Browsing Category

অসম

নতুন নিযুক্তিৰ তালিকা প্ৰকাশত লক্ষীমপুৰ জিলা হাইস্কুল অতিৰিক্ত (ঠিকাভিত্তিক) শিক্ষক সন্থাৰ ক্ষোভ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৭জুনঃ ২০১০ চনত নিযুক্ত হাইস্কুল ঠিকাভিত্তিক শিক্ষক সকলক চৰকাৰে আজিলৈকে চাকৰি নিয়মীয়া নকৰি নতুনকৈ ৰাজ্যত শিক্ষক নিযুক্তি দিয়াত ব্য়াপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে উচ্চ ন্যায়ালয়ে অসমৰ ৫৯২৪ জন হাইস্কুল ঠিকাভিত্তিক শিক্ষকৰ বাবে পদ সংৰক্ষণ কৰিব লৈ নিৰ্দেশ দিছিল আৰু নিযুক্তি প্ৰক্ৰিয়া চলাব পাৰিব বুলিও উল্লেখ কৰিছিল। সেই অচিলা লৈয়ে চৰকাৰে ঠিকাভিত্তিক শিক্ষকসকলক আওকাণ কৰি নতুন নিযুক্তি দিয়াত এতিয়া ঠিকাভিত্তিক শিক্ষকসকল চৰম অনিশ্চয়তাত ভূগিছে। চৰকাৰে ২০২০ চনৰ জুলাই মাহৰ পৰা ঠিকাভিত্তিক শিক্ষকৰ দৰমহা…

ভেজাল খাদ্যৰে মানুহক ৰোগীয়া কৰাটো হত্যাৰ সমানেই পাপঃ স্বাস্থ্যমন্ত্ৰী

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৭ জুন : বজাৰত ভেজাল খাদ্য সামগ্ৰীৰ পয়োভৰে জনস্বাস্থ্যৰ প্ৰতি নমাই অনা গুৰুতৰ ভাবুকিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। গুৱাহাটীৰ বামুনীমৈদামস্থিত ৰাজ্যিক জনস্বাস্থ্য গৱেষণাগাৰত আজি আয়োজিত বিশ্ব খাদ্য দিৱসৰ ৰাজ্যিক অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে কয়, 'ভেজাল খাদ্যৰ বাবে আমাৰ জনসাধাৰণ বিভিন্ন গুৰুতৰ ৰোগত আক্ৰান্ত হ'বলৈ লৈছে। ক্ষতিকাৰক ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰা ফল-মূল, খেতিত কীটানুনাশক-ৰাসায়নিক সাৰ প্ৰয়োগেৰে উৎপাদন কৰা শাক-পাচলি,…

স্মাৰ্ট মিটাৰ নিৰাপদ- APDCL

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৭ জুনঃ উৎকট গৰমে জনজীৱন বিপৰ্যস্ত কৰি তোলাৰ সমান্তৰাল ভাবে বিদ্যুৎ নাটনি, লুকাভাকু আৰু পৰ্যাপ্ত ভল্টেজ নথকা ঘটনাই ৰাইজক জ্বলাকলা খুওৱাৰ সময়তে আজি লখিমপুৰত APDCLএ এক সংবাদমেল অনুষ্ঠিত কৰে। মূলতঃ স্মাৰ্ট মিটাৰ সংযোগ বিষয়ত অনুষ্ঠিত সংবাদমেলত APDCLৰ লখিমপুৰৰ উপ মহাপ্ৰৱন্ধক কমল হাচানে কয় যে কেন্দ্ৰীয় চৰকাৰৰ আঁচনি মৰ্মে সমগ্ৰ দেশতে স্মাৰ্ট মিটাৰ সংযোগ চলি আছে। ২০২৬ চনৰ ভিতৰত দেশত প্ৰায় ২৫ কোটি স্মাৰ্ট মিটাৰ সংযোগ কৰাৰ পৰিকল্পনা কৰা হৈছে।সেইমৰ্মে অসমতো স্মাৰ্ট মিটাৰ সংযোগ চলি থকাৰ সমান্তৰাল ভাবে…

লখিমপুৰত উচ্চতৰ মাধ্যমিকত ক’লা শাখাত ৮৫ শতাংশ, বিজ্ঞান শাখা- ৮৬.২২ শতাংশ আৰু বাণিজ্য শাখাত- ৮৮.৬৫ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ

শতাব্দ ষ্টাফ ৰিপ’টাৰ, লখিমপুৰ, ৬ জুনঃ আজি ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত লখিমপুৰ জিলাত ক’লা শাখাত ৮৫.৬৬ শতাংশ, বিজ্ঞান শাখাত- ৮৬.২২ শতাংশ আৰু বাণিজ্য শাখাত ৮৮.৬৫ শতাংশ উত্তীৰ্ণ হয়৷ ঘোষিত ফলাফলত কলা শাখাত পৰীক্ষাত অৱতীৰ্ণ হোৱা ১০৭৪৬ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে ৯২২৬ গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হয়৷ ইয়াৰে প্ৰথম বিভাগত ১৪৯৩ গৰাকী, দ্বিতীয়া বিভাগত ৩৪৬৩ গৰাকী আৰু তৃতীয় বিভাগত ৪২৭২ গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হয়৷ সেইদৰে বিজ্ঞান শাখাত পৰীক্ষাত অৱতীৰ্ণ হয় ১৯৬০ গৰাকী, ইয়াৰে প্ৰথম বিভাগত ৭১৯ গৰাকী, দ্বিতীয় বিভাগত ৭৬৩ গৰাকী আৰু…

বাণিজ্যৰ সপ্তম স্থানত তিনিচুকীয়াৰ স্মৃতি : সপোন চি এ হোৱাৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৬ জুন : তিনিচুকীয়াৰ  ৱিমেনজ্ কলেজে পূৰ্বৰ দৰে এইবাৰো উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুনাম অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে ৷ আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল অনুসৰি ৱিমেনজ্ কলেজৰ ছাত্ৰী স্মৃতি ঠাকুৰে বাণিজ্য শাখাত ৰাজ্যৰ ভিতৰত সপ্তম স্থান অধিকাৰ কৰি তিনিচুকীয়ালৈ গৌৰৱ কঢ়িয়াই আনিছে৷ তিনিচুকীয়াৰ বালুগাডা অঞ্চলৰ ৰাজেশ ঠাকুৰ আৰু কিৰণ ঠাকুৰৰ কন্যা স্মৃতি ঠাকুৰে চহৰখনৰ মাকুম পথৰ ভাৰতীয় খাদ্য নিগমৰ (এফ চি আই) গুদামৰ কাষৰীয়া ককাক, আইতাক ক্ৰমে ৰামআজ্ঞা শৰ্মা আৰু অনিতা দেৱী শৰ্মাৰ…

দুবছৰে মোবাইল হাতেৰে স্পৰ্শ নকৰা সত্যজিৎ বিজ্ঞানৰ চতুৰ্থ স্থানত

যোৱা দুটা বছৰে এক মুহূৰ্তৰ বাবেও মোবাইল ফোন হাতত লোৱা নাছিল ছাত্ৰজনে, আৰু আজি সেইজন ছাত্ৰই বৃহত্তৰ সোৱণশিৰিৰ অঞ্চলৰে নহয়, সমগ্ৰ লখিমপুৰ জিলাৰ নাম উজলাই আজি ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত চতুৰ্থ স্থান লাভ কৰে। শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৬ জুনঃ যোৱা দুটা বছৰে এক মুহূৰ্তৰ বাবেও মোবাইল ফোন হাতত লোৱা নাছিল ছাত্ৰজনে, আৰু আজি সেইজন ছাত্ৰই বৃহত্তৰ সোৱণশিৰিৰ অঞ্চলৰে নহয়, সমগ্ৰ লখিমপুৰ জিলাৰ নাম উজলাই আজি ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত চতুৰ্থ স্থান লাভ কৰে। মেধাৱী ছাত্ৰজনৰ নাম সত্যজিৎ…

ঐক্যমতত কংগ্ৰেছ,ৰাইজৰ দল আৰু অজাপ

 এ আই ইউ ডি এফক স্বীকাৰ নকৰে বিৰোধী ১১টা দলে শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৫জুনঃ ৰাজ্যত অহা ২০২৪ ত অনুষ্ঠিত হ’বলগীয়া লোক সভা নিৰ্বাচনত বিজেপি আৰু বিজেপিৰ সহযোগী দলৰ বিৰুদ্ধে এ আই ইউ ডি এফৰ বাহিৰে সকলো বিৰোধী দলেই ঐক্যবদ্ধ ভাবে যুঁজ দিব৷ আজি তেজপুৰৰ হোটেল গ্ৰীণউদত অসম প্ৰদেশ কংগ্ৰেছৰে আলোচনাত মিলিত হোৱা ৰাইজৰ দল আৰু অজাপৰ দুই নেতা অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰাৰ লগতে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰায়ো মুঠ ১১টা বিৰোধী ৰাজনৈতিক দলেই এ আই ইউ ডি এফৰে মিত্ৰতা বিচৰা নাই বুলি কয়৷ আজি বিয়লি চাৰি…

উত্তৰ লখিমপুৰৰ ভিন্ন স্থানত বিশ্ব পৰিৱেশ দিৱস উদযাপন

নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত  উত্তৰ লখিমপুৰ,৫ জুনঃ ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনস্থ উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত জিলা ক্ৰীড়া কাৰ্যালয় আৰু সংস্কাৰ ৰুৰেল ছচিঅ' ইকনমিক ডেভেলপমেণ্ট ছছাইটিৰ সহযোগত আজি চুতীয়াকাৰীস্থিত উত্তৰ লখিমপুৰ বিজ্ঞান তাৰকাগৃহৰ প্ৰাঙ্গনত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় ।উক্ত অনুষ্ঠানৰ সৈতে সংগতি ৰাখি তাৰকাগৃহৰ চাৰিওকাষে প্ৰায় অৰ্ধ শতাধিক গছপুলি ৰোপণ কৰাৰ লগতে গণেশ মন্দিৰৰ সমীপৰ পৰা চুতীয়াকাৰীস্থিত বিজ্ঞান কেন্দ্ৰ পৰ্যন্ত এটি চাইকেল ৰেলী বাহিৰ কৰা হয় ।আজি অনুষ্ঠিত উক্ত…

বিহগুৰিত প্ৰথমবাৰ মহিলাৰ দ্বাৰা অনুষ্ঠিত হয় মঞ্চ ভাওনা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৫জুনঃ বিহগুৰিৰ মৈলা গাঁৱত পোন প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হয় মহিলাৰ মঞ্চ ভাওনা। গুৰুজনাৰ অমৰ সৃষ্টি "ৰুক্মিণী হৰণ" নাটখনত গাওঁখনৰ মহিলাসকলে কৰা অভিনয়ে দৰ্শক সকলক আপ্লুত কৰে। উল্লেখ্য যে, মৈলা গাঁৱৰ ৰাইজে যোৱা ৩ আৰু ৪ জুনত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰে বাৰ্ষিক নাম আৰু পানীতোলা সবাহ। এই ধৰ্মীয় কাৰ্যসূচীৰ লগত সংগতি ৰাখি মৈলা গাওঁ উন্নয়ন সমিতিৰ উদ্যোগত দুয়োটা নিশা দুখন ভাওনা মঞ্চস্থ কৰে। দ্বিতীয় নিশা গুৰুজনাৰ অমৰ সৃষ্টি "ৰুক্মিণী হৰণ" নাটখনৰ কাহিনীৰ আধাৰত আধুনিক নাট্যৰূপ মঞ্চ ভাওনা খন…

লখিমপুৰৰ পানীগাঁও চাৰিআলিত বাটৰ নাট সেউজী ধৰণী

উত্তৰ লখিমপুৰ, ৫ জুনঃ পানীগাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইক' ক্লাবৰ সৌজন্যত পৰিবেশৰ প্ৰতি ভাবুকি হৈ পৰা এবাৰ ব্যৱহাৰ কৰিব পৰা প্লাষ্টিকৰ ওপৰত এখন বাটৰ নাট পৰিবেশ দিৱসৰ দিনা পৰিবেশন কৰা হয়। বিদ্যালয়ৰ বিজ্ঞান শিক্ষক ভৃগু প্ৰসাদ শৰ্মাই ৰচনা আৰু পৰিচালনা কৰা নাট খনত অভিনয় কৰে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী ক্ৰমে প্ৰহ্লাদ মেধি, ধ্ৰুৱজ্যোতি পাঠক, বিতু দত্ত, ভৃগু কুমাৰ হাজৰিকা, বিমান জ্যোতি দাস, প্ৰাপ্তি বৰা, বনশ্ৰী দাস, কিৰণমনি দাস, কংকনা দেৱী, জোৎস্না বৰা, বৰষা দাস, ৰুমি গুৱালাই। বাটৰ নাট পৰিবেশনৰ লগতে ৰাইজক উদ্দেশ্যি পৰিবেশৰ বাবে…