Browsing Category

অসম

দৰংমহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ দৃষ্টান্তমূলক পদক্ষেপ

শতাব্দ ষ্টাফৰিপ'টাৰ, তেজপুৰ, ২৮ ছেপ্টেম্বৰ : নিজৰ শিক্ষানুষ্ঠানখনৰ প্ৰতি দায়ৱদ্ধতা প্ৰকাশ কৰি দৰংমহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সকলে মহাবিদ্যালয়খনৰ এলুমনাই সন্হাৰ উদ্যোগত নিৰ্মাণ কৰি উলিওৱা "এলুমনাই গেলাৰী" অৰ্থাৎ শ্ৰেণী কোঠা অহা ৩০ ছেপ্তেম্বৰত আনুষ্ঠানিক ভাৱে উদ্বোধন কৰি মহাবিদ্যালয় কৰ্তৃপক্ষক অৰ্পণ কৰিব। উল্লেখ্য যে প্ৰাক্তন দৰঙিয়ানসকলৰ ধনেৰে অত্যাধুনিক ভাৱে স্মাৰ্ট ক্লাছৰ সুবিধাযুক্ত কৰি নিৰ্মাণ কৰা এই "এলুমনাই গেলাৰী শ্ৰেণী কোঠা"টি উক্ত দিনা পুৱা ১০ - ৩০ বজাত মহাবিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত অধ্যাপক মহেন্দ্ৰ নাথ কেওঁটে…

বিহু সংস্কৃতি ৰক্ষাৰ বাবে কঠোৰ আইন প্ৰণয়ন কৰাৰ দাবী

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৭ছেপ্টেম্বৰঃ বিহু সংস্কৃতি ৰক্ষাৰ বাবে কঠোৰ আইন প্ৰণয়ন কৰাৰ দাবীৰে একাংশ জ্যেষ্ঠ বিহুৱা আৰু বিহুৱতীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এক স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে৷ আজি এক বিবৃতিত এই বিষয়ে প্ৰকাশ কৰি কোৱা হয় যে,অসম আৰু অসমীয়াৰ স্বাভিমান বিহু নাচক ২০১৯ বৰ্ষত দিল্লীৰ "ফিট ইন্ডিয়া মভমেন্ট" অনুস্থানত বিকৃত ৰূপত পৰিবেশন কৰাৰ পাছত পুনৰবাৰ ২০২২ বৰ্ষত দিল্লীতেই মালদ্বীপৰ ৰাষ্ট্ৰপতিক আদৰণি জনাবলৈ গৈ আকৌ বিকৃত ৰূপত বিহুক পৰিবেশন কৰা হ'ল। একেই ঘটনা পুনৰাবৃত্তি ঘটাই দিল্লীত অনুষ্ঠিত হোৱা জি-২০ সন্মিলনৰ অতিথিক আদৰণি…

উত্তৰ লখিমপুৰ নগৰৰ পশ্চিমাঞ্চলত শংকৰ জন্মোৎসৱ পালন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৭ ছেপ্টেম্বৰঃ উত্তৰ লখিমপুৰ নগৰৰ পশ্চিমাঞ্চলৰ ৬টা নামঘৰৰ ভকত বৈষ্ণৱসকল একত্ৰিত হৈ এইবাৰ শ্ৰীশ্ৰী শংকৰদেৱৰ ৫৭৫ সংখ্যক জন্মোৎসৱ পালন কৰে৷ শংকৰ জন্মোৎসৱ লগত সংগতি ৰাখি ধৰ্মালোচনী সভা, সম্বৰ্ধনা সভা আদিও অনুষ্ঠিত কৰা হয়৷ শ্ৰীশ্ৰী শংকৰদেৱৰ ৫৭৫ সংখ্যক জন্মোৎসৱ উপলক্ষে বিজয় নগৰ নামঘৰত খেলমাটি, চান্দমাৰি, বিজয় নগৰ, চিনাতলীয়া, সনাতন নামঘৰ, বোৱালগুৰি আৰু শংকৰ মাধৱ নামঘৰৰ উদ্যোগত একত্ৰিত ভাৱে যোৱা ২৪-২৫ ছেপ্টেম্বৰত এই জন্মোৎসৱ পালন কৰা হয়৷ প্ৰথম দিনা ধৰ্মধবজা উত্তোলনেৰে আৰম্ভ হোৱা শংকৰ উৎসৱত স্মৃতি…

তিনিচুকীয়াত পৰ্যটন বিভাগ, প্ৰেছ ক্লাব, বেব্লাৰ্ছ ইনৰ উদ্যোগত পৰ্যটন দিৱস পালন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৭ ছেপ্তেম্বৰ : তিনিচুকীয়া জিলা পৰ্যটন বিভাগৰ উদ্যোগত তথা তিনিচুকীয়া প্ৰেছ ক্লাব আৰু বেব্লাৰ্ছ ইন (বটিক হোমষ্টে) নামৰ প্ৰতিষ্ঠানৰ সহযোগত আজি বিশেষ কাৰ্যসূচীৰে তিনিচুকীয়াত বিশ্ব পৰ্যটন দিৱস পালন কৰা হয়। চহৰখনৰ উপকণ্ঠৰ গুইজান বাইপাছৰ সমীপৱৰ্তী বেব্লাৰ্ছ ইনৰ চৌহদত বিশ্ব পৰ্যটন দিৱসৰ আৰম্ভণিতে অৱসৰপ্ৰাপ্ত অধ্যাপক উত্তম দুৱৰাই এক আলোকচিত্ৰ প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰে। আজিৰ কাৰ্যসূচীত জ্যেষ্ঠ সাংবাদিক অমূল্য খাটনিয়াৰ, জিলা সাংবাদিক সন্থাৰ সভাপতি ড° ঋষি দাস, তিনিচুকীয়া মহাবিদ্যালয়ৰ প্ৰাক্তন…

তেলীৰ মূৰত তেলঃ মসৃণ প্ৰেভাৰ ব্লকৰ পথৰ ওপৰতে ১০ কোটি টকীয়া ব্লেকট্ৰপিঙৰ পথ নিৰ্মাণ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৭ ছেপ্টেম্বৰঃ যি সময়ত লখিমপুৰ জিলাৰ বিভিন্ন ঠাইত জৰাজীৰ্ণ পথে ৰাইজক জীয়াতু ভোগাইছে তেনে সময়তে উত্তৰ লখিমপুৰ নগৰৰ চাবতিত লখিমপুৰৰ লোকনিৰ্মাণ বিভাগে ১০ কোটি টকাৰ ব্যয় সাপেক্ষে পূৰ্বৰ মসৃণ প্ৰেভাৰ ব্লকৰ পথৰ ওপৰতে ব্লেকট্ৰপিং পদ্ধতিৰে পথ নিৰ্মাণ কৰি কোটি কোটি টকাৰ অপচয় কৰা কাৰ্যই ৰাইজক আচৰিত কৰি তুলিছে৷ প্ৰাপ্ত তথ্য অনুসৰি লখিমপুৰৰ লোক নিৰ্মাণ বিভাগে ২০২২-২৩ বৰ্ষত মুখ্যমন্ত্ৰীৰ উন্নত পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত উত্তৰ লখিমপুৰ নগৰৰ পুৰণা চিভিল হাস্পতালৰ পৰা লীলাবাৰীলৈ ৫ৰ১৬ কিলোমিটাৰ দৈঘ্যৰ পথ…

তিনিচুকীয়া জিলাৰ ২২১ বিদ্যলয় বন্ধৰ সিদ্ধান্ত : আছুৰ তীব্ৰ প্ৰতিবাদ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৭ ছেপ্তেম্বৰ : তিনিচুকীয়া জিলাৰ ২২১খন অসমীয়া মাধ্যমৰ বিদ্যলয় বন্ধ কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে আজি সদৌ তিনিচুকীয়া জিলা ছাত্র সন্থাৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ জিলা ছাত্র সন্থাৰ বহুসংখ্যক কৰ্মীয়ে শোভাযাত্ৰা কৰি গৈ তিনিচুকীয়া চহৰৰ মাজমজিয়াৰ থানা চাৰিআলিত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে অসমৰ মুখ্যমন্ত্রী আৰু শিক্ষামন্ত্রীৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ আজিৰ প্ৰতিবাদী কাৰ্যসূচীত সদৌ তিনিচুকীয়া জিলা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক…

 ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াৰ লখিমপুৰ ভ্ৰমণ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ ২৬ ছেপ্তেম্বৰ: ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই দুদিনীয়া ভ্ৰমণ সূচীৰে আজি লক্ষীমপুৰ জিলাত উপস্থিত হয়। ডিব্ৰুগড়ৰপৰা স্থলপথেৰে আহি জিলাখনত উপস্থিত হৈ ৰাজ্যপাল গৰাকীয়ে প্ৰথমে উত্তৰ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্বশাসিত) পৰিদৰ্শন কৰে । তেও অধ্যক্ষ ডঃ বিমান চন্দ্ৰ চেতিয়াৰ লগতে অধ্যাপক-অধ্যাপিকা, মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ডঃ মুকুন্দ ৰাজবংশী ,উপাধ্যক্ষ ডঃ ৰঞ্জন বৰুৱা,আৰু অন্যান্য বিষয়ববীয়া সকলৰ সৈতে এক বিশেষ সভাত মিলিত হয়। মহাবিদ্যালয়ৰ সভাকক্ষত আয়োজিত সভাখনত মহাবিদ্যালয়খনৰ অধ্যক্ষ, শিক্ষকগোট তথা…

ধলপুৰত ৰাষ্ট্ৰীয় ঘাইপথত তিনিবাহনৰ সংঘৰ্ষ: আহত ৫

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ ২৫ ছেপ্টেম্বৰঃ- লখিমপুৰ জিলাৰ ধলপুৰত আজি সন্ধিয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ এই দুৰ্ঘটনাৰ ফলত ৫ জন লোক গুৰুতৰ ভাবে আহত হয় ৷ আজি সন্ধিয়া প্ৰায় ৬:৪৫ ত এই ঘটনা সংঘটিত হয় । ঘটনাৰ বিবৰণি অনুসৰি গুৱাহাটীৰ পৰা লখিমপুৰ অভিমুখী এ এছ-০১জি চি ০৪৫৫ নম্বৰৰ এখন ১২ চকীয়া ট্ৰাক আৰু লখিমপুৰ দিশৰ পৰা তেজপুৰ অভিমুখে আহি থকা ডাব্লিউ বি ৫৭ চি ৩৫৬৮ নম্বৰ ১৪ চকীয়া ট্ৰাকৰ মাজত মুখামুখী সংঘৰ্ষ লাগে। গুৱাহাটীৰ পৰা লখিমপুৰ দিশে যোৱা ট্ৰাকখনৰ পিছে পিছে গৈ থকা এখন চুইফ ডিজাৰে দুই ট্ৰাকৰ সংঘৰ্ষ সৃষ্টি হৈ গতিবেগ স্থবিৰ…

তেজপুৰৰ অগপ নেতা, প্ৰাক্তন ট্ৰেড ইউনিয়নিষ্ট, সমাজকৰ্মী, অভিনেতা প্ৰবীণ পাটোৱাৰীৰ পৰলোকপ্ৰাপ্তি 

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ২৫ ছেপ্তেম্বৰ : তেজপুৰৰ এগৰাকী সৰবৰহী এসময়ৰ ট্ৰেড ইউনিয়নিষ্ট, জাতীয়তাবাদী, নিষ্ঠাবান সমাজকৰ্মী, দুটাকৈ কাৰ্যকালৰ তেজপুৰ পৌৰসভাৰ পৌৰ সদস্য তথা অভিনেতা প্ৰবীণ পাটোৱাৰীৰ আজি পুৱা প্ৰায় ৮ বজাত তেজপুৰৰ চানমাৰীৰ ব্ৰজেন নগৰৰ নিজ বাসগৃহতে ৭৪ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটাত তেজপুৰত শোকৰ ছাঁ পৰিছে ।উল্লেখ্য যে অসম ৰাজ্যিক বিদ্যুত পৰিষদৰ তেজপুৰ সংমণ্ডলত কৰ্মৰত হৈ থকা অৱস্হাত ট্ৰেড ইউনিয়নৰ সৈতে জড়িত হৈ পৰিষদৰ কৰ্মচাৰী সকলৰ ন্যাৰ্য প্ৰাপ্যৰ বাবে অতি নিষ্ঠাৰে সংগ্ৰাম অব্যাহত ৰাখি তেজপুৰৰ এগৰাকী সৰ্ব পৰিচিত…

আহত বনৰীয়া হাতীৰ মৃত্যু শোণিতপুৰতঃপাৰস্পৰিক যুঁজত এমাহতে দুটাকৈ হাতীৰ মৃত্যু

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৫ছেপ্টেম্বৰঃ শোণিতপুৰ জিলাৰ ফুলবাৰী চাহবাগিচাৰ ২৩নম্বৰ লাইনত যোৱা ১৯ছেপ্টেম্বৰত গুৰুতৰ ভাবে আহত হোৱা দঁতাল বনৰীয়া হাতীটোৰ যোৱা নিশা মৃত্যু ঘটিছে৷উল্লেখযোগ্য যে,দ্ৰুতগতিত প্ৰাকৃতিক আৱাস ধ্বংস হোৱাৰ ফলত খাদ্যৰ সংকটত ভোগা হাতীৰ জাক অৰণ্যৰ বাহিৰলৈ ওলাই আহিবলগীয়া হৈছে৷ শোণিতপুৰৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু সোণাই ৰূপাই অভয়াৰণ্যতে যথেষ্ট সংখ্যক বনৰীয়া হাতী আছে য’দিও সোণাইৰূপাইৰ বহু অংশ বেদখল হোৱাৰ লগতে বালিপৰা আৰু চাৰিদুৱাৰ সংৰক্ষিত বনাঞ্চলৰো একেই অৱস্হা হোৱাত বনৰীয়া হাতীৰ জাকে ৰঙাপৰা আৰু বালিপৰাৰ…