Browsing Category
অসম
বগীনদীত এন এইচ পি চিৰ ২৩ লাখ টকীয়া স্বাস্থ্য বিভাগক চিকিৎসা সঁজুলি বিতৰণ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ , ১৮ মাৰ্চঃ লখিমপুৰ জিলাৰ বগীনদী আদৰ্শ চিকিৎসালয়ত আজি এন এইচ পি চিয়ে সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত লখিমপুৰ জিলা স্বাস্থ্য বিভাগক ২৩ লাখ টকাৰ স্বাস্থ্য সামগ্ৰী আনুষ্ঠানিক বিতৰণ কৰে৷ বগীনদী আদৰ্শ চিকিৎসালয়ত অনুষ্ঠিত সভাখনত এন এইচ পি চিৰ পি আৰ অ’ এছ পি মজুমদাৰে আঁতধৰা অনুষ্ঠানত লখিমপুৰৰ জিলা যুটীয়া স্বাস্থ্য সঞ্চালক গুণীন গগৈক এই চিকিৎসা সঁজুুলিসমূহ প্ৰদান কৰে এন এইচ পি চিৰ কাৰ্যবাহী সঞ্চালক বিপিন গুপ্তাই৷ উল্লেখ্য যে আজিৰ এই সভাখনতে জিলাখনৰ বিভিন্ন স্বাস্থ্য কেন্দ্ৰলৈ অত্যাধুনিক বিছনাকে ধৰি…
জুনৰ পৰা আৰম্ভ হ’ব নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ উৎপাদন
২০২৪ ৰ জুনত সম্পূৰ্ণ হ’ব ২০০০ মেগাৱাটৰ প্ৰকল্পটো
শিক্ষাবিদ ড° প্ৰণীল গোস্বামীৰ আকস্মিক বিয়োগ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৮মাৰ্চঃ প্ৰচুৰ মেধাসম্পন্ন তথা ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, তেজপুৰ কমাৰচুবুৰী নিবাসী ড° প্ৰণীল গোস্বামীৰ আজি আকস্মিক ভাবে বিয়োগ ঘটিছে৷ উল্লেখযোগ্য যে,৭২বছৰীয়া শিক্ষাবিদ গৰাকী সপৰিয়ালে মুম্বাইত থকা কন্যাৰ ঘৰলৈ গৈছিল আৰু আজি দিনত লুনাৱলাৰ এটা ৰিজ’ৰ্টত থকাৰ সময়ত হৃদৰোগত আক্ৰান্ত হৈ দুপৰীয়া প্ৰায় ২-১০বজাত তেওঁৰ বিয়োগ ঘটে৷ তেওঁক ততাতৈয়াকৈ সমীপৰ এখন চিকিৎসালয়লৈ নিয়া হৈছিল য’দিও চিকিৎসকে ড° গোস্বামীৰ ইতিমধ্যে বিয়োগ ঘটা বুলি নিশ্চিত কৰে৷শৈশৱৰ পৰাই মেধাৰ পৰিচয় দিয়া ড° গোস্বামীয়ে…
প্ৰশ্নকাকত ফাদিলঃ ধলপুৰত প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীক ৰাজপথতে আৰক্ষীৰ মাৰধৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৮ মাৰ্চঃ লখিমপুৰ জিলাৰ ধলপুৰ আৰক্ষী চকীত আজি এক অভাৱনীয় কাণ্ডৰ সূচনা হয়৷ মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ প্ৰতিবাদ জনাই আজি পুৱাৰ ভাগত ধলপুৰ উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ মেট্ৰিকৰ একাংশ পৰীক্ষাৰ্থীয়ে ধলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদৰ পৰা দুপৰীয়া প্ৰতিবাদী সমদল উলিয়াই নিচেই কাষতে থকা ধলপুৰ চেণ্টাৰত তথা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদকাৰীসকলে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি টায়াৰ জ্বলাই প্ৰতিবাদ জনায়৷ এই প্ৰতিবাদী কাৰ্যসূচী বাধা দিবৰ বাবে উক্ত স্থানত ধলপুৰ আৰক্ষী চকীৰ…
লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবে তিনিচুকীয়াত ১৪৪ ধাৰা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৭ মাৰ্চ : অহা ২৬ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি তিনিচুকীয়াৰ উপায়ুক্ত তথা জিলা দণ্ডাধীশ স্বপ্নীল পালে ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত ২৬ মাৰ্চৰ দিনা কাৰ্যকৰী হোৱাকৈ কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই নিষেধাজ্ঞা অনুসৰি পৰীক্ষা গৃহৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত পৰীক্ষাৰ্থী আৰু পৰীক্ষাৰ সৈতে নিয়োজিত লোকসকলৰ বাহিৰে আন লোকৰ প্ৰৱেশ নিষেধ কৰা হৈছে ৷ প্ৰাৰ্থীসকলে পৰীক্ষাগৃহত মোবাইল ফোন (আনকি চুইচ অফ মোডত) বা আন যিকোনো ইলেক্ট্ৰনিক সঁজুলি, ষ্টৰেজ…
কেঁচাসোণা বিদ্যালয়ৰ স্বীকৃতি বাতিলৰ বিৰুদ্ধে তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৭ মাৰ্চ : তিনিচুকীয়া চহৰৰ উপকণ্ঠৰ নখৰাই চাহ বাগিচাৰ কেঁচাসোণা উচ্চ মাধ্যমিক বিদ্যালয়ৰ স্বীকৃতি বাতিল কৰাৰ বিৰুদ্ধে আজি অসম চাহ মজদুৰ সংঘৰ পানীতোলা শাখাৰ সম্পাদক তথা চাবুৱাৰ প্রাক্তন বিধায়ক ৰাজু চাহুৰ নেতৃত্বত বহুসংখ্যক শ্ৰমিক ৰাইজে উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ এক বিবৃতিত চাহুৱে কয় যে এই বিদ্যালয়খন হৈছে নখৰাই চাহ বাগিছাৰ লগতে দাঁতিকাষৰীয়া কেইবাখনো চাহ বাগিছা ক্রমে মাজবাৰী, দীঘলীজান, নলনি, ৰঙাগড়া, দিনজান, ডিপুট লাইন, পৰশুৰাম নৰ্থ আৰু ছাউথ বাগিছাৰ এক বৃহৎ…
মেট্ৰিকৰ প্ৰশ্নকাকত কেনেদৰে ফাদিল হৈছিল- ধৃতৰ স্বীকাৰোক্তি
তিনি শিক্ষকক নিলম্বনঃ লখিমপুৰত তীব্ৰ প্ৰতিবাদ
পৌৰকৰ বৃদ্ধিৰ বিৰোধিতা কংগ্ৰেছৰঃতেজপুৰত জিলা কংগ্ৰেছৰ বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৬মাৰ্চঃ ৰাজ্যচৰকাৰে পৌৰকৰ বৃদ্ধিৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে শোণিতপুৰ জিলা কংগ্ৰেছে৷ ইয়াৰ বিৰুদ্ধে অহা ২০মাৰ্চত জিলা কংগ্ৰেছে প্ৰতিবাদ জনাই স্মাৰকপত্ৰ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ আজি নৱগঠিত শোণিতপুৰ জিলা কংগ্ৰেছৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভাত একাধিক প্ৰস্তাৱ গ্ৰহণ কৰা হয় আৰু ইয়াৰ ভিতৰত ৰাজ্যচৰকাৰৰ পৌৰকৰ বৃদ্ধিৰ সিদ্ধান্তৰো তীব্ৰ বিৰোধিতা প্ৰকাশ কৰা হয়৷ উল্লেখযোগ্য যে,আজি দিনৰ ১১বজাত তেজপুৰস্হিত শোণিতপুৰ জিলা কংগ্ৰেছৰ কাৰ্যালয় ৰাজীৱভৱনত এই বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভাখন…
তেজপুৰত চক্ৰ পৰ্যায়ৰ জৰুৰীকালীন ব্যৱস্থাপনা অনুশীলন উদ্বোধন উপায়ুক্তৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৬ মাৰ্চঃ আজি শোণিতপুৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন বৈঠকত তেজপুৰ ৰাজহ চক্ৰৰ বাবে ৰাজহ চক্ৰ পৰ্যায়ৰ জৰুৰীকালীন ব্যৱস্থাপনা অনুশীলন উদ্বোধন কৰে উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই ।অনুষ্ঠানত ভাষণ প্ৰসঙ্গত উপায়ুক্তগৰাকীয়ে তিনিদিনীয়া জৰুৰীকালীন ব্যৱস্থাপনা অনুশীলন আৰু অহা ১৮ মাৰ্চত বান দুৰ্যোগ পৰিস্থিতৰ ওপৰত অনুষ্ঠিত হ’বলগীয়া ম’ক ড্ৰিলৰ ক্ষেত্ৰত উপস্থিত অংশীদাৰসকলক সম্পূৰ্ণ সহায়-সহযোগিতা আগবঢ়াবলৈ আৰু বান দুৰ্যোগৰ সম্ভাৱ্য পৰিস্থিতিত গ্ৰহণ কৰিবলগীয়া সঁহাৰি আৰু প্ৰশমনৰ ক্ষেত্ৰত সকলো…
তেজপুৰ বিশ্ববিদ্যালয়ত দ্বিতীয় বাৰ্ষিক নিলয় দত্ত সোঁৱৰণি আন্তঃবিশ্ববিদ্যালয় ক্ৰিকেট টুৰ্নামেণ্ট আৰম্ভ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৬ মাৰ্চঃ অসম ক্ৰিকেট সন্হাৰ উদ্যোগত আৰু তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ সহযোগত তেজপুৰ বিশ্ববিদ্যালয় খেলপথাৰত অজিৰে পৰা আৰম্ভ হৈছে দ্বিতীয় বাৰ্ষিক নিলয় দত্ত সোৱঁৰণি আন্তঃবিশ্ববিদ্যালয় ক্ৰিকেট প্ৰতিযোগিতা ৷আজি প্ৰথমখন খেলত কৃষ্ণকান্ত সন্দিকৈ বিশ্ববিদ্যালয়ৰ অনুপস্হিতিত কটন বিশ্ববিদ্যালয়ে ৱাকঅভাৰ লাভকৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰবেশ কৰে ৷আনহাতে, আজিৰ দ্বিতীয় খন খেলত মাধৱদেৱ বিশ্ববিদ্যালয়ে বড়োলেণ্ড বিশ্ববিদ্যালয়ক ৫১ ৰাণত পৰাস্ত কৰে ৷ টছত জিকি বড়োলেণ্ড বিশ্ববিদ্যালয়ে মাধৱদেৱ বিশ্ববিদ্যালয়ক প্ৰথমে বেটিং কৰিবলৈ…
