Browsing Category
অসম
তেজপুৰত একাধিক সংগঠনৰ প্ৰতিবাদঃ শিক্ষামন্ত্ৰী,অধ্যক্ষৰ পুত্তলিকাক ফাঁচিঃ দাহ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৪মাৰ্চঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱা সন্দৰ্ভত আজিও তেজপুৰত একাধিক ছাত্ৰ সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে৷ আজি চহৰখনৰ মাজমজিয়াত আছুৱে এই ঘটনাৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনৰ পুত্তলিকা ফাঁচিকাঠত ওলমাই দুয়োৰে পদত্যাগ দাবী কৰে৷শোণিতপুৰ জিলা ছাত্ৰ সন্হাৰ বিষয়ববীয়াৰ উপস্থিতিত আছুৰ প্ৰতিবাদী সদস্য সকলে এনে কাণ্ডৰ বাবে বিভাগীয় মন্ত্ৰী আৰু অধ্যক্ষৰ দায়িত্বহীনতা মূল কাৰণ বুলি অভিহিত কৰি এনে পুতলা…
৯ মাৰ্চৰ পৰা সন্ধানহীন তেজপুৰৰ ৰাষ্ট্ৰভাষা বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৪ ফেব্ৰুৱাৰী :দৰিদ্ৰ লোকৰ এজাহাৰক গুৰুত্ব নিদিয়ে নেকি তেজপুৰ আৰক্ষীয়ে? আৰক্ষী চকীত দিয়া এখন এজাহাৰৰ ভিত্তিত পাঁচদিনৰ পিছতহে এজাহাৰৰ ওপৰত আৰক্ষীয়ে গোচৰ ৰুজু কৰে নেকি? সততে তেজপুৰ আৰক্ষীৰ বিৰুদ্ধে উত্থাপিত হোৱা এনে এক অভিযোগে তেজপুৰৰ সচেতন মহলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত উত্থাপিত অভিযোগ অনুসৰি যোৱা ৯ মাৰ্চৰ দুপৰীয়া তেজপুৰ চহৰৰ মহাভৈৰৱ হোলাৰ নিজৰ ঘৰৰ সন্মুখত খেলি থকা অৱস্হাৰ পৰাই হঠাৎ নিৰুদ্দিষ্ট হৈ পৰা তেজপুৰৰ ৰাষ্ট্ৰভাষা বিদ্যালয়ৰ ৮ বছৰীয়া দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ আৰিয়ন কুমাৰ।…
লখিমপুৰত দুবৃৰ্ত্তই চাহ গছ কটাৰ ঘটনাঃ বগীনদীত আৰক্ষীয়ে নহয় ৰাইজে খেদি খেদি ধৰিলে মূল অভিযুক্তক
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৪ মাৰ্চঃ লখিমপুৰ জিলাৰ বগীনদী থানাৰ অন্তৰ্গত ভীমপৰা চাপৰিৰ হেঁচামৰাত যোৱা ৯ মাৰ্চত চাহ গছ কটা ঘটনাৰ লগত জড়িত মূল অভিযুক্ত এজনক আজি ৰাইজে ধৰি আৰক্ষীক চমজাই দিয়ে৷ বগীনদী বজাৰত বিদ্যাসিং চুংক্ৰাং নামৰ অভিযুক্তজনক একাংশ লোকে খেদি খেদি আটক কৰাৰ পিছত তেওঁক বগীনদী আৰক্ষীক চমজাই দিয়ে৷ দুৰ্ভাগ্যজনক কথা যে সেইদিনা প্ৰায় ৭ বিঘা মাটিৰ চাহ গছ কটা আৰু ট্ৰেক্টৰৰ ক্ষতিসাধন কৰা ঘটনাৰ লগত জড়িত দোষীক কৰায়ত্ত কৰাৰ বাবে বগীনদী আৰক্ষীয়ে হেমাহী কৰি অহাৰ অভিযোগ উত্থাপিত হোৱাৰ সময়তে আজি বজাৰত ৰাইজে মূল অভিযুক্ত…
প্ৰশ্নকাকত ফাদিলৰ ঘটনাঃ লখিমপুৰত ৬ পৰীক্ষাৰ্থীক আটকঃ আছুৰ প্ৰতিবাদ অব্যাহত
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৪ মাৰ্চ ঃ মেট্ৰিকৰ পৰীক্ষাত বিজ্ঞানৰ প্ৰশ্ন কাকত ফাদিল হোৱা ঘটনাৰ আঁৰত কোন জড়িত তাক লৈ অসম আৰক্ষীয়ে তৎপৰতা অব্যাহত ৰখাৰ সময়তে চি আই ডিৰ নিৰ্দেশত আজি লখিমপুৰ আৰক্ষীয়ে ৬জন পৰীক্ষাৰ্থীক আটক কৰিছে৷ জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা আটক কৰা পৰীক্ষাৰ্থীসকলক ইতিমধ্যে উত্তৰ লখিমপুৰ সদৰ থানাত আটক কৰি সোধ পোছ অব্যাহত ৰাখিছে যদিও আৰক্ষীয়ে অধিক তথ্য সদৰি কৰাৰ পৰা বিৰত আছে৷ ইফালে মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনা সন্দৰ্ভত আছুৱে আজিও প্ৰতিবাদ অব্যাহত ৰাখে৷ দোষীক কৰায়ত্ত কৰাৰ দাবী জনোৱাৰ লগতে নগৰখনৰ শ্বহীদ ভৱনৰ…
প্ৰাক্তন ছাত্ৰৰ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়লৈ পাঠ্যপুথি দান
উত্তৰ লখিমপুৰঃ ১৪ মাৰ্চঃ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ ২০০৩ বৰ্ষৰ এগৰাকী প্ৰাক্তন ছাত্ৰ সুদীপ্ত বৰুৱাই আজি মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ পুথিভঁৰালৰ বাবে কেইবাখনো পাঠ্যপুথি দান কৰে। বৰ্তমান শ্বেয়াৰ বিষেশজ্ঞ সুদীপ্ত বৰুৱাই দান কৰা গ্ৰন্থসমূহ মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ লোহিত হাজৰিকা আৰু মহাবিদ্যালয়খনৰ কেন্দ্ৰীয় পুথিভঁৰালৰ গ্ৰান্থগাৰিক ৰুণজুন বৰুৱাই আনুষ্ঠানিক ভাবে গ্ৰহণ কৰে। সেই উপলক্ষে আজি মহাবিদ্যালয়খনত অনুষ্ঠিত এক অনুষ্ঠানত শিক্ষক-কৰ্মচাৰী সকলে অংশগ্ৰহণ কৰে। অনুষ্ঠানত জ্যেষ্ঠ শিক্ষক অধ্যাপক ছাজ্জাদ হুছেইন, ৰাজেন্দ্ৰ প্ৰসাদ…
মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলঃ মুঠ ২২ জনক আটক
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৪ মাৰ্চ : মেট্ৰিক পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পৰিপ্ৰেক্ষিতত ছেবাই সোমবাৰে অনুষ্ঠিত হ’বলগীয়া বিজ্ঞানৰ পৰীক্ষা বাতিল কৰিবলগীয়া হোৱা ঘটনা সন্দৰ্ভত অসম আৰক্ষীৰ চি আই ডিয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ৷ যোৱা নিশাৰে পৰা গুৱাহাটী, উত্তৰ লখিমপুৰ, তিনিচুকীয়া, ধেমাজি, শদিয়া, ডিব্ৰুগড়ৰ একাধিক স্থানত আৰক্ষীয়ে অভিযান চলাই মুঠ ২২ ব্যক্তিক সোধপোছৰ বাবে আটক কৰে বুলি আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে সদৰী কৰিছে।
মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনা সন্দৰ্ভত তিনিচুকীয়াত আৰক্ষীৰ অভিযান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৪ মাৰ্চ : মেট্ৰিক পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পৰিপ্ৰেক্ষিতত ছেবাই সোমবাৰে অনুষ্ঠিত হ’বলগীয়া বিজ্ঞানৰ পৰীক্ষা বাতিল কৰিবলগীয়া হোৱা ঘটনা সন্দৰ্ভত অসম আৰক্ষীৰ চি আই ডিয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ৷ সোমবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়া জিলাৰ একাধিক স্থানত আৰক্ষীয়ে অভিযান চলাই কেইবাজনো ব্যক্তিক সোধপোছৰ বাবে আটক কৰে ৷ জিলাখনৰ ধলা অঞ্চলৰ পৰা সোমবাৰে আটক কৰা ৪ জন লোকক সোধপোছৰ অন্তত এৰি দিয়া বুলি সূত্ৰত প্ৰকাশ ৷ আনহাতে জাগুন অঞ্চলৰ পৰা ৪ জন ব্যক্তিক আটক কৰা বুলি…
তেজপুৰ মহিলা সমিতিৰ উদ্যোগত ইতিহাস সম্বলিত এক প্ৰদৰ্শনীৰ আয়োজন
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৩ মাৰ্চঃ তেজপুৰ মহিলা সমিতিৰ চৌহদত সমিতিৰ উদ্যোগত নৰ্থ-ইষ্ট লাইটবক্স, ইণ্ডিয়ান এছ’চিয়েশ্যন ফৰ উইমেন’ছ ষ্টাডিজ, আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ সহযোগত তেজপুৰ মহিলা সমিতিৰ ইতিহাস প্ৰতিফলিত হোৱাকৈ তেজপুৰৰ মহিলা সকলৰ এক ঐতিহাসিক আৰু পুৰালেখ প্ৰদৰ্শনী ১৬পৰা১৯ মাৰ্চলৈ অনুষ্ঠিত হ'ব বুলি তেজপুৰ মহিলা সমিতিয়ে জানিবলৈ দিছে । প্ৰদৰ্শনীখনত তেজপুৰ মহিলা সমিতিৰ কেইবাটাও দশকৰ ইতিহাসৰ স্বাক্ষৰ সম্বলিত আলোকচিত্ৰকে ধৰি সমিতিৰ নিজা পুৰালেখ, ফ্লাইয়াৰ, তথ্যচিত্ৰ প্ৰদৰ্শন আৰু অডিঅ’-স্কেপ আদিৰ ব্যৱস্থাও থাকিব।১৯২০ ৰ…
তেজপুৰৰ বিশিষ্ট চিকিৎসক, “কেকটাছ”, “কানীন” আৰু “অনুৰ” চিনেমাৰ প্ৰযোজক ডাঃ গোপেন্দ্ৰ মোহন দাসলৈ ভাৰতীয়…
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৪ ফেব্ৰুৱাৰী : তেজপুৰৰ সমাজ জীৱনৰ এগৰাকী জনপ্ৰিয় তথা মানৱ দৰদী চিকিৎসক, বিশিষ্ট সাংস্কৃতিক কৰ্মী ডাঃ গোপেন্দ্ৰ মোহন দাসলৈ ভাৰতীয় চিকিৎসা সন্হাৰ অসম ৰাজ্যিক সমিতিয়ে ২০২৩ বৰ্ষৰ "কালচাৰেল এক্সিলেঞ্চ" বঁটা প্ৰদান কৰাৰ কথা ঘোষণা কৰাত উৎফুল্ল হৈছে তেজপুৰৰ শিল্পকলা ক্ষেত্ৰখনৰ সৈতে জড়িত ব্যক্তি সকল। উল্লেখ্য যে এগৰাকী শল্য বিশেষজ্ঞ হিচাপে দীৰ্ঘদিন ধৰি তেজপুৰত চিকিৎসা সেৱা আগবঢ়াই অহা আৰু জিলাখনৰ মহকুমা চিকিৎসা বিষয়া হিচাপে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা ডাঃ গোপেন্দ্ৰ মোহন দাসে…
গীত-কবিতাৰে উমাল হৈ পৰিল তেজপুৰৰ ঐতিহ্য ক্ষেত্ৰ দ-পৰ্ব্বতীয়া শিলৰ তোৰণ উদ্যান প্ৰাংগণ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১২ মাৰ্চ : সাংস্কৃতিক চহৰ তেজপুৰৰ প্ৰাচীন ঐতিহ্য ভূমি দ-পৰ্ব্বতীয়া শিলৰ তোৰণৰ উদ্যান প্ৰাংগণ আজি গীত-কবিতা-চিত্ৰৰে উমাল হৈ পৰিল । এখনি চুটি ছবিৰ পূৰ্ণ পৰিকল্পনাৰ শুভ মুহূৰ্তক আগত ৰাখি তেজপুৰৰ অন্যতম অগ্ৰণী সাংস্কৃতিক সংস্থা মালবিকা বৰা সাংস্কৃতিক সংস্থা (এম.বি.এম.চি)য়ে তেজপুৰকে আদি কৰি বহু বিদ্যালয়ৰ পাৰদৰ্শী চিত্ৰ প্ৰতিযোগী সকলৰ মাজত অনুষ্ঠিত কৰে চিত্ৰাংকন প্ৰতিযোগিতাখনি। পুৱা দহ বজাৰ পৰা অনুষ্ঠিত চিত্ৰাংকন প্ৰতিযোগিতাত অৰ্ধ-শতাধিক ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণেৰে ঐতিহ্যভূমিখনক দৃষ্টিনন্দন কৰি তোলে।…
