Browsing Category
অসম
বিহপুৰীয়াত সোৱণশিৰি-ৰঙানদীৰ ভয়ংকৰ খহনীয়াত জাহ গ’ল পকনীয়া মথাউৰি
শতাব্দ ষ্টাফ ৰিপ’টাৰ লখিমপুৰ, ৫ অক্টোবৰঃ লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ পকনীয়া, পমুৱা খাবলিত এতিয়া ৰঙানদী আৰু সোৱণশিৰিয়ে ভয়ংকৰ গৰাখহনীয়াৰ সৃষ্টি কৰিছে৷ ইতিমধ্যে সোৱণশিৰিৰ উভটি পানীয়ে ৰঙানদীত মিলিত হৈ পকনীয়া মথাউৰিটো খহনীয়াত নিঃশেষ কৰি পেলালে৷ দুয়োখন নদীৰ খহনীয়াৰ কবলত পৰি এতিয়া পমুৱা খাবলিত আওপুৰণি মথাউৰিটো ৰঙানদীত জাহ যোৱাৰ পিছত সেই অঞ্চলৰ লোকসকলে বিনীদ্ৰ ৰজনী কটাব লগীয়া হৈছে৷ লখিমপুৰৰ জলসম্পদ বিভাগেও এই খহনীয়া অংশটোত পুনৰ নিৰ্মাণ অথবা মেৰা-মতি কৰাৰ ক্ষেত্ৰত অলপো গুৰুত্ব প্ৰদান নকৰাত স্থানীয় ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে৷…
তেজপুৰত বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ অভিনৱ প্ৰতিবাদ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৫অক্টোবৰঃ ৰাজ্যত পুনৰ বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰতিবাদত আজি তেজপুৰতো শোণিতপুৰ জিলা কংগ্ৰেছে এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে৷উন্নয়নৰ নামত ফুটা কলহ পূৰ নোহোৱা ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ কাৰ্টুন চৰিত্ৰৰ লগতে বৰ্ধিত বিদ্যুৎ মাচুলৰ নিৰ্দেশনা তথা অতপালি অব্যাহত ৰখা এপিডিচিএলৰ কাৰ্টুন সন্মুখত লৈ জিলা কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰা প্ৰতিকুল বতৰৰ মাজতে সমদল কৰি অহা কংগ্ৰেছ কৰ্মী সকলে তেজপুৰস্হ শক্তি বিতৰণ কোম্পানীৰ কাৰ্যালয়ৰ সন্মুখত বিদ্যুৎ মাচুল বৃদ্ধি নচলিব,বিদ্যুৎ মাচুল হ্ৰাস কৰক,বিজেপি চৰকাৰ হায় হায় আদি…
কৃত্ৰিম বানত জুৰুলা তিনিচুকীয়া : ক’ত গ’ল আন্তঃগাঁথনি উন্নয়নৰ বাবে আবণ্টিত ২০০ কোটি
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৫ অক্টোবৰ : এজাক বৰষুণতে একাঁঠু পানীত ডুব যোৱা তিনিচুকীয়া চহৰৰ কৃত্ৰিম বানপানী সমস্যা সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণৰ দাবীত তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই আজি আয়ুক্তক এখন স্মাৰক-পত্ৰ প্ৰদান কৰে ৷ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি উদিপ বৰপাত্ৰ আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক তন্ময় গগৈৰ দ্বাৰা স্বাক্ষৰিত স্মাৰক-পত্ৰখনত কোৱা হয় যে এজাক বৰষুণতে কৃত্ৰিম বানে সমগ্ৰ তিনিচুকীয়া চহৰ প্লাৱিত কৰি তোলাটো এক দীৰ্ঘদিনীয়া সমস্যা ৷ ইয়াৰ মুখ্য কাৰণ হৈছে অনুপযুক্ত নলা-নৰ্দমা ৷ যধেমধে নলা-নর্দমা নিৰ্মাণ কৰি থকা…
দৰংমহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সাহিত্য চ’ৰাৰ উদ্যোগত বিশেষ বক্তৃতা সম্পন্ন
শতাব্দ ষ্টাফ ৰিপ'টাৰ, তেজপুৰ, ৫ অক্টোবৰ : উত্তৰ পাৰৰ অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান দৰং মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সাহিত্য চ'ৰাৰ উদ্যোগত কালি এক গাম্ভীৰ্যপূৰ্ণ বক্তৃতানুষ্ঠান সম্পন্ন হয় । বিভাগটোৰ ছাত্রী স্বাগতা কৌশিকে আঁত ধৰা অনুষ্ঠানটিত দৰং মহাবিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি ডঃ খগেশ্বৰ বৰকাকতিয়ে বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰে ।বক্তৃতানুষ্ঠানৰ আৰম্ভণিতে ছাত্ৰী বৰষা ৰাণী হাজৰিকাৰ সম্পাদনাত প্ৰস্তুত কৰি উলিওৱা বিভাগৰ হাতেলিখা আলোচনী "শব্দশিল্প" উন্মোচন কৰে দৰং মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ পলাশ মণি শইকীয়াই। উন্মোচনী…
কংগ্ৰেছ চৰকাৰ হলে পুৰণা পেঞ্চন নীতি প্ৰৱৰ্তন কৰা হবঃ তেজপুৰত ভূপেন বৰা
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১অক্টোবৰঃ “প্ৰতি ইউনিতত ১.২৯টকাকৈ বিদ্যুৎ মাছুল বৃদ্ধিৰ যি নিৰ্দেশনা বিজেপি নেতৃত্বাধীন চৰকাৰে জাৰি কৰিছে সেই নিৰ্দেশনা অহা তিনি অক্টোবৰত কংগ্ৰেছ দলে ৰাজ্যজুৰি দাহ কৰি ইয়াৰ বিৰুদ্ধে আন্দোলন ঘোষণা কৰিব৷পৰৱৰ্তী নিৰ্বাচনত কংগ্ৰেছে ৰাজ্যত কৰ্ণাটক মডেলৰ চৰকাৰ গঠন কৰিব৷ কংগ্ৰেছ দলৰ চৰকাৰ ৰাজ্যত ক্ষমতালৈ আহিলে ৰাজ্যৰ জনগনক মাহে দুশ ইউনিট বিদ্যুৎ বিনামূলীয়াকৈ দিয়া হ’ব৷ তদুপৰি ৰাজ্যৰ পাঁচলাখ কৰ্মচাৰীয়ে পুৰণা পেঞ্চন নীতি প্ৰৱৰ্তনৰ যি দাবী কৰি আহিছে,সেয়া কাৰ্যকৰী কৰা হ’ব৷” আজি তেজপুৰত এক সংবাদমেল সম্বোধন…
তেজপুৰ সাহিত্য চ’ৰাৰ ৫৪৩ সংখ্যক বৈঠকত বিশিষ্ট বুৰঞ্জীবিদ ভূৱন চন্দ্র গগৈৰ “বৈশালী প্ৰিয়াংশ্ৰী সুনন্দাহঁতৰ কথাৰে” শীৰ্ষক…
শতাব্দ ষ্টাফ ৰিপ'টাৰ, তেজপুৰ, ১ অক্টোবৰ :তেজপুৰ সাহিত্য চ'ৰাৰ ৫৪৩ সংখ্যক বৈঠকখনি আজি তেজপুৰৰ বিশিষ্ট বুৰঞ্জীবিদ ভূবন চন্দ্ৰ গগৈৰ মাজগাঁওস্হিত বাসভৱনত অনুষ্ঠিত হয়। বৈঠকখনিত আদৰণী ভাষণ জনাই চ'ৰাৰ সম্পাদক বীৰেন্দ্ৰ কুমাৰ বৰাই। চ'ৰাখনৰ মাংগলিক শুভাৰম্ভণী ঘটে ড০ সতীশচন্দ্ৰ ভট্টাচাৰ্য্যৰ মংগলাচাৰণেৰে। ইয়াৰ পিচতেই সদ্য প্ৰয়াত কৃষি বিজ্ঞানী এম.এচ. ৰঙ্গনাথন, সাহিত্যিক দিলীপ কুমাৰ হাজৰিকা, বিপুল চন্দ্ৰ কলিতা, সমাজকৰ্মী প্ৰবীন পাটোৱাৰী, নিত্যানন্দ সূত্ৰধৰ, সাহিত্যিক আৰমান হুছেইন আৰু জ্ঞাত-অজ্ঞাত ব্যক্তিসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এক…
লখিমপুৰত জল জীৱনৰ নিৰ্মীয়মান আঁচনিৰ পৰা পৰি মৰিগাঁৱৰ যুৱকৰ মৃত্যু
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১ অক্টোবৰঃ লখিমপুৰ জিলাৰ নাওবৈচাৰ টকৌগুৰিত যোৱানিশা এক কৰুণ ঘটনা সংঘটিত হয়৷ গাঁওখনত নিৰ্মীয়মান জলজীৱন আঁচনিৰ পানী টেংকীৰ পৰা পৰি এজন যুৱকৰ মৃত্যু হয়৷ মৃত যুৱকজনৰ ঘৰ মৰিগাঁও জিলাৰ বছৰগুৰিত৷ ঘটনাৰ বিৱৰণী অনুসৰি যোৱানিশা নিতুল বৰদলৈ নামৰ মৰিগাঁৱৰ এই যুৱকজন আকস্মিক ভাৱে পানী টেংকীৰ পৰা পৰি মৃত্যু হয়৷ নাওবৈচাৰ টকৌগুৰি গাঁৱত জলজীৱন মিছন আঁচনিৰ বয়িঙৰ কাম কৰিবলৈ বুলি শনিবাৰেহে ঘৰৰ পৰা নাওবৈচালৈ আহিছিল যুৱকজন৷ যোৱানিশা ভাত পানী খাই নিৰ্মীয়মান পানী টেংকীৰ ওপৰত উঠাৰ পিছত অসাৱধান বশতঃ এই যুৱকজন প্ৰায় ৪০…
দুবছৰত ৪৯ খন চুটি ছবি আৰু এখন পূৰ্ণ দৈৰ্ঘ্যৰ চিনেমাৰে দৃষ্টান্ত
শতাব্দ ষ্টাফ ৰিপ'টাৰ তেজপুৰ, ১ অক্টোবৰ : দুটা বছৰৰ পূৰ্বে তেজপুৰৰ বিভিন্ন প্ৰান্তৰ শিল্পকলা ক্ষেত্ৰখনৰ সৈতে জড়িত একাংশ নাট্য অনুৰাগী ব্যক্তিৰ প্ৰচেষ্টাত গঢ় লৈ উঠা তেজপুৰৰ "নিউজ ট্ৰেক অসম" শীৰ্ষক অনুষ্ঠানৰ গৰ্ভত প্ৰাণ পাই উঠা এন টি এ চিনেমাই যোৱা দুটা বছৰত ৪৯ খনকৈ চুটি ছবি প্ৰয়োজনা কৰি নজীৰবিহিন দৃষ্টান্ত দাঙি ধৰাৰ পিছত কালি অনুষ্ঠিত হোৱা দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠানত ৫০ নম্বৰখন দৈৰ্ঘ্য চিনেমা "মৃত্যু দণ্ড" প্ৰদৰ্শনেৰে তেজপুৰীয়া ৰাইজক আপ্লুত কৰে। আনহাতে তেজপুৰ মাজগাঁৱৰ হিলবিলী বিবাহ ভৱনত কালি সন্ধিয়াৰ পৰা অনুষ্ঠিত হোৱা…
তেজপুৰ লিচুৰ কৃষিভূমি সম্প্ৰসাৰণ আঁচনিৰ শুভাৰম্ভ কৃষি মন্ত্ৰী অতুল বৰাৰ
শতাব্দ ষ্টাফ ৰিপ'টাৰ ১ অক্টোবৰ : বিশ্ব প্ৰসিদ্ধ তেজপুৰ লিচুৰ ক্ষেত্ৰ সম্প্ৰসাৰণৰ বাবে আজি ৰাজ্যৰ উদ্যান শস্য আৰু খাদ্য সংসাধন বিভাগে উত্তৰ পূৰ্বাঞ্চল আৰু হিমালয়ৰ ৰাজ্যৰ বাবে উদ্যান শস্য অভিযান আঁচনি (HMNEH) ৰ অধীনত তেজপুৰ পৰোৱাৰ লিচু বাগানত লিচু গছৰ পুলি ৰোপন কৰি তেজপুৰ লিচু ২০০ বিঘা কৃষি ভূমি সম্প্ৰসাৰণৰ শুভাৰম্ভণী কৰে কৃষি ,উদ্যান শস্য, পশু পালন ইত্যাদি মন্ত্ৰী অতুল বৰাই । শোণিতপুৰ জিলা প্রশাসন আৰু জিলা কৃষি বিভাগৰ উদ্যোগত পৰোৱাৰ লিচু বাগানত অনুষ্ঠিত এক অনুষ্ঠানত অংশ লৈ কৃষিমন্ত্রী গৰাকীয়ে- তেজপুৰ লিচুৰ সৈতে জড়িত থকা…
শিৱসাগৰ দিচাংমুখৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ দৃশ্য ( ফটো সংবাদ)
শিৱসাগৰ দিচাংমুখৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ দৃশ্য
