Browsing Category
অসম
তেজপুৰত ঘাতক অচিন্ত্য দাসৰ বাসগৃহৰ পৰা উদ্ধাৰ অধিক অস্ত্ৰ-শস্ত্ৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৯মাৰ্চঃ তেজপুৰত কালি কনিষ্ঠ ভ্ৰাতৃ বিষ্ণু দাসক গুলীয়াই হত্যা কৰাৰ পাছত সংবাদ মাধ্যমৰ আগত আজি ঘাতক ভ্ৰাতৃ অচিন্ত্য দাসে কয় যে সেই সময়ত তেওঁ সুৰাপান কৰি আছিল৷ আনহাতে পূৰ্বৰে পৰাই বিভিন্ন অভিযোগ উত্থাপন হৈ থকা ঘাতক অচিন্ত্যই হত্যাকাণ্ডত ব্যৱহাৰ কৰা ৰিভলভাৰটোৰ উপৰিও ভালেসংখ্যক মাৰণাস্ত্ৰ অবৈধ ভাবে মজুত ৰাখিছিল গাৰোৱানপট্টীৰ বাসভৱনত৷ তদুপৰি এসময়ত ত্ৰাসৰ সৃষ্টি কৰা প্ৰয়াত ছালফা কৃষ্ণ হাজৰিকাৰো সহযোগী আছিল হত্যাকাৰী অচিন্ত্য৷ উল্লেখযোগ্য যে,কালি চাঞ্চল্য সৃষ্টি কৰা হত্যাকাণ্ডটোৰে জড়িত অচিন্ত্য দাসৰ…
তিনিচুকীয়াত মেট্ৰিক পৰীক্ষাৰ্থী আত্মহনন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৯ মাৰ্চ : আজি পুৱাই এক হৃদয়বিদাৰক ঘটনাই জোকাৰি যায় তিনিচুকীয়াৰ লেজাইহোলা গাঁও ৷ গাঁওখনৰ এগৰাকী মেট্ৰিক পৰীক্ষাৰ্থীয়ে ঘৰতে আত্মহত্যা কৰাৰ ঘটনাই সমগ্ৰ গাওঁখনত শোকৰ ছাঁ পেলায় ৷ উল্লেখ্য যে আজি পুৱাহে পৰিয়ালৰ লোকে গাধোৱা ঘৰৰ পৰা মৃত অৱস্থাত কিশোৰী গৰাকীক উদ্ধাৰ কৰে ৷ তিনিচুকীয়া লেজাইহোলাৰ বাসিন্দা দত্ত উপাধিৰ কিশোৰী গৰাকী স্থানীয় সাৰ্বজনীন উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৷ পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে জনৈক পাপু বৰা নামৰ যুৱক এজনৰ লগত কালি বিয়লি কিশোৰী গৰাকী…
আগন্তুক লোকসভা নিৰ্বাচনত উত্তৰ-পূৱৰ শেহতীয়া নিৰ্বাচনী ফলাফলে যথেষ্ট প্ৰভাৱ পেলাবঃ মুখ্যমন্ত্ৰী
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,৯মাৰ্চঃ জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনাৰ কাৰ্যসূচীত অংশলৈ কালি নিশা প্ৰায় ১১বজাত তেজপুৰ আৱৰ্ত ভৱনত দেশৰ কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানসহ উপস্থিত হয়হি মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা ৷যোৱা নিশা তেওঁলোক ইয়াতে থাকে৷ শৰ্মাই দেশৰ আগন্তুক লোকসভা নিৰ্বাচনত উত্তৰ পূৰ্বাঞ্চলৰ ২৬ খন আসনৰ ভিতৰত বিজেপি মিত্ৰজোঁটে ২১-২২ খন আসন লাভ কৰিব বুলি সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত মন্তব্য কৰে।তেওঁ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ কথা দেশবাসীয়ে নুশুনে বুলি কটাক্ষ কৰি কয় যে দেশবাসীৰ ওপৰত কংগ্ৰেছৰ বিশ্বাস নইা। বিদেশৰ ৰাইজৰ…
লখিমপুৰত দুবৃৰ্ত্তই কাটিলে সাত বিঘা মাটিৰ চাহ গছ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৯ মাৰ্চঃ লখিমপুৰ জিলাৰ বগীনদী থানাৰ অন্তৰ্গত বধাকৰাৰ হেচামৰাত আজি এজন ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰায় ৭ বিঘা ভূমিৰ চাহ গছ দুবৃৰ্ত্তই কাটি তহিলং কৰা কাৰ্যই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও এই পৰ্যন্ত দুবৃৰ্ত্তক আটক কৰিব পৰা হোৱা নাই৷ বগীনদীৰ ক্ষুদ্ৰ চাহ খেতিয়ক তথা উদ্যোগী যুৱক ফটিক চুতীয়াই আজি অভিযোগ কৰে যে আজি কিছুদিন পূৰ্বে তেওঁ বধাকৰাৰ হেচামৰাত এজন স্থানীয় লোকৰ পৰা ক্ৰয় কৰি লোৱা প্ৰায় সাত বিঘা ভূমিত চাহ পুলি ৰোপণ কৰিছিল৷…
বাঘজানৰ তেল কুপত আজি পুনৰ গেছ নিৰ্গমন ৷ চৌদিশে আতংক- উত্তেজনা
বাঘজানৰ তেল কুপত আজি পুনৰ গেছ নিৰ্গমন ৷ চৌদিশে আতংক- উত্তেজনা ( চমু সংবাদ)
ধেমাজিত সদৌ অসম মইনা পাৰিজাতৰ শিশু সমাৰোহৰ প্ৰস্ততিৰ বুজ ল’লে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই
ধেমাজি, ৮ মাৰ্চ : ধেমাজিত অহা ৩১ মাৰ্চ, ১ আৰু ২ এপ্ৰিলত অনুষ্ঠিতব্য সদৌ অসম মইনা পাৰিজাতৰ ৰাজ্যিক শিশু সমাৰোহৰ প্ৰস্ততিৰ সবিশেষ আজি বুজ লয় ৰাজ্য চৰকাৰৰ মন্ত্ৰী তথা মইনা পাৰিজাতৰ ৰাজ্যিক সভাপতি কেশৱ মহন্তই। স্বাস্থ্য-পৰিয়াল কল্যাণ, বিজ্ঞান-প্ৰযুক্তি তথা জলবায়ু পৰিৱৰ্তন আৰু তথ্য প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী মহন্তই আজি বিয়লি ধেমাজি আৱৰ্ত ভৱনত জিলাখনৰ উপায়ুক্ত পল্লৱী ফুকন, জিলা উন্নয়ন আয়ুক্ত অৰূপ পাঠক আৰু ৰাজ্যিক শিশু সমাৰোহৰ অভ্যৰ্থনা সমিতিৰ নেতৃবৰ্গৰ সৈতে এখন বৈঠকত মিলিত হৈ সমাৰোহৰ প্ৰস্ততিৰে জড়িত বিভিন্ন দিশ পৰ্যালোচনা কৰে।…
তেজপুৰত ধৰ্মপ্ৰাণ মহিলা বিদ্যাৱতী দাসৰ বিয়োগ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৮ মাৰ্চঃ তেজপুৰৰ মাজগাঁও বৰ নামঘৰ গোপিনী সমাজৰ জ্যেষ্ঠ গোপিনী তথা নামতি বিদ্যাৱতী দাস (৮৬)ৰ আজি বাৰ্দ্ধক্যজনিত কাৰণত বিয়োগ ঘটাত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে৷ আজি বিয়লি প্ৰায় চাৰি বজাত মাজগাঁও হাটভগা চুবুৰীৰ নিজা গৃহতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। বিগত কিছুদিন ধৰি উচ্চ ৰক্তচাপ জনিত ৰোগত আক্ৰান্ত হৈ গুৰুতৰভাবে অসুস্থ হৈ থকা মহিলাগৰাকীয়ে সুদীৰ্ঘ সময় বৰনামঘৰৰ স’তে জড়িত থকাৰ লগতে থলুৱা পৰম্পৰাৰ বিষয়ে সকলোকে অৱগত কৰোৱাৰ লগতে মহিলা সকলক সঞ্চয় কৰাৰ বাবে উৎসাহিত কৰিছিল । গোপিনী সমাজক নেতৃত্ব দি…
জনসমুদ্ৰত পৰিণত বাহঁবাৰী শ্ৰী শ্ৰী কলিয়া গোঁসাই থান
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৮মাৰ্চঃ আনন্দ আৰু ৰঙৰ উৎসৱ ফাকুৱা আৰু দৌল উৎসৱ তেজপুৰৰ বিভিন্ন স্থানত ধৰ্মীয় পৰম্পৰা তথা উলহমালহৰে অনুষ্ঠিত হৈছে। এই উপলক্ষে সাংস্কৃতিক নগৰী তেজপুৰৰ নিকটৱৰ্ত্তী বাঁহবাৰী আৰু বিহগুৰি মৌজাৰ মধ্যস্থল থিয়আটিত অৱস্থিত শ্ৰীশ্ৰীকলিয়া গোঁসাই থানত কালিৰে পৰা পাঁচ দিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে ফাকুৱা আৰু দৌল উৎসৱ আৰম্ভ হৈছে। উল্লেখ্যযে ২৯ বছৰীয়া দৌল উৎসৱৰে সমৃদ্ধ শ্ৰীশ্ৰীকলিয়া গোঁসাই থানত এইবাৰ এই উৎসৱৰ ৰূপালী জয়ন্তী সমাৰোহৰ উদযাপন কৰা হৈছে।কালি পুৱা উদযাপন সমিতিৰ সভাপতি মহেন্দ্ৰ বৰুৱাই মূল পতাকা উত্তোলন…
ফাকু খেলি সোৱণশিৰিত গা ধুবলৈ যোৱা যুৱক সন্ধানহীন
শতাব্দ ষ্টাফ ৰিপটাৰ লখিমপুৰ ৮ মাৰ্চঃ লখিমপুৰৰ সোৱণশিৰি নদীত গা ধুবলৈ গৈ আজি এজন যুৱকৰ সলিল সমাধি ঘটাৰ আশংকা কৰা হৈছে। জিলাখনৰ পানী গাঁও আৰক্ষী থানাৰ অন্তৰ্গত অন্তৰ্গত পানী গাঁও চাৰি আলি নিবাসী মিণ্টু শইকীয়াৰ পুত্ৰ মানস প্ৰতীম শইকীয়াই (২৭) আজি দিনৰ ২বজাত সোৱণশিৰি নদীৰ ১নং সোমদিৰি মুখত গা ধুই থাকোতে পানীত ডুব যায়। যুৱকজনে লগৰীয়াৰ লগত সোৱণশিৰি নদীত গাই ধুই থাকোতেই হঠাৎ সন্ধানহীন হৈ পৰে। উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান চলায় যদিও যুৱকজনৰ কোনো শুংসূত্ৰ পোৱা নাই। উল্লেখ্য ফাকুৱা খেলি আনন্দত যুৱক কেইজনে সোৱণশিৰিত গা ধুবলৈ যাওতেই এনে…
তেজপুৰত জ্যেষ্ঠ ভ্ৰাতৃয়ে গুলীয়াই হত্যা কৰিলে কনিষ্ঠ ভ্ৰাতৃক
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ৮ মাৰ্চ : হোলীৰ আনন্দ উল্লাহৰ দিনটোতে তেজপুৰ চহৰৰ গাৰোৱান পট্টিত আজি বিয়লি সংঘটিত হয় এক হত্যাকাণ্ড৷ নিজ ভাতৃক জ্যেষ্ঠ ভাতৃয়ে গুলীয়াই হত্যা কৰা এই নৃশংস ঘটনাই সমগ্ৰ তেজপুৰ চহৰতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ উল্লেখযোগ্য যে, আজি বিয়লি প্ৰায় চাৰি বজাত নিজ গৃহৰ সন্মুখতে জ্যেষ্ঠ ভাতৃ অচিন্ত্য দাসে(৫২) নিজৰ ব্যক্তিগত অনুজ্ঞাপত্ৰ থকা ৰিভলভাৰৰে কনিষ্ঠ ভাতৃ বিষ্ণু দাস(৪২)ক ঘৰৰ সন্মুখতে গুলীয়াই হত্যা কৰে।ঘটনা সন্দৰ্ভত তেজপুৰ সদৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া মিন্টু বড়োৱে প্ৰকাশ কৰে যে, বিষ্ণু দাসে বিয়লি কোনো…
