Browsing Category
অসম
কৰ্মচাৰীৰ অকাল মৃত্যু : তিনিচুকীয়া পৌৰসভাক ১০ লক্ষাধিক টকাৰ ক্ষতিপূৰণ প্ৰদানৰ নিৰ্দেশ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৩ ছেপ্তেম্বৰ : কৰ্তব্যৰত অৱস্থাত দুৰ্ঘটনাত পতিত হৈ মৃত্যুবৰণ কৰা তিনিচুকীয়া পৌৰসভাৰ এজন অস্থায়ী কৰ্মচাৰীক ১০ লক্ষাধিক টকাৰ ক্ষতিপূৰণ প্ৰদানৰ বাবে পৌৰসভাক নিৰ্দেশ দিছে তিনিচুকীয়াৰ সহকাৰী শ্ৰম আয়ুক্ত তথা কৰ্মচাৰীৰ ক্ষতিপূৰণ বিভাগৰ তিনিচুকীয়াৰ আয়ুক্ত বি মিলিয়ে৷ উল্লেখ্য যে ১৬ ছেপ্তেম্বৰৰ দিনা তিনিচুকীয়া চহৰৰ ৰঙাগড়া পথৰ বাসিন্দা তৰুণ দাস (৫৫) নামৰ পৌৰসভাত ইলেকট্ৰিচিয়ান হিচাপে অস্থায়ীভাৱে নিয়োজিত ব্যক্তিজনে দুৰ্গাবাড়ী এলেকাত এটা ষ্ট্ৰীট লাইট মেৰামতি কৰি থকাৰ সময়ত প্ৰায় ২০ ফুট উচ্চতাৰ লাইটৰ…
জাতীয় শিক্ষানীতি- ২০২০ বাতিলৰ দাবীঃ লখিমপুৰত এ আই ডি এছ অ’ৰ প্ৰতিবাদ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৩ ছেপ্টেম্বৰ ঃ জাতীয় শিক্ষানীতি ২০২০ বাতিল কৰা আৰু ৰাজহুৱা শিক্ষা ব্যৱস্থা ৰক্ষাৰ দাবীত আজি লখিমপুৰত এ আই ডি এছ অ’ৰ লখিমপুৰ জিলা সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ এ আই ডি এছ অ’ৰ জিলা সম্পাদক ভাইটি চুংক্ৰাঙে কয় যে শিক্ষাৰ ব্যৱসায়িকৰণৰ অস্ত্ৰ আৰু প্ৰাণধংসকাৰী জাতীয় শিক্ষানীতি ২০২০ বাতিল কৰিবই লাগিব৷ ৰাজহুৱা শিক্ষা ব্যৱস্থা ৰক্ষা কৰাৰ দাবীত ছাত্ৰ সংগঠনটোৰ ৰাজ্যিক সমিতিয়ে ২০-২৬ ছেপ্টেম্বৰলৈ ৰাজ্যিক প্ৰতিবাদী সপ্তাহ ঘোষণা কৰে৷ সেই প্ৰতিবাদী কাৰ্যসূচীৰ লগত সংগতি ৰাখি আজি এ আই ডি এছ অ’ৰ লখিমপুৰ…
অসম নাট্য সন্মিলনৰ ৬২ সংখ্যক তেজপুৰ কেন্দ্ৰীয় অধিৱেশনক লৈ ব্য়াপক প্ৰস্তুতি
কৰ্ণধাৰ সমিতিৰে ২৬ খন উপ সমিতিৰ সভাপতি - সম্পাদকৰ বৈঠক
মূল মণ্ডপ উৎসৰ্গিত হ'ব জ্যোতি - বিষ্ণুৰ সোঁৱৰণত - মূল মঞ্চ হ'ব নটসূৰ্য্যৰ সোঁৱৰণত
চাৰি নাট্য সন্ধিয়া উৎসৰ্গিত হ'ব প্ৰয়াত নট সৈনিকৰ সোঁৱৰণত
গ্ৰন্থমেলা, প্ৰদৰ্শনী, নাট প্ৰতিযোগিতা, আলোচনা চক্ৰৰ বাবে বিশেষ সিদ্ধান্ত
তেজপুৰৰ ইতিহাস প্ৰতিফলিত কৰি নিৰ্মাণ হ'ব মূল তোৰণ আৰু মণ্ডপশতাব্দ ষ্টাফ ৰিপ'টাৰ, তেজপুৰ, ২৩ ছেপ্তেম্বৰ: তেজপুৰত অহা ১৭ জানুৱাৰীৰ পৰা ২১ জানুৱাৰীলৈ পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব লগীয়া অসম নাট্য সন্মিলনৰ ৬২ সংখ্যক তেজপুৰ…
মুকলিৰ তিনিবছৰঃ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত নাই পৰ্যাপ্ত ঔষধ-সা-সুবিধা
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২২ ছেপ্টেম্বৰঃ লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়খন যোৱা তিনিটা বৰ্ষৰ পূৰ্বেই আনুষ্ঠানিক ভাৱে মুকলি কৰা হ’ল যদিও আজিও চিকিৎসা মহাবিদ্যালয়খনে পূৰ্ণতা লাভ নকৰিলে৷ যাৰবাবে এই চিকিৎসালয়খনত এতিয়া ৰোগীসকলে পৰ্যাপ্ত ঔষধ তথা সা-সুবিধাৰ পৰা বঞ্চিত হ’বলগা হৈছে৷ পূবে ধেমাজি জিলা, পশ্চিমে বিশ্বনাথ জিলা, দক্ষিণে মাজুলী জিলা, উত্তৰে অৰুণাচল প্ৰদেশৰ পৰাও ৰোগীসকলে উন্নত চিকিৎসা সেৱা বিছাৰি লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হয়৷ কিন্তু এই চিকিৎসা মহাবিদ্যালয়খনত এতিয়াও আটাইসমূহ বিভাগ মুকলি নোহোৱাৰ ফলত…
এন এইচ পি চিত পুনৰ ভূমিস্খলনঃ পূৰ্বে পাহৰ খহি বন্ধ হৈ থকা ডাইভাৰ্চন টাৰ্নেলৰ সন্মুখ মুকলি
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২২ ছেপ্টেম্বৰঃ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণকাৰ্য প্ৰায় সম্পূৰ্ণ হোৱাৰ সময়তে এই পৰ্যন্ত প্ৰকল্পস্থলীত ভূমিস্খলন হৈয়ে আছে৷ গেৰুকামুখ পাহাৰৰ ভূমিস্খলনৰ ফলত পূৰ্বে বন্ধ হৈ পৰা ১নং ডাইভাৰ্চন টাৰ্নেলৰ ইনলেট আজি নিজে নিজে মুকলি হৈ পূৰ্বৰ সুংৰগটো ওলাই পৰে৷ উল্লেখ্য যে পূৰ্বে গেৰুকামুখত পাহাৰ খহি এই ১নং ডাইভাৰ্চন টাৰ্নেলটো বন্ধ হৈ পৰিছিল৷ দীৰ্ঘদিনধৰি বন্ধ হৈ থকা টাৰ্নেলৰ সন্মুখ ভাগ আজি হঠাতে মুকলি হৈ পৰাত পূৰ্বৰ সুৰংগটো ওলাই পৰে৷ উল্লেখনীয় কথা যে বৃহৎ নদীবান্ধ প্ৰকল্পটোৰ ৫টা ডাইভাৰ্চন…
বালিপৰাত হেৰইন জব্দ:নৈত জাপ দি পলাল সৰবৰাহকাৰী
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২২ছেপ্টেম্বৰঃ শোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষী থানা অন্তৰ্গত গুদামঘাটত যোৱা নিশা মাৰাত্মক হে'ৰইন জব্দ কৰাৰ বিপৰীতে দুই সৰবৰাহকাৰীয়ে নৈত জাপ দি পলায়ন কৰে৷উল্লেখযোগ্য যে,ইতিমধ্যেই জিলাখনৰ তেজপুৰ আৰু চাৰিদুৱাৰ আৰক্ষী থানা অন্তৰ্গত বিভিন্ন অঞ্চলত বৰবিহ ড্ৰাগচে একাংশ যুৱকৰ ভৱিষ্যত বিপদাপন্ন কৰাৰ বিপৰীতে আৰক্ষীৰ অভিযানতো এনে একাংশ সৰবৰাহকাৰী কিছু পৰিমানৰ ড্ৰাগছ সহ গ্ৰেপ্তাৰ হ’লেও বৰ্তমানেও শোণিতপুৰত এনে মাৰাত্মক বেহা চলিয়েই আছে৷এনে অৱস্হাত যোৱা নিশা খনামুখৰ দিশৰ পৰা অহা দুই যুৱকক গুদাম ঘাটত সন্দেহজনক…
লখিমপুৰৰ শিক্ষক-আলোকচিত্ৰ শিল্পী প্ৰাণজিত বৰুৱাৰ অকাল বিয়োগত শোক
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২২ ছেপ্টেম্বৰঃ লখিমপুৰৰ জনপ্ৰিয় ফটোগ্ৰাফাৰ, শিক্ষক আৰু সাহিত্য সংস্কৃতিৰ লগত জড়িত প্ৰাণজিৎ বৰুৱাৰ আজি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু ঘটে৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৩২ বছৰ৷ অতি কম বয়সতে সামাজিক মাধ্যমত জনমত গঠনৰ মঞ্চ তৈয়াৰ কৰাৰ লগতে ইতিবাচক চিন্তাৰে কাম কৰি থকা প্ৰাণজিৎ কিছুদিনৰ পূৰ্বে হঠাতে এক জটিল ৰোগত আক্ৰান্ত হয়। প্ৰাণজিতক প্ৰথম পৰ্যায়ত লখিমপুৰ মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছিল যদিও পৰৱৰ্তী সময়ত তেওঁক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ আয়ুৰচন্দ্ৰা’ আৰু গুৱাহাটী মেডিকেল কলেজত ভৰ্তি…
তিনিচুকীয়াত সাংস্কৃতিক মহাসংগ্ৰামৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২২ ছেপ্তেম্বৰ : ৰাজ্যৰ তৃণমূল পৰ্যায়ৰ সাংস্কৃতিক প্ৰতিভাসমূহক উজ্বলাই তোলাৰ লক্ষ্যৰে চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আয়োজন কৰা হৈছে অসম সাংস্কৃতিক মহাসংগ্ৰাম ২০২৩-২৪ ৷ তিনিচুকীয়া জিলাতো এই কাৰ্যসূচী সাফল্যমণ্ডিত কৰি তোলাৰ উদ্দেশ্যেৰে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰা হৈছে ৷ তিনিচুকীয়াৰ আয়ুক্ত স্বপ্নীল পালৰ পৌৰোহিত্যত সাংস্কৃতিক মহাসংগ্ৰাম ২০২৩-২৪ সন্দৰ্ভত এখন সভা আজি আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় ৷ অতিৰিক্ত আয়ুক্ত সোনতৃষ্ণা ঘৰফলীয়াই আঁত ধৰা সভাত আয়ুক্তই সাংস্কৃতিক…
নৰ্থ লখিমপুৰ কলেজত ‘অসমীয়া প্ৰকৃতি সাহিত্যৰ গতিধাৰা’ শীৰ্ষক বক্তৃতানুষ্ঠান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২২ ছেপ্টেম্বৰঃ ‘অসমীয়া প্ৰকৃতি সাহিত্য চৰ্চাৰ বাটকটীয়া হ’ল নৰ্থ লখিমপুৰ কলেজ৷ এই কলেজেই বিগত প্ৰায় ছয়-সাত বছৰ ধৰি সাহিত্যৰ এই নতুন ধাৰাটোক চৰ্চাৰ মাজেৰে এক সবল পৰ্যায়লৈ আগুৱাই আনিলে৷’ – এই মন্তব্য বিশিষ্ট প্ৰকৃতিবিদ সৌম্যদ্বীপ দত্তৰ৷ দত্তই আজি নৰ্থ লখিমপুৰ কলেজত ‘অসমীয়া প্ৰকৃতি সাহিত্যৰ গতিধাৰা’ শীৰ্ষক বক্তৃতানুষ্ঠানত ভাগ লৈ এইদৰে কয়৷ তেওঁ লগতে কয় যে, প্ৰকৃতি সংৰক্ষণৰ চেতনা ব্যাপকভাৱে প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত প্ৰকৃতি সাহিত্যৰ বিশেষ ভূমিকা আছে৷ এইক্ষেত্ৰত নতুন প্ৰজন্ময়ো কিছু দায়িত্ব ল’ব লাগিব৷…
তেজপুৰত জ্যেষ্ঠ নাগৰিক মঞ্চৰ অধিৱেশন সম্পন্ন
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২২ছেপ্টেম্বৰঃ শোণিতপুৰ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ অন্তৰ্ভুক্ত মাজগাঁও জ্যেষ্ঠ নাগৰিক মঞ্চৰ দশম বাৰ্ষিক অধিবেশনখন আজি সুকলমে অনুষ্ঠিত হয়। পুৱা আঠ বজাত পৰিবেশ নিকাকৰণ আৰু গছপুলি ৰোপণৰে আৰম্ভ কৰি ন বজাত পতাকা উত্তোলন কৰে ভাৰপ্ৰাপ্ত সভাপতি ইন্দ্ৰেশ্বৰ শইকীয়াই। শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে যতিন কোছে। ১০ বজাৰ পৰা অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাত সভাপতিত্ব কৰে ইন্দ্ৰেশ্বৰ শইকীয়াই। সম্পাদকীয় পাঠ কৰে দেৱ দাসে। বছৰটোত খালী হোৱা দুজন কাৰ্য্যকৰী সদস্যৰ বাচনিৰ পিছত ষাঠি উৰ্দ্ধৰ লোক সকলৰ বাবে বন্ধ হৈ থকা ৰেল…
