Browsing Category

অসম

তেজপুৰৰ বিভিন্ন অনুষ্ঠানে ভিন্ন কাৰ্যসূচীৰে পালন কৰিলে বিশ্ব পৰিৱেশ দিৱস

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৫ জুন : বিশ্ব পাৰিপাৰ্শ্বিক দিৱসৰ আজিৰ দিনটোত প্ৰকৃতি সুৰক্ষা আৰু প্ৰকৃতিপ্ৰেম তথা পৰিৱেশ সুৰক্ষাৰ বাবে তেজপুৰৰ বিভিন্ন অনুষ্ঠানে বিভিন্ন প্ৰান্তত ভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰে। এই দিৱসৰ লগত সংগতি ৰাখি দৰং মহাবিদ্যালয়ত কেইবাটিও অনুষ্ঠান অনুষ্ঠিত কৰা হয়। পুৱা ৬:৩০ বজাত দৰং মহাবিদ্যালয় বাণিজ্য সমিতিৰ (DCCS) উদ্যোগত গছপুলি ৰোপণ আৰু চৌহদত পৰিস্কাৰ কাৰ্যসূচী ৰূপায়ন কৰা হয় । বাণিজ্য বিভাগৰ মুৰব্বী অধ্যাপক ড০ দীপাঞ্জন চক্ৰৱৰ্তী আৰু অধ্যাপক ড০ মনোজ কুমাৰ হাজৰিকাই গছপুলি ৰোপণ কৰে। ৯ বজাৰ পৰা চেন্টাৰ…

মাঘেৰিটাৰ কেতেটং চিংফৌ গাঁৱত নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ ক্ষেত্ৰ অধ্যয়ন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ ৫ জুন: নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগৰ উদ্যোগত মাঘেৰিটাৰ কেতেটং চিংফৌ গাঁৱত ‘চিংফৌসকলৰ লোকসংস্কৃতি আৰু পৰ্যটনৰ সম্ভাৱনা’ – শীৰ্ষক এক আলোচনা-সত্ৰ আৰু ক্ষেত্ৰ ভ্ৰমণ কাৰ্যসূচী সম্পন্ন হৈ যায়৷ ৩ জুনৰপৰা ৪জুনলৈ দুদিনীয়াকৈ অনুষ্ঠিত এই অনুষ্ঠান আয়োজনত সহযোগিতা কৰে নাহৰকটীয়া কলেজৰ অসমীয়া বিভাগ আৰু কেতেটঙৰ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ে৷ নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগৰ মুৰব্বী ড॰ অৰবিন্দ ৰাজখোৱাৰ সঞ্চালনাত অনুষ্ঠিত আলোচনা-সত্ৰৰ প্ৰথম সত্ৰত সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰে চৰকাৰৰ অসম গৌৰৱ বঁটা প্ৰাপক…

তেজপুৰত ভূপেন বৰাঃ তেজপুৰত আলোচনাত বহিব অখিল আৰু লুৰীণজ্যোতিৰ সৈতে

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৪জুনঃ “ৰাজ্যৰ বিজেপি চৰকাৰ পকেটমাৰ চৰকাৰ।আগন্তুক লোক সভা নিৰ্বাচনত মূল্যবৃদ্ধি ইছ্যু হোৱাৰ সমান্তৰাল ভাৱে কংগ্রেছে টাৰ্গেট কৰিব এ আই ইউ ডি এফক।অসম জাতীয় পৰিষদ,ৰাইজৰ দল তথা বিৰোধী ঐক্যক লোকসভাৰ আসন এৰি দিয়া সন্দৰ্ভত এতিয়াও সিদ্ধান্ত লোৱা নাই কংগ্ৰেছে।”তেজপুৰত আজি পুৱা সংবাদমাধ্যমৰ আগত এই মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ৰেলৰ ইঞ্জিনৰ স’তে তুলনা কৰি বাকী মন্ত্ৰীসকলক নিধিৰাম চৰ্দাৰৰ ৰূপত কপ্লিং ডবাৰ লগত তুলনা কৰে বৰাই। আনহাতে বিদ্যুতৰ ৰাজহ বৃদ্ধি…

নাৰায়ণপুৰত APART ৰ অধীনত পথ নিৰ্মাণৰ শুভাৰম্ভ 

শতাব্দ নাৰায়ণপুৰৰ প্ৰতিবেদক, ৪ জুন: লখিমপুৰ জিলাৰ নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত জালুককটাৰ পৰা শিলিখাগুৰি আৰু জালুককটা- সাঁউকুছি গাঁও সংযোগী পথৰ যোৱা ১ জুনত নিৰ্মাণ শুভাৰম্ভণী কৰে বিধায়ক ড°অমিয় কুমাৰ ভূঞাই।অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ প্ৰকল্প(APART)আঁচনিৰ অধীনত নিৰ্মাণ আৰম্ভ কৰা পথছোৱাৰ বাবে বিগত সময়ত বহুবাৰ ৰাইজে আবেদন নিবেদন কৰিছিল। শেহতীয়াকৈ বিধায়ক অমিয় কুমাৰ ভূঞাৰ তৎপৰতাত APARTৰ অধীনত পথছোৱা আৱণ্টিত হোৱাত ৰাইজ উৎফুল্লিত হৈ পৰিছে। বৃহত্তৰ অঞ্চলৰ ৰাইজে পথছোৱা নিৰ্মাণত যাতে কোনো লেহেম আৰু মধ্যভোগী,…

তেজপুৰত স্মৃতি দিৱসত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰতিষ্ঠা লগ্নৰ পৃষ্ঠপোষক প্ৰয়াত ষড়ানন বৰঠাকুৰক স্মৰণ

শতাব্দ ষ্টাফৰিপৰ্টাৰ তেজপুৰ , ৪ জুন : সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰতিষ্ঠা লগ্নৰ পৃষ্ঠপোষক, বিষ্ণুপ্ৰসাদ ৰাভা বঁটা প্ৰাপক বিশিষ্ট নৃত্যশিল্পী প্ৰয়াত ষড়ানন বৰঠাকুৰৰ স্মৃতি দিৱসৰ দিনটোত কালি তেজপুৰত সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে স্মৰণ কৰে। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ তেজপুৰস্হ কেন্দ্ৰীয় কাৰ্যালয়ত সমিতিৰ তেজপুৰ শাখাৰ সহযোগত অনুষ্ঠিত হোৱা কালিৰ এই বিশেষ শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ অনুষ্ঠান আৰম্ভ হয় ষড়ানন বৰঠাকুৰৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলিৰে। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সুবৰ্ণ শইকীয়া বৰদলৈ আৰু তেজপুৰ শাখাৰ…

ফাটবিহু বিতৰ্কৰ স্থায়ী নিষ্পত্তি আৰু পতিয়নযোগ্য সমাধান

শতাব্দ ঢকুৱাখনাৰ প্ৰতিবেদক,৪ জুন: অসমীয়া লোক সংস্কৃতিৰ ভঁৰাল সমৃদ্ধ কৰা এক লোক-উৎসৱ ঢকুৱাখনাৰ ঐতিহ‍্যমণ্ডিত ফাটবিহু। এইবাৰৰ উদযাপনত ফাটবিহুৰ কেইবা দশক জোৰা সুনাম, আতিথ‍্য আৰু পৰম্পৰাক কুঠাৰাঘাত কৰা কেইবাটাও ঘটনাৰ পৰিপ্ৰেক্ষিতত পৰৱৰ্তী সময়ত তীব্ৰ বিতৰ্ক আৰু ন‍্যায় বিচাৰি প্ৰতিবাদৰ পৰিৱেশ সৃষ্টি হৈছিল। যোৱা ১৩ মে'ৰ ফাটবিহুৰ দিনা ঘিলামৰাৰ বৰদৈচিলা বিহুদলৰ ওপৰত ফাটবিহু সমিতি আৰু উদযাপন সমিতিৰ একাংশ বিষয়-ববীয়াই চলোৱা আক্ৰমণৰ ঘটনাৰ স্থায়ী মীমাংসা কৰিবলৈ শনিবাৰে বিয়লি ঘিলামৰা কৃষ্টি ভৱন প্রাংগনত ২২টা সংগঠনৰ প্ৰতিনিধিত্বমূলক এখন সভা…

ঐতিহ্যমণ্ডিত বাসুদেৱ থান নৰোৱা সত্ৰক ধৰ্মীয় পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তুলিব চৰকাৰে

শতাব্দ ঢকুৱাখনাৰ প্ৰতিবেদক,৪ জুন: ঢকুৱাখনাৰ ঐতিহ‍্যমণ্ডিত শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰ আৰু ঐশ্বৰীয় হাৰ্হি দেৱালয়ক ধৰ্মীয় পৰ্যটন ক্ষেত্ৰ হিচাবে আকষৰ্ণীয় কৰি অসম চৰকাৰে গঢ়ি তুলিব ।এই মন্তব্য অসম চৰকাৰৰ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ । মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাৰ বাসুদেৱ থান ভ্ৰমণৰ এপষেক পাছত আজি বিয়লি ৪ বজাত বাসুদেৱ থান নৰোৱা সত্ৰত উপস্থিত হয় অসমৰ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা।বাসুদেৱ থান নৰোৱা সত্ৰত সেৱা কৰি ইয়াৰ চৌহদৰ প্ৰাকৃতিক সৌন্দৰ্য দেখি মন্ত্ৰীগৰাকী অভিভূত হয়।মন্ত্ৰী বৰুৱাই উপস্থিত হোৱাৰ পিছতে সত্ৰখনৰ…

লখিমপুৰ জিলা সাংবাদিক সংস্থাৰ নতুন সমিতিৰ দায়িত্ব গ্ৰহণ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৪ জুনঃ লখিমপুৰ জিলা সাংবাদিক সংস্থাৰ নতুন সমিতিয়ে আজি দায়িত্বভাৰ গ্ৰহণ কৰে।নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত আজি পুৰণা সমিতিৰ সভাপতি কুমুদ বৰুৱাৰ পৌৰোহিত্যত পুৰণা আৰু নতুন সমিতিৰ এক যুটীয়া বৈঠকত জিলা সংস্থাৰ স্থাবৰ অস্থাবৰ সা সম্পত্তি আনুষ্ঠানিকভাবে নতুন সমিতিয়ে গ্ৰহণ কৰে।  সভাত বাৰ্তাজীৱী সংঘৰ ৰাজ্যিক সভাপতি টুটুমণি ফুকন, নতুন সমিতিৰ সভাপতি শৈলেন বৰুৱা, সাধাৰণ সম্পাদক মুকুল ভূঞা, সাংগঠনিক সম্পাদক কৰুণাকৃষ্ণ নাথ, কাৰ্যালয় সম্পাদক প্ৰশান্ত কুমাৰ মোদক আদিৰ লগতে ভালেকেইজন বক্তাই আগন্তুক দুটা বৰ্ষৰ বাবে জিলা…

দক্ষিণপাট সত্ৰৰ উদ্যোগত মাজুলীত আধ্যাত্মিক যুৱ সন্মিলন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ,৩ জুন : মাজুলীৰ জেংৰাইমুখৰ বনমালী ক্ষেত্ৰত দক্ষিণপাট সত্ৰৰ উদ্যোগত যোৱা ১ জুনৰ পৰা আয়োজিত আধ্যাত্মিক যুৱ সন্মিলনৰ আজি তৃতীয় দিনা 'জনজাতীয় মহিলাৰ আধ্যাত্মিক কৰ্মশালা' অনুষ্ঠিত কৰা হয়। শনিবাৰে বিয়লি এই কৰ্মশালা অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্ত আৰু কৃষি মন্ত্ৰী অতুল বৰাই। উল্লেখ্য যে, দক্ষিণপাট সত্ৰৰ অধিকাৰ ননীগোপাল দেৱ গোস্বামীৰ দাৰ্শনিক চিন্তাৰে ২০১০ চনৰ পৰা 'আধ্যাত্মিক যুৱ সন্মিলন' চমুকৈ আয়ুসৰ নামৰ সামাজিক-আধ্যাত্মিক উৎকৰ্ষ সাধনৰ কাৰ্যসূচীৰ শুভাৰম্ভণি…