Browsing Category

অসম

চিকিৎসা মহাবিদ্যালয়ত প্ৰবাসীৰ বাবে আসন সংৰক্ষণকলৈ সৰৱ ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২০জুনঃ “ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়ত প্ৰবাসী ভাৰতীয়ৰ নামত আসন সংৰক্ষণৰ যি পোষকতা কৰিছে, সেয়া বাতিল কৰিব লাগিব৷ অসমৰ মেধাবী ছাত্ৰ-ছাত্ৰীৰ বাবে এয়া এক চূড়ান্ত অন্যায়৷” তেজপুৰত আজি এইদৰে মন্তব্য কৰে আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই৷ চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ হঠকাৰী সিদ্ধান্ত সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেজপুৰত আয়োজিত আছুৰ কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱস থলীত সৰৱ হৈ পৰে ড° ভট্টাচাৰ্য৷ তেওঁ ১২৫ ৰো অধিক আসন কিহৰ ভিত্তিত এন আৰ আইৰ বাবে সংৰক্ষণ কৰিব ওলাইছে,…

জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তঃ লক্ষীমপুৰত চি বি আইৰ অভিযান

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২০ জুনঃ ৰাজ্য জোকাৰি যোৱা এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ বাবে অসমলৈ অহা চি বি আই দলটো আজি আহি লক্ষীমপুৰত উপস্থিত হয়৷ ৰাজ্য চৰকাৰে জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ তদন্তৰ বাবে চি বি আইলৈ গোচৰটো হস্তান্তৰ কৰাৰ পিছতে চি বি আই দলে অভিযান আৰম্ভ কৰিছে৷ ইতিমধ্যে নগাঁৱৰ পৰা লক্ষীমপুৰত উপস্থিত হোৱা লাভলী কাটিয়াৰৰ নেতৃত্বত অহা ৮ জনীয়া চি বি আই দলটো লক্ষীমপুৰত উপস্থিত হৈ আজি নাওবৈচা বৰছলাৰ নকল সোণৰ মাষ্টাৰমাইণ্ড আজগৰ আলিৰ বাসগৃহত উপস্থিত হৈ মাতৃ আমিনা খাতুনক জেৰা কৰে৷ উল্লেখ্য যে যোৱা ৬ মে’ত জোনমণি ৰাভা…

ডিপোতা নৈত সন্ধানহীন পুত্ৰঃ বৰ জীয়াৰীৰ পৰা দীৰ্ঘদিনে বিচ্ছিন্নঃ তেজপুৰৰ এটা পৰিয়ালত হাঁহাকাৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,১৯জুনঃ এটা দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ কাহিনীয়ে ৰাইজৰ মাজত প্ৰতিক্রিয়াৰ সৃষ্টি কৰিছে।বাঢ়নী পানীত নিজৰ পুত্ৰ উটি যোৱা চাৰিটা দিনৰ পাছতো কোনো সন্ধান নোলোৱাৰ পাছত বৰ জীয়াৰী সন্ধানত ভাগি পৰিছে পৰিয়ায়টো।উল্লেখ্য যে, তেজপুৰ চহৰৰ নিকটৱৰ্ত্তী বাঁহবাৰী মৌজাৰ ডেকাচুবুৰী খণ্ডৰ বেতনিঝাৰৰ সুখু ভেংৰা আৰু চোমাৰী ভেংৰাৰ একমাত্ৰ পুত্ৰ অমুজ ভেংৰা ডিপোতা নৈত সন্ধানহীন হোৱা চাৰিদিন হ’ল যদিও ২২বছৰীয়া যুৱকজনৰ সন্ধান বৰ্তমানলৈকে ওলোৱা নাই৷ আজিও ডিপোতা নৈত এছডিআৰএফৰ উদ্ধাৰকাৰী দলে দীঘলীয়া সময় অভিযান চলালেও নিৰুদ্দিষ্ট…

চৰকাৰী মাটি বেদখল কৰি আট্টালিকা নিৰ্মাণ বিধায়ক গণেশ লিম্বুৰঃ ব্যপক প্ৰতিক্রিয়া

শতাব্দ ষ্টাফ ৰিপটাৰ, তেজপুৰ, ১৯জুনঃ চৰকাৰী ভূমিত বসবাস কৰা সকল বেদখলকাৰী৷ ইতিমধ্যে ৰাজ্য চৰকাৰে বেদখলকাৰী সকলক উচ্ছেদৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে৷ ৰাজ্যজুৰি অব্যাহত আছে উচ্ছেদ অভিযান৷ বনাঞ্চলৰ লগতে সত্ৰৰ ভূমি বেদখল মুক্ত কৰিছে চৰকাৰে৷ কাৰণ সেয়া চৰকাৰী ভূমি৷ একাংশ সন্দেহজনক লোকে বেদখল কৰি থকা চৰ অঞ্চলো মুকলি কৰিলে চৰকাৰে৷ চৰকাৰী বিষয়া আৰক্ষী বাহিনী লৈ বুলডজাৰ, জেচিবি চলালে বেদখলকাৰীৰ বাসগৃহ সমুহত৷ কিন্তু যদি খোদ বিজেপি চৰকাৰৰ বিধায়কেই চৰকাৰী ভূমি বেদখল কৰি গৃহ নিৰ্মাণ কৰে তেতিয়া তেঁওলোকৰ বিৰূদ্ধে কি ব্যৱস্হা ল’ব শোণিতপুৰৰ…

এন এইচ পি চিৰ শীতাতপ নিয়ন্ত্ৰিত কোঠাত আশ্ৰয় নললে এতিয়া বিজেপিৰ নেতাৰ দেহা শাত নপৰে- ভূপেন বৰা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ লখিমপুৰ, ১৯ জুনঃ লখিমপুৰ জিলাৰ নাওবৈচাৰ বান পৰিস্থিতি কিছু উন্নতি ঘটিছে যদিও বানৰ জটিলতা এতিয়াও কমা নাই৷ ধাৰাষাৰ বৰষুণৰ পৰিপ্ৰেক্ষিতত শিঙৰা নদীৰ বানে বিচ্ছিন্ন কৰা মথাউৰিৰ অংশৰে সোমোৱা পানীৰে অঞ্চলটোৰ ১৬ খন গাঁৱৰ ৰাইজক এক অভাৱনীয় পৰিস্থিতিত পেলাইছে৷ বান বিধ্বস্ত ৰাইজৰ মাজত প্ৰশাসনে কিছু পৰিমানৰ সাহায্য বিতৰণ কৰিছে যদিও পৰ্যাপ্ত সাহায্য সামগ্ৰীৰ অভাবে বন্যাৰ্ত সকলক এক জটিল পৰিস্থিতিত সন্মুখীন কৰিছে৷ উল্লেখ্য যে বান বিধ্বস্ত নাওবৈচাৰ অঞ্চলসমূহত প্ৰশাসনৰ সাহায্য সামগ্ৰীলৈ বাট নাচায় বিভিন্ন সন্থা সংগঠনে…

১৪ খন জিলাৰ ৩২হেজাৰ লোক বানত আক্ৰান্ত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৯জুনঃ সম্প্ৰতি ৰাজ্যৰ ১৪খন জিলা বানৰ কবলত পৰিছে৷ এই জিলা সমূহৰ ৩২টা ৰাজহ চক্ৰৰ ৩২হেজাৰ লোক বানত আক্ৰান্ত হোৱাৰ লগতে আঠটা স্থানত মথাউৰি ভাঙিছে৷ আজি তেজপুৰত সংবাদ মাধ্যমৰ আগত এই তথ্য সদৰি কৰিছে ৰাজ্যৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে। উল্লেখযোগ্য যে, এক চৰকাৰী কাৰ্যসূচীত অংশ ল’বলৈ অহা মন্ত্ৰীজনে যোৱা নিশা তেজপুৰস্হ আৱৰ্ত ভৱনত অতিবাহিত কৰাৰ পাছত আজি পুৱা ব্ৰহ্মপুত্ৰৰে উটি অহা এটা বনৰীয়া হাতীয়ে আৱৰ্ত ভৱনৰ সমীপতে আশ্ৰয় লোৱাৰ বিষয়ে জানিব পাৰি হাতীটো ছোৱাৰ লগতে বনবিভাগক নিৰাপদে…

লখিমপুৰ জিলাৰ একাধিক কাৰ্যসূচীত অভিভাৱক মন্ত্ৰী অতুল বৰাৰ অংশগ্ৰহণ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ,লক্ষীমপুৰ, ১৯ জুনঃ ৰাজ্য চৰকাৰৰ  কৃষি মন্ত্ৰী তথা লক্ষীমপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰাই আজি লক্ষীমপুৰত অনুষ্ঠিত হোৱা বিভিন্ন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে। প্ৰথম কাৰ্যসূচী অনুসৰি তেখেতে জিলা আবৰ্ত ভৱনত পুৱা ৯ বজাত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ জিলা প্ৰশাসনৰ উদ্যোগত এইবাৰ দুদিনীয়া কাৰ্যসূচীৰে চৰকাৰী ভাৱে আয়োজন কৰা ৰাভা দিৱসৰ লগত সংগতি ৰাখি প্ৰস্তুত কৰি উলিওৱা ভ্ৰাম্যমাণ বাহনখনৰ কাৰ্য ক্ৰমণিকা পতাকা জোকাৰি শুভাৰম্ভ কৰে। এই বাহনখনত অংশগ্ৰহণকাৰী শিল্পীদলে জিলাখনৰ চাৰিটা বিধানসভা সমষ্টিৰ বিভিন্ন…

তেজপুৰ নগৰত বনৰীয়া হাতীৰ চফৰঃ আশ্ৰয় গ্ৰহণ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৯জুনঃ ৰাজ্যৰ বিভিন্ন জিলা বানৰ কৱলত পৰাৰ সময়ত হেজাৰ হেজাৰ মানুহ হাঁহাকাৰ অৱস্থাৰ সন্মুখীন হোৱাৰ সমান্তৰাল ভাবে বন্য জীৱজন্তু সমূহো বিপৰ্যয়ৰ সন্মুখীন হৈছে৷ ইতিমধ্যেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত বাঢ়নি পানী প্ৰৱেশ কৰাৰ লগতে বুঢ়াচাপৰিৰ পৰা বন্যহস্তীৰ এটা জাক জনাঞ্চললৈ ওলাই অহাৰ সময়তে আজি পুৱা তেজপুৰ চহৰত এটা বনৰীয়া দঁতাল হাতীয়ে প্ৰৱেশ কৰে৷ উল্লেখযোগ্য যে,তেজপুৰত যোৱা প্ৰায় এমাহ পূৰ্বেও একেটা দঁতাল হাতীৰ জাহাজঘাটত আবিৰ্ভাৱ ঘটিছিল আৰু পাছত হাতীটোৱে ব্ৰহ্মপুত্ৰ পাৰ হৈ…

২৭ টা নাট্য দলৰ অংশ গ্ৰহণেৰে তেজপুৰত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা সোঁৱৰণী সদৌ অসম ভিত্তিক একাংক নাট প্ৰতিযোগিতা আৰম্ভ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১৯ জুন : কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা স্মৃতি বিজড়িত তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ উদ্যোগত কলাগুৰু গৰাকীৰ ৫৫ সংখ্যক স্মৃতিদিৱসৰ লগত সংগতি ৰাখি আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত সদৌ অসম ভিত্তিক একাংক নাট প্ৰতিযোগিতা আজি বিয়লি কলাগুৰু গৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে বাণ থিয়েটাৰৰ সভাপতি, বিশিষ্ট গীতিকাৰ সুৰকাৰ বংকিম শৰ্মাই।বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য পংকজ বৰুৱাই আঁত ধৰা আৰু ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ২৭ টাকৈ নাট্য দলৰ ২৭ খন নাটকেৰে আৰম্ভ হোৱা দুদিনীয়া কাৰ্যসূচী আৰম্ভ হয় বাণ…

তেজপুৰৰ মাজগাঁও বৰ নামঘৰত কৃতি শিক্ষাৰ্থী – সাংস্কৃতিক কৰ্মীক আশিস প্ৰদান

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৮ জুনঃ নিজা চেষ্টাৰে জীৱন গঢ়াত ব্ৰতী তথা ৰাজ্যখনৰ লগতে অঞ্চলটোলৈ শৈক্ষিক, সাংস্কৃতিক ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা ২৬ গৰাকীক যোৱা নিশা তেজপুৰৰ মাজগাঁও বৰনামঘৰত এক ব্যতিক্ৰমী কাৰ্যসূচীত ভৱিষ্যত উজ্জ্বল কামনাৰে আশিস প্ৰদান কৰা হয়। উল্লেখ্য যে জেঠ মাহত বৰনামঘৰত পৰম্পৰা অক্ষুণ্ণ ৰাখি আজি সন্ধিয়া জেঠমহীয়া নাম সামৰণি অনুষ্ঠানত এই বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। পৰিচলনা সমিতিৰ সহকাৰী সম্পাদক হেমেন্দ্ৰ ভৰালীয়ে আঁত ধৰা এই আৰ্শীবাদ অনুষ্ঠানত শেহতীয়াকৈ গিনিজ বুকত স্থান লাভ কৰা বিহুৰ কাৰ্যসূচীত অংশ…