Browsing Category

অসম

নিৰ্মীয়মান কালভাৰ্ট ভাঙি পৰিল শ্ৰমিকৰ ওপৰতে

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৪মাৰ্চঃ ৰাজ্য চৰকাৰৰ লোক নিৰ্মান বিভাগে পথ নিৰ্মানৰ বাবে অনুমোদন দিয়া কোটি কোটি টকাৰ আঁচনি ৰূপায়নৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে৷উল্লেখযোগ্য যে,অতি নিম্ন মানদণ্ডৰ কামৰে চৰকাৰী ধনৰ অপচয় কৰা এনে ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে সৰ্বসাধাৰণে৷ সম্প্ৰতি তেজপুৰৰ নিকটৱৰ্তী অঞ্চলত অতি নিম্ন মানদণ্ডৰে নিৰ্মীয়মান এটা দুই কোটি টকীয়া পথৰ কালৰ্ভাটৰ পকী বেৰ খহি এজন শ্ৰমিক গুৰুতৰ ভাৱে আহত হোৱা ঘটনা সংঘটিত হৈছে৷দীৰ্ঘ সময় শ্ৰমিকজনে কালভাৰ্টৰ ভঙা অংশৰ তলত ককবকাই থকাৰ পাছত…

অসম আন্দোলনৰ নিৰ্যাতিত, অৱসৰপ্ৰাপ্ত শিক্ষক ধৰ্মেশ্বৰ শৰ্মাৰ বিয়োগত শোক

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২৪ মাৰ্চঃ লখিমপুৰ জিলাৰ শ’লাল গাঁও নিবাসী তথা অসম আন্দোলনৰ নিৰ্যাতিত, অৱসৰপ্ৰাপ্ত শিক্ষক ধৰ্মেশ্বৰ শৰ্মাৰ যোৱা বৃহস্পতিবাৰে নিজা বাসগৃহত ইহলীলা সম্বৰণ কৰে৷ তেওঁৰ বিয়োগত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে৷ উল্লেখ্য যে অঞ্চলটোৰ এসময়ৰ অতি জনপ্ৰিয় শৰ্মাৰ বিয়োগত বিভিন্ন লোকে শোক প্ৰকাশ কৰিছে৷ মৃত্যুৰ সময়ত তেওঁ দুই পুত্ৰ বোৱাৰীকে ধৰি এগৰাকী কন্যা সহ বহু আত্মীয় স্বজনক এৰি থে যায় ৷ যোৱা দুমাহ পূৰ্বে তেওঁৰ সহধৰ্মিনী ভানু দেৱীৰ অকাল বিয়োগ ঘটিছিল৷ অসম আন্দোলনৰ সময়ত এইজন লোকে চৰকাৰী বাহিনীৰ হাতত নিৰ্যাতিত…

স্মৃতিগ্ৰন্থৰ বাবে লেখা আহ্বান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২৪ মাৰ্চঃ বিগত বৰ্ষবোৰৰ দৰে এইবাৰো লখিমপুৰ কেন্দ্ৰীয় বিহু সন্মিলনখন উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’ব৷ অহা ১৭, ১৮ আৰু ১৯ এপ্ৰিলত অনুষ্ঠিত হ’ব লগা এই বিহু সন্মিলন উপলক্ষে এখন স্মৰণিকা প্ৰকাশৰ ব্যৱস্থা কৰা হৈছে বুলি স্মৃতিগ্ৰন্থৰ সম্পাদক প্ৰশান্ত দত্তই জানিবলৈ দিছে৷ সদৌ লখিমপুৰ জিলা ছাত্ৰসন্থাৰ উদ্যোগত আৰু উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত অনুষ্ঠিত হ’ব লগা বিহু সন্মিলন উপলক্ষে প্ৰকাশ পাব লগা স্মৰণিকাৰ বাবে বিহু সম্পৰ্কীয় প্ৰবন্ধ, নিবন্ধ, কবিতা আদিৰ লেখা…

পদ্মশ্ৰী উদ্ধব ভঁৰালী ক’ত?

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৪ মাৰ্চঃ শতাধিক যন্ত্ৰ-সঁজুলি উদ্ভাৱনেৰে আন্তৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলি উঠা অসম সন্তান উদ্ধব ভঁৰালী এতিয়া ক'ত আছে? বিগত সময়চোৱাত এই প্ৰশ্ন বহুতৰ মনলৈ আহিছে যদিও সদুত্তৰ পোৱা হোৱা নাছিল। শত সহস্ৰ গুণমুগ্ধক আহ্লাদিত কৰিব পৰা ভাল খবৰটো অৱশেষত আহিল-সম্প্ৰতি উদ্ধব ভৰালীৰ বন্দিত্বৰ কাল উকলি মুক্ত আকাশৰ তলত। এক চৰম দুৰ্ভাগ্যজনক পৰিস্থিতিত শিশু নিৰ্যাতনৰ অভিযোগত অভিযুক্ত হৈ Special(POCSO) 117/21নম্বৰ গোচৰত ১৪ মাহ কাৰাবন্দী হৈ থকা ভঁৰালীয়ে অৱশেষত জামিন লাভ কৰে। ২০২২ চনৰ ২১ জানুৱাৰীৰ পৰা লখিমপুৰ জিলা…

দৰিদ্ৰৰ বাবে আবন্টিত চৰকাৰী বগা চাউলৰ ক’লা বেপাৰ: ছীল কৰিলে সমবায়

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৩মাৰ্চঃ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষাৰ অধীনত দৰিদ্ৰৰ বাবে আৱন্টন দিয়া চাউল ক’লা বজাৰত বিক্ৰী কৰিলে চাউল সৰবৰাহ কৰা ঠিকাদাৰে৷ এক দুই কিলোগ্ৰাম নহয় এখন সমবায়তে ৮০০ কুইন্টল চাউলৰ হৰলুকি কৰিছে ঠিকাদাৰে৷ পৰিণতিত শোণিতপুৰ জিলাৰ ঘোৰামাৰী সমবায় সমিতি ছীল কৰিলে শোণিতপুৰ যোগান বিভাগে৷ শোণিতপুৰ প্ৰশাসনে দিছে তদন্তৰ নিৰ্দেশ। উল্লেখযোগ্য যে,ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধীনত ঘোৰাঁমাৰী সমবায়লৈ আবন্টিত চাউলৰ পৰা প্ৰায় ৮০০শ কুইন্টল চাউল হৰলুকি ঘটাৰ অভিযোগ উত্থাপিত হৈছে৷সমবায়খনে লাভ কৰিবলগীয়া চাউলৰ ভিতৰত এই…

ঠেলামৰাত উৎকোচলৈ গ্ৰেপ্তাৰ হোৱা মণ্ডলৰ তেজপুৰস্হিত বাসগৃহত তালাচী

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৩মাৰ্চঃ শোণিতপুৰৰ ঠেলামৰাত উৎকোচ লোৱা অৱস্থাত আজি হাতেলোটে কৰায়ত্ত হ’ল এজন মণ্ডল৷ উল্লেখযোগ্য যে,ৰাজ্য চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে চলোৱা অভিযানৰ অংশ হিচাবে আজি তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে শোণিতপুৰৰ ঠেলামৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডল পৰাগ বৰাক ১৫হেজাৰ টকা উৎকোচ লোৱাৰ সময়তে হাতে লোটে কৰায়ত্ত কৰিবলৈ সক্ষম হয়। ধৃত লাট মণ্ডল জনে এগৰাকী লোকৰ মাটি বাটোৱাৰা কৰাৰ বাবে দাবী কৰা ধন ঠেলামৰা ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয় চৌহদতে থকা কেন্টিনত লোৱাৰ সময়তে দুৰ্নীতি আৰু তদাৰকী শাখাৰ দলটোৱে হাতে…

আন্তঃবিশ্ববিদ্যালয় ক্ৰিকেটত ডিব্ৰুগড় বিশ্ববিদ্যালয় চেম্পিয়ন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৩মাৰ্চঃ তেজপুৰ বিশ্ববিদ্যালয়ৰ খেলপথাৰত অসম ক্ৰিকেট সন্হাৰ উদ্যোগত আৰু তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ সহযোগত আয়োজিত নিলয় দত্ত সোঁৱৰণী আন্তঃবিশ্ববিদ্যালয় টি-২০ ক্ৰিকেট প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছে ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ে৷ আজি প্ৰতিকূল বতৰৰ বাবে ১০অভাৰলৈ হ্ৰাস কৰা চূড়ান্ত খেলখনৰ টছত জয়ী হৈ কটন বিশ্ব বিদ্যালয়ে প্ৰথমে বেট কৰিবলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ক আমন্ত্ৰণ জনায়৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অভিষেক কুমাৰৰ ২২ৰাণৰ সহায়ত নিৰ্দ্ধাৰিত অভাৰত চাৰি উইকেটৰ বিনিময়ত ৮৫ৰাণ সংগ্ৰহ কৰে৷প্ৰত্যুত্তৰত কটন বিশ্ববিদ্যালয়ে…

লখিমপুৰৰ চৰ চাপৰিত সন্দেহযুক্ত নাগৰিকৰ ভূমি বে-দখলঃ উচ্ছেদৰ দাবীত বিশাল প্ৰতিবাদ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৩ মাৰ্চঃ লখিমপুৰৰ একাংশ চৰ-চাপৰিত এতিয়া সন্দেহযুক্ত নাগৰিকে ভূমি বে-দখল কৰি তেনে ভূমি দালাল চক্ৰৰ হাতত তুলি দিয়াৰ অভিযোগ তুলি আজি সোৱণশিৰিৰ ভীমপৰা চাপৰিত তিনি মিচিং জাতীয় সংগঠনে বিশাল প্ৰতিবাদ সাব্যস্ত কৰে৷ টি এম পি কে, এম এম কে আৰু টি এম এম কেৰ শতাধিক সদস্যই সোৱণশিৰি নদীৰ ভীমপৰা চাপৰিৰ হেচামৰাৰ লগতে বৈকুণ্ঠপুৰ চাপৰিত সন্দেহযুক্ত নাগৰিকে ভূমি বে-দখল কৰি তেনে ভূমি একাংশ দালাল চক্ৰৰ হাতত তুলি দিয়াৰ অভিযোগ আনি আৰু তেনে বে-দখল উচ্ছেদৰ দাবী জনাই আজি মিচিং জাতীয় সংগঠন কেইটাই প্ৰতিবাদী কাৰ্যসূচী…