Browsing Category

অসম

‘পি এম কিষান’ আঁচনিত আৱেদন কৰিবলৈ যোগ্য কৃষকক আহ্বান লখিমপুৰ জিলা কৃষি বিভাগৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ,৮ মাৰ্চঃ কেন্দ্ৰীয় চৰকাৰৰ জনপ্ৰিয় আঁচনি 'প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি' দেশৰ অন্যান্য জিলাৰ লগতে লখিমপুৰ জিলাতো কৃষি বিভাগৰ অধীনত ৰূপায়ণ কৰা হৈছে। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিকলৈ আহিছে গুৰুত্বপূৰ্ণ খবৰ। প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ সুবিধা লাভৰ পৰা এতিয়াও যিসকল যোগ্য কৃষক সম্পূৰ্ণ ৰূপে বঞ্চিত হৈ আছে, তেওঁলোকে নিজৰ আধাৰ কাৰ্ড, খেতি মাটিৰ তথ্য (জমাবন্দী কপি), ৰেচন কাৰ্ডসহ যিকোনো গ্ৰাহক সেৱা কেন্দ্ৰ (অৰুণোদয় কেন্দ্ৰ)ত আঁচনিৰ অধীনত অনলাইন যোগে আৱেদন কৰিব পাৰিব। আনহাতে এন চি…

তেলাহী তুৱাৰাম নাথ মহাবিদ্যালয়ত আন্তৰ্জাতিক নাৰী দিৱস পালন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৮ মাৰ্চঃ লখিমপুৰ জিলাৰ তেলাহী তুৱাৰাম নাথ মহাবিদ্যালয়ৰ মহিলা কোষৰ উদ্যোগত পানীগাওঁ অ' পি ডি মহাবিদ্যালয়ৰ মহিলা কোষৰ সহযোগত আজি তেলাহী তুৱাৰাম নাথ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয়।মহাবিদ্যালয়ৰ ছাত্ৰীসকলে পৰিবেশন কৰা সমবেত সংগীতেৰে আৰম্ভ হোৱা সভাখনত মহাবিদ্যালয়ৰ মহিলা কোষৰ সভানেত্রী হিৰামাই চুতীয়াই সভাপতিত্ব কৰে। মহিলা কোষৰ সম্পাদিকা গুণদা নাথে আঁত ধৰা সভাখন উদ্বোধন কৰে সমাজ সেৱিকা মনোৰমা গোস্বামীয়ে। উপস্থিত থকা অভিভাৱিকাসকলক উদ্দেশ্যি নিৰ্দিষ্ট বক্তাৰ ভাষণ আগবঢ়াই প্ৰাক্তন…

মাছৰহাট বৰ নামঘৰৰ (যোৰহাট জিলা) দৌল উৎসৱৰ তাৎপৰ্য

গুঞ্জ শইকীয়া মাছৰহাট বৰ নামঘৰৰ (যোৰহাট জিলা) দৌল উৎসৱ পৰম্পৰাগতভাবে পালন কৰি অহা এক উৎসৱ। মাছৰহাট বৰনামঘৰৰ জন্মৰ লগত জড়িত এটি উৎসৱ হৈছে দৌল উৎসৱ। আমি জন্মৰে পৰা এই উৎসৱৰ লগত একাত্ম হৈ আছোঁ। বৰপেটা সত্ৰৰ দৌল উৎসৱৰ লগত আমাৰ নামঘৰৰ দৌল উৎসৱৰ বহু সাদৃশ্য দেখা যায়। মাধৱদেৱে বৰপেটা সত্ৰৰ দায়িত্ব মথুৰা দাস বুঢ়া আতাৰ হাতত অৰ্পণ কৰে। মথুৰা দাস বুঢ়া আতাই প্ৰথমবাৰৰ বাবে বৈকুণ্ঠৰ আৰ্হিত দৌল উৎসৱ পালন কৰে। তেতিয়াৰে পৰা আজিৰ তাৰিখলৈ বৰপেটা সত্ৰত বৃহৎভাৱে দৌল উৎসৱ অনুষ্ঠিত হৈ আহিছে। বিশেষকৈ পূৰ্ণিমাৰ আগদিনা আমাৰ গাঁৱৰ নামঘৰত ঘুনুচা…

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন

শতাব্দ ষ্টাফ ৰিপটাৰ লখিমপুৰ, ৮ মাৰ্চঃ উত্তৰ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰা হয়। তদুপলক্ষে মহাবিদ্যালয়খনৰ মহিলা কোষ আৰু এন এছ এছ ইউনিটৰ উদ্যোগত আয়োজিত এখন সভা উদ্বোধন কৰে লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° প্ৰেমানন্দ হাওঁবৰাই আৰু ইয়াৰ অধ্যক্ষতা কৰে অধ্যক্ষ ড° লোহিত হাজৰিকাই। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে মহাবিদ্যালয়খনৰ মহিলা কোষৰ আহ্বায়ক ড° মঞ্জু মণি শইকীয়াই। সভাৰ আৰম্ভণিতে অৰ্থনীতি বিভাগৰ অধ্যাপিকা ড° শিখা মনি বৰগোহাঁইৰ একক ভায়লিন পৰিবেশনৰ পিছত মহাবিদ্যালয়ৰ…

তেজপুৰৰ মহিলাৰ অন্যতম সামাজিক-সংস্কৃতিক-শৈক্ষিক আৰু ক্ৰীড়া অনুষ্ঠান “মৈত্ৰী সংঘ” ৰ সোণালী জয়ন্তী 

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৬ ফেব্ৰুৱাৰীঃ তেজপুৰৰ একাংশ মহিলাৰ তৎপৰতাত ১৯৭৩ চনতে গঢ় লৈ উঠা মহিলা সমাজৰ অন্যতম সামাজিক-সংস্কৃতিক-শৈক্ষিক-ক্ৰীড়া অনুষ্ঠান "তেজপুৰ মৈত্ৰী সংঘ" ই ইতিমধ্যে সোণালী বৰ্ষত উপনিত হোৱাত অহা ১৭ আৰু ১৮ মাৰ্চ তাৰিখে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সোণালী জয়ন্তী উৎসৱৰ আয়োজন কৰিছে। কাৰ্যসূচী অনুসৰি ১৭ মাৰ্চৰ বিয়লি ৪ বজাত প্ৰতিনিধি শিবিৰ উদ্বোধন কৰিব সংঘৰ উপসভানেত্ৰী তথা প্ৰবীণ অভিনেত্ৰী জুনু বৰুৱাই। বিয়লি ৫ বজাত স্মৃতি তৰ্পণ মুকলি কৰিব সংঘৰ উপদেষ্টা নিজৰা ভূঞাই আৰু বন্তি প্ৰজ্বলন  কৰিব আন এগৰাকী উপদেষ্টা মাখনী…

তেজপুৰত ৰখাই থোৱা বাহনৰ আইনা ভাঙি দুৰ্বৃত্তই লুটি নিলে আঢ়ৈ লাখ টকা আৰু লেপটপ

শতাব্দ প্ৰতিনিধি‍, তেজপুৰ, ৬ ফেব্ৰুৱাৰীঃ তেজপুৰত ব্যাপক জনসমাগম থকাৰ লগতে সমীপতে আৰক্ষীৰ পহৰা থকা সত্বেও ৰখাই থোৱা বাহনৰ পৰা দুৰ্বৃত্তই লুটি নিলে ধনৰ মোনা আৰু লেপটপ৷উল্লেখ্য যে, শোণিতপুৰৰ ঘাঁহিগাঁও নিবাসী সুৰজিত সেনাপতি নামৰ এজন যুৱকে নিজৰ এ এছ ০১ এফ ডি ৯৮১০ নম্বৰৰ ফৰচুনাৰ বাহনখনৰে আজি দিনত তেজপুৰত উপস্থিত হোৱাৰ পাছত তেওঁ বাহনখন তেজপুৰৰ চাৰ্চ ফিল্ডৰ কাষত থৈ সমীপৰ  হোটেলত চাহ খাবলৈ সোমাই৷ এই সুযোগতে মাত্ৰ ১০ মিনিটৰ ভিতৰতে দুৰ্বৃত্তই গাড়ীখনৰ এখন আইনা ভাঙি বাহনখনৰ ভিটৰত থকা এটা লেপটপ, এটা কাপোৰৰ মোনা আৰু বেংকত জমা কৰিবৰ বাবে…

বিহগুৰিত অজাযুছাপৰ তেজপুৰ জিলা সমিতিৰ ন-পুৰণি সতীৰ্থ সন্মিলন সম্পন্ন

শতাব্দ প্ৰতিনিধি‍, তেজপুৰ, ৫ মাৰ্চঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ৪৫ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি কালি সমগ্ৰ ৰাজ্যৰ লগতে তেজপুৰ জিলা সমিতিয়ে ন-পুৰণি সতীৰ্থ সন্মিলন দিনজোৰা কাৰ্যসূচীৰে বিহগুৰি চন্দ্ৰ নাথ শৰ্মা স্মৃতি ভৱনত অনুষ্ঠিত কৰে। পুৱা পতাকা উত্তোলন কৰে তেজপুৰ জিলা সমিতিৰ সভাপতি নৃপেন নাথে আৰু সতীৰ্থ স্মৰণৰ বন্তি প্ৰজ্বলন কৰে জিলা সমিতিৰ সাধাৰণ সম্পাদক জিতু তালুকদাৰে। ইয়াৰ পাছতে জিলা সভাপতি নৃপেন নাথৰ সভাপতিত্বত অনুষ্ঠিত ন-পুৰণি সতীৰ্থ সন্মিলনৰ মুকলি সভাত সংগঠনটিৰ মূখ্য উপদেষ্টা ৰাণাপ্ৰতাপ বৰুৱাই মুকলি কৰা…

তেজপুৰত অবৈধভাবে সৰবৰাহ কৰা ৩৪টা গৰু জব্দঃ দুজনক গ্ৰেপ্তাৰ

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,৬মাৰ্চঃ যোৱা নিশা প্ৰায় ১০-৩০বজাত তেজপুৰৰ শালনিবাৰী আৰক্ষীয়ে চলোৱা এক অভিযানত মুঠ ৩৪টা চুৰি গৰু সহ এখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে ঘটনা সংক্ৰান্তত দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, যোৱা নিশা এ এছ ০১ জি চি ৫৯৪২নম্বৰ ট্ৰাকখনত এই গৰুসমূহ কঢ়িয়াই অনা অৱস্থাত শালনািবাৰী আৰক্ষীয়ে কদমতলী অঞ্চলত ১৫নম্বৰ ৰাষ্ট্ৰীয় পথত আগচি ধৰি ট্ৰাকখনত তালাচী চলাই৷উল্লেখযোগ্য যে,গহপুৰৰ পৰা গুৱাহাটীলৈ কঢ়িয়াই অনা এই গৰুৰ ভিতৰত এটা গৰুৰ ইতিমধ্যে ট্ৰাকতে মৃত্যু ঘটিছিল৷ আনহাতে,কঢ়িয়াই অনা গৰুৰ…

কৰ্মসংস্থাপনৰ প্ৰলোভন দি মহিলাক বহিঃৰাজ্যলৈ সৰবৰাহ

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,৬মাৰ্চঃ কৰ্মসংস্থাপনৰ প্ৰলোভন দি বহিঃৰাজ্যলৈ মহিলাক সৰবৰাহ কৰাৰ অভিযোগত এজন লোকক গ্ৰেপ্তাৰ কৰিছে ঢেকিয়াজুলি আৰক্ষীয়ে৷ উল্লেখযোগ্য যে, দৰং জিলাৰ ধুলাত  ৰহস্যজনকভাৱে মৃত্যু হোৱা ঢেকিয়াজুলি ৰাজহচক্ৰ এলেকাৰ প্ৰজাপথাৰ গাঁৱৰ বনকৰা কিশোৰী আৰতি তুৰীৰ মাতৃ দেৱন্তী তুৰীক কৰ্মৰ প্ৰলোভন দি বহিঃৰাজ্যলৈ সৰবৰাহ কৰাৰ অভিযোগত  অনিল এক্কা নামৰ এগৰাকী যুৱকক কালি গ্ৰেপ্তাৰ কৰে ঢেকিয়াজুলি আৰক্ষীয়ে৷ এই ঘটনাৰ আন এগৰাকী অভিযুক্ত অনিতা এক্কা নামৰ আন এগৰাকী মহিলা বৰ্তমান পলাতক অৱস্থাত আছে। অনিল এক্কা আৰু অনিতা এক্কা…