Browsing Category

অসম

অসম ডন বস্কো বিশ্ববিদ্যালয় (এডিবিইউ)লৈ ই-নৰ্থ ইষ্ট বঁটা

গুৱাহাটী,৩০ নৱেম্বৰ : অসম ডন বস্ক’ বিশ্ববিদ্যালয়ৰ মহিলা সৱলীকৰণ কোষ ‘ভনিতাগ্ৰাতা (VanitAgrata)’ই সামাজিক আৰু বিত্তীয় শাখাৰ অধীনত ২০২৩ চনৰ ই-নৰ্থ ইষ্ট বঁটা লাভ কৰিছে। ২৪ আৰু ২৫ নৱেম্বৰত কাউন্সিল ফৰ ছ’চিয়েল এণ্ড ডিজিটেল ডেভেলপমেণ্ট (চি এছ ডি ডি), ডিজিটেল এম্পাৱাৰমেণ্ট ফাউণ্ডেশ্যন (ডি ই এফ) আৰু নৰ্থ ইষ্ট ডেভেলপমেণ্ট ফাউণ্ডেশ্যনৰ যৌথ উদ্যোগত গুৱাহাটীত অষ্টম ই-নৰ্থ ইষ্ট এৱাৰ্ড ২০২৩ অনুষ্ঠিত হয় । ই-নৰ্থ ইষ্ট বঁটাৰ জৰিয়তে ২০১০ চনৰ পৰা ভাৰতৰ উত্তৰ-পূব অঞ্চলত বহনক্ষম উন্নয়নৰ বাবে উদ্ভাৱনীমূলক ডিজিটেল সমাধানক স্বীকৃতি আৰু প্ৰচাৰ…

বৰ্ষীয়ান সমাজকৰ্মী-মৌজাদাৰ চন্দ্ৰকান্ত দলেৰ দেহাৱসান

গোগামুখ, ৭ নবেম্বৰঃ মৌজাদাৰ, বৰ্ষীয়ান সমাজকৰ্মী, ধেমাজি জিলাৰ গোগামুখ ওখমাটি নিৱাসী চন্দ্ৰকান্ত  দলেৰ কালি সোমবাৰে নিশা ১১-৩০ বজাত  দেহাৱহান ঘটিছে ৷ মৌজাদাৰ, সমাজকৰ্মী চন্দ্ৰকান্ত দলেৰ  জন্ম হৈছিল  ১৯৩৪ চনত ৷  তেওঁৰ পিতৃৰ নাম আছিল প্ৰয়াত গণেশ পাতিৰি দলে আৰু মাতৃৰ নাম আছিল প্ৰয়াত আন্দহ দলে ৷ ১৯৪২ চনত মৌজাদাৰ তথা বৰ্ষীয়ান সমাজকৰ্মী চন্দ্ৰকান্ত দলেয়ে তেতিয়াৰ লখিমপুৰ জিলাৰ তৰাজান প্ৰাথমিক বিদ্যালয়ত 'ক' আৰু ১৯৪৩ চনত পথালিপাম আনন্দ বাগান প্ৰাথমিক বিদ্যালয়ত 'খ' শ্ৰেনীলৈকে অধ্যয়ন কৰিছিল ৷ ১৯৪৭ চনত গোগামুখ চাউলধোৱা এম ই স্কুলত…

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱ আৰম্ভ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ ২ নৱেম্বৰঃ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱৰ আজি সামৰণি অনুষ্ঠানত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাৰ দিশত অপৰিসীম অৱদান আগবঢ়োৱা মহান ব্যক্তিসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষাবিদ, নীতি নিৰ্ধাৰক আৰু মন্ত্ৰীসকলৰ অংশগ্ৰহণেৰে হোৱা আলোচনা চক্ৰৰে শুভাৰম্ভ হয়। আজিৰ পৰা তিনিদিনীয়াকৈ উদযাপিত হ'ব লগিয়া কাৰ্য্যসূচীৰ প্ৰথম দিনটোৰ আৰম্ভণিতে সোণালী জয়ন্তী উদযাপনৰ মূল তোৰণ উদ্বোধন কৰে, নতুন দিল্লীৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচায্য ড০…

তিনিচুকীয়াত বিংশতম শাৰদা ট্ৰফী প্ৰদান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৩০ অক্টোবৰ : শাৰদীয় দুৰ্গোৎসৱৰ লগত সংগতি ৰাখি প্ৰতিবছৰৰ দৰে এইবাৰো বিংশতম শাৰদা ট্ৰফী এক ভব্য অনুষ্ঠানৰ জৰিয়তে স্বৰ্গীয় শাৰদা দেৱী খৈতান মেম'ৰিয়েল ট্ৰাষ্টৰ দ্বাৰা তিনিচুকীয়াত দেওবাৰে প্ৰদান কৰা হয় ৷ প্ৰয়াত শাৰদা দেৱী খৈতানৰ পবিত্ৰ স্মৃতিত বিগত ২০০৪ চনৰ পৰা এই বটা আৰম্ভ কৰা হৈছিল ৷ দেওবাৰে তিনিচুকীয়াৰ বৰদলৈ নগৰস্থিত উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক কেন্দ্ৰত আড়ম্বৰপূৰ্ণভাৱে বিজয়ী পূজা সমিতিসমূহৰ মাজত বটা বিতৰণ কৰা অনুষ্ঠানত অতিথি হিচাপে স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণ, জিলা…

নদীবান্ধৰ সন্দৰ্ভত আলফাৰ দুটা প্ৰস্তাব

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৩০ অক্টোবৰঃ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বাবে এন. এইচ. পি. চিয়ে নিৰ্মাণ কৰা বৃহৎ নদীবান্ধে ভৱিষ্যতে কঢ়িয়াই আনিব পৰা ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্মাণৰ আগৰ পৰাই “সংযুক্ত মুক্তি বাহিনী, অসম ” সংগঠনে ইয়াৰ বিৰোধিতা কৰি আহিছে আৰু আজিও তাৰ বিৰোধিতা কৰে৷ কিন্তু একাংশ ৰাজনৈতিক নেতা, বুদ্ধিজীৱী, দল-সংগঠনৰ স্বাৰ্থপৰায়ণ নেতাৰ বাবে নিৰ্মাণ কৰ্তৃপক্ষই বান্ধটো প্ৰায় সম্পূৰ্ণ কৰিবলৈ সফল হ’ল৷ বিগত কেইমাহমানৰ পৰা ধাৰাবাহিকভাৱে উক্ত বান্ধত বহু ঘটনা সংঘটিত হৈ আহিছে আৰু একাধিকজনৰ জীৱন নাশ হৈছে৷ সম্প্ৰতি পাহাৰৰ…

সোৱণশিৰিৰ নামনিৰ বক্ষত পৰি ৰ’ল বহু মাছ-কাছ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৮ অক্টোবৰঃ গেৰুকামুখত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত শুকুৰবাৰে সংঘটিত হোৱা অঘটনৰ ফলত অভাৱনীয় হাৰত শুকাই যোৱা সোৱণশিৰি নদীত থকা মাছ কাছৰ লগতে জলপ্ৰাণী সমূহৰ অপমৃত্যু ঘটিছে৷ হঠাতে পাহাৰ খহি ডাইভাৰচন টাৰ্নেলৰ সন্মুখভাগ পাহাৰৰ মাটিয়ে পুতি পেলোৱাৰ ফলত সোৱণশিৰিৰ জলধাৰা প্ৰবাহ বন্ধ হৈ পৰাত নামনিত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ আজি পুৱাৰ ভাগত সোৱণশিৰিৰ নামনিত বিশেষকৈ পূৱতেলাহী, লোহিত খাবলু, মহাইজান, ঘূনাসুঁতি, ঘাগৰ কলাখোৱা, এছেৰাকটা, চাউলধোৱা আদিত সোৱণশিৰিৰ বালিচৰত মাছ-কাছৰ ব্যাপক অপমৃত্যু ঘটা…

নৰ্দমাসদৃশ পানীৰে সোৱণশিৰি বৈছে

শতাব্দ প্ৰতিবেদক, গোগামুখ ২৮ অক্টোবৰঃ গেৰুকামুখত নিৰ্মাণ কৰা ২০০০ মেগাৱাট শক্তি সম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বাবে এন এইচ পি চিয়ে হত্যা কৰিলে চিৰ প্ৰবাহমান সোৱণশিৰি নৈক ৷ এতিয়া আৰু নদীখনে ইচ্ছামতে বৈ নাযায় আৰু নিৰ্মল, বিশুদ্ধ জলধাৰাও নাথাকিব৷ কালি পুৱা প্ৰায় ৯ বজাত (এন এইচ পি চিৰ মতে ১১-৩০) নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাষতে থকা ১ নং ডাইভাৰছনেল টানেল খহি টানেলটো বন্ধ হৈ পৰিছিল৷ ফলত সোৱণশিৰি নদীৰ গতি স্তব্ধ হৈ পৰিছিল ৷ নদীখনৰ গতি স্তব্ধ হৈ পৰাত নৈপৰীয়া ৰাইজৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি হৈছিল৷ এতিয়াও…

তেজপুৰৰ মহাভৈৰৱ কোঅপাৰেটিভ আৰবান বেংকক লেনদেনত বাধা ৰিজাৰ্ভ বেংকৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৯অক্টোবৰঃ তেজপুৰস্হ মহাভৈৰৱ কো অপাৰেটিভ আৰবান বেংক লিমিটেডক ৪৫দিনলৈ কোনোধৰণৰ বিত্তীয় লেনদেন কৰাত বাধা আৰোপ কৰিছে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই৷ উল্লেখযোগ্য যে,সমবায় বেংকটোত ৰিজাৰ্ভ বেংকৰ হিচাপ পৰীক্ষাৰ সময়ত পোহৰলৈ অহা বিত্তীয় খেলিমেলিৰ বাবেই এই নিৰ্দেশ দিয়াৰ পিছতেই গ্ৰাহকসকলৰ মাজত চৰম অনিশ্চয়তাই বিৰাজ কৰিছে৷ উল্লেখযোগ্য যে,বেংকটোৱে প্ৰায় আঠ কোটিৰ অধিক টকাৰ ঋণ পৰিশোধ কৰিব নোৱাৰাৰ বাবে ৰিজাৰ্ভ বেংকে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি প্ৰকাশ কৰিছে বেংক কৰ্তৃপক্ষই৷ উল্লেখযোগ্য যে, ১৩ অক্টোবৰৰ পৰা অহা ২৭…

তেজপুৰত ব্যৱসায় প্ৰতিষ্ঠানৰ বাংলা ভাষাৰ ফলকত কলা ৰং সানিলে আছুৱে

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৯ অক্টোবৰঃ তেজপুৰৰ মাজমজিয়াৰ কছাৰীগাঁও চাৰিআলিত দুখনকৈ বৃহৎ ব্যৱসায়িক প্ৰতিষ্ঠানে অসমীয়া ভাষাৰ পৰিৱৰ্তে বাংলা ভাষা ব্যৱহাৰ কৰাক লৈ তেজপুৰ আঞ্চলিক আৰু শোণিতপুৰ জিলা ছাত্ৰ সন্হাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ উল্লেখযোগ্য যে, মূল পথৰ দাঁতিৰ এই দুখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ তেনেই সামান্য পাৰ্কিং ব্যৱস্থা থকাৰ বিপৰীতে ইয়ালৈ অহা অধিকাংশ যানবাহনেই পথৰ দাঁতিত ৰখাই গুৰুত্বপূৰ্ণ আৰু অতি ব্যস্তপূৰ্ণ অঞ্চলটোত নিতৌ যানজঁটৰ সৃষ্টি কৰি আহিছে৷ শেহতীয়াকৈ বজাৰ কলকতা নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখন নতুনকৈ মুকলি কৰা…

বিহংগবন্ধুৰ উদ্যোগত এল. টি. কে মহাবিদ্যালয়ত সৰ্প সজাগতা সভা

উত্তৰ লখিমপুৰ, ১৯ অক্টোবৰঃ "বিহংগবন্ধু"ৰ উদ্যোগত লখিমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ৰ Science Forum ৰ সহযোগত ১৭ অক্টোবৰৰ দিনৰ ১১ বজাত মহাবিদ্যালয়খনৰ কনফাৰেন্স হ'লত এখন সৰ্প, সৰ্প দংশন আৰু সজাগতা সভা অনুস্থিত হৈ যায়৷ সভাখন অনুস্থিত হয় ৷ অনুষ্ঠানটো Sponsor কৰে DBT NER Advance Lavel Institutional Biotech Hub, ছয়দুৱাৰ কলেজে। সভাখনত উপস্থিত থাকে লখিমপুৰ বনবিষয়া অশোক কুমাৰ দেৱ চৌধুৰী, প্ৰকৃতি সংৰক্ষণৰ লগত জড়িত AWRROৰ দেৱজিত মহন্ত, ছয়দুৱাৰ কলেজৰ ৰঞ্জিত কাকতি আৰু আজিজ আহমেদ, Wildheart Foundationৰ সদস্য নিকু দাস, ইউটিউবাৰ অৰ্পন…