Browsing Category

অসম

লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ত চাৰিবছৰীয়া স্নাতক পাঠ্যক্ৰম বিষয়ক কৰ্মশালা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ৭ জুনঃ লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ৰ G.K মেমৰিয়েল সভাকক্ষত আজি নতুন শিক্ষানীতিৰ অধীনত কাৰ্যকৰী হ’বলগীয়া চাৰিবছৰীয়া স্নাতক পাঠ্যক্ৰম (FYUGP) সন্দৰ্ভত এক কৰ্মশালা অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ NEP Task Force ৰ সহযোগত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে আয়োজন কৰা এই এদিনীয়া কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থাকি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ প্ৰাধ্যাপক প্ৰফেচাৰ সুৰজিত বৰকটকী আৰু বুৰঞ্জী বিভাগৰ অধ্যাপক ড° চন্দন কুমাৰ শৰ্মাই নতুন শিক্ষানীতিৰ অধীনত হ’বলগীয়া সংস্কাৰসমূহৰ লগতে চাৰিবছৰীয়া স্নাতক পাঠ্যক্ৰমৰ…

তিনিচুকীয়াৰ দুই মেধাৱী ছাত্ৰীক প্ৰশাসনৰ সম্বৰ্ধনা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৭ জুন : মঙ্গলবাৰে ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল অনুসৰি বাণিজ্য শাখাত ৰাজ্যৰ ভিতৰত সপ্তম আৰু অষ্টম স্থান লাভ কৰিবলৈ সক্ষম হোৱা তিনিচুকীয়া জিলাৰ দুগৰাকী মেধাৱী ছাত্ৰী ক্ৰমে স্মৃতি ঠাকুৰ আৰু ঋষিতা শৰ্মাক আজি তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ উল্লেখ্য যে স্মৃতি ঠাকুৰে তিনিচুকীয়াৰ ৱিমেনজ্ কলেজৰ পৰা আৰু ঋষিতা শৰ্মাই ডিব্ৰুগড়ৰ ছল্টব্ৰুক একাডেমিৰ পৰা বাণিজ্য শাখাত সপ্তম আৰু অষ্টম স্থান লাভ কৰিছিল । জিলা উন্নয়ন আয়ুক্ত…

লখিমপুৰত আৰ্থিক দীনতাক নেওচি উজ্বলিল কৰিশ্মা-নিহা

উত্তৰ লখিমপুৰ, ৭ জুনঃ আৰ্থিক দীনতা যে সফলতাৰ হেঙাৰ হ'ব নোৱাৰে সেই কথা এইবাৰ প্ৰমাণ কৰি দেখুৱালে লখিমপুৰ জিলাৰ লীলাবাৰীৰ কৰিশ্মা কলিতা আৰু নিহা গোঁহায়ে। কালি ঘোষিত ২০২৩ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলত লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ পৰা কলা শাখাত অৱতীৰ্ণ হৈ কৰিশ্মা কলিতাই ৮১% নম্বৰ আৰু ব্ৰিলিয়েণ্ট একাডেমীৰ পৰা অৱতীৰ্ণ হৈ নিহা গোহাঁয়ে ৮০% নম্বৰ লাভ কৰি তেওঁলোকৰ পৰিয়ালৰ লগতে লীলাবাৰীৰ চান্দমাৰী গাঁৱলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয়। লীলাবাৰীৰ চান্দমাৰী গাঁৱৰ নিবাসী বাবুল কলিতা আৰু বিজু কলিতাৰ কন্যা কৰিশ্মা কলিতাই ৪ টা…

শিক্ষকৰ আন্দোলন মষিমূৰ কৰিবলৈ অধ্যক্ষই নিকৃষ্ট পন্থা লোৱাৰ অভিযোগ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৭ জুনঃ নাৰী নিৰ্যাতনৰ দৰে ঘটনাত সাঙুৰ খাই পৰা বিহপুৰীয়া মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে শিক্ষক গোটে দীৰ্ঘদিন শান্তিপূৰ্ণভাবে আন্দোলন চলাই অহাৰ পিছত শিক্ষকৰ আন্দোলন চলে বলে কৌশলে মষিমূৰ কৰিবলৈ অধ্যক্ষই কৰা ষড়যন্ত্ৰৰ আজি বহিঃপ্ৰকাশ ঘটে। আজি পুৱাৰ ভাগতে বিহপুৰীয়া মহাবিদ্যালয়ত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ পুৱা ৯ বজাত মহাবিদ্যালয়ৰ অধ্যাপকসকল মহাবিদ্যালয়লৈ অহাৰ সময়তে ছাত্ৰ একতা সভাৰ সম্পাদক আৰু কেইজনমান সহযোগীয়ে মিলি অধ্যাপকসকলক মহাবিদ্যালয়ত প্ৰৱেশ কৰাত বাধা আৰোপ কৰে ৷ উক্ত সম্পাদকজনে কালি ৬ জুন তাৰিখে…

ছন পৰিব নেকি শোণিতপুৰৰ পথাৰ

 শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৭ জুন : উন্নয়নৰ ঢাকঢোল বজালেও এতিয়া উপযুক্ত জলসিঞ্চন ব্যৱস্থাৰ অভাৱত শোণিতপুৰৰ সৰ্বত্ৰ পথাৰত চিৰাল ফাট মেলিছে৷ উল্লেখযোগ্য যে জেঠ মাহৰ আধা যোৱাৰ সময়ত কৃষকে পথাৰত হাল বাব পৰা নাই আৰু দ পথাৰত কৰা বৰো ধানো বিভিন্ন স্হানত ক্ষতি হোৱা বুলি প্ৰকাশ কৰিছে কৃষকে৷ খৰাঙৰ দৰে ভয়ংকৰ অৱস্থাৰ উদ্ভৱ হোৱা জিলাখনৰ বহু কৃষিভূমি ইতিমধ্যেই নিঃশেষ হোৱাৰ বিপৰীতে অৱশিষ্ট কৃষি ভূমিৰ জলহীন অৱস্থাই ৰাজ্যৰ কৃষিক্ষেত্ৰত জলসিঞ্চন ব্যৱস্থা প্ৰকৃততে কিমান ফলপ্ৰসূ হৈছে সেই কথাকেই প্ৰতিপন্ন কৰিছে৷ উল্লেখযোগ্য যে, শোণিতপুৰত…

নতুন নিযুক্তিৰ তালিকা প্ৰকাশত লক্ষীমপুৰ জিলা হাইস্কুল অতিৰিক্ত (ঠিকাভিত্তিক) শিক্ষক সন্থাৰ ক্ষোভ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৭জুনঃ ২০১০ চনত নিযুক্ত হাইস্কুল ঠিকাভিত্তিক শিক্ষক সকলক চৰকাৰে আজিলৈকে চাকৰি নিয়মীয়া নকৰি নতুনকৈ ৰাজ্যত শিক্ষক নিযুক্তি দিয়াত ব্য়াপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে উচ্চ ন্যায়ালয়ে অসমৰ ৫৯২৪ জন হাইস্কুল ঠিকাভিত্তিক শিক্ষকৰ বাবে পদ সংৰক্ষণ কৰিব লৈ নিৰ্দেশ দিছিল আৰু নিযুক্তি প্ৰক্ৰিয়া চলাব পাৰিব বুলিও উল্লেখ কৰিছিল। সেই অচিলা লৈয়ে চৰকাৰে ঠিকাভিত্তিক শিক্ষকসকলক আওকাণ কৰি নতুন নিযুক্তি দিয়াত এতিয়া ঠিকাভিত্তিক শিক্ষকসকল চৰম অনিশ্চয়তাত ভূগিছে। চৰকাৰে ২০২০ চনৰ জুলাই মাহৰ পৰা ঠিকাভিত্তিক শিক্ষকৰ দৰমহা…

ভেজাল খাদ্যৰে মানুহক ৰোগীয়া কৰাটো হত্যাৰ সমানেই পাপঃ স্বাস্থ্যমন্ত্ৰী

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৭ জুন : বজাৰত ভেজাল খাদ্য সামগ্ৰীৰ পয়োভৰে জনস্বাস্থ্যৰ প্ৰতি নমাই অনা গুৰুতৰ ভাবুকিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। গুৱাহাটীৰ বামুনীমৈদামস্থিত ৰাজ্যিক জনস্বাস্থ্য গৱেষণাগাৰত আজি আয়োজিত বিশ্ব খাদ্য দিৱসৰ ৰাজ্যিক অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে কয়, 'ভেজাল খাদ্যৰ বাবে আমাৰ জনসাধাৰণ বিভিন্ন গুৰুতৰ ৰোগত আক্ৰান্ত হ'বলৈ লৈছে। ক্ষতিকাৰক ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰা ফল-মূল, খেতিত কীটানুনাশক-ৰাসায়নিক সাৰ প্ৰয়োগেৰে উৎপাদন কৰা শাক-পাচলি,…

স্মাৰ্ট মিটাৰ নিৰাপদ- APDCL

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৭ জুনঃ উৎকট গৰমে জনজীৱন বিপৰ্যস্ত কৰি তোলাৰ সমান্তৰাল ভাবে বিদ্যুৎ নাটনি, লুকাভাকু আৰু পৰ্যাপ্ত ভল্টেজ নথকা ঘটনাই ৰাইজক জ্বলাকলা খুওৱাৰ সময়তে আজি লখিমপুৰত APDCLএ এক সংবাদমেল অনুষ্ঠিত কৰে। মূলতঃ স্মাৰ্ট মিটাৰ সংযোগ বিষয়ত অনুষ্ঠিত সংবাদমেলত APDCLৰ লখিমপুৰৰ উপ মহাপ্ৰৱন্ধক কমল হাচানে কয় যে কেন্দ্ৰীয় চৰকাৰৰ আঁচনি মৰ্মে সমগ্ৰ দেশতে স্মাৰ্ট মিটাৰ সংযোগ চলি আছে। ২০২৬ চনৰ ভিতৰত দেশত প্ৰায় ২৫ কোটি স্মাৰ্ট মিটাৰ সংযোগ কৰাৰ পৰিকল্পনা কৰা হৈছে।সেইমৰ্মে অসমতো স্মাৰ্ট মিটাৰ সংযোগ চলি থকাৰ সমান্তৰাল ভাবে…

লখিমপুৰত উচ্চতৰ মাধ্যমিকত ক’লা শাখাত ৮৫ শতাংশ, বিজ্ঞান শাখা- ৮৬.২২ শতাংশ আৰু বাণিজ্য শাখাত- ৮৮.৬৫ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ

শতাব্দ ষ্টাফ ৰিপ’টাৰ, লখিমপুৰ, ৬ জুনঃ আজি ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত লখিমপুৰ জিলাত ক’লা শাখাত ৮৫.৬৬ শতাংশ, বিজ্ঞান শাখাত- ৮৬.২২ শতাংশ আৰু বাণিজ্য শাখাত ৮৮.৬৫ শতাংশ উত্তীৰ্ণ হয়৷ ঘোষিত ফলাফলত কলা শাখাত পৰীক্ষাত অৱতীৰ্ণ হোৱা ১০৭৪৬ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে ৯২২৬ গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হয়৷ ইয়াৰে প্ৰথম বিভাগত ১৪৯৩ গৰাকী, দ্বিতীয়া বিভাগত ৩৪৬৩ গৰাকী আৰু তৃতীয় বিভাগত ৪২৭২ গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হয়৷ সেইদৰে বিজ্ঞান শাখাত পৰীক্ষাত অৱতীৰ্ণ হয় ১৯৬০ গৰাকী, ইয়াৰে প্ৰথম বিভাগত ৭১৯ গৰাকী, দ্বিতীয় বিভাগত ৭৬৩ গৰাকী আৰু…

বাণিজ্যৰ সপ্তম স্থানত তিনিচুকীয়াৰ স্মৃতি : সপোন চি এ হোৱাৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৬ জুন : তিনিচুকীয়াৰ  ৱিমেনজ্ কলেজে পূৰ্বৰ দৰে এইবাৰো উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুনাম অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে ৷ আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল অনুসৰি ৱিমেনজ্ কলেজৰ ছাত্ৰী স্মৃতি ঠাকুৰে বাণিজ্য শাখাত ৰাজ্যৰ ভিতৰত সপ্তম স্থান অধিকাৰ কৰি তিনিচুকীয়ালৈ গৌৰৱ কঢ়িয়াই আনিছে৷ তিনিচুকীয়াৰ বালুগাডা অঞ্চলৰ ৰাজেশ ঠাকুৰ আৰু কিৰণ ঠাকুৰৰ কন্যা স্মৃতি ঠাকুৰে চহৰখনৰ মাকুম পথৰ ভাৰতীয় খাদ্য নিগমৰ (এফ চি আই) গুদামৰ কাষৰীয়া ককাক, আইতাক ক্ৰমে ৰামআজ্ঞা শৰ্মা আৰু অনিতা দেৱী শৰ্মাৰ…