Browsing Category
অসম
বিহিয়াগাঁৱকে ধৰি চাৰিখন গাঁৱত জীয়াভৰলীৰ খহনীয়াৰ ভয়াবহ ৰূপঃ শংকিত নৈপৰীয়া ৰাইজ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৮জুনঃ তেজপুৰ চহৰৰ নিকটৱৰ্তী বিহিয়াগাঁও,কোৰকানি আৰু চামধৰা নামৰ তিনিখন গাঁৱৰ বহু মাটি সম্পত্তি ইতিমধ্যেই জীয়াভৰলীৰ গৰাখহনীয়াত নিঃশেষ কৰাৰ পাছত বৰ্তমান পুনৰ এই বৃহত্তৰ অঞ্চল যোৱা চাৰিদিনে হোৱা ভয়ানক খহনীয়াত আক্ৰান্ত হৈছে৷প্ৰনিধানযোগ্য যে,তেজপুৰৰ পাৰ্শ্বৱৰ্তী অঞ্চলটোত বহুবছৰ পূৰ্বে নিৰ্মাণ কৰা শৈলস্পাৰটোৰ ৯৯শতাংশ ইতিমধ্যেই জীয়াভৰলীত জাহ যোৱাৰ লগতে এই অংশ খহাই নিয়া জীয়াভৰলীয়ে এটা সুঁতিৰ সৃষ্টি কৰে৷উল্লেখযোগ্য যে,তেজপুৰ বিশ্ববিদ্যালয়ৰ সুৰক্ষাৰ বিষয়ে লক্ষ্যৰাখি জলসম্পদ বিভাগে প্ৰায় ১০বছৰ পূৰ্বে…
তেজপুৰত পথৰ দুৰৱস্থাঃ পথত জালমাৰি ৰাইজৰ প্ৰতিবাদ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৮জুনঃ তেজপুৰৰ বেছেৰীয়া গাঁও পঞ্চায়তৰ এটা পথৰে বাৰিষা একঁকাল পানী হোৱাৰ লগতে খৰালিও বিধ্বস্ত অৱস্থাৰ বাবে যাতায়াতৰ ক্ষেত্ৰত দুৰ্বিষহ হৈ পৰে৷ স্হানীয় ৰাইজে এই পথটোৰ উন্নয়নৰ নামত সামান্য হ’লেও সকাহ বিচাৰি বহুবাৰ গাভৰু উন্নয়নখণ্ডৰ কাষ চাপে৷ আনকি কেইগাড়ীমান শিলবালিকে পেলাই দিবলৈ গাভৰু উন্নয়নখণ্ডৰ খণ্ড উন্নয়ন বিষয়াগৰাকীক ৰাইজে একাধিকবাৰ অনুৰোধ জনোৱা সত্বেও বিষয়া গৰাকীয়ে এইক্ষেত্ৰত সামান্যতম গুৰুত্ব প্ৰদান নকৰিলে৷পথটো এনেদৰেই পৰি থকাৰ পাছত ৰাইজে গড়কাপ্তানি বিভাগ আৰু স্হানীয় গাঁও পঞ্চায়তৰ কাষ চাপিছিল…
ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা আৰু আই আই টি, ৰুৰকিৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীক জীৱিকা নিদান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৮জুনঃ তেজপুৰৰ নিকটৱৰ্তী কাৱৈমাৰীৰ যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভাৰত চাৰকাৰৰ উদ্যোগত অনুষ্ঠিত দুদিনীয়া প্ৰশিক্ষণ আজি বিয়লি অন্ত পৰে৷ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ, ভাৰত চৰকাৰ (Science and Technology, Govt. of India) আৰু আই আই টি, ৰুৰকি (IIT, Roorke)ৰ উদ্যোগত iHub Divya Samparkৰ সহযোগত Swastika Teleservices আৰু যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তত্বাৱধানত অনুষ্ঠিত জীৱিকা নিদান তথা প্ৰশিক্ষণত Sr. Prof. Of Tezpur University, IGNOU and IIT, Roorke উপস্থিত থাকে আৰু ছাত্ৰ-ছাত্ৰীক পাঠদান কৰাৰ লগতে…
মূল্যবোধ সম্পন্ন সমাজৰ সুস্থ নাগৰিক হোৱাৰ আহ্বানেৰে ৪৮ শিক্ষাৰ্থীক অভিনন্দন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১৭ জুন : সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত তেজপুৰ বেছেৰীয়া উচ্চতৰ মাধ্যমিক পৰীক্ষা কেন্দ্ৰৰ পৰা অৱতীৰ্ণ হৈ কৃতিত্বৰ পৰিচয় দিয়া শিক্ষাৰ্থীসকলক আজি স্হানীয় "জ্ঞানম" শৈক্ষিক ন্যাসৰ তৰফৰ পৰা এক বিশেষ অনুষ্ঠানত অভিনন্দন জ্ঞাপন কৰা হয়। জ্ঞানম ন্যাসৰ সভাপতি, অৱসৰপ্ৰাপ্ত শিক্ষক দীপ্তি কুমাৰ বৰাৰ পৌৰোহিত্যত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ৪৮ গৰাকীকৈ শিক্ষাৰ্থীক একোখনকৈ ফুলাম গামোচা আৰু অভিনন্দন পত্ৰৰে অভিনন্দন জ্ঞাপন কৰি শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, শোণিতপুৰ…
লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত ৰূপকোঁৱৰৰ ১২০ সংখ্যক জন্ম বাৰ্ষিকী পালন
উত্তৰ লখিমপুৰ, ১৭ জুনঃ অসমীয়া সংস্কৃতি আৰু সাহিত্যলৈ তেওঁৰ অপৰিসীম অৱদানৰ কথা স্মৰণ কৰি আজি ৰাজ্যৰ বাকী অংশৰ লগতে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়তো ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ ১২০ সংখ্যক জন্ম বাৰ্ষিকী পালন কৰা হয়। মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ লোহিত হাজৰিকাই মহান শিল্পীগৰাকীৰ প্ৰতিচ্ছবিৰ আগত বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা অনুষ্ঠানত মহাবিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, কাৰ্যালয়ৰ কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে পুষ্পাঞ্জলি অৰ্পণ কৰে। অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক তিলক চন্দ্ৰ ডেকাই ৰূপকোঁৱৰৰ জীৱন আৰু ৰচনা আৰু তেওঁ অসমীয়া…
তেজপুৰৰ ঔগুৰি পাহাৰ গতালে হোটেল কোম্পানীক
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৭জুনঃ যিসময়ত ৰাজ্যৰ খিলঞ্জীয়া লোকক উচ্ছেদ কৰা হৈছে,সেই সময়তে তেজপুৰৰ ঔগুৰি পাহাৰ গতাই দিয়া হৈছে কোনো ব্যৱসায়িক৷ তেজপুৰীয়া ৰাইজৰ অজ্ঞাতে তেজপুৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সহযোগত তথা চৰকাৰী অনুমোদনত এই কাৰ্য কৰা হৈছে৷ প্ৰনিধানযোগ্য যে,ঔগুৰি পাহাৰৰ কাষতে উত্তৰ অসম বনসংমণ্ডল বিষয়াৰ কাৰ্যালয় থকাৰ লগতে চৰকাৰী ভাবে এখন উদ্যান স্হাপন কৰা হৈছে৷ এই উদ্যানৰ গাতে লাগি থকা পাহাৰটোৰ শীৰ্ষ অংশৰ বৃহৎ পৰিমাণৰ এটা অংশ এতিয়া তেজপুৰ হোটেল প্ৰাইভেট লিমিটেডৰ দখলত৷ বৃহৎ ফলক আঁৰি পাহাৰটোত খননো চলাই থকা হৈছে৷ আজি…
জ্যোতি বন্দনাৰে মুখৰ হ’ল তেজপুৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৭ জুন: ৰূপান্তৰৰ শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ১২১ সংখ্যক ওপজা দিনটোত আজি পুৱাৰে পৰা প্ৰতিকুল বতৰকো নেওচি ৰূপকোঁৱৰ গৰাকীৰ কৰ্ম সাধনাৰ স্হলী তেজপুৰত ৰূপকোঁৱৰ বন্দনাৰে মুখৰিত কৰি তোলে কেবাটাও অনুষ্ঠানে। ৰূপকোঁৱৰৰ পৈতৃক গৃহ ঐতিহাসিক "পকী" অৰ্থাৎ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ জ্যোতি ভাৰতী প্ৰাংগনত ৰূপকোঁৱৰৰ আৱক্ষ মূৰ্তিত জ্যোতি ভাৰতীৰ ভাৰপ্ৰাপ্ত বিষয়া তথা জিলা সাংস্কৃতিক উন্নয়ন বিষয়া জিতেন কুমাৰ দাসে বন্তি প্ৰজ্বলন কৰাৰ সমান্তৰাল ভাৱে জ্যোতি ভাৰতীৰ শিল্পী সোণটি শৰ্মা আৰু…
ডিপোতা নৈৰ বাঢ়নি পানীয়ে উটুৱাই নিলে যুৱকক
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৭জুনঃ তেজপুৰ চহৰৰ নিকটৱৰ্ত্তী ডিপোতা নৈৰ বাঢ়নি পানীৰ সোঁতে কালি সন্ধ্যা প্ৰায় ৭মান বজাত এজন যুৱকক উটুৱাই নিয়ে৷ বাঁহবাৰী মৌজা অন্তৰ্গত ঘগৰা আৰু কঠালগুৰি সংযোগী পথৰ ওপৰত থকা ডিপোটা দলংঙত সংঘটিত হয় এই শোকাবহ ঘটনাটো৷ উল্লেখ্য যে, ডেকা চুবুৰী খণ্ডৰ বেতনি বস্তী সুখু ভেংৰাৰ ১৬ বছৰীয়া পুত্ৰ অমুজ ভেংৰা কালি সন্ধিয়া বজাৰ কৰিবলৈ বুলি আহি থকা অৱস্থাতে পথটোত থকা এখন দলঙৰ সমীপত পানীৰ প্ৰৱল সোঁতে উটুৱাই নিয়ে৷ উল্লেখযোগ্য যে,বাৰিষা ডিপোতা নৈয়ে এক কালৰূপ ধাৰণ কৰে আৰু সম্প্ৰতি নৈখনৰ পানী উদ্বেগজনকভাবে বৃদ্ধি…
অসমৰ বন বিষয়া-কৰ্মীলৈ অৰুণাচলীৰ গুলীচালনা
অসম অৰুণাচল সীমান্তৰ ৰামপুৰত উত্তেজনা
পুনৰ অসমৰ বনাঞ্চল ধবংস
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৭ জুনঃ লখিমপুৰ জিলাৰ হাৰমতী আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত ৰামপুৰত আজি অৰুণাচলীয়ে পুনৰ অসমৰ বন বিষয়া-কৰ্মীলৈ লক্ষ্য কৰি গুলীচালনা কৰে৷ উল্লেখ্য যে অসম-অৰুণাচল সীমান্তৱৰ্তী ৰামপুৰ বেলবস্তিৰ পশ্চিম দিশে ফকলেনেৰে অসমৰ বনাঞ্চল ধ্বংস কৰা কাৰ্যৰ খবৰ লাভ কৰি অসম তথা লখিমপুৰৰ উচ্চ পদস্থ আৰক্ষী বিষয়া, জিলা বন সংমণ্ডল প্ৰাধিকাৰী আদি বিষয়া-কৰ্মচাৰীসকল উক্ত স্থানত উপস্থিত হোৱাৰ সময়তে এনে ঘটনা সংঘটিত হয়৷ আজি পুৱাৰ ভাগতে একাংশ অৰুণাচলীয়ে…
নিম্ন প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক পদ সৃষ্টিৰ দাবীত প্ৰতিবাদ অব্যাহত প্ৰাথমিক শিক্ষক সন্মিলনীৰ
শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ১৬ জুনঃ অসমৰ নিম্ন প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক পদ সৃষ্টিৰ দাবীৰ সমৰ্থনত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে নিখিল বড়ো প্ৰাথমিক শিক্ষক সংস্থা,সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজ আৰু প্ৰাথমিক ষ্টেটপুল শিক্ষক সন্থাৰ সহযোগত ৰাজ্যজুৰি চলাই থকা গণ স্বাক্ষৰ অভিযানৰ পিছত আজি তেজপুৰত বিভিন্ন জাতীয় দল সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত মত বিনিময় কাৰ্যসূচী ৰূপায়ণ কৰাৰ সময়ত জিলাখনৰ ৯ টাকৈ বিভিন্ন জাতীয় সংগঠনে শিক্ষক সন্মিলনীৰ এই ন্যাৰ্য দাবীৰ প্ৰতি সমৰ্থন আগবঢ়াই আগন্তুক সময়ত সহযোগিতা আগবঢ়োৱাৰ…
