Browsing Category
অসম
নদীবান্ধৰ সন্দৰ্ভত আলফাৰ দুটা প্ৰস্তাব
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৩০ অক্টোবৰঃ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বাবে এন. এইচ. পি. চিয়ে নিৰ্মাণ কৰা বৃহৎ নদীবান্ধে ভৱিষ্যতে কঢ়িয়াই আনিব পৰা ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্মাণৰ আগৰ পৰাই “সংযুক্ত মুক্তি বাহিনী, অসম ” সংগঠনে ইয়াৰ বিৰোধিতা কৰি আহিছে আৰু আজিও তাৰ বিৰোধিতা কৰে৷ কিন্তু একাংশ ৰাজনৈতিক নেতা, বুদ্ধিজীৱী, দল-সংগঠনৰ স্বাৰ্থপৰায়ণ নেতাৰ বাবে নিৰ্মাণ কৰ্তৃপক্ষই বান্ধটো প্ৰায় সম্পূৰ্ণ কৰিবলৈ সফল হ’ল৷ বিগত কেইমাহমানৰ পৰা ধাৰাবাহিকভাৱে উক্ত বান্ধত বহু ঘটনা সংঘটিত হৈ আহিছে আৰু একাধিকজনৰ জীৱন নাশ হৈছে৷ সম্প্ৰতি পাহাৰৰ…
সোৱণশিৰিৰ নামনিৰ বক্ষত পৰি ৰ’ল বহু মাছ-কাছ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৮ অক্টোবৰঃ গেৰুকামুখত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত শুকুৰবাৰে সংঘটিত হোৱা অঘটনৰ ফলত অভাৱনীয় হাৰত শুকাই যোৱা সোৱণশিৰি নদীত থকা মাছ কাছৰ লগতে জলপ্ৰাণী সমূহৰ অপমৃত্যু ঘটিছে৷ হঠাতে পাহাৰ খহি ডাইভাৰচন টাৰ্নেলৰ সন্মুখভাগ পাহাৰৰ মাটিয়ে পুতি পেলোৱাৰ ফলত সোৱণশিৰিৰ জলধাৰা প্ৰবাহ বন্ধ হৈ পৰাত নামনিত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ আজি পুৱাৰ ভাগত সোৱণশিৰিৰ নামনিত বিশেষকৈ পূৱতেলাহী, লোহিত খাবলু, মহাইজান, ঘূনাসুঁতি, ঘাগৰ কলাখোৱা, এছেৰাকটা, চাউলধোৱা আদিত সোৱণশিৰিৰ বালিচৰত মাছ-কাছৰ ব্যাপক অপমৃত্যু ঘটা…
নৰ্দমাসদৃশ পানীৰে সোৱণশিৰি বৈছে
শতাব্দ প্ৰতিবেদক, গোগামুখ ২৮ অক্টোবৰঃ গেৰুকামুখত নিৰ্মাণ কৰা ২০০০ মেগাৱাট শক্তি সম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বাবে এন এইচ পি চিয়ে হত্যা কৰিলে চিৰ প্ৰবাহমান সোৱণশিৰি নৈক ৷ এতিয়া আৰু নদীখনে ইচ্ছামতে বৈ নাযায় আৰু নিৰ্মল, বিশুদ্ধ জলধাৰাও নাথাকিব৷ কালি পুৱা প্ৰায় ৯ বজাত (এন এইচ পি চিৰ মতে ১১-৩০) নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাষতে থকা ১ নং ডাইভাৰছনেল টানেল খহি টানেলটো বন্ধ হৈ পৰিছিল৷ ফলত সোৱণশিৰি নদীৰ গতি স্তব্ধ হৈ পৰিছিল ৷ নদীখনৰ গতি স্তব্ধ হৈ পৰাত নৈপৰীয়া ৰাইজৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি হৈছিল৷ এতিয়াও…
তেজপুৰৰ মহাভৈৰৱ কোঅপাৰেটিভ আৰবান বেংকক লেনদেনত বাধা ৰিজাৰ্ভ বেংকৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৯অক্টোবৰঃ তেজপুৰস্হ মহাভৈৰৱ কো অপাৰেটিভ আৰবান বেংক লিমিটেডক ৪৫দিনলৈ কোনোধৰণৰ বিত্তীয় লেনদেন কৰাত বাধা আৰোপ কৰিছে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই৷ উল্লেখযোগ্য যে,সমবায় বেংকটোত ৰিজাৰ্ভ বেংকৰ হিচাপ পৰীক্ষাৰ সময়ত পোহৰলৈ অহা বিত্তীয় খেলিমেলিৰ বাবেই এই নিৰ্দেশ দিয়াৰ পিছতেই গ্ৰাহকসকলৰ মাজত চৰম অনিশ্চয়তাই বিৰাজ কৰিছে৷ উল্লেখযোগ্য যে,বেংকটোৱে প্ৰায় আঠ কোটিৰ অধিক টকাৰ ঋণ পৰিশোধ কৰিব নোৱাৰাৰ বাবে ৰিজাৰ্ভ বেংকে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি প্ৰকাশ কৰিছে বেংক কৰ্তৃপক্ষই৷ উল্লেখযোগ্য যে, ১৩ অক্টোবৰৰ পৰা অহা ২৭…
তেজপুৰত ব্যৱসায় প্ৰতিষ্ঠানৰ বাংলা ভাষাৰ ফলকত কলা ৰং সানিলে আছুৱে
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৯ অক্টোবৰঃ তেজপুৰৰ মাজমজিয়াৰ কছাৰীগাঁও চাৰিআলিত দুখনকৈ বৃহৎ ব্যৱসায়িক প্ৰতিষ্ঠানে অসমীয়া ভাষাৰ পৰিৱৰ্তে বাংলা ভাষা ব্যৱহাৰ কৰাক লৈ তেজপুৰ আঞ্চলিক আৰু শোণিতপুৰ জিলা ছাত্ৰ সন্হাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ উল্লেখযোগ্য যে, মূল পথৰ দাঁতিৰ এই দুখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ তেনেই সামান্য পাৰ্কিং ব্যৱস্থা থকাৰ বিপৰীতে ইয়ালৈ অহা অধিকাংশ যানবাহনেই পথৰ দাঁতিত ৰখাই গুৰুত্বপূৰ্ণ আৰু অতি ব্যস্তপূৰ্ণ অঞ্চলটোত নিতৌ যানজঁটৰ সৃষ্টি কৰি আহিছে৷ শেহতীয়াকৈ বজাৰ কলকতা নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখন নতুনকৈ মুকলি কৰা…
বিহংগবন্ধুৰ উদ্যোগত এল. টি. কে মহাবিদ্যালয়ত সৰ্প সজাগতা সভা
উত্তৰ লখিমপুৰ, ১৯ অক্টোবৰঃ "বিহংগবন্ধু"ৰ উদ্যোগত লখিমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ৰ Science Forum ৰ সহযোগত ১৭ অক্টোবৰৰ দিনৰ ১১ বজাত মহাবিদ্যালয়খনৰ কনফাৰেন্স হ'লত এখন সৰ্প, সৰ্প দংশন আৰু সজাগতা সভা অনুস্থিত হৈ যায়৷ সভাখন অনুস্থিত হয় ৷ অনুষ্ঠানটো Sponsor কৰে DBT NER Advance Lavel Institutional Biotech Hub, ছয়দুৱাৰ কলেজে। সভাখনত উপস্থিত থাকে লখিমপুৰ বনবিষয়া অশোক কুমাৰ দেৱ চৌধুৰী, প্ৰকৃতি সংৰক্ষণৰ লগত জড়িত AWRROৰ দেৱজিত মহন্ত, ছয়দুৱাৰ কলেজৰ ৰঞ্জিত কাকতি আৰু আজিজ আহমেদ, Wildheart Foundationৰ সদস্য নিকু দাস, ইউটিউবাৰ অৰ্পন…
ডিব্ৰুগড় আৰু ডিফু লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতাৰ সিদ্ধান্ত চিপিআই (এম-এল)ৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৯ অক্টোবৰ : চি পি আই (এম-এল)ৰ অসম ৰাজ্যিক ষ্টেণ্ডিং কমিটিৰ বৈঠক বুধবাৰে আৰু আজি বৃহস্পতিবাৰে তিনিচুকীয়াত অনুষ্ঠিত হৈ যায় ৷ বৈঠকত দেশ তথা অসমৰ ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত বিশদ আলোচনা কৰা হয় ৷ আজি চি পি আই (এম-এল)ৰ অসম ৰাজ্যিক সমিতিৰ সম্পাদক বিবেক দাসে এক বিবৃতিত কয় যে বৈঠকে বিজেপিৰ বিৰুদ্ধে গঠন হোৱা অ-বিজেপি দলসমূহৰ ঐক্যবদ্ধ মঞ্চ 'ইণ্ডিয়া'ৰ বাৰ্তা অসমৰ তৃণমূল স্তৰলৈ লৈ যোৱা আৰু শ্ৰমজীৱী জনসাধাৰণক এই সংগ্ৰামত সমবেত কৰাৰ লক্ষ্যৰে অসমৰ বিভিন্ন অঞ্চলত জনজাগৰণ সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ…
তিনিচুকীয়া পৌৰসভাৰ প্ৰাক্তন সভানেত্ৰী দিপ্তী দাসৰ দেহাৱসান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৯ অক্টোবৰ : তিনিচুকীয়া পৌৰসভাৰ প্ৰাক্তন সভানেত্ৰী দিপ্তী দাসৰ আজি পুৱা চহৰখনৰ দহোতীয়াচুকস্থিত নিজ বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে ৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল প্ৰায় ৫০ বছৰ ৷ তিনিচুকীয়া পৌৰসভাৰ ৮ নং ৱাৰ্ডৰ পৰা প্ৰতিদ্বন্দ্বীতা কৰি সভানেত্ৰীৰ আসনত অধিষ্ঠিত হোৱা প্ৰাক্তন কাউন্সিলাৰ দিপ্তী দাস কিছু দিনৰ পৰা ৰোগাক্ৰান্ত হৈ আছিল বুলি জানিব পৰা গৈছে ৷ আজি সৰবৰহী মহিলাগৰাকীৰ মৃত্যুৰ খবৰে দহোতীয়াচুক অঞ্চলৰ সমান্তৰালকৈ সমগ্ৰ চহৰখনত শোকৰ ছাঁ পেলায় ৷ ২০১৫ চনৰ পৰা ২০২০ চনলৈকে তিনিচুকীয়া পৌৰসভাৰ…
অকলশৰীয়া অৱস্থাত বাসগৃহতে কৰুণ মৃত্যু ৰাষ্ট্ৰীয় কৃতি শিক্ষক- বিশিষ্ট লেখিকা শশী প্ৰভা দেৱী
ওৰেটো জীৱন আত্মেৎসৰ্গিত সত্বাৰে কৰিছিল সমাজ সেৱা
শতাব্দ ষ্টাফ ৰিপ'টাৰ, তেজপুৰ:১৩ অক্টোবৰ : আত্মোৎসৰ্গিত এক সত্বাৰে ওৰেটো জীৱন নতুন প্ৰজন্মক মূল্যবোধ সম্পন্ন নাগৰিক গঢ়ি তোলাৰ আন্দোলনত নামি পৰা ২০০২ বৰ্ষৰ ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা আৰু ২০১০ বৰ্ষত ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটা প্ৰাপক, বিশিষ্ট লেখিকা,কবি, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উপসভানেত্ৰী, তেজপুৰ শাখা লেখিকা সমাৰোহ সমিতিৰ বৰ্তমানৰ সভানেত্ৰী শশী প্ৰভা দেৱীয়ে নিজ বাসগৃহতে অকলশৰীয়া অৱস্থাত কৰুণ ভাৱে মৃত্যুক সাৱটি ল'ব লগা হোৱা এক দুৰ্ভাগ্যজনক সংবাদে কালি নিশা সমগ্ৰ…
তিনিচুকীয়াত আৰোহন আচঁনিৰ অন্তৰ্গত নিৰ্বাচিত মেণ্টীসকলৰ সৈতে প্ৰশাসনৰ অভিৰোচন অনুষ্ঠান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৫ অক্টোবৰ : তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত আৰু শিক্ষা বিভাগৰ সহযোগত আজি আৰোহন আচঁনিৰ অন্তৰ্গত ২০২৩-২৪ বৰ্ষৰ নিৰ্বাচিত ’মেণ্টী' সকলৰ সৈতে এক অভিৰোচন অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ তিনিচুকীয়াৰ বাইপাছস্থিত কনভেনচন চেণ্টাৰত অনুষ্ঠিত এই অভিৰোচন অনুষ্ঠানত তিনিচুকীয়া জিলাৰ ১১৬ খন বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ প্ৰথম স্থান অধিকাৰ কৰি উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলে মেণ্টী হিচাপে অংশগ্ৰহন কৰে ৷ জিলা আয়ুক্ত স্বপ্নীল পালে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে অন্তৰংগ আলাপত মিলিত হোৱাৰ লগতে ভৱিষ্যতে এজন সফল…
