Browsing Category
অসম
লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত বিশ্ব জল দিৱস পালন
উত্তৰ লখিমপুৰঃ ২২ মাৰ্চঃ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আজি শেষ টোপাললৈকে পানী ৰাহি কৰাৰ আহ্বানৰে বিশ্ব জল দিৱস পালন কৰা হয়। সেই উপলক্ষে মহাবিদ্যালয়খনৰ ইকো ক্লাবৰ উদ্যোগত অনুষ্ঠিত এখন সভা উদ্বোধন কৰে অধ্যক্ষ ড০ লোহিত হাজৰিকাই। উদ্বোধনী ভাষণত অধ্যক্ষ ড০ হাজৰিকাই দিৱসটোৰ তাৎপৰ্যৰ বিষয়ে উল্লেখ কৰি কয় যে এই বৰ্ষৰ জল দিৱসৰ বিষয় পানী আৰু অনাময় সংকট সমাধানৰ বাবে পৰিৱৰ্তন ত্বৰান্বিত কৰা বিষয়বস্তুৰ সৈতে বিশদভাৱে কয়। তেওঁ কয় যে পৃথিৱীত পানীৰ মজুত দ্ৰুতগতিত কমি আহিছে আৰু এই সংকটে ইতিমধ্যে ভাৰতৰ নগৰ অঞ্চলকে ধৰি বিশ্বৰ বহু ঠাইত…
কটন আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয় ফাইনেলত
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২২মাৰ্চঃ অসম ক্ৰিকেট সন্হাৰ উদ্যোগত আৰু তেজপুৰ জিলা ক্ৰিকেট সন্হাৰ সহযোগত তেজপুৰ বিশ্ববিদ্যালয় খেলপথাৰত চলি থকা নিলয় দত্ত সোঁৱৰণী আন্তঃবিশ্ববিদ্যালয় টি ২০ ক্ৰিকেট টুৰ্ণামেন্টৰ আজি অনুষ্ঠিত হোৱা দ্বিতীয় খন ছেমি ফাইনেলত কটন বিশ্ববিদ্যালয় একাদশে মাধৱদেৱ বিশ্ববিদ্যালয় একাদশক আঠ উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে৷ টছত জিকি কটন বিশ্ববিদ্যালয়ে মাধৱদেৱ বিশ্ববিদ্যালয়ক প্ৰথমে বেট ধৰিবলৈ আমন্ত্ৰণ কৰে ৷ মাধৱদেৱ বিশ্ববিদ্যালয়ে নিৰ্ধাৰিত ২০ অভাৰত ন উইকেটৰ বনিময়ত ১০৯ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে ৷ দলৰ হৈ…
তেজপুৰৰ তিনি মৌজাৰ কৃষকৰ ম্যাদীভূমিকলৈ দুই কোম্পানীৰ কাৰছাজি
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২২মাৰ্চঃ কৃষকৰ ভূমি বিনামূল্যে আৰু বলপূৰ্বক দখল কৰিবলৈ লোৱাৰ অভিযোগত আজি তেজপুৰৰ পাৰ্শ্বৱৰ্তী বিহুগুৰি ময়লা গাঁৱত এন আৰ এল আৰু ইন্দ্ৰধনুছ গেছ গ্ৰিডৰ বিৰুদ্ধে ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷উল্লেখযোগ্য যে, এন আৰ এল নামৰ কোম্পানীটোৰ বিৰুদ্ধে বলপূৰ্বক স্হানীয় কৃষক ৰাইজৰ ভুমিত পাইপ স্হাপনৰ অপচেষ্টা কৰাৰ অভিযোগ কৰিছে স্হানীয় কৃষক ৰাইজে৷ ইয়াকে লৈ আজি ক্ষুব্ধ ৰাইজে দুই প্ৰতিষ্ঠানৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে প্ৰশাসন তথা চৰকাৰৰ হস্তক্ষেপ দাবী কৰে৷ আজি এনে কাৰ্যৰ বিৰুদ্ধে হলেশ্বৰ, বাঁহবাৰী…
ইলোৰা বিজ্ঞান মঞ্চৰ স্মৃতি দিৱসত ‘স্বপ্নদ্ৰষ্টা জীতেন চুণ্ডী সোঁৱৰণী ন্যাস’ গঠনৰ ঘোষণা
প্ৰতি বছৰেই স্মৃতি দিৱসত আৰ্থিকভাৱে পিছপৰা মেধাবী শিক্ষাৰ্থীক প্ৰদান কৰা হ’ব ন্যাসৰ বঁটা
লখিমপুৰৰ মহাইজানত আই জি এচ এচ এচৰ সামগ্ৰী বিতৰণ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ ২২ মাৰ্চঃ লখিমপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত মহাইজান পতিয়া গাঁৱৰ ৰাজহুৱা মঞ্চত ইন্দু গ্ল'বেল ছচিয়েল চাৰ্ভিছ চচাইটিৰ উদ্যোগত আৰু এইচ ডি এফ চি বেংকৰ অৰ্থ সাহাৰ্যত মংগল বাৰে "এখন সমল হস্তান্তৰ আৰু বিতৰণ সভা অনুষ্ঠিত কৰা হয়। আই জি এছ এছ এছৰ কৰ্মী মন্টু শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত সভাখনত বিশিষ্ট অতিথি হিচাবে ডাঃ উমাৰাম তামুলী বিজ্ঞান গুৰু লখিমপুৰ পশু চিকিৎসা মহাবিদ্যালয়, ডাঃ ছত্ৰপতি গয়াৰী, জিলা পশু পালন আৰু চিকিৎসা বিভাগ, লখিমপুৰ, প্ৰফুল দত্ত ন-কদম গাওঁ সভাপতি লগতে বিভিন্ন গাঁৱৰ পৰা ২০০ৰো অধিক…
তেজপুৰৰ বিভিন্ন স্থানত বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২১মাৰ্চঃ তেজপুৰৰ বিভিন্ন স্হানত সম্প্ৰতি আৰম্ভ হৈছে বিহু নাছ আৰু ঢোল বাদনৰ কৰ্মশালা। তিনিআলি মহিলা সকলৰ উদ্যোগত বিষ্ণুজ্যোতি মধ্য ইংৰাজী বিদ্যালয়ত বিহু নাচ আৰু ঢোলৰ কৰ্মশালা কালি এগছি বন্তি আৰু ধুপ জ্বলাই বালিপুখুৰী সত্ৰৰ সত্ৰাধিকাৰ ৰামেশ্বৰ মহন্ত আৰু তিলক কেওঁটে শুভাৰম্ভ কৰে৷এই অনুষ্ঠানত নাৰিকল ভাঙে পিলি পটংগীয়াই, অনুষ্ঠানটোত উপস্থিত থাকে বিষ্ণুজ্যোতি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক পুৰ্ণানন্দ মহন্ত, চিত্ৰ ৰঞ্জন পটংগীয়া ,উত্তৰ পশ্চিম তেজপুৰ সাহিত্য সভাৰ সম্পাদক প্ৰশান্ত দাস আৰু প্ৰশিক্ষন…
তেজপুৰত এছ এছ বিৰ দীক্ষান্ত সমাৰোহ সম্পন্ন
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২১মাৰ্চঃ আজি প্ৰশিক্ষণ সমাপ্ত কৰি দেশৰ সেৱাত প্ৰথম খোজ আগবঢ়ালে এছ এছ বিৰ ১৮৮ গৰাকী জোৱানে। আজি এছ এছ বিৰ শোণিতপুৰ জিলাৰ তেজপুৰ শালনীবাৰীস্থিত প্ৰশিক্ষণ কেন্দ্ৰৰ ছত্ৰপতি শিৱাজী ষ্টেডিয়ামত অনুষ্ঠিত ২৫৯ নম্বৰ গোটৰ প্ৰশিক্ষণ সমাপ্ত কৰা জোৱান সকলৰ দীক্ষান্ত সমাৰোহত মুখ্য অতিথি হিচাবে অংশ গ্ৰহন কৰি সশস্ত্ৰ সীমা বলৰ দিল্লীস্থ মুখ্যালয়ৰ মহাপৰিদৰ্শক সুধীৰ কুমাৰে ৪৫গৰাকী মহিলাসহ ১৮৮গৰাকী জোৱানে প্ৰদৰ্শন কৰা আনুষ্ঠানিক কুচকাৱাজৰ অভিবাদন গ্ৰহন কৰে। জোৱান সকলৰ আনুষ্ঠানিক অভিবাদন গ্ৰহন কৰি মহাপৰিদৰ্শক কুমাৰে…
লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত পোন প্ৰথমবাৰৰ বাবে দুটাকৈ গুৰুত্বপূৰ্ণ অস্ত্ৰোপচাৰ সম্পন্ন
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২১ মাৰ্চঃ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়খনলৈ ক্ৰমান্বয়ে গতিশীলতা আহিবলৈ ধৰিছে৷ দুটাকৈ গুৰুত্বপূৰ্ণ অস্ত্ৰোপচাৰ যোৱা দুটা দিনত সম্পন্ন কৰি তুলিছে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ দলে৷ সোমবাৰে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত শল্য চিকিৎসক ডাঃ গৌতম কুটুমৰ নেতৃত্বত চিকিৎসকৰ এটা দলে প্ৰথমবাৰৰ বাবে এগৰাকী মহিলাৰ স্তন কেন্সাৰৰ সফল অস্ত্ৰোপচাৰ কৰাৰ পিছত আজি চিকিৎসা মহাবিদ্যালয়খনত প্ৰথমবাৰৰ বাবে এজন ৰোগীৰ আঁঠু সংস্থাপন কৰা হয়৷ অস্থি বিশেষজ্ঞ ডাঃ বিপিন বৰঠাকুৰৰ নেতৃত্বত চিকিৎসকৰ এটা দলে আজি এজন ৰোগীৰ…
ভূপেন ডেকাৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ ২৩ বছৰে নাট ৰচনা, পৰিচালনা আৰু অভিনয়ৰে দৃষ্টান্ত তেজপুৰৰ কৰুণা শইকীয়াৰ
"নাট্যশ্ৰী" ৰ ২৩ সংখ্যক সোঁৱৰণী নাট "ইতিহাস হ'বলৈ নিদিওঁ" ৰ সফল মঞ্চায়ন
লখিমপুৰত সদৌ চুতীয়া জাতি সন্মিলনৰ দুদিনীয়া কেন্দ্ৰীয় সভাৰ আয়োজন
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২১ মাৰ্চঃ উত্তৰ লখিমপুৰ নগৰৰ মাজ মজিয়াত থকা টাউন মডেল স্কুলৰ সমীপৰ সাহিত্য সভা ভৱনত সদৌ চুতীয়া জাতি সন্মিলন অসমৰ এখন বিশেষ প্ৰতিনিধি সভা কাইলৈ ২২ মাৰ্চৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব৷ লখিমপুৰ জিলা চুতীয়া জাতি সন্মিলনৰ আতিথ্যত অনুষ্ঠিত হ’বলগা এই প্ৰতিনিধি সভাখনত ৰাজ্যখনৰ ভালেকেইখন জিলাৰ শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব বুলি সন্মিলনৰ প্ৰশাসনিক সাধাৰণ সম্পাদক দেৱজ্যোতি শইকীয়াই জানিবলৈ দিছে৷ সদৌ চুতীয়া জাতি সন্মিলনৰ অসমৰ ভৱিষ্যৎ কাৰ্যপন্থা, জনজাতিকৰণৰ পদমৰ্যাদা, প্ৰাপ্য অধিকাৰ, চুতীয়াসকলৰ…
