী প্ৰশিক্ষাৰ্থী ৰূপে যোগদান কৰিছিল। গুৱাহাটীত জন্মলাভ কৰা অতীন্দ্ৰ ৰয়চৌধুৰীয়ে কটন কলেজিয়েট তথা কটন কলেজৰ পৰা ক্ৰমে স্কুলীয়া আৰু উচ্চতৰ মাধ্যমিক শিক্ষা গ্ৰহণ কৰি পিলানিৰ বিৰলা ইনষ্টিটিউট অফ টেকনলজি এণ্ড চায়েন্স (BITS)ৰ পৰা ইলেক্ট্ৰিকেল আৰু ইলেক্ট্ৰনিক্স বিষয়ত ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী অৰ্জন কৰে। ইলেক্ট্ৰিকেল বিভাগত কিছুদিন কাম…
বিহপুৰীয়া মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ প্ৰত্যক্ষ পক্ষপাতিত্ত্বমূলক কাৰ্যক তীব্ৰ গৰিহণা শিক্ষক গোটৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৩১ মেঃ বিহপুৰীয়া মহাবিদ্যালয়ৰ শিক্ষক গোটে মহাবিদ্যালয়খনৰ অধ্যক্ষই দীৰ্ঘদিন ধৰি চলাই অহা দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে অধ্যক্ষগৰাকীৰ পদত্যাগৰ দাবীত চলাই অহা আন্দোলনে আজি ২১ দিনত ভৰি দিলেহি যদিও বৰ্তমানলৈকে কোনোধৰণৰ সমাধান-সূত্ৰ ওলোৱা পৰিলক্ষিত হোৱা নাই ৷ শিক্ষক গোটে যোৱা ১৫মেত অনুষ্ঠিত হোৱা শিক্ষক গোট আৰু পৰিচালনা সমিতিৰ যুটীয়া বৈঠকত গৃহীত প্ৰস্তাৱটোৰ জৰিয়তে মহাবিদ্যালয়খনত অধ্যক্ষই সংঘটিত কৰি অহা অনিয়ম সমূহৰ এটি তদন্ত উচ্চ শিক্ষাধিকৰ্তাৰ দ্বাৰা হোৱাটো বিচাৰিছিল যদিও শেষ মুহূৰ্তত উক্ত প্ৰস্তাৱ…
ৰাজ্যিক পৰিবহণ নিগম শোণিতপুৰ সংমণ্ডলৰ পৰা ৪৪ গৰাকী কৰ্মচাৰীক চাটাইঃ হাহাকাৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ ৩১ মে'ঃ অসম ৰাজ্যিক পৰিবহণ নিগমত কৰ্মৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অস্থায়ী কৰ্মচাৰীক চাটাই কৰাৰ পাছতে সেই পৰিয়াল সমূহত হাঁহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ কৰ্মৰত এইসকল কৰ্মচাৰীৰ নিযুক্তিক অবৈধ আখ্যা দি ৰাজ্যৰ ৭৭১ গৰকী কৰ্মচাৰীক পৰিবহন নিগমৰ পৰা চাটাই কৰা হৈছে । সেই অনুসৰি অসম ৰাজ্যিক পৰিবহণ নিগম শোণিতপুৰ সংমণ্ডলৰ পৰাও ৪৪ গৰাকীৰ চাকৰি যোৱাৰ লগে লগে পৰিয়াল সমূহত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। উল্লেখ্য, তেজপুৰ সংমণ্ডলৰ অধীনত কাৰ্যালয় সহায়ক, সুৰক্ষা সহায়ক, কম্পিউটাৰ সহায়ক, মেকানিক আদি পদত ২০২০ত বিভাগীয়…
প্ৰয়াত দ্বিজেন বৰালৈ শ্ৰদ্ধাঞ্জলিঃ তেজপুৰত অসম আৰক্ষীৰ সঞ্চালক জি পি সিং
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৩১ মে’ঃ শোণিতপুৰ জিলাৰ বৰছলাৰ ওৰাং ৰষ্ট্ৰীয় উদ্যানত চলা উচ্ছেদ অভিযানৰ সময়ত কালি কৰ্তব্যৰত অৱস্থাত উৎকট গৰমৰ ফলত মৃত্যু হোৱা মায়ং আৰক্ষী চকীৰ উপ পৰিদৰ্শক দ্বিজেন বৰাৰ তেজপুৰ ৰবৰবাগানৰ বাসগৃহত আজি উপস্থিত হয়হি আৰক্ষী সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিং । প্ৰয়াত বৰাৰ বাসগৃহত উপস্থিত হৈ শোক সন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জনাই আৰক্ষী সঞ্চালক প্ৰধানজনে বৰাৰ পৰিয়াললৈ অসম আৰক্ষীৰ তৰফৰ পৰা এক লাখ টকাৰ তৎকালীন সাহায্য আগবঢ়ায় ।উল্লেখযোগ্য যে, প্ৰয়াত বৰা মৰিগাঁও জিলাৰ মায়ং আৰক্ষী চকীত কৰ্তব্যৰত আছিল…
চৰকাৰ মাধ্যম বিৰোধী : তিনিচুকীয়া জিলাৰ প্ৰান্তে প্ৰান্তে ছাত্ৰ সন্থাৰ প্ৰতিবাদ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৩১ মে’ : চৰকাৰৰ মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰোধিতাৰে সদৌ অসম ছাত্ৰ সন্থাই গ্ৰহণ কৰা মাহজোৰা প্ৰতিবাদী কাৰ্যসূচীৰ অংশৰূপে আজি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত ১২ খন আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ এক বিবৃতিত তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমৰজ্যোতি গোঁহাইয়ে কয় যে আইৰ মুখৰ ভাষা কোনোবাই ৰাজনৈতিক স্বাৰ্থৰ হ’কে কাঢ়ি লৈ যোৱাৰ চেষ্টা কৰিব আৰু ছাত্ৰ সন্থাই নিৰ্বিকাৰভাৱে মানি ল’ব সেয়া কোনোপধ্যেই সম্ভৱ নহয়৷ মাতৃভাষাৰ প্ৰতি সংকট কেতিয়াও সহ্য কৰা নহব ৷…
