Browsing Category

অসম

মেট্ৰিকৰ প্ৰশ্ন কাকত ফাদিলৰ ঘটনাঃ লখিমপুৰত দুই শিক্ষকক গ্ৰেপ্তাৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ১৬ মাৰ্চঃ মেট্ৰিকৰ প্ৰশ্ন কাকত ফাদিলৰ ঘটনা সন্দৰ্ভত সমগ্ৰ ৰাজ্যত আৰক্ষী আৰু চি আই ডিয়ে তীব্ৰ অভিযান অব্যাহত ৰখাৰ সময়তে আজি লখিমপুৰ আৰু মাজুলী আৰক্ষীয়ে দুজনকৈ শিক্ষাগুৰুক গ্ৰেপ্তাৰ কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে৷ ধৃত শিক্ষক দুজন হৈছে লখিমপুৰ জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ অন্তৰ্গত লোহিত খাবলু হাইস্কুলৰ প্ৰধান শিক্ষক তথা লোহিত খাবলু হাইস্কুলৰ মেট্ৰিক পৰীক্ষা কেন্দ্ৰৰ তত্বাৱধায়ক প্ৰণৱ দত্ত আৰু ডফলাকটা জনজাতি হাইস্কুলৰ বিজ্ঞান শিক্ষক কুমুদ ৰাজখোৱা৷ প্ৰণৱ দত্তৰ ঘৰ হৈছে পথালি পাহাৰত আৰু…

লখিমপুৰ পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সমাৰোহ

 শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৬ মাৰ্চঃ অহা ১ আৰু ২ এপ্ৰিল ২০২৩ তাৰিখে লখিমপুৰ পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ পুনৰ মিলন সমাৰোহ আয়োজন কৰা হৈছে ৷ ১ এপ্ৰিল তাৰিখে বন্তি প্ৰজ্বলন আৰু শ্বহীদ তৰ্পণ অনুষ্ঠানেৰে আয়োজন কৰিব লগা এই অনুষ্ঠানত দেশৰ বিভিন্ন অংশত কৰ্মৰত প্ৰায় দুশৰো অধিক প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব ৷ ন-পুৰণি ছাত্ৰছাত্ৰীৰ মহামিলনেৰে জীপাল হবলৈ আগবঢ়া জহিংস্থিত লখিমপুৰ পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয়ে এই অনুষ্ঠানৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যপন্থা হাতত লৈছে বুলি…

তিনিচুকীয়াত ১৮ বিঘা চৰকাৰী মাটিত উচ্ছেদ : সংস্থাপিত হ’ব ৯০ ভূমিহীন পৰিয়াল

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৬ মাৰ্চ : তিনিচুকীয়া চহৰৰ উপকণ্ঠৰ গুইজান অভিমুখী পথৰ পদুমনি ৰিজ'ৰ্টৰ সমীপত চৰকাৰী ভূমি বেদখল কৰি ইটাভাতা চলাই থকা প্ৰায় ১৮ বিঘা চৰকাৰী ভূমি আজি জিলা প্ৰশাসনে মুকলি কৰে । জানিব পৰা মতে জনৈক দাস উপাধিৰ এজন ব্যক্তিয়ে গুইজান গাঁও পঞ্চায়তৰ এই ভূখণ্ডত সুদীৰ্ঘ দিনৰ পৰা ইটাভাটা খুলি ব্যৱসায় কৰি আছিল ৷ আজি প্ৰশাসনে মুকলি কৰা উক্ত চৰকাৰী ভূমিত প্ৰায় ৯০ টা গৃহহীন তথা ভূমিহীন পৰিয়ালক সংস্থাপনৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে । তিনিচুকীয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া চিন্ময় পাঠকৰ নেতৃত্বত আজি শান্তিপূৰ্ণভাৱে…

বিদ্যালয়ৰ শিক্ষাৰ্থী-শিক্ষকৰ উপস্থিতিত তেজপুৰ বিশ্ববিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় গণিত দিৱস উদযাপন

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৫মাৰ্চঃ তেজপুৰ বিশ্ববিদ্যালয়ৰ গণিত বিজ্ঞান বিভাগৰ উদ্যোগত আৰু অসম গণিত শিক্ষায়তনৰ শোণিতপুৰ জিলাৰ সহযোগত স্কুল গণিতৰ ওপৰত এখন এদিনীয়া কৰ্মশালা কালি তেজপুৰ বিশ্ববিদ্যালয়ত অনুষ্ঠিত হয়। শোণিতপুৰ জিলাৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে গণিতৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ উপস্থিতিত আন্তঃৰাষ্ট্ৰীয় গণিত দিৱসৰ লগত সংগতি ৰাখি উদযাপন কৰা এই কৰ্মশালা শুভাৰম্ভ হয় অনামিকা গগৈ পৰিচালিত আৰু বিভিন্ন বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পৰিৱেশন কৰা অসম গণিত শিক্ষায়তনৰ প্ৰতীকী গীতেৰে। আনহাতে অসম গণিত শিক্ষায়তনৰ শোণিতপুৰ জিলা শাখাৰ…

মেট্ৰিকৰ প্ৰশ্নাকাকত ফাদিলঃ গ্ৰেপ্তাৰ তেজপুৰৰ যুৱক

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,১৫মাৰ্চঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনা সন্দৰ্ভত  তেজপুৰৰ পুংপানী গাঁও নিবাসী আব্দুল চোভানৰ পুত্ৰ চাৰিফুল ইছলামক কৰায়ত্ত কৰিছে চাৰিদুৱাৰ আৰক্ষীয়ে৷ উল্লেখযোগ্য যে,চাৰিদুৱাৰ আৰক্ষীয়ে যুৱকজনক মংগলবাৰে নিশা অকাবস্তিত আত্মগোপন কৰি থকা অৱস্থাত কৰায়ত্ত কৰে৷প্ৰশ্ন কাকত ফাদিলৰ বিষয়টোৰ তদন্ত আৰম্ভ কৰা চিআইডিক ধৃত যুৱক জনক গতাই দিয়া আৰক্ষীয়ে ঘটনাৰ আঁৰৰ সবিশেষ প্ৰকাশ কৰা নাই যদিও চাৰিদুৱাৰ আৰক্ষী থানাত ৰুজু হোৱা ৩/২৩নম্বৰ গোচৰৰ ভিত্তিত যুৱকজনক গ্ৰেপ্তাৰ কৰা হয়৷ উল্লেখযোগ্য…

ৰাজ্যত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ১২লৈ বৃদ্ধি

শতাব্দ প্ৰতিনিথি, গুৱাহাটী, ১৫ মাৰ্চঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী চিন্তাৰ আধাৰত ৰাজ্যৰ চৰকাৰে ৰাজ্যত চিকিৎসা শিক্ষা ক্ষেত্ৰখনৰ দ্ৰুত সম্প্ৰসাৰণেৰে ৰাইজৰ বাবে আধুনিক চিকিৎসা সেৱা অধিক সুলভ কৰিবলৈ অব্যাহত ৰখা প্ৰয়াসে আজি পুনৰ লাভ কৰিলে আন এক সফলতা। কোকৰাঝাৰ আৰু নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ পাছত নৱনিৰ্মিত নলবাৰী চিকিৎসা মহাবিদ্যালয়কো চিকিৎসা বিজ্ঞানৰ স্নাতক পৰ্যায়ৰ পাঠদানৰ বাবে আনুষ্ঠানিক অনুমতি প্ৰদান কৰিছে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ (এনএমচি)-এ। ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ 'মেডিকেল এছেছমেণ্ট আৰু ৰেটিং বোৰ্ড'…

চাৰিদুৱাৰত পুত্ৰৰ আক্ৰমণত নিহত পিতৃ

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,১৫মাৰ্চঃ শোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষী থানা অন্তৰ্গত এক দূৰ্গম অঞ্চল থাইগিৰিবাৰীত যোৱানিশা পিতা পুত্ৰৰ মাজত সূত্ৰপাত ঘটা বিবাদৰ পৰিণতিত পুত্ৰই চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰে পিতৃক৷ এই ঘটনাত ঘাটক পুত্ৰও আহত হয়৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি যোৱা নিশা প্ৰায় ন বজাত সুৰামত্ত অৱস্থাত থকা সাম্বাৰু বসুমতাৰী(৩০) আৰু তেওঁৰ পিতৃ নানু বসুমতাৰীৰ(৫৫) মাজত কোনো বিষয়কলৈ বিবাদৰ সুত্ৰপাত হয়৷ পূৰ্বৰে পৰা ঘৰুৱা মনোমালিন্য অব্যাহত থকা দুই পিতা-পুত্ৰ সেই সময়ত সুৰামত্ত অৱস্থাত আছিল আৰু বিবাদে পাছলৈ হতাহতিৰ ৰূপ লয়৷…

তেজপুৰত ৩২টা চোৰাং গৰু জব্দ

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,১৫মাৰ্চঃ তেজপুৰৰ শালনীবাৰী আৰক্ষী চকী অন্তৰ্গত অঞ্চলত চোৰাংভাবে কঢ়িয়াই অনা ৩২টা গৰু ট্ৰাকসহ জব্দ কৰাৰ লগতে ট্ৰাকৰ চালকজনক গ্ৰেপ্তাৰ কৰিছে৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি যোৱা নিশা প্ৰায় ১১-৩০ বজাত বালিপৰাৰ দিশৰ পৰা ১৫নম্বৰ ৰাষ্ট্ৰীয় পথৰে তেজপুৰৰ দিশে আহি থকা এন এল ০১ এচি ৪৯৯২ নম্বৰ ট্ৰাকখনত আগতীয়া তথ্যৰ ভিত্তিত তালাচী চলোৱাৰ সময়ত ইয়াত নথিপত্ৰ অবিহনে কঢ়িয়াই অনা গৰু সমূহ উদ্ধাৰ কৰা হয়৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ট্ৰাকখনৰ চালক উইলবাৰ্টচন চাংমাক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে হেণ্ডিমেন জনে পলায়ন কৰে৷ ট্ৰাক চালকজনৰ ঘৰ…