Browsing Category

অসম

ৰাজ্যৰ প্ৰথমখন সংগীত শিক্ষাৰ অনুষ্ঠান জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়ক ঐতিহ্যস্থলী হিচাপে গঢ়ি তোলাৰ সিদ্ধান্ত

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১২ ফেব্ৰুৱাৰী : উঠি অহা প্ৰজন্মক সংগীত শিক্ষাৰ ক্ষেত্ৰত পাৰদৰ্শী কৰি তোলাৰ লক্ষ্যৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ১৯৪০ চনৰ ১ নবেম্বৰত গঢ়ি তোলা অসমৰ প্ৰথমখন সংগীত শিক্ষাৰ অনুষ্ঠান "জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়"ৰ আজি অনুষ্ঠিত ৮৩ সংখ্যক ত্ৰিবাৰ্ষিক সাধাৰণ সভাই ঐতিহ্য বহনকাৰী এই সংগীত শিক্ষানুষ্ঠানখনক বিশেষ কাৰ্যসূচীৰে বিশেষ ঐতিহ্যৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখ্য যে মহাবিদ্যালয়খনৰ শিক্ষাৰ্থী সকলে সংগীতৰ শিক্ষক সঞ্জয় কৃষ্ণ গোহাঞি বৰুৱা, ৰণজিৎ শৰ্মা, জয়ন্তজিৎ…

দলং নিৰ্মাণৰ দাবীত নাহৰবাৰীত কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিৰ প্ৰতিবাদঃ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১১ মাৰ্চঃ ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ নাহৰবাৰীত কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিয়ে আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ ৰাজাবাৰী চকৰ পৰা নাহৰবাৰী হৈ উলুবাৰীলৈ যোৱা অতিকৈ গুৰুত্বপূৰ্ণ পথত তথা নাহৰবাৰীত দলং নিৰ্মাণৰ দাবীত সংগঠনটোৰ কৰ্মকৰ্তাৰ লগতে স্থানীয় ৰাইজে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি অসমৰ সভাপতি প্ৰশান্ত বৈশ্যৰ নেতৃত্বত সংগঠনটোৰ কৰ্মকৰ্তা সকলে চৰকাৰে নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পালন কৰক, ৰাজাবাৰীৰ পৰা উলুবাৰীলৈ যোৱা সংযোগী পথৰ নাহৰবাৰী গাঁৱৰ…

তেজপুৰত হেৰ’ইন সহ দুজনক কৰায়ত্ত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ তেজপুৰ ১১ মাৰ্চঃ অতি উদ্বেগজনক ভাবে তেজপুৰলৈ ড্ৰাগছৰ দৰে বিষাক্ত দ্ৰব্যৰ সৰবৰাহ বৃদ্ধি পাইছে৷ আৰক্ষীৰ অভিযানত সঘনাই এনে সৰবৰাহকাৰী কৰায়ত্ত হোৱা সত্বেও ড্ৰাগছৰ এই সৰবৰাহ বন্ধ হোৱা নাই৷ আজি পুনৰ তেজপুৰৰ বৰঘাট আৰক্ষীয়ে লাভ কৰা আগতীয়া তথ্যৰ ভিত্তিত ভোমোৰাগুৰিৰ কলিয়াভোমোৰা সেতুৰ সমীপত হেৰ’ইন সহ দুজন যুৱকক হাতেলোটে কৰায়ত্ত কৰে। উল্লেখ্য যে, আৰক্ষীয়ে কলিয়াভোমোৰা সেতুৰ সমীপত চলোৱা নিয়মীয়া তালাচীৰ সময়ত এটা চাবোন কেচত ভৰাই অনা ১২.৭৯ গ্ৰাম হেৰ’ইন আৰু ১৩.২৬ গ্ৰাম ওজনৰ সন্দেহজনক হেৰ’ইনভৰ্তি আন ১০ টা প্লাষ্টিক…

অসমত ৭১.১৬ লাখ শিশুক পেলু দৰৱ খুওৱাৰ লক্ষ্য

ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱসৰ দ্বিতীয় পৰ্যায় : ৰাজধানী ৰাজ্যিক চিকিৎসালয়ত কাৰ্যসূচীৰ শুভাৰম্ভণি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

এন এছ এছ প্ৰতিপালিত প্ৰতাপগড় আদিবাসী প্ৰাথমিক বিদ্যালয়ত ৰাষ্ট্ৰীয় পেলু নির্মূলকৰণ অভিযানৰ শুভাৰম্ভণি

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ, ১০ মাৰ্চ: অসমৰ বিভিন্ন ঠাইৰ লগতে আজি লখিমপুৰ জিলাৰ বগীনদী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত প্ৰতাপগড় আদিবাসী প্ৰাথমিক বিদ্যালয়তো ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, লখিমপুৰৰ উদ্যোগত আৰু উত্তৰ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ এন এছ এছৰ আৰু উন্নত ভাৰত অভিযান কোষৰ সহযোগত ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস পালন কৰা হয় লগতে জিলাখনত পেলু নিৰ্মূলকৰণ অভিযানৰ শুভাৰম্ভ কৰা হয়। অনুষ্ঠানৰ শুভাৰম্ভ কৰে জিলাখনৰ অতিৰিক্ত মুখ্য চিকিৎসা ও স্বাস্থ্য বিষয়া ডাক্তৰ তৰুণ কুমাৰ দেউৰীয়ে। ১০ মাৰ্চৰ পৰা চলিব লগা এই…

গিনিজ ৰেকৰ্ডৰ বাবে লখিমপুৰ জিলাত বিহুৰ তৎপৰতা 

উত্তৰ লখিমপুৰ ১০মাৰ্চঃ অহা ১৪ এপ্ৰিলত গুৱাহাটীত প্ৰধান মন্ত্ৰীৰ উপস্থিতিত ১০ হাজাৰ বিহুৱতী-বিহুৱাৰ দ্বাৰা বিহু নৃত্য প্ৰদৰ্শনৰ বাবে বিশালভাৱে আয়োজন কৰা বৃহৎ অনুষ্ঠানত লখিমপুৰ জিলাৰো কেইবাশ বিহুৱা-বিহুৱতীয়ে অংশগ্ৰহণ কৰিব। জাতীয় সংস্কৃতি বিহুক বিশ্ব দৰবাৰত তুলি ধৰা আৰু  বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত স্থান পোৱাকৈ দহ হেজাৰ ঢুলীয়া-নাচনীৰে একেটা স্থানতে বিহুনাচ প্ৰদৰ্শন কৰাৰ উদ্দেশ্যে অসম চৰকাৰে গ্ৰহণ কৰা এই পদক্ষেপক কেন্দ্ৰ কৰি লখিমপুৰ জিলাতো বিশেষ তৎপৰতা গ্ৰহণ কৰা হৈছে। লখিমপুৰ জিলাৰ চাৰিটা সমষ্টিৰ বিভিন্ন স্থান ক্ৰমে লখিমপুৰ ত্যাগ…

লখিমপুৰত ধৃত চুলাই বেপাৰীয়ে পুনৰ বেহা চলোৱাত আবকাৰীৰ পৰা অনুমতিহে লাভ কৰে নেকি

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৯ মাৰ্চঃ লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তত এতিয়াও চুলাই মদৰ ৰমৰমীয়া বেহা চলি আছে৷ আবকাৰী বিভাগৰ আৰ্শীবাদতে অবৈধ চুলাই বেপাৰীয়ে এনেদৰে বেহা চলাই যোৱাৰ অভিযোগ উত্থাপিত হৈছে৷ বিশেষকৈ উত্তৰ লখিমপুৰ সদৰ চক্ৰৰ অন্তৰ্গত পানীগাঁও, আজাদ, সোণৰঢেকী, ৰংপুৰীয়া, ডিজু চাপৰি, কাকৈ, তেলাহী বান্তৌ আদিত এতিয়াও ৰমৰমীয়াকৈ চুলাই মদৰ বেহা অব্যাহত আছে৷ লখিমপুৰত কেবাবছৰ পূৰ্বে বিষাক্ত চুলাই সেৱন কৰি একেদিনাই ২০ জনৰো অধিক লোকৰ অকাল মৃত্যু ঘটাৰ পিছতো আবকাৰী বিভাগে চুলাই মদৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ নকৰা কাৰ্যই…

দুবছৰলৈ ৰাজ্যত অনুষ্ঠিত নহয় টেটঃ শিক্ষামন্ত্ৰী

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৯মাৰ্চঃ ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহত শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত এক যুগান্তকাৰী পদক্ষেপ হিচাপে পৰিগণিত হোৱা টেট পৰীক্ষা আগন্তুক দুবছৰলৈ অনুষ্ঠিত নহয়৷তেজপুৰত এই কথা সদৰী কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।তেওঁ প্ৰকাশ কৰে যে, চৰকাৰী বিদ্যালয়ত বৰ্তমান ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি হৈছে আৰু শিক্ষা বিভাগৰ ১২ হেজাৰ খালী পদৰ ভিতৰত আঠ হেজাৰ পদ পুৰণ কৰা হ'ব।উল্লেখযোগ্য যে,মুখ্যমন্ত্ৰীৰ লগতে তেজপুৰত উপস্থিত হোৱা শিক্ষামন্ত্ৰী জনে সংবাদ মাধ্যমৰ আগত কয় যে, অহা দুবছৰলৈ ৰাজ্যত টেট অনুষ্ঠিত নহয়। শিক্ষাবিভাগৰ…

আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি লখিমপুৰত চাইকেল সজাগতা ৰেলিঃ কৰ্মশালা অনুষ্ঠিত

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ, ৯ মাৰ্চঃ আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি লখিমপুৰ জিলা প্ৰশাসন,মহিলা আৰু শিশু কল্যাণ বিভাগ, লখিমপুৰৰ উদ্যোগত আৰু জিলা মহিলা সৱলীকৰণ কেন্দ্ৰ, লখিমপুৰৰ সৌজন্যত "বেটি বচাও, বেটি পঢ়াও" আচঁনিখনৰ সম্পর্কত সজাগতাৰ উদ্দেশ্যে আজি পুৱা ৬.৩০ বজাত এক সজাগতা মূলক চাইকেল ৰেলী উলিওৱা হয় । লখিমপুৰ আবৰ্ত ভৱনৰ পৰা উলিওৱা উক্ত সজাগতা ৰেলি আনুষ্ঠানিকভাবে উদ্বোধন কৰে জিলা উপায়ুক্ত সুমিত সত্তৱানে। উদ্বোধনী অনুষ্ঠানত জিলা ক্ৰীড়া বিভাগৰ বিষয়াসকল, জিলা প্ৰশাসনৰ সহকাৰী আয়ুক্তসকল, চক্ৰ বিষয়াসকল, জিলা মহিলা সৱলীকৰণ…