Browsing Category
অসম
লখিমপুৰত ভাতৃ হন্তাক যাৱজ্জীৱন কাৰাদণ্ডঃ ২২ বছৰৰ পিছত আদালতৰ ৰায়
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৫ জুনঃ সুদীৰ্ঘ ২২ বছৰৰ পিছত লখিমপুৰৰ আদালতত আজি এজন লোকক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে৷ ২০০১ চনৰ ১৪ আগষ্টত বঙালমৰাৰ নুৰ উদ্দিন ভূঞা নামৰ এজন লোকে বঙালমৰা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে যে- আবুল কালাম ভূঞা নামৰ লোকজনে তেওঁৰে ভাতৃ ৱাৰিছ আলম ভূঞা নামৰ লোকজনক বঙালমৰাৰে তিনঠেঙীয়া চেণ্টাৰত তাইবুৰ ৰহমানৰ দোকানত বহি থকা অৱস্থাত ৱাৰিছ আলম ভূঞাক ভাতৃ আবুল কালাম ভূঞাই চোকা অস্ত্ৰৰে হানি-খুচি হত্যা কৰে৷ বিহপুৰীয়া থানাত ৰুজু হোৱা গোচৰ মৰ্মে লখিমপুৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতত সুদীৰ্ঘ দিন বিচাৰ চলাৰ…
লখিমপুৰৰ বানত চৰকাৰী সাহায্য নাইঃ সোৱণশিৰিত উটি গ’ল যুৱক
নাওবৈচাত ক্ষুব্ধ বন্যাৰ্তই পানীৰ মাজতে আৱদ্ধ কৰিলে ৰাজহ চক্ৰ বিষয়াক
নাওবৈচাত জটিল পৰিস্থিতিত বন্যাৰ্ত
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৫ জুনঃ বছৰৰ প্ৰথমটো বানে লখিমপুৰ জিলাত জটিল পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ জিলাখনৰ বিভিন্ন প্ৰান্তত আজিও ন ন অঞ্চল প্লাবিত হোৱাৰ খবৰ আহি আছে৷ ইফালে বুধবাৰে জিলাখনৰ নাওবৈচা ৰাজহ চক্ৰৰ শ’লমৰীয়াত শিঙৰা নদীয়ে সোঁপাৰৰ মথাউৰিৰ প্ৰায় ১০০ মিটাৰ অংশ ছিঙি নিয়াৰ পিছত সেই অঞ্চলৰ বান পৰিস্থিতিয়ে আজি জটিল ৰূপ ধাৰণ কৰে৷ শিঙৰা নদীয়ে দ’লহাট-বৰছলা সংযোগী গড়কাপ্তানী পথটোৰ প্ৰায় ২ কিলোমিটাৰ অংশৰে পানী বাগৰাৰ…
তেজপুৰ কৰ্কট কেন্দ্ৰই বিশ্বমানৰ ব্রেকিথেৰাপী চিকিৎসা আৰম্ভ কৰিছে
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৪জুনঃ অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ অধীনত অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেছনৰ এটা গোট, জ্যোতি ৰ কৰ্কট কেন্দ্ৰ ২০২২ৰ ২৮ এপ্ৰিলত দেশৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰাৰ পাছত যোৱা এবছৰৰ ভিতৰত এই কেন্দ্ৰই ৪৬৭৫জনক ৰেডিঅ'থেৰাপী কৰে৷ ইয়াৰে ভিতৰত ২১৭জন ৰোগী৷ আজি এইসন্দৰ্ভত এক বিজ্ঞপ্তিত লগতে কোৱা হয় যে,২৫১৮জনক কেন্দ্ৰটোত কেমোথেৰাপী চিকিৎসা সম্পূৰ্ণ কৰা হয় আৰু বহু সংখ্যক চিটি,এমআৰআই স্কেন, মেমোগ্রাফীও সম্পন্ন কৰা হৈছে। শেহতীয়াকৈ,এই কেন্দ্ৰটোত যোবা চাৰিজুনত বিশ্বমানৰ ব্ৰেকিথেৰাপী সেৱা আৰম্ভ কৰিছে৷ এয়া…
তেজপুৰৰ চানমাৰী অঞ্চল সেউজ কৰাৰ সংকল্প প্ৰকৃতিপ্ৰেমী, অধিবক্তা কুমুদ বৰুৱাৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১৩ জুন : সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টাৰে ৰাজ্যজুৰি সেউজ বিপ্লৱৰ সূচনা কৰা বিশ্বনাথ চাৰিআলি নিবাসী অধিবক্তা কুমুদ বৰুৱাই তেজপুৰ চহৰৰ দুয়ো কাষ ইতিমধ্যে সেউজীয়া কৰি তোলাৰ পিছত আজি পুনৰ চানমাৰী হজৰাপাৰ - পাৰ্বতী নগৰ পথৰ দুয়োকাষ সেউজ কৰাৰ পণ লৈ প্ৰতিকুল বতৰকো নেওচি ৰোপণ কৰে ইটোৰ পিছত সিটো মূল্যবান গছপুলি। উল্লেখ্য যে, তেজপুৰৰে আন এগৰাকী প্ৰকৃতিপ্ৰেমী তথা আলোকচিত্ৰ শিল্পী ৰাজীৱ বৰুৱা আৰু পাৰ্বতী নগৰ মহিলা, অধিবক্তা আৰু স্হানীয় শৰীৰ চৰ্চা কেন্দ্ৰৰ সহযোগত প্ৰকৃতিপ্ৰেমী তথা হৰেণ বোথ্ৰা পৰিৱেশ বঁটা…
চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্যালয়ত অজাযুছাপৰ প্ৰতিবাদ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৪ জুন : অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ (অজাযুছাপ) তিনিচুকীয়া জিলা সমিতিয়ে আজি শেহতীয়াভাৱে অসম চৰকাৰে ৰাজ্যৰ অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহত ষষ্ঠ শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী ভাষাত পাঠদান কৰাৰ বাবে গ্ৰহণ কৰা সিদ্ধান্ত বাতিল কৰা আৰু চৰকাৰী প্ৰাথমিক বিদ্যালয়সমূহত স্হায়ী প্ৰধান শিক্ষক নিযুক্তি দিয়া দাবীত উপায়ুক্তৰ কাৰ্যালয় সন্মুখত তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে৷ কাৰ্যসূচীত উপস্থিত থাকি অজাযুছাপৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক সুৰজিৎ মৰাণ,…
বিহপুৰীয়া মহাবিদ্যালয়ত দুই তৰপীয়া তদন্ত আৰম্ভঃ শিক্ষক গোটৰ স্বস্তি
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৪ জুনঃ বিহপুৰীয়া মহাবিদ্যালয়ৰ আভ্যন্তৰীণ সমস্যাৰাজিৰ সমাধানৰ দাবীত শিক্ষক গোটে যোৱা ১১ মে’ৰ পৰা চলাই অহা ধৰ্মঘটৰ পিছত অৱশেষত গা লৰিল চৰকাৰ তথা শিক্ষা বিভাগৰ। শিক্ষক গোটৰ যুক্তিসংগত আন্দোলনক নস্যাৎ কৰিবলৈ বিভিন্ন পক্ষই নানান ষড়যন্ত্ৰ কৰাৰ পিছত অৱশেষত দুটা পৰ্যায়ত তদন্ত আৰম্ভ হৈছে। সেইমৰ্মে জিলা প্ৰশাসন আৰু উচ্চ শিক্ষাধিকৰ্তাই কালিৰে পৰা পৃথকে তদন্ত আৰম্ভ কৰিছে ৷ যোৱা ১৩ জুনত লক্ষীমপুৰ জিলাৰ জিলা উন্নয়ন আয়ুক্তৰ নেতৃত্বত এটা দলে বিহপুৰীয়া মহাবিদ্যালয়ৰ শিক্ষক গোটৰ প্ৰতিনিধি, মহাবিদ্যালয় পৰিচালনা সমিতিৰ…
লখিমপুৰত শিঙৰা নদীয়ে মথাউৰি ভাঙি উটুৱাই নিলে তিনিটাকৈ পকী গৃহ
বহু গাঁও জলমগ্ন
উদ্ধাৰ অভিযান অব্যাহত
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৪ জুনঃ লখিমপুৰ জিলাৰ নাওবৈচা ৰাজহ চক্ৰৰ অন্তৰ্গত শলমৰীয়াত আজি দুপৰীয়া শিঙৰা নদীয়ে মথাউৰি ভাঙি জলপ্ৰলয়ৰ সৃষ্টি কৰে৷ নদীখনৰ বাঢ়নী পানীয়ে সোঁপাৰৰ মথাউৰিটোৰ প্ৰায় ১০০ মিটাৰ অংশ আজি দুপৰীয়া প্ৰায় ডেৰ বজাত ছিঙি নিয়াৰ ফলত ৰাজহ চক্ৰটোৰ ১০-১৫ খন গাঁও ভয়াৱহ বানৰ কবলত পৰিছে৷ উল্লেখ্য যে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লগতে লখিমপুৰ জিলাতো কেবাদিন ধৰি হৈ থকা মূষলধাৰ বৰষুণৰ ফলত আজি শিঙৰা নদীয়ে মথাউৰি ছিঙাত সমগ্ৰ অঞ্চলটোত হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ নদীখনৰ…
“কেৰিয়াৰ হাতপুথি” কিতাপখন উপহাৰ দিয়ক
মাননীয় সম্পাদক মহোদয়,
হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিশেষ কৃতিত্ব অর্জন কৰা শিক্ষার্থীক আনুষ্ঠানিকভাৱে বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠান-সংগঠন তথা ব্যক্তি বিশেষে অভিনন্দন জ্ঞাপন কৰি বিভিন্ন উপহাৰ দিয়ে। কৃতিত্ব অৰ্জন কৰা শিক্ষার্থীক অভিনন্দন জ্ঞাপন তথা উপহাৰ প্ৰদান কৰাটো এটা ভাল কথা। আমি ভাবোঁ নিৰ্বাচিত গ্ৰন্থৰ টোপোলা এটিও উপহাৰ হিচাপে দিলে ভাল হয়, যিবোৰ গ্ৰন্থৰ দ্বাৰা শিক্ষার্থীসকলৰ মানসিক তথা বৌদ্ধিক বিকাশত সহায় হয়, লগতে সামাজিক দ্বায়বদ্ধতাৰ কথাও মনলৈ আহে। এইখিনিতে এটা কথা উল্লেখ কৰিব বিচাৰিছো…
বলিশালত মৃত্যুৰ ক্ষণ গণিছে লখিমপুৰৰ ১৫৩০ জোপা গছে
শতাব্দ ষ্টাফ ৰিপ’টাৰ, লখিমপুৰ, ১২ জুনঃ চৰকাৰে উন্নয়নৰ নামত যধে মধে বন ধবংস কৰিবলৈ বিচৰা কাৰ্যত একাংশ প্ৰকৃতিপ্ৰেমী লোকে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে৷ শেহতীয়াকৈ ভাৰত মালাৰ অধীনত পথ নিৰ্মাণৰ নামত এনেদৰে লখিমপুৰ জিলাত সহস্ৰাধিক পৈনত আৰু অপৈনত গছ কাটিবলৈ লোৱা সিদ্ধান্তই প্ৰকৃতিপ্ৰেমীক মৰ্মাহত কৰি তুলিছে৷ প্ৰাপ্ত তথ্য অনুসৰি কেন্দ্ৰীয় চৰকাৰে ভাৰত মালা আঁচনিৰ অধীনত উত্তৰ লখিমপুৰ নগৰৰ কে বি ৰোডৰ পৰা খাবলু ঘাট পৰ্যন্ত পূৰ্বৰ পথটো বহল আৰু সবলীকৰণৰ বাবে চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে আৰু ইতিমধ্যে বন বিভাগ, ৰাজহ বিভাগ আৰু লোক নিৰ্মাণ…
বহিঃৰাজ্যত নিহত তেজপুৰৰ যুৱক
শতাব্দ ষ্টাফ ৰিপ“ৰ্টাৰ,তেজপুৰ,১২জুনঃ বহিঃৰাজ্যলৈ যোৱা তেজপুৰৰ এজন যুৱকৰ ক্ষতবিক্ষত মৃতদেহ বিহাৰত উদ্ধাৰ হৈছে৷আনহাতে যুৱকজনৰ মৃত্যুৰ বাতৰি আজি লাভ কৰাৰ পাছত অকলশৰীয়া মাতৃয়ে পুত্ৰৰ মৃতদেহ কেনেদৰে ঘৰলৈ আনিব তাকে লৈ অস্হিৰ হৈ পৰিছে৷ উল্লেখযোগ্য যে, তেজপুৰৰ নিকটৱৰ্তী মেকেনৰ চুবুৰীৰ যুৱক প্ৰাণজিৎ নাথে যোৱা শনিবাৰে ৰে’ল যোগে পঞ্জাৱলৈ গৈছিল৷ ইয়াৰ এদিন পিছতে কালি ৰে’লত গৈ থকা অৱস্হাতে যুৱকজনৰ ৰেলৰ পৰা পৰি মৃত্যু ঘটা বুলি আজি তেজপুৰৰ মাকক খবৰ দিয়ে ৰে’ল আৰক্ষীয়ে৷ যুৱকজনৰ পৰিয়ালে প্ৰাণজিতৰ মৃত্যু ৰে’লৰ পৰা পৰি হোৱা বুলি মানি লোৱা নাই…
