Browsing Category

অসম

১৯৯০ চনৰ পৰা বিনা বেতনেৰে চাকৰি কৰা অগ্নিগড় বিদ্যাপীঠৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ অৱশেষত আত্মহনন

শোচনীয় আৰ্থিক অৱস্থাৰ কথা প্ৰধান শিক্ষকলৈ লিখি থৈ ল'লে কঠোৰ সিদ্ধান্ত শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ১৬ জুন : অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীৰ দীৰ্ঘদিনীয়া বিভিন্ন দাবী আৰু হা-হুমুনিয়াহৰ মাজত আজি তেজপুৰত তেনে এখন আগশাৰীৰ অপ্ৰাদেশীকৃত বিদ্যালয়ৰ এগৰাকী চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীয়ে অতি কৰুণ ভাৱে আত্মহননৰ পথ বাচি ল'ব লগা হোৱা ঘটনাই সকলোকে ম্ৰিয়মান কৰি তুলিছে । ১৯ ৮৫ চনতে তেজপুৰৰ জয়মতী পথাৰৰ সমীপত থকা দণ্ডিনাথ স্মৃতি প্ৰাথমিক বিদ্যালয়ৰ একেটা চৌহদতে তেজপুৰৰ একাংশ শিক্ষানুৰাগী ৰাইজে গঢ়ি তুলিছিল "অগ্নিগড় বিদ্যাপীঠ"…

তেজপুৰৰ বিশিষ্ট সামাজিক-সাংস্কৃতিক কৰ্মী অমল সেনগুপ্তৰ দেহাৱসানত তেজপুৰত শোক

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ১৬ জুনঃ তেজপুৰৰ বিশিষ্ট সমাজকৰ্মী তথা সাংস্কৃতিক সংগঠক আৰু দুৰদৰ্শন ধাৰাবাহিকৰ প্ৰযোজক তথা সৰবৰহী ব্যক্তি অমল সেনগুপ্তৰ আজি দুপৰীয়া হৃদৰোগত আক্ৰান্ত হৈ ৫৪ বছৰ বয়সত বিয়োগ ঘটাত তেজপুৰৰ সামাজিক-সাংস্কৃতিক ক্ষেত্ৰখনত শোকৰ ছাঁ পৰিছে৷ ৰিংকু নামৰে সকলোৰে মাজত জনপ্ৰিয় সেনগুপ্তই ১৯৬৯ চনত জন্মগ্ৰহণ কৰিছিল আৰু ওৰাং হাইস্কুলৰ পৰা প্ৰৱেশিকাত উত্তীৰ্ণ হোৱাৰ পিছত দৰং মহাবিদ্যালয়ত বাণিজ্য শাখাত স্নাতক ডিগ্ৰী আৰু পৰৱৰ্তী সময়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি তেজপুৰতে সামাজিক জীৱনত জড়িত হোৱাৰ সমান্তৰালভাৱে নিজকে…

চাকৰি দিয়াৰ নামত লাখ লাখ সংগ্ৰহ : তিনিচুকীয়াৰ ডি চি অফিচৰ কৰ্মচাৰীসহ ধৃত ৩

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৬ জুন : চতুৰ্থ বৰ্গৰ পদত চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগত বৃহস্পতিবাৰে নিশা কাৰ্বি আংলঙৰ হামৰেণ থানাৰ আৰক্ষীয়ে তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্যালয়ৰ দুই কৰ্মচাৰীসহ ৩ জন লোকক আটক কৰে ৷ আটকাধীন তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্যালয়ৰ দুই ঠিকা ভিত্তিক কৰ্মচাৰী ক্ৰমে প্ৰদীপ তাণ্ডিয়া আৰু দীপক থাপা বুলি প্ৰকাশ ৷ তৃতীয়জন ধৃত ব্যক্তি মৰাণত ক’চিং শিক্ষকৰূপে কৰ্মৰত তিনিচুকীয়াৰ বাৰেকুৰি নিবাসী অনিল মৰাণ বুলি আৰক্ষীৰ সূত্ৰই সদৰি কৰিছে ৷ হামৰেণ থানাত ভাৰতীয় দণ্ডবিধিৰ ১২০(বি)/৪১৯/৪৬৮/৪৭১ ধাৰাৰ অধীনত ৰুজু হোৱা…

সোৱণশিৰি বান্ধত জলপ্ৰলয়ৰ পিছতে এইবাৰ খহিছে পাহাৰ

নাওবৈচাৰ বান পৰিস্থিতি অপৰিৱৰ্তিতঃ ন ন অঞ্চল প্লাবিত  শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ ১৬ জুনঃ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ভয়াৱহ জলপ্ৰলয়ৰ সূচনা হোৱাৰ সময়তে এইবাৰ বান্ধত খহি পৰিছে পাহাৰ৷ গেৰুকামুখ পাহাৰৰ ভূমি সোৱণশিৰি বান্ধত খহি পৰাৰ ফলত সম্প্ৰতি প্ৰকল্পটোত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে৷ দুদিন পূৰ্বে নিৰ্মীয়মান প্ৰকল্পটোত জলপ্ৰলয়ৰ সৃষ্টি হোৱাৰ পিছতে আজি পুৱাৰে পৰা বান্ধৰ ওপৰ অংশত তথা বান্ধৰ বাওঁপাৰে পাহাৰৰ মাটি খহি পৰাত প্ৰকল্পটোতে আতংকৰ সৃষ্টি হৈছে৷ প্ৰাপ্ত খবৰ অনুসৰি ইতিপূৰ্বে গেৰুকামুখ পাহাৰৰ বৃহৎ অংশ ভূমিস্খলন হৈ…

আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে লক্ষীমপুৰত জিলাভিত্তিক যোগাসন প্ৰতিযোগিতাৰ আয়োজন

লক্ষীমপুৰ, ১৫জুন: লক্ষীমপুৰ জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য সমিতি(আয়ুস)ৰ উদ্যোগত, আই ৱাই এন এছ (IYNS), উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয় (স্বায়ত্তশাসিত) আৰু আকাংক্ষা যোগ আৰু ৱেলনেছ চেণ্টাৰৰ, উত্তৰ লক্ষীমপুৰৰ সহযোগত নৱম আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে অহা  ১৭ জুন, ২০২৩ চন তাৰিখ শনিবাৰে পুৱা ৮ বজাৰ পৰা উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত জিলাভিত্তিক যোগাসন প্ৰতিযোগিতা আয়োজন কৰা হৈছে। উক্ত প্ৰতিযোগিতা চাৰিটা পৰ্যায়ত অনুষ্ঠিত হব। ১. প্ৰথম পৰ্যায়ৰ প্ৰতিযোগিতাত ১০বছৰ বয়সলৈকে প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব পাৰিব । ২. দ্বিতীয় পৰ্যায়ৰ…

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সিদ্ধান্ত সদ্যহতে বাদঃ পৰিৱৰ্তে ছয় জনগোষ্ঠীৰ বাবে ৰাজ্যখনত এমবিবিএছ পাঠ্যক্ৰমত সংৰক্ষিত আসনৰ সংখ্যা বৃদ্ধি

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৫ জুনঃ বহু চৰ্চিত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সিদ্ধান্ত সদ্য়হতে বাদ পৰিছে। তাৰ পৰিৱৰ্তে ছয় জনগোষ্ঠীৰ বাবে ৰাজ্যখনত এমবিবিএছ পাঠ্যক্ৰমত নামভৰ্তিৰ ক্ষেত্ৰত ছয় জনগোষ্ঠীৰ বাবে সংৰক্ষিত আসনৰ সংখ্যা বৃদ্ধিৰ প্ৰস্তাৱত আজিৰ কেবিনেটে অনুমোদন জনায়। জনগোষ্ঠী ভিত্তিক বৰ্ধিত আসনৰ সংখ্যা এই তালিকাত উল্লেখ কৰা হৈছে। তদুপৰি, প্ৰবাসী অসমীয়াৰ সন্তান-আত্মীয়ৰ বাবে ১০ শতাংশ আসন সংৰক্ষণ কৰা হৈছে। (Sponsored seat)আনহাতে স্বায়ত্ত পৰিষদসমূহে কাৰিকৰী কামকাজ জড়িত বিভিন্ন আঁচনি-প্ৰকল্প নিজাকৈ সুসংহত ভাৱে ৰূপায়ণত সহায়ক…

 বিশৃংখল তিনিচুকীয়া : পৌৰসভাৰ কাৰ্যবাহীলৈ নটিছ আৰক্ষীৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৫ জুন : ৰাজহুৱা স্বাৰ্থলৈ পিঠি দি কেৱল ক্ষমতাকেন্দ্ৰিক যুঁজবাগৰত নিমজ্জিত তিনিচুকীয়া পৌৰসভাৰ অকৰ্মণ্যতাৰ বাবে এতিয়া কেতবোৰ বিষয়ত হস্তক্ষেপ কৰিবলৈ বাধ্য হৈছে তিনিচুকীয়া আৰক্ষী ৷ উল্লেখ্য যে যাতায়াতৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰি চহৰখনৰ বাটেপথে যধেমধে পেলাই থোৱা নিৰ্মাণ সামগ্ৰীসমূহ আঁতৰ কৰাৰ বাবে যোৱা ১০ জুনত তিনিচুকীয়া সদৰ থানাৰ যান-বাহন পৰিদৰ্শকে পৌৰসভাৰ কাৰ্যবাহী বিষয়ালৈ এক পত্ৰ প্ৰেৰণ কৰিছিল ৷ এইবাৰ বহুমহলীয়া ভৱন নিৰ্মাণৰ ক্ষেত্ৰত হোৱা বিসংগতিৰ তদন্তৰ বাবে কেতবোৰ তথ্য বিচাৰি তিনিচুকীয়া সদৰ…

সোৱণশিৰিৰ ভয়ংকৰ খহনীয়াৰ পৰিত্ৰাণ বিচাৰি অদৃষ্টজনলৈ প্ৰাৰ্থনা গঞাৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৫ জুনঃ সোৱণশিৰিৰ ভয়ংকৰ খহনীয়াই এতিয়া আতংকৰ সৃষ্টি কৰিছে লখিমপুৰ জিলাৰ ন-আলি তেলিয়া পথাৰত৷ যাৰবাবে আজি তেলাহী মৌজাৰ পাঁচখন গাঁৱৰ সহস্ৰাধিক লোকে সোৱণশিৰিৰ খহনীয়া ৰোধৰ পৰিত্ৰাণ বিচাৰি ন-আলি তেলিয়া পথাৰত জল দেৱতাক কাকূতি-মিনতি কৰিবলৈ বাধ্য হয়৷ সোৱণশিৰি নদীৰ ভীমপৰা মথাউৰিৰ কাষত বসবাস কৰা তথা বৃহত্তৰ তেলিয়া পথাৰ অঞ্চলৰ পুৰণি ন-আলি, তেলিয়া পথাৰ, হালধীআতি, ২ নং গুৱাহাটীয়া, ন-আলি খাবলুৰ একাংশ লোক ওলাই আহি নদীৰ পাৰত জল দেৱতাক প্ৰাৰ্থনা কৰে৷ গাঁৱৰ মুখিয়াল লোকসকলক লগতে আইসকলে সোৱণশিৰি নদীৰ পানী যুঁৱলিত…

দিচাংমুখত “তুফান” পানীৰ তলত

শতাব্দ দিচাংমুখৰ প্ৰতিবেদক, ১৫ জুনঃ বাৰিষা বতৰত এখন নাৱৰ প্ৰয়োজনীয়া কিমান সেয়া সকলোৱে জানে। কিন্তু নাজানে  অসম চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহন বিভাগে। তাৰ ফলস্বৰূপে বিভাগৰ এখন কাৰ্যক্ষম নাও বিষয়া কৰ্মচাৰী আৰু ঠিকাদাৰৰ গাফিলতিৰ বাবেই পানীত বুৰ গৈ আছে। বিভাগটোৰ ডিব্ৰুগড় কাৰ্যালয়ৰ অন্তৰ্গত দিচাংমুখত থকা আভ্যন্তৰীণ জল পৰিবহণৰ তুফান নামৰ ফেৰীখন  অব্যৱহিত হৈ থকাৰ লগতে পানীৰ মাজত ডুব গৈ থকা পৰিলক্ষিত হৈছে ৷ বিভাগটোত প্ৰায় ৭০/৮০ গৰাকী কৰ্মচাৰী নিয়োজিত হৈ আছে যদিও ফেৰীখন চোৱাচিতা নকৰাৰ বাবে বিগত কেইবাদিনো ধৰি এনেদৰে পানীৰ মাজত ডুব গৈ…