Browsing Category

অসম

ঢকুৱাখনাত ১১,১০৭ টা পৰিয়ালক নতুন ৰেচন কাৰ্ড বিতৰণ মন্ত্ৰী অতুল বৰাৰ

শতাব্দ ,লখিমপুৰ ১৮ জানুৱাৰীঃ ৭৭নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আজি অসম চৰকাৰৰ কৃষি আৰু পশুপালন আৰু পশু চিকিৎসা ইত্যাদি বিভাগৰ মন্ত্ৰী তথা লক্ষীমপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন, ২০১৩ ৰ অধীনত ৭৭নং ঢকুৱাখনা বিধানসভা সমষ্টিত আনুষ্ঠানিকভাৱে নতুন ৰেচন কাৰ্ড বিতৰণ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে। উল্লেখ্য যে সমগ্ৰ ৰাজ্যখনতে খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীনত নতুনকৈ ৰেচন কাৰ্ড লাভ কৰা পৰিয়ালসমূহক যোৱা ১৬ জানুৱাৰীৰ পৰা ৰেচন কাৰ্ড প্ৰদান কৰি…

ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় নাট সমাৰোহ সম্পন্ন

শতাব্দ প্ৰতিনিধি, ১৮ জানুৱাৰীঃ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনৰ পূৰ্বাঞ্চল সাংস্কৃতিক কেন্দ্র, কলকতাৰ দ্বাৰা ফুলবাৰী বোকানদী  অভিনৱ থিয়েটাৰৰ সহযোগত অভিনৱ থিয়েটাৰ প্ৰকল্পত যোৱা  ১৬ আৰু ১৭ জানুৱাৰীত ৰংগ যাত্ৰা শীৰ্ষক এক ৰাষ্ট্ৰীয় নাট সমাৰোহ অনুষ্ঠিত হয়। এই নাট সমাৰোহৰ প্ৰথম দিনা সন্ধিয়া ৬ বজাত উদ্বোধনী অনুষ্ঠান অনুস্থিত কৰাৰ লগতে বিহাৰৰ আৰাৰ প্ৰভাৱ ক্ৰীয়েটিভ চছাইটিৰ শিল্পীসকলে মনোজ কুমাৰ সিঙৰ পৰিচালনাত ভিক্ষাৰী ঠাকুৰৰ ৰচিত ভোজপুৰী ভাষাৰ কালজয়ী নাটক “গংগা স্নান” মঞ্চস্থ কৰে। লগতে কলিকতাৰ নৃত্য দলে লোকনৃত্য পৰিবেশন কৰে।…

কুকুৰৰ ক্লিনিকঃ লখিমপুৰত “দ্যা পেটচ হাউচ” মুকলি

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৮ জানুৱাৰীঃ কুকুৰ ভালপোৱা সকলৰ বাবে সুখবৰ। উত্তৰ লখিমপুৰ নগৰত আজি নতুনকৈ মুকলি হল কুকুৰৰ বাবে এখন ক্লিনিক-দোকান। এই দোকানত কুকুৰৰ সকলোধৰণৰ খাদ্য সামগ্ৰী, ঔষধ, সাজ সজ্জা তথা বন্ধনৰ সামগ্ৰী উপলব্ধ হ'ব। তদুপৰি অভিজ্ঞ পশু চিকিৎসকৰ দ্বাৰা কুকুৰৰ যতন, চিকিৎসা আৰু টীকাকৰণ কৰা হ'ব। উত্তৰ লখিমপুৰৰ পৰ্যটন উদ্যোগী প্ৰয়াত দেৱজিৎ গগৈৰ স্মৃতিত পৰিয়ালে "দ্যা পেটচ হাউচ" নামৰ কুকুৰৰ বাবে অত্যাধুনিক ক্লিনিকখন প্ৰতিষ্ঠা কৰিছে। উত্তৰ লখিমপুৰৰ গাৰ্লচ হাইস্কুল ৰোডত আজি সন্ধিয়া ক্লিনিকখন মুকলি কৰে লখিমপুৰৰ বিধায়ক মানৱ…

ভোগালী বিহুৰ উপলক্ষে পৰেশ বৰুৱাৰ শুভেচ্ছা 

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৩ জানুৱাৰীঃ  ভোগালী বিহু উপলক্ষে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই ৰাজ্যবাসীলৈ শুভেচ্ছা জনাইছে। এক ই মেইল বাৰ্তাত বৰুৱাই কয়--  অসমৰ থলগিৰি জাতি তথা সমাজ জীৱনৰ আয়ুসৰেখা কেউটি বিহু৷ বিগত বৰ্ষবোৰৰ দৰে এই বছৰো ঢেঁকীৰ মাতে ধৰণী কঁপাই আদৰি আনিছে কৃষিজীৱী চহা সমাজৰ হেঁপাহৰ ভোগালী বিহুটি; য’ত সংপৃক্ত হৈ আহে প্ৰাপ্তিৰ আনন্দ৷ “সংযুক্ত মুক্তি বাহিনী, অসম ” সংগঠনৰ সভাপতিৰ আসনৰ পৰা জেনেৰেল পৰেশ অসম (সভাপতি, উচ্চতম পৰিষদ সংযুক্ত মুক্তি বাহিনী, অসম সেনা প্ৰধান সংযুক্ত মুক্তি ফৌজ, অসম [স্বাধীন ) হেঁপাহৰ ভোগালীৰ এই শুভ…

প্ৰথম বৰ্ষতে এম বি বি এছৰ চূড়ান্ত পৰীক্ষাত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ কৃতিত্ব

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ১৩ জানুৱাৰীঃ ৰাজ্যৰ স্বাস্থ্যখণ্ডত নতুন সংযোজনেৰে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত এম বি বি এছৰ পাঠ্যক্ৰম অন্তৰ্ভুক্তি কৰাৰ পিছত চলিত বৰ্ষৰ ১০ জানুৱাৰীত এম বি বি এছৰ প্ৰথম বৰ্ষৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হয়৷ শ্ৰীমন্ত শঙ্কৰদেৱ ইউনিভাছিটি অফ হেলথ চাইন্স এ ঘোষণা কৰা ফলাফলত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত অধ্যয়ন কৰা তিনি শিক্ষাৰ্থীয়ে অসমৰ ১০ টা স্থানৰ ভিতৰত স্থান দখল কৰিবলৈ সক্ষম হয় ৷ মুঠ ১০০ জন শিক্ষাৰ্থীয়ে চিকিৎসা মহাবিদ্যালয়খনৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পিছত ইয়াৰে ৯৮ জনেই সুখ্যাতিৰে উত্তীৰ্ণ…

লখিমপুৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱৰ প্ৰস্তুতি তুংগত

৭০ খন মহাবিদ্যালয়ৰ যোগদান নিশ্চিত ৫০ শিতানত প্ৰতিযোগিতা ১৫০০ প্ৰতিযোগীৰ মাজত হ'ব শ্ৰেষ্ঠত্বৰ যুঁজ ৬০ লক্ষাধিক টকাৰ বাজেট ৬ টা মঞ্চত একেধাৰে চলিব প্ৰতিযোগিতা শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১২ জানুৱাৰীঃ সোৱণশিৰি আৰু ৰঙানদী উপত্যকাৰ উৰ্বৰা ভূমি উত্তৰ লখিমপুৰৰ এক অগ্রণী শিক্ষানুষ্ঠান এল.টি.কে. মহাবিদ্যালয়ৰ উদ্যোগত অহা ২২, ২৩, ২৪ আৰু ২৫ জানুৱাৰীত ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্তঃমহাবিদ্যালয় যুব মহোৎসৱ অনুষ্ঠিত হব। এল.টি.কে. মহাবিদ্যালয়ৰ বিশাল আৰু সেউজ পৰিৱেশৰ ড° ভূপেন হাজৰিকা সমন্বয় ক্ষেত্রত অনুষ্ঠিত হ'ব এইবাৰৰ যুৱ মহোৎসৱ।…

লখিমপুৰ জিলা হিল্লাল কমিটি গঠন

শতাব্দ, লখিমপুৰ, ৮ জানুৱাৰীঃ কালি দুপৰীয়া লখিমপুৰ বৰ মছজিদত অনুষ্ঠিত এখন ৰাজহুৱা সভাত 'লখিমপুৰ জিলা হিল্লাল কমিটি' খন গঠন কৰা হয় । এই উপলক্ষে আয়োজিত ৰাজহুৱা সভাখনত সভাপতিত্ব কৰে ডক্টৰ আব্দুল মান্নানে । সভাত অংশ গ্ৰহণ কৰি আলহজ চামছুল হুছেইন, চাদিকুল হুছেইন, আচান আলি, ৰাতুল হুছেইন, ইমাদুচ চালাম হাজৰিকা, ভিক্টৰ আহমেদ, ৰূপতি হাজৰিকা আদিয়ে ভাষণ ৰাখে। ইয়াৰ পিছত সৰ্বসন্মতিক্ৰমে আলহজ চামচুল হুছেইনক সভাপতি, কামৰুল হুছেইনক সম্পাদক হিচাপে লৈ এখন জিলা কমিটি গঠন কৰা হয় । ইয়াত মতিউৰ ৰহমানক কাৰ্যকৰী সভাপতি আৰু ডক্তৰ আব্দুল মান্নান,আচান…

আলফাৰ শিবিৰত ভয়ংকৰ বোমা আক্ৰমণ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৮ জানুৱাৰীঃ “সংযুক্ত মুক্তি বাহিনী, অসম ” চমুকৈ আলফাৰ ম্যানমাৰস্থিত এটা চলমান শিবিৰত কালি ৭ জানুৱাৰীত তিনিবাৰকৈ ড্ৰোণৰ জড়িয়তে বোমাৰ আক্ৰমণ সংঘটিত হয় ৷ সংযুক্ত মুক্তি বাহিনী, অসম প্রচাৰ বিভাগৰ সদস্য কেপ্তেইন ৰুমেল অসমে এক বিবৃতিৰে জনোৱা মতে প্ৰথমটো বোমা আক্ৰমণ আবেলি ৪:১০ বজাত, দ্বিতীয়টো ৪:১২ বজাত আৰু তৃতীয়টো ৪:২০ বজাত সংঘটিত হয় যদিও তৃতীয়টো বিস্ফোৰিত নহোৱাৰ বিপৰীতে অন্য দুটা আক্ৰমণত আলফাৰ দুজন সদস্য সামান্যভাৱে আহত হয়৷ এই আক্ৰমণ ভাৰতে কৰা বুলি দাবী কৰি বিবৃতিটোত আলফাই কয়--ঔপনিৱেশিক ভাৰত ৰাষ্ট্ৰই…

‘বিয়লি’ত ‘দিমেনচিয়া’ ৰোগ চিকিৎসা-সেৱা কেন্দ্ৰ মুকলি

শতাব্দ, লখিমপুৰ, ৩ জানুৱাৰীঃ আজি তীৰ্থেশ্বৰ হাজৰিকা স্মাৰক ন্যাসৰ উদ্যোগত 'বিয়লি'ত 'দিমেনচিয়া' ৰোগ চিকিৎসা-সেৱা কেন্দ্ৰটো ন্যাসৰ কাৰ্যালয় প্ৰাঙ্গনতে শুভ-উদ্বোধন কৰা হয় । ন্যাসৰ হৈ সভাখনত সভাপতিত্ব কৰে বিৰিঞ্চি প্ৰসন্ন হাজৰিকাই । কেন্দ্ৰটো মুকলি কৰে ডাঃ ছামিউল আখতাৰ বৰবৰাই । অহা ১৩ জানুৱাৰী, শনিবাৰে দিনৰ ১০ বজাৰ পৰা 'বিয়লি'ত ডিমেনচিয়া ৰোগ পৰীক্ষা কৰা হ'ব আৰু সেইদিনাৰ পৰাই চিকিৎসাও আৰম্ভ কৰা হ'ব । ইচ্ছুক কোনো ৰোগী বা তেওঁলোকৰ অভিবাবক সকলে সেইদিনা 'বিয়লি'লৈ আহি সকলো কথা জানিব পাৰিব। গতিকে উদ্যোক্তা সকলে সেইদিনা সংশ্লিষ্ট সকলোকে…

লক্ষীমপুৰৰ প্রবীণ খেলুৱৈৰ কৃতিত্ব

শতাব্দ, লক্ষীমপুৰ, ৩ জানুৱাৰীঃ যোৱা ২৭ৰ পৰা ৩০ ডিচেম্বৰলৈ যোৰহাটত অনুষ্ঠিত ৰাজ্যিক প্রবীণ ক্ৰীড়া প্রতিযোগিতাত লক্ষীমপুৰৰ প্রতিযোগীসকলে বিশেষ কৃতিত্বৰে জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। দলীয় ভিত্তিত খেলুৱৈসকলে মুঠ ২৫ টা স্বৰ্ণ পদক, ৰূপৰ পদক ১৩ টা আৰু ব্ৰঞ্জৰ ২৯ টা (মুঠ ৬৭ টা পদক অর্জন কৰিবলৈ সক্ষম হয়। ইয়াৰ ভিতৰত পবিত্র দাসে দুটা সোণৰ পদক, কুঞ্জ দত্তই ২ টা সোণৰ, উমাকান্তি নৰহে দুটা সোণৰ আৰু এটা ব্ৰঞ্জৰ, ৮০ বছৰ ঊর্দ্ধৰ সুৰেশ গগৈয়ে দুটা সোণৰ, ৯৩, বছৰ ঊর্দ্ধৰ হলধৰ দুৱৰাই দুটা সোণৰ আৰু এটা ৰূপৰ, ৭৫ বছৰ ঊর্দ্ধৰ হৰেন ডেকাই…