Browsing Category

অসম

ৰাজ্যখনৰ তৃতীয়খন মহাবিদ্যালয় হিচাপে দৰংমহাবিদ্যালয়ত অসামৰিক সেৱাৰ পৰীক্ষাৰ অধ্যয়ন কেন্দ্ৰ মুকলি

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১০ জুনঃ ৰাজ্যখনৰ তৃতীয়খন মহাবিদ্যালয় হিচাপে আজি তেজপুৰৰ উত্তৰ পাৰৰ অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান দৰংমহাবিদ্যালয়ত অসম চৰকাৰৰ ৰাজ্যিক উদ্ভাৱনা আৰু ৰূপান্তৰ আয়োগৰ উদ্যোগত অসামৰিক সেৱাৰ এটা অধ্যায়ন কেন্দ্ৰ আনুষ্ঠানিক ভাৱে ফিতা কাটি শুভাৰম্ভ কৰে “ৰাজ্যিক উদ্ভাৱনা আৰু ৰূপান্তৰ আয়োগ“ ৰ উপাধ্যক্ষ ধ্ৰুৱপ্ৰসাদ বৈশ্যই৷ দৰংমহাবিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ অন্তৰ্ৱৰ্তীকালীন সভাপতি খগেশ্বৰ বৰকাকতী, অধ্যক্ষ ড০ পলাশমণি শইকীয়া, উপাধ্যক্ষ ক্ষীৰেন্দ্ৰ নহালৈকে, এলুমনাই সন্থাৰ সাধাৰণ সম্পাদক ড০ মনোজ কুমাৰ হাজৰিকা,…

তেজপুৰৰ পুনিয়নিত ভূমিকেন্দ্ৰীক বিবাদঃ আৰক্ষী চকীত ধৰ্ণা

শতাব্দ প্ৰতিনিধি‍, তেজপুৰ, ১০ জুনঃ তেজপুৰৰ শালনিবাৰী আৰক্ষী চকীৰ অন্তৰ্গত পুনিয়নিত ইতিপূৰ্বে সংঘটিত এক ভূমিকেন্দ্ৰীক সংঘাতৰ পৰিণতিত উদ্ভৱ হোৱা উত্তপ্ত পৰিস্থিতিৰ আজিও সামকটা নাই৷ সংঘটিত ঘটনাত ভুক্তভোগী পৰিয়ালে দাখিল কৰা এজাহাৰৰ বিপৰীতে অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰাত আজি বিষয়টোকলৈ শালনিবাৰী আৰক্ষী চকীৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে একাংশ ক্ষুব্ধ লোকে৷ যোৱা তিনি জুনত সংঘটিত ভূমি কেন্দ্ৰিক বিবাদৰ পৰিণতিত জাঙুৰ খাই উঠিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ তেজপুৰ আঞ্চলিক সমিতিও ক্ষুব্ধ হৈ উঠিছে৷ উল্লেখ্য যে,…

লখিমপুৰ জিলা কাৰাগাৰৰ সমীপত বিশুদ্ধ শীতল পানীৰ প্ৰকল্প মুকলি কৰিলে আৰক্ষী অধীক্ষক বিষয়া আনন্দ মিশ্ৰই

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ৯ জুনঃ মাৰোৱাৰী যুৱ মঞ্চৰ অমৃতধাৰা সেৱা মহোৎসৱৰ সৈতে সংগতি ৰাখি মাৰোৱাৰী যুৱ মঞ্চৰ উত্তৰ লখিমপুৰ শাখাৰ উদ্যোগত লখিমপুৰ জিলা কাৰাগাৰৰ সমীপত বিশুদ্ধ শীতল খোৱাপানীৰ এটি প্ৰকল্প আজি মুকলি কৰা হয়। উত্তৰ লখিমপুৰ জিলা কাৰাগাৰৰ কাষতে স্থাপন কৰা এই শীতল পানীৰ প্ৰকল্পটোৰ পৰা বাটৰুৱা তথা সমীপৱৰ্তী লোকসকলে বিনামূলীয়াকৈ বিশুদ্ধ শীতল খোৱাপানী সেৱন কৰিব পাৰিব। মাৰোৱাৰী যুৱ মঞ্চৰ অমৃতধাৰা আঁচনিৰ অধীনত উত্তৰ লখিমপুৰ শাখাৰ তত্বাৱধানত বিশুদ্ধ শীতল খোৱাপানীৰ প্ৰকল্পটো আজি উদ্বোধন কৰে লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক…

তেজপুৰৰ শিশু জাইনাৰ সফলতা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,৭জুনঃ ৰঙাপৰাৰ কমলা ভৱনত  উত্তৰ পূৰ্বাঞ্চলৰ ভিত্তিত অনুষ্ঠিত হৈ যোৱা বিএছ ইভেন্ট প্ৰডাকচনৰ দ্বিতীয় বাৰ্ষিক ফয়েনিক্স উত্তৰ পূৱ ফেষ্টিভেলৰ মডেলিং প্ৰতিযোগিতাৰ শিশুৰ ক শাখাত তেজপুৰৰ জাইনা শিৱমে প্ৰথম স্হান অৰ্জন কৰিবলৈ সক্ষম হয়৷ তেজপুৰৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক অৰ্ণৱ নাথ আৰু সাগৰিকা বৰাৰ কন্যা তথা তেজপুৰ ডনবস্ক’ বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰী জাইনাই ইতিমধ্যে নৃত্য গীতৰেও ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ উল্লেখযোগ্য যে চাৰি জুনত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ এই শাখাত মুঠ ১৬টি শিশুৱে অংশ লৈছিল৷

মূল্যবৃদ্ধিকে ধৰি বিভিন্ন দাবীত ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত চিপিএমৰ বিক্ষোভ

শতাব্দ তালাপৰ প্ৰতিবেদক ৭জুনঃ কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰে অত্যাবশ্যকীয় সামগ্ৰী, পেট্ৰল-ডিজেল, ৰন্ধন গেছ, জীৱনদায়িনী ঔষধকে ধৰি সকলো সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধৰ ব্যৱস্থা কৰক চাৰি দৈনিক মূল্যবৃদ্ধি হব ধৰিছে ৷ ৰাজ্যখনত দেখা দিয়া ভয়াৱহ কৰ্মসংস্থাপনহীনতাক গাপ দিবৰ বাবে চৰকাৰী ধনৰ অপচয় কৰি নিয়োগ মেলা পাতিছে ৷ চককাৰে সমস্যা সমাধানত কোনো লেখতলবলগীয়া পদক্ষেপ গ্ৰহণ নকৰাত ক্ষোভিত হৈ আজি ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ (মাক্সবাদী ) ডুমডুমা আঞ্চলিক সমিতিয়ে ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যলয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰি ৰাজহ চক্ৰ বিষয়াৰ যোগেৰে…

লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ত চাৰিবছৰীয়া স্নাতক পাঠ্যক্ৰম বিষয়ক কৰ্মশালা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ৭ জুনঃ লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ৰ G.K মেমৰিয়েল সভাকক্ষত আজি নতুন শিক্ষানীতিৰ অধীনত কাৰ্যকৰী হ’বলগীয়া চাৰিবছৰীয়া স্নাতক পাঠ্যক্ৰম (FYUGP) সন্দৰ্ভত এক কৰ্মশালা অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ NEP Task Force ৰ সহযোগত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে আয়োজন কৰা এই এদিনীয়া কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থাকি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ প্ৰাধ্যাপক প্ৰফেচাৰ সুৰজিত বৰকটকী আৰু বুৰঞ্জী বিভাগৰ অধ্যাপক ড° চন্দন কুমাৰ শৰ্মাই নতুন শিক্ষানীতিৰ অধীনত হ’বলগীয়া সংস্কাৰসমূহৰ লগতে চাৰিবছৰীয়া স্নাতক পাঠ্যক্ৰমৰ…

তিনিচুকীয়াৰ দুই মেধাৱী ছাত্ৰীক প্ৰশাসনৰ সম্বৰ্ধনা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৭ জুন : মঙ্গলবাৰে ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল অনুসৰি বাণিজ্য শাখাত ৰাজ্যৰ ভিতৰত সপ্তম আৰু অষ্টম স্থান লাভ কৰিবলৈ সক্ষম হোৱা তিনিচুকীয়া জিলাৰ দুগৰাকী মেধাৱী ছাত্ৰী ক্ৰমে স্মৃতি ঠাকুৰ আৰু ঋষিতা শৰ্মাক আজি তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ উল্লেখ্য যে স্মৃতি ঠাকুৰে তিনিচুকীয়াৰ ৱিমেনজ্ কলেজৰ পৰা আৰু ঋষিতা শৰ্মাই ডিব্ৰুগড়ৰ ছল্টব্ৰুক একাডেমিৰ পৰা বাণিজ্য শাখাত সপ্তম আৰু অষ্টম স্থান লাভ কৰিছিল । জিলা উন্নয়ন আয়ুক্ত…

লখিমপুৰত আৰ্থিক দীনতাক নেওচি উজ্বলিল কৰিশ্মা-নিহা

উত্তৰ লখিমপুৰ, ৭ জুনঃ আৰ্থিক দীনতা যে সফলতাৰ হেঙাৰ হ'ব নোৱাৰে সেই কথা এইবাৰ প্ৰমাণ কৰি দেখুৱালে লখিমপুৰ জিলাৰ লীলাবাৰীৰ কৰিশ্মা কলিতা আৰু নিহা গোঁহায়ে। কালি ঘোষিত ২০২৩ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলত লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ পৰা কলা শাখাত অৱতীৰ্ণ হৈ কৰিশ্মা কলিতাই ৮১% নম্বৰ আৰু ব্ৰিলিয়েণ্ট একাডেমীৰ পৰা অৱতীৰ্ণ হৈ নিহা গোহাঁয়ে ৮০% নম্বৰ লাভ কৰি তেওঁলোকৰ পৰিয়ালৰ লগতে লীলাবাৰীৰ চান্দমাৰী গাঁৱলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয়। লীলাবাৰীৰ চান্দমাৰী গাঁৱৰ নিবাসী বাবুল কলিতা আৰু বিজু কলিতাৰ কন্যা কৰিশ্মা কলিতাই ৪ টা…

শিক্ষকৰ আন্দোলন মষিমূৰ কৰিবলৈ অধ্যক্ষই নিকৃষ্ট পন্থা লোৱাৰ অভিযোগ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৭ জুনঃ নাৰী নিৰ্যাতনৰ দৰে ঘটনাত সাঙুৰ খাই পৰা বিহপুৰীয়া মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে শিক্ষক গোটে দীৰ্ঘদিন শান্তিপূৰ্ণভাবে আন্দোলন চলাই অহাৰ পিছত শিক্ষকৰ আন্দোলন চলে বলে কৌশলে মষিমূৰ কৰিবলৈ অধ্যক্ষই কৰা ষড়যন্ত্ৰৰ আজি বহিঃপ্ৰকাশ ঘটে। আজি পুৱাৰ ভাগতে বিহপুৰীয়া মহাবিদ্যালয়ত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ পুৱা ৯ বজাত মহাবিদ্যালয়ৰ অধ্যাপকসকল মহাবিদ্যালয়লৈ অহাৰ সময়তে ছাত্ৰ একতা সভাৰ সম্পাদক আৰু কেইজনমান সহযোগীয়ে মিলি অধ্যাপকসকলক মহাবিদ্যালয়ত প্ৰৱেশ কৰাত বাধা আৰোপ কৰে ৷ উক্ত সম্পাদকজনে কালি ৬ জুন তাৰিখে…

ছন পৰিব নেকি শোণিতপুৰৰ পথাৰ

 শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৭ জুন : উন্নয়নৰ ঢাকঢোল বজালেও এতিয়া উপযুক্ত জলসিঞ্চন ব্যৱস্থাৰ অভাৱত শোণিতপুৰৰ সৰ্বত্ৰ পথাৰত চিৰাল ফাট মেলিছে৷ উল্লেখযোগ্য যে জেঠ মাহৰ আধা যোৱাৰ সময়ত কৃষকে পথাৰত হাল বাব পৰা নাই আৰু দ পথাৰত কৰা বৰো ধানো বিভিন্ন স্হানত ক্ষতি হোৱা বুলি প্ৰকাশ কৰিছে কৃষকে৷ খৰাঙৰ দৰে ভয়ংকৰ অৱস্থাৰ উদ্ভৱ হোৱা জিলাখনৰ বহু কৃষিভূমি ইতিমধ্যেই নিঃশেষ হোৱাৰ বিপৰীতে অৱশিষ্ট কৃষি ভূমিৰ জলহীন অৱস্থাই ৰাজ্যৰ কৃষিক্ষেত্ৰত জলসিঞ্চন ব্যৱস্থা প্ৰকৃততে কিমান ফলপ্ৰসূ হৈছে সেই কথাকেই প্ৰতিপন্ন কৰিছে৷ উল্লেখযোগ্য যে, শোণিতপুৰত…