Browsing Category
অসম
অচিৰেই মুকলি হ’ব মাজুলীৰ আয়ুৰ্বেদিক চিকিৎসালয়
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৩ জুন : মাজুলীত নৱনিৰ্মিত আয়ুৰ্বেদিক চিকিৎসালয়খন অতি সোনকালে মুকলি কৰিব ৰাজ্য চৰকাৰে। উজনি মাজুলীৰ ফুলনিৰ সমীপৱৰ্তী শ্ৰীৰাম দেৱোত্তৰত নিৰ্মাণ কৰা ৫০ খন বিছনাযুক্ত মাজুলী আয়ুৰ্বেদিক চিকিৎসালয়খন বাবে আজি পৰিদৰ্শন কৰি স্থানীয় সাংবাদিক তথা ৰাইজৰ আগত এই কথা ঘোষণা কৰে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই। স্বাস্থ্যমন্ত্ৰী মহন্তই শনিবাৰে আগবেলা মাজুলীৰ বিধায়ক ভুবন গামক লগত লৈ শ্ৰীৰাম দেৱোত্তৰত উপস্থিত হৈ নৱনিৰ্মিত আয়ুৰ্বেদিক চিকিৎসালয়খনৰ আন্তঃগাঁথনি পৰিদৰ্শনৰ লগতে উদ্বোধন পূৰ্বৰ অন্তিম…
বাছত অগ্নিকাণ্ড : তদন্তৰ বাবে তিনিচুকীয়াত ফৰেনছিক বিশেষজ্ঞ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৩ জুন : তিনিচুকীয়া চহৰৰ মাজমজিয়াৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ (এ এছ টি চি) বাচ আস্থানত ১ জুনৰ পুৱা সংঘটিত এক ৰহস্যজনক অগ্নিকাণ্ডৰ ঘটনাৰ তদন্তৰ বাবে আজি ঘটনাস্থলীত উপস্থিত হয় ফৰেনছিক বিশেষজ্ঞৰ দল ৷ উল্লেখ্য যে বক্ৰ পথেৰে চাকৰি লোৱাৰ অভিযোগত পৰিবহণ নিগমৰ ৭৭১ জন বিষয়া, কৰ্মচাৰীক চৰকাৰে বৰ্খাস্ত কৰা আৰু চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যজুৰি পৰিবহণ নিগমৰ কৰ্মচাৰীয়ে ১ জুনৰ পৰা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ সময়তে উক্ত দিনা পুৱা তিনিচুকীয়াৰ এ এছ টি চি বাচ আস্থানত সংঘটিত এক ৰহস্যজনক অগ্নিকাণ্ডৰ…
ডুমডুমাত কৃতী ছাত্ৰক জিতু হাজৰিকা সোঁৱৰণী বঁটা প্ৰদান
শতাব্দ তালাপৰ প্ৰতিবেদক, ৩ জুন : সদ্য ঘোষিত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ডুমডুমাৰ হুনলাল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰদ্বয় ক্ৰমে অনিক ধৰ আৰু মিহিৰজ্যোতি মৰাণে সৰ্বাধিক নম্বৰ পাই উত্তীৰ্ণ হোৱাত জিতু হাজৰিকা সোঁৱৰণি বঁটা লাভ কৰিবলৈ সক্ষম হয় ৷ আজি প্ৰয়াত জিতু হাজৰিকাৰ প্ৰথম মৃত্যু বাৰ্ষিকীৰ দিনটোত ছাত্ৰদ্বয়ৰ প্ৰত্যেককে নগদ ১০ হাজাৰকৈ টকা, একোখনকৈ ফুলাম গামোচা, স্মাৰক, প্ৰেৰণা পত্ৰ, হেমকোষ অভিধান, আৰু একোচা কলমেৰে সন্মানিত কৰা হয় । এই বছৰ বঁটাৰ নগদ ধন ১০ হাজাৰকৈ টকা স্বৰ্গীয় জিতু হাজৰিকাৰ সহধৰ্মিনী জুৰি লহকৰ হাজৰিকা আৰু…
অৰুণাচলত ভয়ংকৰ পথ দুৰ্ঘটনাত চাৰিশ ফুট ওপৰৰ পাহাৰৰ পৰা ৰঙানদীত পৰিল এল্ট
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৩ জুন ঃ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ কিমিনত যোৱা ৩১ মে’ নিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ খবৰ পলমকৈ আজি পোহৰলৈ আহিছে ৷ সেই নিশা পাহাৰৰ ৪০০ ফুট ওপৰৰ পৰা এখন বাহন তলৰ ৰঙানদীত পৰাৰ ফলত ক’হিমা আৰু কাৰ্বি আংলঙৰ দুজন যুৱকৰ কৰুণ মৃত্যু হোৱাৰ ঘটনা আজিহে পোহৰলৈ আহিছে৷ প্ৰাপ্ত তথ্য অনুসৰি তথা লখিমপুৰৰ পৰা প্ৰায় ২৫ কিল’মিটাৰ নিলগৰ অৰুণাচল প্ৰদেশৰ কিমিনত যোৱা ৩১ মে’ৰ নিশা মেঘালয়ৰ পঞ্জীয়নভুক্ত এখন এল্ট’ গাড়ী দুৰ্ঘটনাত পতিত হয়৷ কিমিন পাহাৰৰ অতি বিপজ্জনক স্থান হিচাপে পৰিচিত জিৰ’ ৰোডৰ পৰা এই বাহনখন পাহৰৰ…
উৎকট গৰমৰ ফলত তেজপুৰৰ বিদ্যালয়ত ১১গৰাকী শিশু অসুস্থ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,২ জুনঃ উৎকট গৰম সহ্য কৰিব নোৱাৰি আজি তেজপুৰৰ শোণিতপুৰ জাতীয় বিদ্যালয়ৰ ১১ গৰাকী শিক্ষাৰ্থী শ্ৰেণীতে অসুস্থ হৈ পৰে৷ প্ৰথমে বিদ্যালয়খনৰ অষ্টম শ্ৰেণীৰ দুগৰাকী ছাত্ৰী মূৰৰ ঘূৰণি আৰম্ভ হয় আৰু ক্ৰমাৎ উশাহ লোৱাত অসুবিধা অনুভৱ কৰে। লগে লগে বিদ্যালয় কৰ্তৃপক্ষই নিকটৱৰ্তী গেইট সুখদা হাস্পতাললৈ নিয়ে৷ কিন্তু ইয়াৰ পাছতে বিদ্যালয়খনৰ তৃতীয় শ্ৰেণীৰ আন তিনিগৰাকী ছাত্ৰী অসুস্থ হয়। তেনেদৰে অষ্টম শ্ৰেণীৰ মুঠ ছজন ছাত্ৰ-ছাত্ৰী, ষষ্ঠ শ্ৰেণীৰ দুজন ছাত্ৰ অসুস্থ হয়। ইয়াৰে নজন শিক্ষাৰ্থীক গেইট সুখদা হাস্পতালত চিকিৎসা…
লখিমপুৰত অভিনয়-পৰিৱেশ্য কলাৰ প্ৰশিক্ষণ কৰ্মশালাৰ প্ৰস্তুতি
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২ জুনঃ শিশু আৰু কিশোৰ কিশোৰীসকলৰ মানসিক উৎকৰ্ষ সাধনৰ উদ্দেশ্যে সান্নিধ্য নাট্য বিদ্যালয়ৰ উদ্যোগত তথা লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয় আৰু প্ৰতিবিম্ব-দি ৰিফ্লেক্সনৰ সহযোগত অহা ২১ জুনৰ পৰা ২৫ জুলাইলৈকে লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয় প্ৰাঙ্গনত এখনি অভিনয় কৰ্মশালাৰ আয়োজন কৰা হৈছে। মূলত: অভিনয়ৰ যদিও কৰ্মশালাখনিত পৰিৱেশ্য কলাৰ সকলোকেইটা দিশ সামৰি প্ৰশিক্ষণ প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে । কৰ্মশালাখনিত প্ৰশিক্ষক ৰূপে অংশগ্ৰহণ কৰিব অসমৰ নাট্য জগতখনক এক বিশেষ পৰ্যায়লৈ আগবঢ়াই নিয়াৰ চেষ্টাত ব্ৰতী তিনিজন বিশেষ…
তেজপুৰ চহৰৰ পৰা ৰহস্যজনক ভাৱে নিৰুদ্দেশ শিক্ষক
শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ২ জুনঃ তেজপুৰৰ নিকটৱৰ্তী শ'লমৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক এগৰাকী আজি দুপৰীয়াৰ পৰা ৰহস্যজনক ভাৱে নিৰুদ্দিষ্ট হৈ পৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।এই সন্দৰ্ভত পৰিয়ালৰ লোকৰ পৰা জানিব পৰা মতে নিজ হলেশ্বৰ নিবাসী গণেশ হাজৰিকা নামৰ শ'লমৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক গৰাকী আন দিনাৰ দৰে আজিও বিদ্যালয়ত উপস্থিত হৈ ১২ বজাৰ মধ্যাহ্ন বিৰতিলৈকে স্কুলতে থকাৰ পিছত ঔষধ কিনিবলৈ থকা বুলি তেজপুৰ চহৰলৈ বিদ্যালয়ৰ পৰা ছুটী লৈ আহে। চহৰত উপস্থিত হৈ কুমাৰ গাঁৱত থকা বায়েকৰ ঘৰত সোমাই আৰু বায়েকৰ ঘৰতে নিজৰ…
লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত এডুফেয়াৰ অনুষ্ঠিত
উত্তৰ লখিমপুৰঃ ২ জুনঃ বিভিন্ন বিশ্ববিদ্যালয়, প্ৰতিষ্ঠান আৰু বিজনেছ স্কুলে আগবঢ়োৱা বিভিন্ন পেছাদাৰী পাঠ্যক্ৰমত কেৰিয়াৰৰ সম্ভাৱনা থকা লোকৰ বাবে সাধাৰণভাৱে লখিমপুৰ জিলা আৰু বিশেষকৈ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে আজি মহাবিদ্যালয়ৰ চৌহদত এখন শিক্ষা মেলাৰ আয়োজন কৰা হয়।মহাবিদ্যালয়খনৰ কেৰিয়াৰ কাউন্সেলিং এণ্ড প্লেচমেণ্ট চেলৰ উদ্যোগত আৰু ইমপেক্ট মিডিয়া, গুৱাহাটীৰ সহযোগত আয়োজিত এই শিক্ষা মেলাখনি মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ লোহিত হাজৰিকাই বন্তি প্ৰজ্বলন কৰি আৰু লখিমপুৰৰ অতিৰিক্ত উপায়ুক্ত ভাস্কৰজ্যোতি বৰাই…
লখিমপুৰত বিশেষ সম্বৰ্ধনা অনুষ্ঠান
উত্তৰ লখিমপুৰ, ২ জুনঃ লখিমপুৰ শিক্ষা খণ্ডৰ সমূহ বিষয়া -কৰ্মচাৰী আৰু মণ্ডল সমল কেন্দ্ৰ সমন্বয়কৰ উদ্যোগত আজি লখিমপুৰ পানীন্দ্ৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত এখন সম্বৰ্ধনা সভা অনুষ্ঠিত হয়।উক্ত সভাত গুণোৎসৱ ২০২৩ত A+ grade প্ৰাপ্ত মুঠ ৭৩ খন বিদ্যালয়ৰ লগতে সদ্য নিযুক্তি প্ৰাপ্ত লখিমপুৰ শিক্ষা খণ্ডৰ ৪ জন প্ৰাক্তন দিব্যাংগ ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। বিয়লি ১ বজাত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ইজাজুল হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিৰ আঁত ধৰে সমল ব্যক্তি পংকজ হাজৰিকাই । অনুষ্ঠানত প্ৰতিজন সম্বৰ্ধিত ব্যক্তিক একোখন…
মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ছাত্ৰক চিকিৎসা প্ৰদানৰ পৰিৱৰ্তে বেণ্ড-এইড লগাই অধ্যক্ষৰ কাৰ্যালয়ৰ বাহিৰত বহুৱাই ৰাখিলে ডেৰ ঘণ্টা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২ জুন : ছাত্ৰ-ছাত্ৰীৰ পৰা মাচুলৰ নামত মোটা অংকৰ ধন আদায় কৰি অহা ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহক নাকী লগোৱাৰ ক্ষেত্ৰত চূড়ান্তভাৱে ব্যৰ্থ হৈছে চৰকাৰ তথা প্ৰশাসন ৷ ইয়াৰে সুযোগ গ্ৰহণ কৰি নিজ খেয়ালখুচিমতে সকলো কাম কৰি যাবলৈ সক্ষম হৈছে একাংশ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানে ৷ চৰকাৰ তথা প্ৰশাসনৰ দুৰ্বল ভূমিকাৰ সুবিধা লৈ এতিয়া এচাম ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে কণকণ ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ সৈতে হেতালি খেলিবলৈও কুণ্ঠাবোধ নকৰা হৈছে ৷ আজি তিনিচুকীয়াৰ এখন অভিজাত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত সংঘটিত এক দুৰ্ভাগ্যজনক…
