Browsing Category

অসম

ধেমাজিত জি-২০, ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ আৰু নিপুণ অসমৰ পটভূমিত জিলা পৰ্যায়ৰ এদিনীয়া কৰ্মশালা

ধেমাজি, ১২ জুনঃ ধেমাজি জিলা শিক্ষা বিভাগ আৰু সমগ্ৰ শিক্ষা ধেমাজিৰ উদ্যোগত জি-২০, ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ আৰু নিপুণ অসম (FLN) ৰ পটভূমিত আজি ধেমাজি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এদিনীয়া কাৰ্যসূচীৰে জিলা পৰ্যায়ৰ এখন কৰ্মশালা অনুষ্ঠিত হৈ যায় । পুৱা ৯-১৫ বজাত জিলা তথা খণ্ড পৰ্যায়ৰ বিষয়াসকল, শিক্ষক, ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু আমন্ত্ৰিত বিশিষ্ট অতিথিসকলৰ উপস্থিতিত জি-২০, ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ আৰু নিপুণ অসম (FLN) ৰ অধীনত ৰূপায়িত হৈ থকা বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা অভিযান সম্পৰ্কে সজাগতা ৰেলী উলিওৱা হয়। কৰ্মশালাখনি ধেমাজি…

আদিবাসী যুৱক যুৱতীৰ বাবে ১৫শতাংশ চৰকাৰী চাকৰি সংৰক্ষণৰ দাবী

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১২জুনঃ ৰাজ্যৰ আদিবাসী যুৱক যুৱতী সকলৰ বাবে ৰাজ্যচৰকাৰৰ নিযুক্তিত ১৫শতাংশ সংৰক্ষণ দাবী কৰিছে অসম জাতীয় পৰিষদে৷তেজপুৰস্হ দলীয় কাৰ্যালয়ত আজি বিয়লি তিনিবজাত অনুষ্ঠিত এক সংবাদমেলত এই দাবী উত্থাপন কৰে দলটোৰ উপসভাপতি অঞ্জন উপাধ্যায়ৰ লগতে দলটোৰ সাংগঠনিক সম্পাদক অজয় তাঁতী,শোণিতপুৰ জিলাৰ সম্পাদক ৰূপজ্যোতি বৰা, দলটোৰ স্হানীয় নেতা অচিত তাঁতী,নৃপেন মহন্ত আৰু কুশল কালন্দীয়ে অংশ লোৱা সংবাদমেলত উপসভাপতি উপাধ্যায়ে কয় যে,আঢ়ৈশ বছৰ ধৰি ৰাজ্যত বাস কৰি অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ হৈ পৰা আদিবাসী সকলে এতিয়াও ৰিফিউজিৰ…

তিনিচুকীয়াত পুনৰ অনাঅসমীয়াৰ আক্ৰমণত ধৰাশায়ী খাটি খোৱা খিলঞ্জীয়া যুৱক

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১২ জুন : তিনিচুকীয়া চহৰত অনাঅসমীয়াৰ দপদপনি এতিয়া আৰু কোনো নতুন কথা হৈ থকা নাই ৷ বিজয়া দশমীৰ দিনা সামান্য অজুহাতত অনাঅসমীয়া গুণ্ডা প্ৰকৃতিৰ লোকে চহৰখনৰ মাজমজিয়াত সহস্ৰাধিক লোকৰ সন্মুখত কৰ্তব্যৰত আৰক্ষী বিষয়াক দুৰ্ব্যৱহাৰৰ কৰাৰ দৰে দুৰ্ভাগ্যজনক ঘটনাও তিনিচুকীয়াত সংঘটিত হৈ গৈছে ৷ কিন্তু ধনৰ বলত বলীয়ান বহিৰাগত বনিয়াই সাধাৰণ কথাতে খাটি খোৱা অসমীয়া যুৱকক প্ৰচণ্ড মাৰপিট কৰি বীৰত্ব জাহিৰ কৰিব বিচৰা কাণ্ডক কেন্দ্ৰ কৰি ইয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ দেওবাৰে সন্ধিয়া তিনিচুকীয়া চহৰত সংঘটিত তেনে…

প্ৰধান শিক্ষক পদ সৃষ্টিৰ দাবীৰ সমৰ্থনত গণ স্বাক্ষৰ অভিযান আৰম্ভ শোণিতপুৰত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১২জুনঃ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে নিখিল বড়ো প্ৰাথমিক শিক্ষক সংস্থা,সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজ আৰু প্ৰাথমিক ষ্টেটপুল শিক্ষক সন্থাৰ সহযোগত ৰাজ্যৰ নিম্ন প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক পদ সৃষ্টিৰ দাবীৰ সমৰ্থনত ৰাজ্যজুৰি চলাই থকা গণ স্বাক্ষৰ অভিযান আজি তেজপুৰত আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হয়। তেজপুৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি জ্যোতি ভট্টাচাৰ্য্য আৰু সম্পাদক অৱনী কুমাৰ বৰাই স্বাক্ষৰ প্ৰদান কৰি গণ স্বাক্ষৰ অভিযানৰ আৰম্ভণি কৰে। তেজপুৰৰ শিক্ষক ভৱনত আৰম্ভ কৰা এই…

দুই পূৰ্ণৰ চাকৰি অপূৰ্ণ হৈ পৰিল

লখিমপুৰত ঘোচখোৰ আৰক্ষীৰ বিৰুদ্ধে কঠোৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ শতাব্দ ষ্টাফ ৰিপ’টাৰ, লখিমপুৰ, ১২ জুনঃ লখিমপুৰৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই এইবাৰ নিজৰ আৰক্ষীৰ বিৰুদ্ধেই কঠোৰ স্থিতি গ্ৰহণ কৰাৰ এক তথ্য পোহৰলৈ আহিছে৷ অভিযোগ লাভ কৰা ৫ ঘণ্টাৰ ভিতৰত নিজৰ বিভাগটোৰে চাৰিজনকৈ আৰক্ষীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা কাৰ্যই ব্যাপক চৰ্চা লাভ কৰিছে৷ আজি জিলাখনৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত এই তথ্য সদৰি কৰে অতিৰিক্ত আৰক্ষী অধীক্ষক মুনিন্দ্ৰ নাথ দেউৰীয়ে৷ স্মৰ্তব্য যে কিছুদিনৰ পূৰ্বে লখিমপুৰৰ নতুন…

বিহপুৰীয়া মহাবিদ্যালয় শিক্ষক গোটৰ আন্দোলনলৈ অসম কলেজ শিক্ষক সংস্থাৰ সৰ্বাত্মক সঁহাৰি 

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১২ জুনঃ লক্ষীমপুৰ জিলাৰ অন্যতম অগ্ৰণী আৰু পুৰণি উচ্চ শিক্ষানুষ্ঠান বিহপুৰীয়া মহাবিদ্যালয়ৰ শিক্ষক গোটে অধ্যক্ষ ড° অমূল্য কুমাৰ হাজৰিকাই দীৰ্ঘদিন ধৰি চলাই অহা গুৰুতৰ বিত্তীয় কেলেংকাৰী, মহিলা সহকৰ্মীৰ প্ৰতি প্ৰদৰ্শন কৰি অহা যৌন নিৰ্যাতন, কৰ্মচাৰী সকলক কৰি অহা অশালীন আচৰণ, মহাবিদ্যালয় আৰু কৰ্মচাৰীসকলৰ গুৰুত্বপূৰ্ণ তথ্য সম্বলিত কম্পিউটাৰ আৰু তথ্য চুৰি আদি ভালেমান অভিযোগৰ লগতে শেহতীয়া ভাবে শিক্ষক গোটৰ বিৰুদ্ধে মহাবিদ্যালয়ত অধ্যয়নৰত আৰু এচাম প্ৰাক্তন ছাত্ৰক আন্দোলন কৰিবলৈ উদগণি যোগোৱাৰ পৰিপ্ৰেক্ষিতত অধ্যক্ষ…

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত অনুষ্ঠিত সোণালী জয়ন্তী বক্তৃতা অনুষ্ঠিত

শতাব্দ প্ৰতিনিধি, লখিমপুৰঃ ১০ জুনঃ লখিমপুৰ মহাবিদ্যালয়ৰ চলি থকা সোণালী জয়ন্তী বক্তৃতা শৃংখলাৰ তৃতীয় বক্তৃতা ৯ জুনত অনুষ্ঠিত হৈ যায়৷ মুম্বাইৰ ডাঃ শচীন পৰাবে নিচাজাতীয় দ্ৰব্য ত্যাগ আৰু মদ্যপানৰ অভ্যাসৰ ওপৰত বক্তৃতা প্ৰদান কৰে৷ ভাৰত চৰকাৰে গ্ৰহণ কৰা নিছা মুক্তি ভাৰত অভিযানৰ অংশ হিচাপে উত্তৰ লখিমপুৰৰ প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰয় বিদ্যালয়ৰ সক্ৰিয় অংশগ্ৰহণেৰে মহাবিদ্যালয়খনৰ নিচাবিৰোধী কোষৰ উদ্যোগত এই বক্তৃতা প্ৰদান কৰা হয়৷ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ লোহিত হাজৰিকাই শুভাৰম্ভ কৰা অনুষ্ঠানৰ বৈঠকৰ উদ্দেশ্য ব্যাখ্যা কৰে…

শতাব্দ প্ৰতিনিধি‍, তেজপুৰ, ১০জুনঃ ৰাজ্যৰ শিক্ষাখণ্ডত অ- প্ৰাদেশিকীকৰণৰ সমস্যাটো বৰ্তমান সময়ত এটা জ্বলন্ত সমস্যা হিচাবে চিহ্নিত হৈছে৷ ৰাজ্যৰ যিমান সংখ্যক ছাত্ৰ-ছাত্ৰী হাইস্কুলত অধ্যয়ন কৰি আছে তাৰে প্ৰায় ৩০ শতাংশ ছাত্ৰ-ছাত্ৰী এই অ-প্ৰাদেশিকৃত বিদ্যালয় সমূহত অধ্যয়ন কৰি আছে৷ এই সমূহ বিদ্যালয় ২০০৬ ৰ পহিলা জানুৱাৰীৰ আগতেই ৰাইজৰ দ্বাৰা প্ৰতিষ্ঠিত হোৱা বিদ্যালয়৷ ২০০৬ ৰ আগৰে পৰাই এই সমূহ বিদ্যালয়ৰ পৰা ছাত্ৰ- ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষা দি আহিছে৷ সেই সময়ত এই বিদ্যালয় থকা অঞ্চল সমূহত হাইস্কুল নথকাৰ বাবে ৰাইজে নিজৰ গাঁঠিৰ ধন…

তেজপুৰৰ পুতুল ৰাভাৰ বিয়োগ

 শতাব্দ প্ৰতিনিধি‍, তেজপুৰ, ১০ জুনঃ এসময়ৰ সংগীত শিল্পী, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা সমাধি “সমন্বয় ক্ষেত্ৰ“ পৰিচালনা সমিতিৰ সম্পাদক, ৰাজনীতিক তথা সমাজকৰ্মী পুতুল ৰাভাৰ আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত পুৱা ৫ - ৫৫ বজাত দেহাৱসান ঘটাত তেজপুৰত গভীৰ শোকৰ ছাঁ পৰিছে৷ ১৯৫৮ চনত জন্মগ্ৰহণ কৰা তেজপুৰৰ কলিবাৰী চুক তল গেৰেকীৰ শতবৰ্ষ অতিক্ৰম কৰা স্বাধীনতা সংগ্ৰামী দেৱ ৰাভাৰ পুত্ৰ পুতুল ৰাভাই নিজৰ ঘৰৰ দৰে জড়িত হৈ থকা সমাধি সমন্বয় ক্ষেত্ৰৰ কামত লাগি থকা অৱস্থাতে যোৱা ২৪ মে’ত উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হোৱাৰ পিছত উক্ত দিনা প্ৰথমে…

তেজপুৰত বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক ঋতুৰাজ সিংহৰ সংবাদমেল

শতাব্দ প্ৰতিনিধি‍, তেজপুৰ, ১০জুনঃ কেন্দ্ৰৰ বিজেপি চৰকাৰৰ নবছৰ কাৰ্যকাল সম্পূৰ্ণ হোৱাত বিগত নবছৰে চৰকাৰৰ কামৰ এক খতিয়ান আজি দাঙিধৰা হয় তেজপুৰত৷ বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক তথা দলটোৰ উত্তৰপূৰ্বাঞ্চলৰ সমন্বয়ক ঋতুৰাজ সিংহই সংবাদমেলত কয় “প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ নবছৰীয়া কাৰ্যকাল হৈছে সেৱা, সুশাসন আৰু দৰিদ্ৰ কল্যাণ৷ দেশত পৰিয়ালতন্ত্ৰৰ সলনি যোৱা নবছৰত দেশ আৰু জনসাধাৰণক সেৱাৰ মনোভাৱৰে চৰকাৰ চলিছে আৰু দুৰ্নীতি মুক্ত ভাবে প্ৰশাসন চলোৱা হৈছে৷ তদুপৰি যোৱা নবছৰত দৰিদ্ৰ লোকৰ কল্যাণৰ বাবে কৈ শেষ কৰিব নোৱৰা কাম কৰা হৈছে৷ ৰাজ্যতো…