Browsing Category
অসম
বিহপুৰীয়াত বিজেপিৰ প্ৰাক্তন জিলা সভাপতি সহ ১৮ জনৰ কংগ্ৰেছত যোগদান
বিজেপিত এতিয়া দলৰ নিষ্ঠাবান নেতা-কৰ্মী চূড়ান্ত উপেক্ষিতঃ বিজেপিৰ প্ৰাক্তন সভাপতিশতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৯ ছেপ্টেম্বৰঃ বিজেপিত এতিয়া অন্তঃকন্দলৰ সৃষ্টি হৈছে৷ দলটোত পুৰণা অধিকাংশ কৰ্মীয়েই দলটোৰ প্ৰতি বিতুষ্ট হৈ পৰিছে৷ এই কথা আজি ইয়াত বিজেপিৰ পৰা কংগ্ৰেছত যোগদান কৰিবলৈ অহা এই লোকসকলৰ কথাই সকলো স্পষ্ট কৰি দিছে৷-- এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ৰাজ্যিক সভাপতি ভূপেন কুমাৰ বৰাৰ৷ লখিমপুৰ জিলাৰ বিহপুৰীয়া সমষ্টিৰ ভোগপুৰত অনুষ্ঠিত কংগ্ৰেছৰ এখন সভাত বিজেপিৰ নেতা-কৰ্মীয়ে যোগদান কৰা এখন সভাত আজি ভূপেন বৰাই এনেদৰে কয়৷…
অসমীয়া ভাষাটো পৰি মৰা ভাষা নহয়
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৯ছেপ্টেম্বৰঃ “সাংবাদিকতা এতিয়া সেৱা নহয়,ছপা মাধ্যমেই হওঁক বা বৈদ্যুতিন মাধ্যমেই হওঁক বৰ্তমান বিভিন্ন সমালোচনাৰ সন্মুখীন হ’লেও এটা কথা কিন্তু ঠিক যে ৰাজ্যৰ এই সংবাদমাধ্যম সমূহে অসমীয়া ভাষাটোৰ চৰ্চা অব্যাহত ৰাখিছে৷”তেজপুৰত আজি এক অন্তৰংগ আলাপত অংশ লৈ এইদৰে মন্তব্য কৰে সাহিত্য একাডেমি বঁটা প্ৰাপক গল্পকাৰ তথা আমাৰ অসম কাকতৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীয়ে৷শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সাধাৰণ সম্পাদক মনোজ কুমাৰ শইকীয়াই একোখন ফুলাম গামোচাৰে মনোজ কুমাৰ গোস্বামীক আদৰণি জনোৱাৰ লগতে তেজপুৰ…
তাই আহোমক জনজাতিকৰণৰ দাবীঃ লখিমপুৰত প্ৰতিবাদ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৮ ছেপ্টেম্বৰঃ তাই আহোম জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত আজি লখিমপুৰত তাই আহোম ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতিয়ে এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ বিশেষকৈ তাই আহোম জনগোষ্ঠীক দীৰ্ঘদিন ধৰি জনজাতিকৰণৰ নামত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে প্ৰতাৰণা কৰি অহাৰ ক্ষোভত আজি লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ তাই আহোম ছাত্ৰ সন্থাৰ অভিযোগ নিৰ্বাচনৰ আগত প্ৰতিবাৰেই প্ৰতিটো ৰাজনৈতিক দলে তথা চৰকাৰে জনজাতিৰ নামত ভোট লৈ নিৰ্বাচিত হৈ চৰকাৰ গঠন কৰাৰ পিছত জনজাতিকৰণৰ…
লখিমপুৰৰ পথালিপামত ৰঙা খয়েৰৰ ২০ টা চোৰাং কুণ্ডা উদ্ধাৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৮ ছেপ্টেম্বৰঃ লখিমপুৰ জিলাৰ পথালি পাম খণ্ড বন বিষয়াৰ নেতৃত্বত যোৱা বন বিভাগৰ এটা দলে আজি পথালিপামৰ ধৰ্মপুৰত অভিযান চলাই ২০ টা চোৰাং খয়েৰ গছৰ কুণ্ডা উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ ইফালে এই ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত ধৰ্মপুৰ অঞ্চলৰ পৰা পবিত্ৰ চুতীয়া, বোপ দাস আৰু দিলীপ দাস নামৰ তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে৷ উল্লেখ্য যে দীৰ্ঘদিন ধৰি সোৱণশিৰিৰ বুকুৰে চলি আহিছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা৷ দিনৰ পোহৰতে বন মাফিয়াই কাটি নিছে সোৱণশিৰি ভূমি সংৰক্ষণ বিভাগৰ মূল্যবান গছ৷ বনবিভাগৰ চূড়ান্ত হেমাহীৰ বাবেই সোৱণশিৰি…
দৰংমহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ দৃষ্টান্তমূলক পদক্ষেপ
শতাব্দ ষ্টাফৰিপ'টাৰ, তেজপুৰ, ২৮ ছেপ্টেম্বৰ : নিজৰ শিক্ষানুষ্ঠানখনৰ প্ৰতি দায়ৱদ্ধতা প্ৰকাশ কৰি দৰংমহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সকলে মহাবিদ্যালয়খনৰ এলুমনাই সন্হাৰ উদ্যোগত নিৰ্মাণ কৰি উলিওৱা "এলুমনাই গেলাৰী" অৰ্থাৎ শ্ৰেণী কোঠা অহা ৩০ ছেপ্তেম্বৰত আনুষ্ঠানিক ভাৱে উদ্বোধন কৰি মহাবিদ্যালয় কৰ্তৃপক্ষক অৰ্পণ কৰিব। উল্লেখ্য যে প্ৰাক্তন দৰঙিয়ানসকলৰ ধনেৰে অত্যাধুনিক ভাৱে স্মাৰ্ট ক্লাছৰ সুবিধাযুক্ত কৰি নিৰ্মাণ কৰা এই "এলুমনাই গেলাৰী শ্ৰেণী কোঠা"টি উক্ত দিনা পুৱা ১০ - ৩০ বজাত মহাবিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত অধ্যাপক মহেন্দ্ৰ নাথ কেওঁটে…
বিহু সংস্কৃতি ৰক্ষাৰ বাবে কঠোৰ আইন প্ৰণয়ন কৰাৰ দাবী
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৭ছেপ্টেম্বৰঃ বিহু সংস্কৃতি ৰক্ষাৰ বাবে কঠোৰ আইন প্ৰণয়ন কৰাৰ দাবীৰে একাংশ জ্যেষ্ঠ বিহুৱা আৰু বিহুৱতীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এক স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে৷ আজি এক বিবৃতিত এই বিষয়ে প্ৰকাশ কৰি কোৱা হয় যে,অসম আৰু অসমীয়াৰ স্বাভিমান বিহু নাচক ২০১৯ বৰ্ষত দিল্লীৰ "ফিট ইন্ডিয়া মভমেন্ট" অনুস্থানত বিকৃত ৰূপত পৰিবেশন কৰাৰ পাছত পুনৰবাৰ ২০২২ বৰ্ষত দিল্লীতেই মালদ্বীপৰ ৰাষ্ট্ৰপতিক আদৰণি জনাবলৈ গৈ আকৌ বিকৃত ৰূপত বিহুক পৰিবেশন কৰা হ'ল। একেই ঘটনা পুনৰাবৃত্তি ঘটাই দিল্লীত অনুষ্ঠিত হোৱা জি-২০ সন্মিলনৰ অতিথিক আদৰণি…
উত্তৰ লখিমপুৰ নগৰৰ পশ্চিমাঞ্চলত শংকৰ জন্মোৎসৱ পালন
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৭ ছেপ্টেম্বৰঃ উত্তৰ লখিমপুৰ নগৰৰ পশ্চিমাঞ্চলৰ ৬টা নামঘৰৰ ভকত বৈষ্ণৱসকল একত্ৰিত হৈ এইবাৰ শ্ৰীশ্ৰী শংকৰদেৱৰ ৫৭৫ সংখ্যক জন্মোৎসৱ পালন কৰে৷ শংকৰ জন্মোৎসৱ লগত সংগতি ৰাখি ধৰ্মালোচনী সভা, সম্বৰ্ধনা সভা আদিও অনুষ্ঠিত কৰা হয়৷ শ্ৰীশ্ৰী শংকৰদেৱৰ ৫৭৫ সংখ্যক জন্মোৎসৱ উপলক্ষে বিজয় নগৰ নামঘৰত খেলমাটি, চান্দমাৰি, বিজয় নগৰ, চিনাতলীয়া, সনাতন নামঘৰ, বোৱালগুৰি আৰু শংকৰ মাধৱ নামঘৰৰ উদ্যোগত একত্ৰিত ভাৱে যোৱা ২৪-২৫ ছেপ্টেম্বৰত এই জন্মোৎসৱ পালন কৰা হয়৷ প্ৰথম দিনা ধৰ্মধবজা উত্তোলনেৰে আৰম্ভ হোৱা শংকৰ উৎসৱত স্মৃতি…
তিনিচুকীয়াত পৰ্যটন বিভাগ, প্ৰেছ ক্লাব, বেব্লাৰ্ছ ইনৰ উদ্যোগত পৰ্যটন দিৱস পালন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৭ ছেপ্তেম্বৰ : তিনিচুকীয়া জিলা পৰ্যটন বিভাগৰ উদ্যোগত তথা তিনিচুকীয়া প্ৰেছ ক্লাব আৰু বেব্লাৰ্ছ ইন (বটিক হোমষ্টে) নামৰ প্ৰতিষ্ঠানৰ সহযোগত আজি বিশেষ কাৰ্যসূচীৰে তিনিচুকীয়াত বিশ্ব পৰ্যটন দিৱস পালন কৰা হয়। চহৰখনৰ উপকণ্ঠৰ গুইজান বাইপাছৰ সমীপৱৰ্তী বেব্লাৰ্ছ ইনৰ চৌহদত বিশ্ব পৰ্যটন দিৱসৰ আৰম্ভণিতে অৱসৰপ্ৰাপ্ত অধ্যাপক উত্তম দুৱৰাই এক আলোকচিত্ৰ প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰে। আজিৰ কাৰ্যসূচীত জ্যেষ্ঠ সাংবাদিক অমূল্য খাটনিয়াৰ, জিলা সাংবাদিক সন্থাৰ সভাপতি ড° ঋষি দাস, তিনিচুকীয়া মহাবিদ্যালয়ৰ প্ৰাক্তন…
তেলীৰ মূৰত তেলঃ মসৃণ প্ৰেভাৰ ব্লকৰ পথৰ ওপৰতে ১০ কোটি টকীয়া ব্লেকট্ৰপিঙৰ পথ নিৰ্মাণ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৭ ছেপ্টেম্বৰঃ যি সময়ত লখিমপুৰ জিলাৰ বিভিন্ন ঠাইত জৰাজীৰ্ণ পথে ৰাইজক জীয়াতু ভোগাইছে তেনে সময়তে উত্তৰ লখিমপুৰ নগৰৰ চাবতিত লখিমপুৰৰ লোকনিৰ্মাণ বিভাগে ১০ কোটি টকাৰ ব্যয় সাপেক্ষে পূৰ্বৰ মসৃণ প্ৰেভাৰ ব্লকৰ পথৰ ওপৰতে ব্লেকট্ৰপিং পদ্ধতিৰে পথ নিৰ্মাণ কৰি কোটি কোটি টকাৰ অপচয় কৰা কাৰ্যই ৰাইজক আচৰিত কৰি তুলিছে৷ প্ৰাপ্ত তথ্য অনুসৰি লখিমপুৰৰ লোক নিৰ্মাণ বিভাগে ২০২২-২৩ বৰ্ষত মুখ্যমন্ত্ৰীৰ উন্নত পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত উত্তৰ লখিমপুৰ নগৰৰ পুৰণা চিভিল হাস্পতালৰ পৰা লীলাবাৰীলৈ ৫ৰ১৬ কিলোমিটাৰ দৈঘ্যৰ পথ…
তিনিচুকীয়া জিলাৰ ২২১ বিদ্যলয় বন্ধৰ সিদ্ধান্ত : আছুৰ তীব্ৰ প্ৰতিবাদ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৭ ছেপ্তেম্বৰ : তিনিচুকীয়া জিলাৰ ২২১খন অসমীয়া মাধ্যমৰ বিদ্যলয় বন্ধ কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে আজি সদৌ তিনিচুকীয়া জিলা ছাত্র সন্থাৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ জিলা ছাত্র সন্থাৰ বহুসংখ্যক কৰ্মীয়ে শোভাযাত্ৰা কৰি গৈ তিনিচুকীয়া চহৰৰ মাজমজিয়াৰ থানা চাৰিআলিত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে অসমৰ মুখ্যমন্ত্রী আৰু শিক্ষামন্ত্রীৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ আজিৰ প্ৰতিবাদী কাৰ্যসূচীত সদৌ তিনিচুকীয়া জিলা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক…
