Browsing Category
অসম
তিনিচুকীয়াত ’আদৰ্শ’ৰ ১২৬ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২০ মাৰ্চ : ৰাজ্যখনৰ ভিতৰতে প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত এক নামজ্বলা শিক্ষানুষ্ঠান তিনিচুকীয়াৰ তুলসীৰাম পথস্থিত ঐতিহ্যমণ্ডিত আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ ১২৬ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি বিদ্যালয়খনৰ ৪ জন প্ৰাক্তন ছাত্ৰৰ উপস্থিতিত বিশেষ কাৰ্যসূচীৰে পালন কৰা হয় ৷ অনুষ্ঠানৰ আৰম্ভণিতে বিদ্যালয়ৰ পতাকা উত্তোলন কৰি প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷ পতাকা উত্তোলন কৰে বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা বিশিষ্ট ব্যৱসায়ী দেবব্ৰত দহোতীয়াই ৷ বৃক্ষ ৰোপণ কৰে ইক’টুৰিজিমৰ ওপৰত কাম কৰি অহা আদৰ্শ প্ৰাথমিকৰ…
পৌৰ কৰ বৃদ্ধি বাতিলৰ দাবীত লখিমপুৰত যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদ
শতাব্দ ষ্টাফ ৰিপ’টাৰ, লখিমপুৰ ২০ মাৰ্চঃ অসম চৰকাৰে বিভিন্ন শিতানত পৌৰ কৰ বৃদ্ধিৰ বাবে লোৱা প্ৰস্তাৱ বাতিলৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ লখিমপুৰ জিলা সমিতিয়ে উত্তৰ লখিমপুৰ পৌৰসভাৰ কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ পৰিষদৰ অভিযোগ শেহতীয়াকৈ অসম চৰকাৰে অসমৰ পৌৰ নিগম আৰু পৌৰসভাৰ অন্তৰ্গত গৃহ কৰকে ধৰি অন্যান্য কৰ অভাৱনীয় হাৰত বৃদ্ধি কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে৷ কিন্তু অতি পৰিতাপৰ বিষয় যে পৌৰকৰ বৃদ্ধিৰ পূৰ্বে বিভাগীয় কতৃৰ্পক্ষই লখিমপুৰ পৌৰ নিগম আৰু পৌৰসভাক স্থানীয়ভাৱে জন শুনানি আৰু ৰাজহুৱা উজৰ-আপত্তি গ্ৰহণ…
চৰকাৰী বঞ্চনাৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ সদৌ অসম নতুনকৈ প্ৰাদেশিকীত মধ্য ইংৰাজী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সন্থাৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ,১৯ মাৰ্চঃ লখিমপুৰত আজি সদৌ অসম নতুকৈ প্ৰাদেশিকীত মধ্য ইংৰাজী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সন্থাৰ লখিমপুৰ জিলা সমিতিৰ অধিবেশনৰ মুকলি ৰাজহুৱা সভাত কৰ্মচাৰী সকলে চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ব্যক্ত কৰে।জিলাখনৰ সোৱণশিৰিৰ কঠালগুৰি মধ্য ইংৰাজী বিদ্যালয়ৰ চৌহদত অনুষ্ঠিত অধিবেশনত লখিমপুৰ জিলাৰ উপৰি ধেমাজি,মাজুলী আৰু শোণিতপুৰ জিলাৰ প্ৰতিনিধি সকলো উপস্থিত থাকে। তাৰাবীৰ ছেত্ৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত কৰ্মচাৰী সকলে ক্ষোভ প্ৰকাশ কৰি কয় যে-২০২২চনৰ চেপ্তেম্বৰ মাহত ৰাজ্যৰ শিক্ষা বিভাগে নতুকৈ সমগ্ৰ…
নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত বগীনদীত বৰষুণৰ পানী সংৰক্ষণৰ সন্দৰ্ভত সজাগতা কাৰ্যসূচী
লখিমপুৰ,১৯মাৰ্চঃ ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনস্থ উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত ইতিমধ্যে জিলাখনৰ বিভিন্ন প্ৰান্তত ভাৰত চৰকাৰৰ "কেটচ্ দ্য ৰেইন" শীৰ্ষক কাৰ্যসূচীৰ অংশ স্বৰূপে বৰষুণৰ পানী সংৰক্ষণৰ ওপৰত এক সজাগতামূলক অভিযান আৰম্ভ কৰিছে । উক্ত অভিযানৰ অংশ হিচাপে আজি উত্তৰ লখিমপুৰ নেহৰু কেন্দ্ৰৰ উদ্যোগত বগীনদী উত্তৰাঞ্চল চাৰু কলা কেন্দ্ৰৰ সহযোগত বগীনদী শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰেক্ষাগৃহত এখনি সজাগতামূলক চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে এক সজাগতা সভা কাৰ্যসূচী ৰূপায়ন কৰা হয় ।উক্ত কাৰ্যসূচীত…
নামঘৰীয়ালৈ সাহায্য মুকলিৰ আহ্বানৰে সভা
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৯মাৰ্চঃ ৰাজ্যৰ ধৰ্মীয় পৰম্পৰা, ৰীতি নীতিৰ লগতে সাংস্কৃতিক তথা সমাজিক ক্ষেত্ৰখনলৈ বিভিন্ন প্ৰত্যাহ্বান নেওচি সেৱা আগবঢ়াই অহা সকলৰ এক সংস্হা ঢেকিয়াজুলি আৰু বৰছলা বিধানসভা সমষ্টিৰ ভকত, বায়ন, গায়ন, শিল্পী, নামঘৰীয়াসকলৰ এখন সভা আজি দিনৰ ১২বজাৰ পৰা দুইনম্বৰ বৰপুখুৰী ৰাজহুৱা নামঘৰত অনুষ্ঠিত হৈ যায়৷ সভাত ৰাজ্য চৰকাৰে ঘোষণা কৰা সাহায্য লাভ নকৰা বিষয়টো সন্দৰ্ভত আলোচনা কৰাৰ লগতে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰৰ প্ৰতি আহ্বান জনোৱা হয়৷ উল্লেখযোগ্য যে.ঢেকিয়াজুলি আৰু বৰছলাৰ প্ৰায় তিনিশ নামঘৰীয়াই…
ককা-আইতাই খুন্দনাত তামোল খুন্দি মুঢ়াত বহি ক’লে সাধু
শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ১৯ মাৰ্চঃ প্ৰতিকূল বতৰৰ মাজতো শতাধিক শিশুৰ মুখৰ সাধুৰ লগতে ককা - আইতা কোৱা সজ কথা আৰু সাধুৰে আজি পুৱাৰ পৰা জীপাল হৈ পৰিল তেজপুৰ সাহিত্য সভা ভৱন। ২০ মাৰ্চ অৰ্থাৎ কাইলৈ বিশ্ব সাধুকথা দিৱসৰ লগত সংগতি ৰাখি আজি তেজপুৰ সাহিত্য সভাই কুঁহি উপ সমিতিৰ সহযোগত আয়োজন কৰা "সাধুকথা সজ কথা লক্ষ্য আমাৰ জগত সভা" শীৰ্ষক অকণিৰ মুখৰ সাধু শুনা অনুষ্ঠানত বহুকেইগৰাকী আইতা আৰু ককায়েও সাধু কৈ অনন্য পৰিৱেশৰ সূচনা কৰি তুলিলে তেজপুৰ সাহিত্য সভা ভৱন । তেজপুৰৰ বিভিন্ন প্ৰান্তৰ শতাধিক শিশু, অভিভাৱক আৰু বিশিষ্ট ব্যক্তিৰ…
তেজপুৰত প্ৰাক্তন সৈনিকৰ সভা
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৯মাৰ্চঃ শোণিতপুৰ জিলা সৈনিক কল্যাণ কাৰ্যালয়ৰ উদ্যোগত আজি এক প্ৰাক্তন সৈনিক সভাৰ আয়োজন কৰা হয় তেজপুৰত ৷ এই সভা ডেকাৰগাঁও আঞ্চলিকৰ অন্তৰ্ভুক্ত প্ৰাক্তন সৈনিক সকলকলৈ অনুষ্ঠিত কৰা হয় ৷ ইয়াত অনুষ্ঠিত সভাখন জিলা সৈনিক কল্যাণ কাৰ্যালয়ৰ মুৰব্বী তথা প্ৰাক্তন সেনা বিষয়া লেফটেনেণ্ট কৰ্ণেল এ কে নন্দীয়ে প্ৰাক্তন সৈনিক সকলক সম্বোধন কৰি কয় যে আমাৰ প্ৰাক্তন সৈনিক সকলৰ দৰমহা দিয়াৰ উৎসটো সম্প্ৰতি বদলি হৈছে ৷সকলোৰে দৰমহা স্পৰ্শৰ দ্বাৰা বিতৰণ হ’ব বুলি তেওঁ অবগত কৰে৷এই সভাতে তেওঁ স্পৰ্শৰ বিষয়ে সকলোকে বিতং ভাবে…
লখিমপুৰ জিলা উন্নয়ন সমন্বয় আৰু নিৰীক্ষণ সমিতিৰ সভা অনুষ্ঠিত
উত্তৰ লখিমপুৰ, ১৮ মাৰ্চ: আজি লখিমপুৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা উন্নয়ন সমন্বয় আৰু নিৰীক্ষণ সমিতিৰ সভাখনি লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হৈ যায়। লখিমপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ত্ৰিপুৰেন্দ্ৰ পাটৰে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ উপৰি বিগত সভাৰ কার্যবিবৰণী পাঠ কৰে। সভাত বিগত সময়চোৱাত চৰকাৰী বিভাগ সমূহে জিলাখনত ৰূপায়ণ কৰা বিভিন্ন উন্নয়নমূলক কামকাজৰ পৰ্যালোচনা কৰা হয়। সভাপতিৰ আসনৰ পৰা সাংসদগৰাকীয়ে জিলাখনৰ অন্তৰ্গত চাৰিটা পৌৰসভা এলেকাত ৰূপায়ণ কৰি থকা প্ৰধান মন্ত্ৰী আবাস যোজনাৰ…
তেজপুৰৰ বাতৰি কাকত বিতৰক, নাগাৰা নামৰ শিল্পী চন্দ্র কান্ত মজুমদাৰৰ আকস্মিক মৃত্যু
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৮ মাৰ্চ : দীৰ্ঘদিন ধৰি তেজপুৰৰ ঊষানগৰত ভাড়াতীয়া হিচাপে থাকি এখন গেলামালৰ দোকানৰ লগতে বাতৰি কাকতৰ বিতৰক হিচাপে সকলোৰে মাজত জনপ্ৰিয় হৈ পৰা নলবাৰী নিবাসী চন্দ্র কান্ত মজুমদাৰৰ কালি নিশা আকস্মিক ভাৱে ৭০ বছৰ বয়সত মৃত্যু হোৱাত তেজপুৰত শোকৰ ছাঁ পৰিছে। এগৰাকী নাগাৰা নামৰ শিল্পী হিচাপে পৰিচিত মজুমদাৰে কালি নিশাও আন দিনাৰ দৰে কোনো ঠাইৰ পৰা নাগাৰা নামত অংশ লৈ তেজপুৰ চহৰৰ ঊষানগৰৰ বাসগৃহলৈ আহে যদিও হঠাৎ অসুস্থ হৈ পৰি নিশা ১ মান বজাত আকস্মিক ভাৱে মৃত্যুক আঁকোৱালি লয়। বিগত ১৫ বছৰে বাতৰি কাকতৰ বিতৰক হিচাপে…
তেজপুৰৰ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা সত্ৰ সম্পন্ন
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৮মাৰ্চঃ তেজপুৰস্থ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্রতিষ্ঠানত আজি সম্পন্ন হয় দুই দিনীয়া কাৰ্যসূচীৰে সপ্তম ৰাষ্ট্ৰীয় আলোচনা সত্ৰ৷ ৱৰ্ল্ড এচ’চিয়েচন ফৰ চাইক’চচিয়েল ৰিহেবিলিটেচন ৰ এই সত্ৰত আন্ত: ৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় স্তৰৰ প্ৰায় ২৫৭ গৰাকী গৱেষক তথা মানসিক স্বাস্থ্য কৰ্মীয়ে অংশ গ্ৰহণ কৰে৷ প্ৰথম দিনৰ কাৰ্যসূচী অতিথি সকলৰ দ্বাৰা বন্তি প্ৰজ্বলনেৰে আৰম্ভ হয়। আদৰণি ভাষণ আগবঢ়ায় লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ এছ কে দেউৰীয়ে । স্মৃতিগ্ৰন্থ উন্মোচন…
