Browsing Category
অসম
তিনিচুকীয়াত চৰকাৰৰ সমালোচনাত মুখৰ প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৪ মাৰ্চ : অসম চৰকাৰে উচ্ছেদৰ নামত খিলঞ্জীয়াৰ আৰু বাংলাদেশী বেদখলকাৰীৰ বাবে দুটা পৃথক নীতি গ্ৰহণ কৰাৰ অভিযোগ তুলিছে প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক তথা উচ্চতম ন্যায়ালয় জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই ৷ আজি তিনিচুকীয়াত অনুষ্ঠিত এক সংবাদমেলত তেওঁ কয় শিলসাঁকোৰ উচ্ছেদে স্পষ্ট কৰিলে যে ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ উচ্ছেদতো খিলঞ্জীয়াৰ বাবে এটা আৰু বাংলাদেশী বেদখলকাৰীৰ বাবে আন এটা নীতি আছে ৷ দীৰ্ঘদিন ধৰি বসবাস কৰা খিলঞ্জীয়া ৰাইজক ক্ষতিপূৰণ বা বিকল্প ভূমি আবণ্টনৰ ক'তো কোনোধৰণৰ উল্লেখ নাই…
ৰন্ধন গেছৰ মূল্য বৃদ্ধি : লখিমপুৰত এচ ইউ চি আইৰ বিক্ষোভ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ ৪ মার্চঃ ৰাজ্যত ৰন্ধন গেছৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত আজি লখিমপুৰত এচ ইউ চি আইৰ এটা দলে বিক্ষোভ প্ৰদৰ্শন কৰাৰ লগতে দেশৰ পেট্রলিয়াম মন্ত্রী হৰদীপ সিং পুৰিৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। হঠাতে ৰন্ধন গেছৰ মূল্য ৫০ টকা বৃদ্ধি কৰি বি জে পি চৰকাৰে দুখীয়া মহিলাক কেনেদৰে সকাহ দিয়া হ'ল বুলিও বি জে পি চৰকাৰক এচ ইউ চি আই (কমিউনিষ্ট) লখিমপুৰ জিলা সম্পাদক অনুপম চুতীয়াই প্রশ্ন উত্থাপন কৰে। ৰন্ধন গেছৰ এনে অভাবনীয় মূল্য বৃদ্ধিৰ বিৰুদ্ধে ৰাইজক ঐক্যবদ্ধভাবে শক্তিশালী গণ আন্দোলন গঢ়ি তোলাৰো আহ্বান…
আজিও সন্ধানহীন লিডুৰ অবৈধ কয়লা খনিত হেৰাই যোৱা প্ৰাঞ্জল মৰাণৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৩ মাৰ্চ : তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লিডুৰ অবৈধ কয়লা খনিত কাম কৰিবলৈ গৈ এমাহৰো অধিককাল সন্ধানহীন হৈ থকা জিলাখনৰ মাকুম অঞ্চলৰ শুকানী গাঁৱৰ প্ৰাঞ্জল মৰাণ নামৰ প্ৰায় ২৪ বছৰীয়া যুৱকজনৰ সন্ধান দিয়াৰ দাবীত আজি উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে কৃষক মুক্তি সংগ্রাম সমিতিৰ তিনিচুকীয়া জিলা সমিতিয়ে ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীত প্ৰাঞ্জলৰ পৰিয়ালৰ লোকো উপস্থিত থাকে ৷ উল্লেখ্য, যোৱা ১২ জানুৱাৰীৰ পাছৰ পৰা পৰিয়ালৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰে প্ৰাঞ্জল ৷…
গৃহ সমষ্টিতে মন্ত্ৰী অশোক সিংহাল অপদস্থ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৩মাৰ্চঃ কালি বিয়লি প্ৰায় চাৰি বজাত বিটিআৰত চৰকাৰী ভাবে অস্বীকৃত তিনিখন গাঁও বিটিআৰত অন্তৰ্ভুক্ত কৰাৰ প্ৰসংগত আদিবাসী ছাত্ৰ সন্থাৰ কৰ্মীয়ে গৃহ সমষ্টি ঢেকিয়াজুলিতে ৰাজ্য চৰকাৰৰ মন্ত্ৰী তথা ঢেকিয়াজুলিৰ বিধায়ক অশোক সিংহালক কৰিলে অপদস্থ ৷যোৱা সময়চোৱাত শোণিতপুৰৰ একাংশ গাঁও বিটিআৰত অন্তৰ্ভুক্ত কৰাক লৈ তীব্ৰ প্ৰতিবাদ অব্যাহত ৰখা আছাই কালিৰ ঘটনাৰ পাছতে এয়া আৰম্ভণিহে বুলি হুংকাৰ দিছে৷উল্লেখযোগ্য যে,কালি গৃহ সমষ্টিৰ ঢেকিয়াজুলিৰ প্ৰজা পথাৰত এক কাৰ্যসূচীত উপস্থিত হবলৈ যোৱা মন্ত্ৰী অশোক সিংহালে পহু খেদা খালে…
চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে ১০মাৰ্চত দিছপুৰ চলো কাৰ্যসূচী টিউটৰৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ,৩ মাৰ্চঃ ১০মাৰ্চত দিছপুৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ককালত টঙালি বান্ধিছে ৰাজ্যৰ শ শ টিউটৰে।উক্ত দিনা দিছপুৰ চলো কাৰ্যসূচীৰে চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে সবল প্ৰতিবাদ সাব্যস্ত কৰিব সদৌ অসম টিউটৰ সন্থাই।সন্থাৰ বিষয়ববীয়াই জানিবলৈ দিয়া অনুসৰি চৰকাৰক বহুবাৰ অনুনয় বিনয় কৰাৰ পাছতো টিউটৰ সকলৰ প্ৰতি তিলমানো মানৱীয়তা প্ৰদৰ্শন নকৰিলে ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে।যাৰ ফলত বাধ্য হৈ ধাৰাবাহিক প্ৰতিবাদৰ বাবে সাজু হৈছে বঞ্চিত টিউটৰ সকলে।প্ৰাথমিক আৰু মধ্য ইংৰাজী টিউটৰ সন্থাৰ উদ্যোগত দিছপুৰ চলো কাৰ্যসূচীত ৰাজ্যৰ…
এপাৰ্টৰ উদ্যোগত শোণিতপুৰত ক্ৰেতা বিক্ৰেতা সন্মিলন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ৩ ফেব্ৰুৱাৰীঃ কৃষিখণ্ডত সামগ্ৰিক বিকাশ আৰু ক্ৰেতা বিক্ৰেতা সকলৰ মিলনৰ অৰ্থে অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰন প্ৰকল্প চমুকৈ APART, শোণিতপুৰৰ উদ্যোগত আৰু জিলা কৃষি বিভাগৰ সহযোগত তেজপুৰ মাজগাওঁস্থিত যুটীয়া কৃষি সঞ্চালকৰ কাৰ্য্যালয় চৌহদত শুকুৰবাৰে অনুষ্ঠিত হয় এখনি ক্ৰেতা বিক্ৰেতা সন্মিলন । শোণিতপুৰ জিলাৰ উন্নয়ন আয়ুক্ত উৎপল বৰাই আনুষ্ঠানিকভাৱে মুকলি কৰা ক্ৰেতা বিক্ৰেতা সন্মিলনখনত অবিভক্ত শোণিতপুৰ জিলাৰ ২০টা কৃষক উৎপাদক কোম্পানীৰ (FPC) ৰ প্ৰতিনিধি বিক্ৰেতা হিচাপে অংশগ্ৰহণ কৰি তেখেত সকলৰ…
ৰোগীৰ হাহাকাৰঃ ঘাৰমৰা ক্ষুদ্র প্রাথমিক স্বাস্থ্য কেন্দ্ৰত এমাহে নাই চিকিৎসক
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ৩ মার্চ : ৰাজ্যৰ স্বাস্থ্য খণ্ডত আমূল পৰিৱৰ্তন অহা বুলি দন্তালি মৰা বি জে পি চৰকাৰৰ দিনত লখিমপুৰৰ এখন ক্ষুদ্ৰ প্রাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসকৰ সেৱা লাভ কৰিব নোৱাৰি ৰোগীয়ে নিতৌ ঘৰমুৱা হোৱা কাৰ্যই চৰকাৰখনৰ স্বৰূপ উদঙাই তুলিছে। প্রাপ্ত অভিযোগ অনুসৰি লখিমপুৰ সদৰৰ পৰা মাত্র ৪-৫ কিঃ মিঃ নিলগত থকা ঘাৰমৰা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্রটি এতিয়া এক প্ৰকাৰে এজন ফাৰ্মাচিষ্টেহে চলাই আহিব লগা হৈছে। বৃহত্তৰ ঘাৰমৰা অঞ্চলৰ এই মিনি পি. এইছ চি খনত এতিয়া ৰোগীয়ে চিকিৎসকক বিচাৰি হাহাকাৰ কৰিবলগা হয়। আজি…
ডি এন এ পৰীক্ষা কৰিলে অধিকাংশ মুছলমানৰে মূল সত্বা হিন্দুৱেই ওলাব – – মুক্তাৰ হুছেইন, প্ৰাক্তন সভাপতি, ৰাজ্যিক সংখ্যালঘু মৰ্চা
মূল্যবৃদ্ধি সাধাৰণ দৃষ্টিত হ্ৰাস কৰাতো সম্ভৱপৰ নহয় - - ভৱেশ কলিতা
সকলো সংৰক্ষিত বনাঞ্চলত হোৱা বেদখলীৰ বিৰুদ্ধে চলিব উচ্ছেদ অভিযান - অচিৰেই চলিব গোৱালপাৰা আৰু কৰিমগঞ্জ জিলাত - - চন্দ্ৰমোহন পাটোৱাৰী
শোণিতপুৰ ১৪ হেজাৰ ১৫৭ জন শিক্ষাৰ্থী বহিব হাইস্কুল শিক্ষান্ত পৰীক্ষাত
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,২ মাৰ্চঃ তিনি মাৰ্চৰ পৰা ৰাজ্যত অনুষ্ঠিত হবলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাত শোণিতপুৰৰ পৰা মুঠ ১৪ হেজাৰ ১৫৭ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হব।মাণ্ডলিক সচিব কে কে ডেকাই আজি জানিবলৈ দিয়া অনুসৰি জিলাখনৰ মুঠ ৩০ টা কেন্দ্ৰৰ লগতে অতিৰিক্ত চাৰিটা কেন্দ্ৰত শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হব। তেজপুৰ চাৰিআলি কন্যা উচ্চ মাধ্যমিক বিদ্যালয়ত এটা অতিৰিক্ত পৰীক্ষা কেন্দ্ৰৰ লগতে ডেকাৰগাঁও হাইস্কুল, নাৰেংকাটি উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৰাক্ষসমাৰী হাইস্কুল, চিৰাজুলী হাইস্কুল, চিৰাজুলী কলনি প্ৰাথমিক বিদ্যালয় আৰু…
বাঁহবাৰীৰ শ্ৰী শ্ৰী কলীয়া গোঁসাই থানত দৌলউৎসৱৰ ব্যাপক প্ৰস্তুতি
শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ,২মাৰ্চঃ তেজপুৰৰ নিকটৱৰ্তী বাঁহবাৰীৰ আৰু বিহগুৰি মৌজাৰ মধ্যস্হলত অৱস্থিত থিয়আটি তথা শ্ৰী শ্ৰী কলীয়া গোঁসাই থানত অহা সাত মাৰ্চৰ পৰা ১১মাৰ্চলৈ পাঁচদিনীয়া কাৰ্যসূচীৰে দৌলউৎসৱ আৰু মেলাৰ আয়োজন কৰা হৈছে৷ শতিকা প্ৰাচীন থানখনত এই দৌলউৎসৱ আৰু মেলাই ২৯বছৰত ভৰি দিছে৷ আনহাতে এইবাৰ এই উৎসৱ ৰূপালী জয়ন্তী হিচাপেও অনুষ্ঠিত হ’ব৷ ইতিমধ্যে মহেন্দ্ৰ বৰুৱাক সভাপতি,কেশৱ চন্দ্ৰ বৰুৱাক কাৰ্যকৰী সভাপতি আৰু ৰমণী মোহন শইকীয়াক সাধাৰণ সম্পাদক হিচাপে লৈ এখন শক্তিশালী আয়োজক সমিতি গঠন কৰাৰ লগতে এই দৌল উৎসৱ তথা মেলাৰ প্ৰস্তুতি…
