Browsing Category

অসম

তিনিচুকীয়াৰ মাকুমত চোৰাং কনডেন্স তেলসহ বাহন জব্দ

শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ৬ মাৰ্চঃ নিৰ্ভৰযোগ্য সূত্ৰে প্ৰাপ্ত তথ্যৰ ভিত্তিত অভিযান চলাই তিনিচুকীয়া জিলাৰ মাকুম আৰক্ষীয়ে আজি পুৱা দ্বিতীয় অসম আৰক্ষী বাহিনী চাউনিৰ সমীপত চোৰাং কনডেন্স তেলসহ এ এচ ২৩ এ বি ০৭৯৩  নম্বৰৰ মাৰুতি ইক’ বাহন এখন জব্দ কৰে৷ অৱশ্যে বাহনখনৰ চালক আৰক্ষীৰ বেহু ফালি পলাই যাবলৈ সক্ষম হয়৷ জব্দকৃত চোৰাং কনডেন্স তেলখিনিৰ পৰিমাণ ৮০০ লিটাৰ বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ। জানিব পৰা মতে ১৬ টা ড্ৰামত ভৰাই এই চোৰাং তেল সৰবৰাহ কৰা হৈছিল। ইতিমধ্যে বাহনখন মাকুম থানালৈ আনি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। উল্লেখ্য,…

বিহপুৰীয়াত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ সংবাদমেল

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৬ মাৰ্চঃ অসম প্ৰদেশ কংগ্ৰেছৰ নৱ গঠিত ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ প্ৰথমখন বৈঠকত লোৱা গুৰুত্বপূৰ্ণ ৰাজনৈতিক সিদ্ধান্তসমূহ আজি ৰাজহুৱা কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই৷ লখিমপুৰ জিলাৰ বিহপুৰীয়া সমষ্টিৰ ভোগপুৰ চাৰিআলিত থকা ভূপেন কুমাৰ বৰাৰ নিজা বাসগৃহত পুৱা ১১ বজাত সম্বোধন কৰা এখন সংবাদমেলত আজি এই সিদ্ধান্ত সমূহৰ কথা তেওঁ ঘোষণা কৰে৷ ভূপেন কুমাৰ বৰাই কয়– এলায়েন্সৰ ক্ষেত্ৰত আমাৰ সভাই কালি এটা সিদ্ধান্ত গ্ৰহণ কৰিছো যে এ আই ইউ ডি এফ দলৰ লগত মিত্ৰতা সন্দৰ্ভত বিভিন্ন জনে বিভিন্ন…

লখিমপুৰত বিদুৎ কর্মীৰ প্ৰতিবাদ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ৬ মাৰ্চঃ আজি অসমৰ ১৫৬ টা বিদ্যুৎ উপ সংমণ্ডলত  অস্থায়ী বিদ্যুৎ কৰ্মীয়ে ১২ ঘন্টীয়া কৰ্মবিৰতি  পালন কৰে। শক্তি খণ্ডত খাঁটি খোৱা অস্থায়ী কৰ্মচাৰীসকলৰ ভৱি‍ষ্যতৰ কথা চিন্তা নকৰা, ব্ৰিটিছৰ নিয়মত চলি থকা শক্তি খণ্ডৰ ৮০% কৰ্মচাৰীয়ে অস্থায়ী। এই অস্থায়ী কৰ্মচাৰী সকলক চাকৰি নিয়মীয়াকৰণৰ প্ৰলোভন দি বিভাগীয় আমোলা বিষয়াই বছৰ বছৰ ধৰি কামত ব্যৱহাৰ কৰি আহিছিল। ৮০% অস্থায়ী কৰ্মীৰে চলি থকা বিভাগটোৱে বৰ্তমান সময়ত ন ন আধুনিকীকৰণৰ দোহাই দি বহু বছৰৰ পৰা কাম কৰি অ্হা অস্থায়ী কৰ্মচাৰীসকলক কৌশলগত ভাৱে পেটে ভাতে…

লখিমপুৰ জিলা স্বাস্থ্য বিভাগৰ সজাগতামূলক চাইকেল ৰেলী

শতাব্দ প্রতিনিধি, লখিমপুৰ, ৫ মাৰ্চঃ সমগ্ৰ অসমৰ লগতে লখিমপুৰ জিলাটো জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত জিলাখনৰ বিভিন্ন অংশত সজাগতামূলক চাইকেল ৰেলী অনুষ্ঠিত কৰা হয়। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আৰু জিলা অসংক্ৰামক ৰোগ নিয়ন্ত্ৰণ কোষ, লখিমপুৰৰ উদ্যোগত উত্তৰ লখিমপুৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু লখিমপুৰ চাইকেল ক্লাৱৰ সহযোগত জিলা পৰ্যায়ৰ অনুষ্ঠান অনুষ্ঠিত হয় উত্তৰ লখিমপুৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত । উক্ত অনুষ্ঠানত জিলাখনৰ অতিৰিক্ত উপায়ুক্ত গীতালী দুৱৰাই উপস্থিত থাকি চাইকেল চলোৱাৰ যোগাত্মক দিশসমূহৰ বিষয়ে ছাত্র-ছাত্ৰী সকলৰ আগত…

লখিমপুৰত বাল্য বিবাহ আৰু মহিলা সৱলীকৰণ সজাগতা সভা

শতাব্দ প্রতিনিধি,লখিমপুৰ,৫মাৰ্চঃ আজি উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত লখিমপুৰ জিলা মহিলা আৰু শিশু বিকাশ কেন্দ্ৰ আৰু কনকলতা গ্ৰাম্য সংগঠনৰ সহযোগত লখিমপুৰ জিলাৰ চিয়াজুলি কনকলতা গ্ৰাম্য সংগঠনৰ প্ৰেক্ষাগৃহত এখনি সজাগতামূলক সভা অনুষ্ঠিত হৈ যায়। উক্ত সভাৰ আঁত ধৰে উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ ৰাষ্ট্ৰীয় স্বেচ্ছাসেৱক বিতু গগৈয়ে।সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ গাণনিক বিষয়া প্ৰৱীণ কুমাৰে।সভাত উপস্থিত থাকি উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ ৰূপমজ্যোতি চেতিয়াই "মহিলা সৱলীকৰণ" সম্পৰ্কে ভাষণ…

বিশিষ্ট বিজ্ঞান লেখক ক্ষীৰধৰ বৰুৱাই প্ৰদৰ্শন কৰিলে “আকাশ বিজ্ঞান আৰু পৰিৱেশ শিক্ষা কেন্দ্ৰ” ৰ কৰ্মসূচী

শতাব্দ প্রতিনিধি, তেজপুৰ, ৫ মাৰ্চঃ তেজপুৰৰ তৰুণ অসম সংঘত আজি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাষ্ট্ৰীয় বিজ্ঞান দিবসৰ লগত সংগতি ৰাখি ‘ বিশ্বনাথ চাৰিআলিৰ ‘আকাশ বিজ্ঞান আৰু পৰিবেশ শিক্ষা কেন্দ্ৰ’ই অসমৰ এগৰাকী আগশাৰীৰ বিজ্ঞান প্ৰচাৰক, লেখক, উদ্ভাৱক আৰু শিক্ষাবিদ তথা দৰং মহাবিদ্যালয়ৰ পদাৰ্থবিজ্ঞান বিভাগৰ  অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ডঃ অখিল কুমাৰ  ডেকাক বিজ্ঞান জনপ্ৰিয়কৰণৰ জীৱনযোৰা সাধনা সন্মান "বিজ্ঞান সৌষ্ঠৱ বঁটা" আনুষ্ঠানিক ভাৱে প্ৰদান কৰে। "আকাশ বিজ্ঞান আৰু পৰিৱেশ শিক্ষা কেন্দ্ৰ" ৰ সভাপতি তথা বিশিষ্ট বিজ্ঞান লেখক…

তেজপুৰত অসম নাট্য সন্মিলনৰ ৬২ সংখ্যক কেন্দ্ৰীয় অধিৱেশন 

শতাব্দ প্রতিনিধি, তেজপুৰ, ৫ মাৰ্চঃ দীৰ্ঘ বিৰতিৰ পিছত অৰ্থাৎ ১৯৬২ আৰু ১৯৯২ চনৰ পিছত আগন্তুক ২০২৪ বৰ্ষত পুনৰ তেজপুৰত অনুষ্ঠিত হ'ব অসম নাট্য সন্মিলনৰ ৬২ সংখ্যক কেন্দ্ৰীয় অধিৱেশন ।কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই গঢ় দি থৈ যোৱা এই জাতীয় অনুষ্ঠানটিৰ তেজপুৰৰ ৬২ সংখ্যক অধিৱেশন সকলো প্ৰকাৰে সাফল্য মণ্ডিত কৰি তোলাৰ লক্ষ্যৰে আজি পুৱাৰে পৰা অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় সভাপতি কুমাৰ দীপক দাস, প্ৰধান সম্পাদক গিৰিধৰ ৰয়ৰ উপস্থিতিত অসম নাট্য সন্মিলনৰ তেজপুৰ শাখাৰ উদ্যোগত অনুষ্ঠিত হয় এখন বিশাল ৰাজহুৱা সভা। বাণ থিয়েটাৰৰ প্ৰাক্তন সভাপতি, বিশিষ্ট…

শিলসাঁকোৰ উচ্ছেদ : বিজেপি চৰকাৰৰ চূড়ান্ত অগণতান্ত্রিক কাৰ্য- চিপিআই (এম এল)

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৪ মাৰ্চ: চিপিআই (এম এল) ৰ অসম ৰাজ্যিক সমিতিয়ে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্যৰ বিজেপি চৰকাৰে শিলসাঁকোত চলোৱা উচ্ছেদ কাৰ্যক তীব্র ভাষাৰে গৰিহণা দিছে। এক প্ৰেছ বিজ্ঞপ্তিত দলৰ অসম ৰাজ্যিক সমিতিৰ সম্পাদক বিবেক দাসে কয় যে হাইস্কুল শিক্ষান্ত, উচ্চতৰ মাধ্যমিক আৰু বছৰেকীয়া পৰীক্ষা চলি থকাৰ সময়তে কোনো ধৰণৰ বিভাগীয় জাননী অবিহনে উচ্ছেদ কাৰ্য চলোৱা হৈছে। মুখ্যমন্ত্রীয়ে শিলসাঁকোত বসবাস কৰা সকলক অবৈধ ভাবে চৰকাৰী মাটি দখল কৰা লোক বুলি কৈছে আৰু এতিয়া তেওঁ কৈছে যে ২০০৮ ৰ পিছত যি সকলে মাটি দখল কৰিছে…

দিনজোৰা কাৰ্যসূচীৰে শোণিতপুৰ জিলা ভ্ৰমণ মন্ত্ৰী অশোক সিংহলৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৪ মাৰ্চঃ ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি দিনজোৰা কাৰ্যসূচীৰে শোণিতপুৰ জিলা ভ্ৰমণ কৰে। পুৱা তেওঁ গহপুৰত উপস্থিত হৈ বিগত বানত ক্ষতিগ্ৰস্ত মহকুমাটোৰ সোলেঙী নদীৰ বাওঁপাৰৰ মথাউৰিৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। ২৫ কোটি টকা পুঁজি ব্যয়ৰে নিৰ্মাণকাৰ্য চলি থকা এই মথাউৰিয়ে বৃহত্তৰ অঞ্চলটোক বানপানীৰ পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত বিশেষভাৱে সহায়ক হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে। আগন্তুক বাৰিষাৰ পূৰ্বেই যাতে সঠিক ৰূপত মথাউৰিটোৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ উঠে তাৰ…

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আত্মনিৰ্ভৰ ভাৰত সম্পৰ্কীয় আই চি এছ এছ আৰ ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ সামৰণি

উত্তৰ লখিমপুৰ, ৪ মাৰ্চঃ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আজি ভাৰতীয় সমাজ বিজ্ঞান গৱেষণা পৰিষদৰ পৃষ্ঠপোষকতাত আত্মনিৰ্ভৰ ভাৰত আৰু উত্তৰ-পূব শীৰ্ষক দুদিনীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰখনি সফলতাৰে সামৰণি পৰে। মহাবিদ্যালয়খনৰ বাণিজ্যিক আইন বিভাগ আৰু আই.কিউ.এ. কোষৰ উদ্যোগত এই আলোচনা চক্ৰৰ দ্বাৰা আয়োজিত আলোচনা চক্ৰখনিৰ আজি দ্বিতীয় তথা অন্তিম দিনৰ দুখনকৈ সমান্তৰাল কাৰিকৰি সত্ৰ অনুষ্ঠিত হয়। উক্ত কাৰিকৰি সত্ৰ কেইখন পৰিচালনা কৰে অধ্যাপক ছাজ্জাদ হুছেইন আৰু ড° দিগন্ত কুমাৰ দাসে। ইয়াৰ পিছতে অধ্যক্ষ ড° লোহিত হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত…