Browsing Category

অসম

ধলপুৰত বনভোজ খাবলৈ গৈ ব্ৰহ্মপুত্ৰত ডুবিলঃ বাহন চি আৰ পি এফ জোৱানৰ কৰুণ মৃত্যু

 শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ২ ডিচেম্বৰঃ পহিলা জানুৱাৰীৰ দিনাই লুইতৰ চাপৰিত বনভোজ খাবলৈ গৈ অকালতে প্ৰাণ হেৰুৱালে ধলপুৰৰ বড়িগাঁৱৰ যুৱক তথা চি আৰ পি এফৰ জোৱান শ্ৰীমন্ত শইকীয়াই ৷ ঘটনাৰ বিৱৰণী অনুসৰি সোমবাৰে পহিলা জানুৱাৰী উপলক্ষে দিল্লীত কৰ্মৰত চি আৰ পি এফৰ জোৱান তথা ধলপুৰৰ যুৱক শ্ৰীমন্ত শইকীয়াই পৰিয়ালসহ ব্ৰহ্মপুত্ৰৰ চাপৰিত বনভোজ খাবলৈ যায়৷ পৰিয়ালটোৱে বনভোজ খাই ঘূৰি অহাৰ পথত ধলপুৰ জামুগুৰিৰ সমীপত তথা ব্ৰহ্মপুত্ৰ মথাউৰিৰ ওপৰেৰে গৃহাভিমুখে আহি থকাৰ পথত সন্ধিয়া জামুগুৰি ঘাটৰ সমীপত শইকীয়াৰ  বাহনখন দুৰ্ঘটনাত পতিত হয়৷ শ্ৰীমন্ত…

তৃতীয় বৰ্ষত ‘শতাব্দ’

২০২২ চনৰ পহিলা জানুৱাৰীত আৰম্ভ হোৱা 'শতাব্দ ডি জি মিডিয়া'ই আজি তৃতীয় বৰ্ষত ভৰি দিলে। 'শতাব্দ'ৰ গ্ৰাহক, পঢ়ুৱৈ, বিজ্ঞাপনদাতালৈ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ২০২৪ বৰ্ষটো হওঁক সকলোৰে বাবে মঙ্গলময়। 'শতাব্দ'ৰ অবিৰত যাত্ৰাত আপোনালোকৰ সহায়-সহযোগ আমাৰ বাবে পাথেয় হৈ ৰব। পৰিচালন সঞ্চালক 'শতাব্দ'  

লখিমপুৰৰ বিদূষী মহিলা দেৱবালা ৰয়ৰ দেহাৱসান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৬ ডিচেম্বৰঃ লখিমপুৰৰ শৈক্ষিক জগতৰ এগৰাকী বিদূষী মহিলা দেৱবালা ৰয়ৰ ২৫ ডিচেম্বৰৰ পুৱতি নিশা প্ৰায় ৮৮ বছৰ বয়সত দেহাৱসান ঘটে। লখিমপুৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উপাধ্যক্ষাৰূপে অৱসৰ গ্ৰহণ কৰা ৰয়ে পিছৰ পৰ্যায়ত লখিমপুৰৰ প্ৰথমখন চি বি এছ ইৰ বিদ্যালয়-- সংগম একাডেমীৰ শৈক্ষিক উপদেষ্টাৰূপে কাৰ্যনিৰ্বাহ কৰি শৈক্ষিক জীৱনলৈ প্ৰভূত বৰঙণি আগবঢ়াই থৈ গৈছে।স্বৰাজোত্তৰ ভাৰতৰ লখিমপুৰৰ প্ৰথমগৰাকী বিধায়ক হেমচন্দ্ৰ হাজৰিকাৰ তৃতীয় কন্যা তথা লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ ভূতপূৰ্ব অধ্যক্ষ মোহন চন্দ্ৰ ৰয়ৰ…

বৰ্ণাঢ্য ৰূপত ‘বিয়লি’ৰ দ্বাদশ বৰ্ষপূৰ্তি অনুষ্ঠিত

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৩ ডিচেম্বৰঃ মহাত্মা গান্ধীৰ চিতাভস্মৰ পাত্ৰটো শিৰত লৈ সমদলটোৰ সন্মুখত মানুহজন। সুদীৰ্ঘ জীৱন স্বাধীনতা সংগ্ৰামত লাগি লাগি স্বাধীনতাৰ স্বাদ পোৱাৰ পিছতে হঠাৎ মহাত্মা গান্ধীক হত্যা কৰা বিষয়টোৱে তেখেতক গভীৰভাবে আঘাত দিলে। সেয়ে জাতিৰ পিতাৰ চিতাভস্ম শিৰত লৈ সমদলৰ নেতৃত্ব দিয়া মুহূৰ্ততে মানুহজনে ললে এক কঠোৰ সিদ্ধান্ত--তেওঁ বাকীচোৱা জীৱনত আৰু দাড়ি-চুলি নাকাটে। ১৯৪৮ চনত উত্তৰ লখিমপুৰত সেই কঠোৰ সিদ্ধান্ত লৈ ১৯৮৫ চনত দেহাৱসান ঘটালৈকে চুলি-দাড়ি নকটা সেই ব্যক্তিজনেই আছিল--লখিমপুৰৰ সেই সময়ৰ নেতৃস্থানীয়…

পুৰণি পেন্সন পদ্ধতি প্ৰৱৰ্তন কৰিবলৈ দাবী চৰকাৰী পেন্সনাৰ সন্থাৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৮ ডিচেম্বৰঃ চাকৰি কালত চৰকাৰে আমাক দৰমহা দিছিল, এতিয়া আমি পেন্সনাৰ হিচাপে পেন্সন পাও, মই ঢুকাই গ'লে মোৰ পত্নীয়ে পেন্সন পাব। ইয়াৰ পিছত আমি নিজকে অন্তৰ্দৃষ্টিৰে সোধা উচিৎ--চাকৰি কালত আমি সৎভাবে নিজ কৰ্ম সম্পাদন কৰিছিলো নে? ---এই ভাষ্য শিক্ষাবিদ নবীন দত্তৰ। আজি উত্তৰ লক্ষীমপুৰ পেন্সনাৰ সন্থাৰ অধিৱেশনৰ নিৰ্দিষ্ট বক্তাৰূপে শিক্ষাবিদ গৰাকীয়ে এইদৰে কয়। তেঁও লগতে কয়-চৰকাৰে পেন্সন দিয়াৰ ক্ষেত্ৰত যেনেদৰে দায়ৱদ্ধ, ঠিক তেনেকৈ চৰকাৰী বিষয়া-কৰ্মচাৰীয়েও চাকৰি দায়বদ্ধতাৰে কৰা উচিৎ। চৰকাৰী পেন্সনাৰ সন্থা,…

লখিমপুৰৰ নতুন জিলা আয়ুক্ত

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৩০ নৱেম্বৰঃ ৰাজ্য চৰকাৰে এক নিৰ্দেশনা যোগে আজি লখিমপুৰত নতুন জিলা আয়ুক্তৰূপে গায়ত্ৰী দেৱীদাস হ্যাইলিঙ্গেক নিযুক্তি দিছে। একেটা নিৰ্দেশনাতে বৰ্তমানৰ জিলা আয়ুক্ত সুমিত চত্তাৱানক কামৰূপ মহানগৰ জিলা আয়ুক্তৰূপে বদলি কৰিছে।

অসম ডন বস্কো বিশ্ববিদ্যালয় (এডিবিইউ)লৈ ই-নৰ্থ ইষ্ট বঁটা

গুৱাহাটী,৩০ নৱেম্বৰ : অসম ডন বস্ক’ বিশ্ববিদ্যালয়ৰ মহিলা সৱলীকৰণ কোষ ‘ভনিতাগ্ৰাতা (VanitAgrata)’ই সামাজিক আৰু বিত্তীয় শাখাৰ অধীনত ২০২৩ চনৰ ই-নৰ্থ ইষ্ট বঁটা লাভ কৰিছে। ২৪ আৰু ২৫ নৱেম্বৰত কাউন্সিল ফৰ ছ’চিয়েল এণ্ড ডিজিটেল ডেভেলপমেণ্ট (চি এছ ডি ডি), ডিজিটেল এম্পাৱাৰমেণ্ট ফাউণ্ডেশ্যন (ডি ই এফ) আৰু নৰ্থ ইষ্ট ডেভেলপমেণ্ট ফাউণ্ডেশ্যনৰ যৌথ উদ্যোগত গুৱাহাটীত অষ্টম ই-নৰ্থ ইষ্ট এৱাৰ্ড ২০২৩ অনুষ্ঠিত হয় । ই-নৰ্থ ইষ্ট বঁটাৰ জৰিয়তে ২০১০ চনৰ পৰা ভাৰতৰ উত্তৰ-পূব অঞ্চলত বহনক্ষম উন্নয়নৰ বাবে উদ্ভাৱনীমূলক ডিজিটেল সমাধানক স্বীকৃতি আৰু প্ৰচাৰ…

বৰ্ষীয়ান সমাজকৰ্মী-মৌজাদাৰ চন্দ্ৰকান্ত দলেৰ দেহাৱসান

গোগামুখ, ৭ নবেম্বৰঃ মৌজাদাৰ, বৰ্ষীয়ান সমাজকৰ্মী, ধেমাজি জিলাৰ গোগামুখ ওখমাটি নিৱাসী চন্দ্ৰকান্ত  দলেৰ কালি সোমবাৰে নিশা ১১-৩০ বজাত  দেহাৱহান ঘটিছে ৷ মৌজাদাৰ, সমাজকৰ্মী চন্দ্ৰকান্ত দলেৰ  জন্ম হৈছিল  ১৯৩৪ চনত ৷  তেওঁৰ পিতৃৰ নাম আছিল প্ৰয়াত গণেশ পাতিৰি দলে আৰু মাতৃৰ নাম আছিল প্ৰয়াত আন্দহ দলে ৷ ১৯৪২ চনত মৌজাদাৰ তথা বৰ্ষীয়ান সমাজকৰ্মী চন্দ্ৰকান্ত দলেয়ে তেতিয়াৰ লখিমপুৰ জিলাৰ তৰাজান প্ৰাথমিক বিদ্যালয়ত 'ক' আৰু ১৯৪৩ চনত পথালিপাম আনন্দ বাগান প্ৰাথমিক বিদ্যালয়ত 'খ' শ্ৰেনীলৈকে অধ্যয়ন কৰিছিল ৷ ১৯৪৭ চনত গোগামুখ চাউলধোৱা এম ই স্কুলত…

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱ আৰম্ভ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ ২ নৱেম্বৰঃ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱৰ আজি সামৰণি অনুষ্ঠানত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাৰ দিশত অপৰিসীম অৱদান আগবঢ়োৱা মহান ব্যক্তিসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষাবিদ, নীতি নিৰ্ধাৰক আৰু মন্ত্ৰীসকলৰ অংশগ্ৰহণেৰে হোৱা আলোচনা চক্ৰৰে শুভাৰম্ভ হয়। আজিৰ পৰা তিনিদিনীয়াকৈ উদযাপিত হ'ব লগিয়া কাৰ্য্যসূচীৰ প্ৰথম দিনটোৰ আৰম্ভণিতে সোণালী জয়ন্তী উদযাপনৰ মূল তোৰণ উদ্বোধন কৰে, নতুন দিল্লীৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচায্য ড০…

তিনিচুকীয়াত বিংশতম শাৰদা ট্ৰফী প্ৰদান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৩০ অক্টোবৰ : শাৰদীয় দুৰ্গোৎসৱৰ লগত সংগতি ৰাখি প্ৰতিবছৰৰ দৰে এইবাৰো বিংশতম শাৰদা ট্ৰফী এক ভব্য অনুষ্ঠানৰ জৰিয়তে স্বৰ্গীয় শাৰদা দেৱী খৈতান মেম'ৰিয়েল ট্ৰাষ্টৰ দ্বাৰা তিনিচুকীয়াত দেওবাৰে প্ৰদান কৰা হয় ৷ প্ৰয়াত শাৰদা দেৱী খৈতানৰ পবিত্ৰ স্মৃতিত বিগত ২০০৪ চনৰ পৰা এই বটা আৰম্ভ কৰা হৈছিল ৷ দেওবাৰে তিনিচুকীয়াৰ বৰদলৈ নগৰস্থিত উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক কেন্দ্ৰত আড়ম্বৰপূৰ্ণভাৱে বিজয়ী পূজা সমিতিসমূহৰ মাজত বটা বিতৰণ কৰা অনুষ্ঠানত অতিথি হিচাপে স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণ, জিলা…