Browsing Category
অসম
নকাড়ী ৰেল ক্ৰচিঙত উৰণীয়া সেতু নিৰ্মাণৰ প্ৰস্তুতি
উত্তৰ লখিমপুৰ-লীলাবাৰী সংযোগী পথৰ নকাড়ী ৰেল ক্ৰচিঙত নিতৌ তীব্ৰ যানজঁট
লখিমপুৰ জিলাত “পোষণ পখোৱাৰা ২০২৩” ৰ শুভ উদ্বোধন
উত্তৰ লখিমপুৰ, ২১ মাৰ্চঃ সোমবাৰে, লখিমপুৰ জিলা পৰিষদৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা পোষণ অভিযান, জিলা মহিলা আৰু শিশু বিকাশ বিভাগ লখিমপুৰৰ উদ্যোগত অনুষ্ঠিত কৰা "পোষণ পখোৱাৰা ২০২৩" অভিযানৰ শুভ উদ্বোধন কৰে জিলা অতিৰিক্ত উপায়ুক্ত মনোৰমা মৰাঙে। পোষণ পখোৱাৰা ২০২৩" অভিযানৰ উদ্দেশ্য হৈছে পৰিপুষ্টিগত সুস্থতাৰ বাবে শ্ৰীঅন্ন (মিলেট)ৰ প্ৰসাৰ আৰু জনপ্ৰিয়কৰণ ,ৰাজ্যজুৰি সুস্থ শিশু প্ৰতিযোগিতাৰ আয়োজন আৰু সক্ষম অঙ্গনবাদী কেন্দ্ৰৰ জনপ্ৰিয়কৰণ। জিলাৰ ভাৰপ্ৰাপ্ত সমাজ কল্যান বিষয়া মুস্তাফা চেলিম আহমেদে সভাত পোষণ পখোৱাৰা অভিযান সম্পৰ্কে বহুলভাৱে…
ৰাজ্যপাল আৰু উপায়ুক্তলৈ পৃথকে স্মাৰকপত্ৰ শোণিতপুৰ কংগ্ৰেছৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২০মাৰ্চঃ ৰাজ্য চৰকাৰে পৌৰ কৰ বৃদ্ধিৰ বাবে লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰি আজি ৰাজ্যৰ ৰাজ্যপাললৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ উপৰি শোণিতপুৰ তথা তেজপুৰৰ বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত আজি শোণিতপুৰ জিলা কংগ্ৰেছে শোণিতপুৰৰ উপায়ুক্তক আন এখন স্মাৰকপত্ৰ দাখিল কৰিছে৷ পৌৰ কৰৰ পৰিমাণ চৰকাৰে ৭.৫শতাংশলৈ বৃদ্ধি কৰাত ক্ষোভ প্ৰকাশ কৰি ৰাজ্যপাললৈ উপায়ুক্তৰ জৰিয়তে প্ৰেৰণ কৰা স্মাৰকপত্ৰত জিলা কংগ্ৰেছে ,মূল্যবৃদ্ধি, ভয়ংকৰ নিবনুৱা সমস্যা, অপ্ৰতিৰোধ্য অৰ্থনৈতিক অৱনতি আৰু নাগৰিকৰ ওপৰত অভূতপূৰ্ব ঋণৰ বোজা জনসাধাৰণক প্ৰভাৱিত…
বিশ্ব ঘৰচিৰিকা দিৱস আৰু সাধুকথা দিৱস পালন
বিশ্ব ঘৰচিৰিকা দিৱসৰ চিত্ৰাংকন আৰু শিক্ষাৰ্থীৰ সন্মুখত ককা - আইতাৰ সাধু, নাটকৰ সংলাপেৰে মুখৰিত বিদ্যালয় প্ৰাংগন
নাওবৈচাত ভাগিনীয়েকৰ দাৰ ঘাপত মোমায়েকৰ নিহত
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ , ২০ মাৰ্চঃ লখিমপুৰ জিলাৰ নাওবৈচাৰ সমীপৰ তথা লালুক থানাৰ অন্তৰ্গত হৰিপুৰত যোৱা নিশা এক নৃশংস হত্যাকাণ্ড সংঘটিত হয়৷ এই ঘটনাই সমগ্ৰ নাওবৈচা আঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে৷ প্ৰাপ্ত খবৰ অনুসৰি এটা মছজিদত ইমাম হিচাপে কাম কৰা ছফিকুল ইছলাম নামৰ লোকজনে নিজৰ মোমায়েক মকবুল হুছেইনক দাৰে ঘপিয়াই হত্যা কৰে৷ বাৰীৰ এজোপা গছ কটাক লৈ দুয়োৰে মাজত কাজিয়াৰ সুত্ৰপাত হয় আৰু উক্ত ঘটনাৰ আলমত যোৱা নিশা ৯ মান বজাত ছফিকুল ইছলামে মোমায়েক মকবুল হুছেইনক দাৰে উপৰ্যুপৰি ঘপিয়াই আহত কৰাৰ পিছত ঘটনাস্থলীতে মোমায়েকৰ মৃত্যু হয়৷…
দুস্কৃতিকাৰীৰ হাতত প্ৰাণ আহুতি দিয়া জাতীয় শ্বহীদ ভূপেন ডেকাক স্মৰণ তেজপুৰত
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২০ মাৰ্চ : জুয়ে পোৰা ৮৩ ৰ আজিৰ দিনটোতে দুস্কৃতিকাৰীৰ হাতত নিহত হোৱা অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ তেজপুৰৰ খামিডাঠ যোদ্ধা, দক্ষ অভিনেতা জাতীয় শ্বহীদ ভূপেন ডেকাক আজি তেজপুৰত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে একাংশ সতীৰ্থৰ লগতে বৰ্তমানৰ তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া আৰু তেজপুৰীয়া ৰাইজে। তেজপুৰ চহৰৰ সমীপৰ বাম পৰ্বতীয়াৰ শ্বহীদ ভূপেন ডেকা পথৰ কাষতে থকা শ্বহীদ ভূপেন ডেকা সোঁৱৰণী মঞ্চ প্ৰাংগনত থকা জাতীয় শ্বহীদ গৰাকীৰ পূৰ্ণাবয়ৱ প্ৰতিমূৰ্তিৰ সন্মুখত প্ৰতিকূল বতৰকো নেওচি আয়োজন কৰা শ্ৰদ্ধাঞ্জলি…
টিৰাপ ভূখণ্ডত খিলঞ্জীয়া জনগোষ্ঠীৰ অধিকাৰ খৰ্ব কৰিছে চৰকাৰে
মুক্ত কয়লা খনন বন্ধ, বিদেশী বহিষ্কাৰৰ দাবী
ঢলপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজকুমাৰ পেগুৰ শাস্তি হবনে
শতাব্দ ষ্টাফ ৰিপ’টাৰ, লখিমপুৰ ২০ মাৰ্চঃ প্ৰশ্নকাকত ফাদিলৰ বিৰোধিতা কৰিবলৈ গৈ প্ৰতিবাদ সাব্যস্ত কৰা ছাত্ৰ-ছাত্ৰীক আৰক্ষীয়ে চলোৱা নিৰ্যাতনৰ লৈ সমগ্ৰ ৰাজ্যৰ লগতে লখিমপুৰ জিলাতো তীব্ৰ প্ৰতিবাদ মুখৰ হৈ পৰিছে বিভিন্ন সংগঠন৷ ইয়াৰ প্ৰতিক্ৰিয়া হিচাপে আজি লখিমপুৰত জিলা ছাত্ৰ সন্থাৰ উদ্যোগত বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাই ঢলপুৰ আৰক্ষীৰ বিষয়াৰ বিৰুদ্ধে বিক্ষোভ কাৰ্যসূচীৰে উত্তাল কৰি তোলে লখিমপুৰৰ বিভিন্ন প্ৰান্ত৷ লখিমপুৰ সদৰত আজি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ক’লা পতাকা জোকাৰি আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ আৰু বৰ্খাস্তৰ দাবী তোলে লখিমপুৰ জিলা…
লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আই চি এছ এছ আৰৰ পৃষ্ঠপোষকতাত সেউজ পদ্ধতিৰ ৰাষ্ট্ৰীয় আলোচনা চক্ৰ অনুষ্ঠিত
উত্তৰ লখিমপুৰঃ ২০ মাৰ্চঃ আজি লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত ভাৰতীয় সমাজ বিজ্ঞান আৰু গৱেষণা পৰিষদৰ পৃষ্ঠপোষকতাত বহনক্ষম উন্নয়নৰ দিশত সেউজ পদ্ধতি: একবিংশ শতিকাত ইয়াৰ প্ৰয়োজনীয়তা আৰু প্ৰত্যাহ্বানসমূহৰ ওপৰত এখনি ৰাষ্ট্ৰীয় আলোচনা চক্ৰ অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ অৰ্থনীতি, বেংকিং আৰু বাণিজ্য বিভাগৰ উদ্যোগত দুদিনীয়া আলোচনা চক্ৰখন উদ্বোধন কৰে অধ্যক্ষ ড০ লোহিত হাজৰিকাই। বন্তুি প্ৰজ্বলন কৰে মহাবিদ্যালয়খনৰ জ্যেষ্ঠ শিক্ষক ৰাজেন্দ্ৰ প্ৰসাদ বৰাই। অনুষ্ঠানৰ উদ্বোধনী আৰু আদৰণি ভাষণত অধ্যক্ষ ড০ লোহিত হাজৰিকাই কয় যে সেউজ পদ্ধতি…
