Browsing Category

অসম

বান্দৰদেৱাত পথ দুৰ্ঘটনাত হাৱাজানৰ যুৱকৰ মৃত্যুঃ কদমত বলেৰ’-ট্ৰেক্টৰৰ মুখামুখি সংঘৰ্ষত আহত- ৬

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ , ১১ ছেপ্টেম্বৰঃ লখিমপুৰ জিলাৰ পশ্চিমপ্ৰান্তৰ বান্দৰদেৱাত যোৱানিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷ উক্ত দুৰ্ঘটনাত হাৱাজানৰ এজন যুৱক নিহত হয়৷ প্ৰাপ্ত তথ্য অনুসৰি যোৱা নিশা বান্দৰদেৱাৰ পৰা হাৱাজানৰ গৃহাভিমুখে এখন দুচকীয়া বাহন ত মৃণাল বৰা আৰু অভি দাস নামৰ যুৱক দুজন গৈ থকাৰ সময়তে বান্দৰদেৱাৰ পি টি চি ১নং গেটৰ সমীপত তথা বালিগাঁৱত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত পুঁতি ৰখা পকী খুঁটাত তীব্ৰ জোৰত খুন্দা মৰাৰ ফলত দুয়োজন যুৱক গুৰুতৰ ভাৱে আহত হয়৷ যোৱা নিশা প্ৰায় ৯ বজাত এই ঘটনা সংঘটিত হোৱাৰ পিছত দুয়োকে লখিমপুৰ…

তিনিচুকীয়াত পৰিদৰ্শনৰ কাৰ্যসূচীৰে এন এফ ৰেল’ৱেৰ জেনেৰেল মেনেজাৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১১ ছেপ্তেম্বৰ :তিনিচুকীয়া ৰে’ল সংমণ্ডল পৰিদৰ্শনৰ উদ্দেশ্যেৰে আজি পুৱা উচ্চপদস্থ বিষয়াবৰ্গৰ সৈতে এক বিশেষ ৰে’লযোগে নিউ তিনিচুকীয়াত উপস্থিত হয় উত্তৰপূৱ সীমান্ত ৰে'লৱেৰ (এন এফ ৰেল’ৱে) মহাপ্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱ ৷ ভ্ৰমণসূচী অনুসৰি তেওঁ পুৱা ৯-৪০ বজাত ইয়াৰ ৰে'ল চালক আৰু পৰিচালকৰ (গাৰ্ড) জিৰণি ঘৰ, নিউ তিনিচুকীয়া ষ্টেচন পৰিদৰ্শন কৰে । ইয়াৰ পাছত ১০-৩০ বজাত নিউ তিনিচুকীয়া পৰা ডিগবৈলৈকে ৰে'ল পথছোৱা উচ্চপদস্থ বিষয়াবৰ্গৰ সৈতে পৰিদৰ্শন কৰাৰ লগতে ডিগবৈ শোধনাগাৰৰ সংগ্ৰহালয় দৰ্শন কৰি…

সাহিত্য সাধনা মঞ্চৰ সাংগঠনিক সভা সম্পন্ন

শতাব্দ প্ৰতিনিধি,১০ছেপ্তেম্বৰ: সাহিত্য সংস্কৃতি সাধনা মঞ্চৰ লখিমপুৰ জিলা সমিতিৰ সহযোগত নাৰায়ণপুৰ আঞ্চলিক শাখাৰ উদ্যোগত প্ৰথম সাংগঠনিক সভাখন ৩ ছেপ্টেম্বৰত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয়। পতাকা উত্তোলনেৰে আৰম্ভ হোৱা অনুষ্ঠানটোৰ পোনতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ঠাইতে লিখা ৰচনা, কবিতা আবৃত্তি আৰু ভূপেন্দ্ৰ সংগীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়।দুপৰীয়া ১বজাৰ পৰা লখিমপুৰ জিলা আহোম সভাৰ প্ৰাক্তন সভাপতি যোগেন ফুকনৰ সভাপতিত্বত মুকলি সভাখন অনুষ্ঠিত হয়। বিশিষ্ট চিন্তাবিদ তথা ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত শিক্ষক প্ৰশান্তজ্যেতি বৰুৱাই…

শোণিতপুৰ প্ৰেছ ক্লাবৰ সভাপতি সুভাষ চন্দ্ৰ বিশ্বাসক প্ৰসাদ সিং চুব্বা স্মৃতি সেৱা বঁটা প্ৰদান 

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ১০ ছেপ্টেম্বৰ : তেজপুৰৰ বিশিষ্ট সাংবাদিক, অধিবক্তা, সমাজকৰ্মী, নেপালী সাপ্তাহিক 'দেশ বাৰ্তা'ৰ কাৰ্যবাহী সম্পাদক তথা শোণিতপুৰ প্ৰেছ ক্লাবৰ সভাপতি সুভাস চন্দ্ৰ বিশ্বাসক আজি তেজপুৰত চেম্বাৰ অৱ কমাৰ্চৰ সভাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত প্ৰসাদ সিং চুব্বাৰ ১১৬ তম জন্ম বাৰ্ষিকীৰ লগত সংগতি ৰাখি আয়োজন কৰা এক অনুষ্ঠানত২০২৩ বৰ্ষৰ বাবে "প্ৰসাদ সিং চুব্বা স্মৃতি সেৱা সন্মান বঁটা" প্ৰদান কৰা হয় । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিশিষ্ট অধিবক্তা সুভাষ চন্দ্ৰ বিশ্বাস সমাজ, সংবাদ মাধ্যম , আইনী ক্ষেত্ৰ আৰু সাহিত্য জগতৰ…

তেজপুৰ সাহিত্য চ’ৰাৰ ৫৪২ সংখ্যক বৈঠক সম্পন্ন

শতাব্দ ষ্টাফ ৰিপ'টাৰ তেজপুৰ ১০ছেপ্তেম্বৰ: তেজপুৰ সাহিত্য চ'ৰাৰ ৫৪২ সংখ্যক বৈঠকখনি এইবেলি বিশিষ্ট বিজ্ঞান লেখক, অবসৰপ্ৰাপ্ত অধ্যাপক ড° ৰমেশ চন্দ্ৰ গোস্বামীৰ বাসভৱনত অনুষ্ঠিত হয়। বৈঠকৰ শুভাৰম্ভণী ঘটে ড° সতীশ চন্দ্ৰ ভট্টাচাৰ্য্যৰ মংগলাচৰণেৰে। সভাৰ পহিলা ভাগতেই সদ্যপ্ৰয়াত বিজ্ঞান লেখক ড° প্ৰণৱজ্যোতি চেতীয়া,বিশিষ্ট লেখক সমাজকৰ্মী দেবেন দত্ত, কবি ৰবীন্দ্ৰ সৰকাৰ, হেমন্ত কলিতা, নলিনী কুমাৰ শৰ্মা, ৰাধানাথ উপাধ্যায়, জ্যোতিনাথ শৰ্মা বৰদলৈ আৰু জ্ঞাত-অজ্ঞাত লোক সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পনেৰে এক মিনিট সময় মৌনতা অবলম্বন কৰা হয়। স্বৰচিত…

তেজপুৰৰ দ পৰ্বতীয়াৰ ঐতিহ্যত ব্ৰহ্মপুত্ৰৰ ভয়ঙ্কৰ আঘাত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১০ছেপ্টেম্বৰঃ তেজপুৰৰ দ-পৰ্বতীয়াৰ এক অঞ্চলত ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়াই বিপদ কঢ়িয়াই আনিছে কাষৰীয়া একাধিক অঞ্চলৰ বাবে৷ ইতিহাস প্ৰসিদ্ধ অঞ্চলটোৰ ৰাইজে এই গৰাখহনীয়া শীঘ্ৰেই ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে চৰকাৰৰ প্ৰতি আহ্বান জনাইছে৷ উল্লেখযোগ্য যে, দ-পৰ্বতীয়াৰ বৰা চুবুৰী অঞ্চললৈ সম্প্ৰতি ব্ৰহ্মপুত্ৰৰ বিধ্বংসী খহনীয়াই ৰাইজক শংকিত কৰিছে৷ অঞ্চলটোৰ কাষৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ ঘাটত যোৱা সময়চোৱাত ধাৰাবাহিক ভাবে খহনীয়া অব্যাহত আছে৷ ইয়াৰ ফলত শংকিত হৈ পৰিছে বৰা চুবুৰীৰ লগতে দ-চুবুৰী আৰু লেঙা চুবুৰীৰ ১০…

পাচঁমাইল শাখা সাহিত্য সভাৰ চৰ -চাপৰিৰ হেৰাই যোৱা পৰম্পৰা‌ শীৰ্ষক গ্ৰন্থ উন্মোচন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১০ছেপ্টেম্বৰঃ আমি মূলতঃ কৃষি সভ্যতাৰ সন্তান। আমাৰ সংস্কৃতি সমূহো কৃষি ভিত্তিক।চৰ -চাপৰিৰ অনুষ্ঠানো কৃষি ভিত্তিক। আজি কালি সেইবোৰক ধৰ্মীয় গণ্ডীৰ মাজত অনাৰ চেষ্টা চলাই আছে।চৰ -চাপৰিৰ কৃষি ভিত্তিক অনুষ্ঠানৰ মাজত বহুতো সাহিত্যৰ সমল লুকাই আছে। ফকৰা যোজনা, সাঁথৰ, কিচ্ছা কাহিনী ইত্যাদি। এনেবোৰ সমল গোটাই লেখক -সাংবাদিক তথা সংগঠক চিৰাজ খানে চৰ -চাপৰিৰ হেৰাই যোৱা পৰম্পৰা‌ শীৰ্ষক গ্ৰন্থখনত সুন্দৰ ভাৱে উপস্থাপন কৰিছে বুলি কয় পাঁচমাইল শাখা সাহিত্য সভাৰ গ্ৰন্থ উন্মোচনী সভাত উন্মোচনী ‌বক্তব্যত কবি, ঔপন্যাসিক…

 দৰ্শনা কাশ্যপক “গংগোত্ৰী গোস্বামী সোঁৱৰণী মেধা বঁটা” প্ৰদান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ১০ ছেপ্তেম্বৰ : এক পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটি লোৱা তেজপুৰ বাসন্তীপুৰৰ মেধাৱী ছাত্ৰী গংগোত্ৰী গোস্বামীৰ সোঁৱৰণত আজি গহপুৰৰ শংকৰদেৱ শিক্ষা নিকেতনৰ বিশেষ সভাকক্ষত বিহপুৰীয়া কেন্দুগুৰিৰ মেধাৱী ছাত্ৰী দৰ্শনা কাশ্যপক "গংগোত্ৰী গোস্বামী সোঁৱৰণী মেধা বঁটা" প্ৰদান কৰা হয়। উল্লেখ্য যে ২০১৫ চনৰ ১৬ ডিচেম্বৰত এক শোকাবহ পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটি লোৱা তেজপুৰৰ বহুমুখী প্ৰতিভাৰ অধিকাৰী গংগোত্ৰী গোস্বামীৰ সোঁৱৰণত ২০১৬ চনৰ পৰাই ১০ ছেপ্তেম্বৰৰ গংগোত্ৰী গোস্বামীৰ জন্ম দিনটোত আৰ্থিক ভাৱে পিছপৰা মেধাৱী…

তেজপুৰত ৰাষ্ট্ৰীয় লোক আদালত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৯ছেপ্টেম্বৰঃ শোণিতপুৰ জিলা আইন সেৱা প্ৰাধিকৰনৰ উদ্যোগত আজি তেজপুৰৰ ন্যায়িক আদালতত শোণিতপুৰ জিলা আৰু সত্ৰ ন্যায়াধীশ তথা জিলা আইন সেৱা প্ৰাধিকৰনৰ সভাপতি ছত্ৰভূষন গগৈৰ পৰিচালনাত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হয়। আজি তেজপুৰৰ ন্যায়িক চৌহদত অনুষ্ঠিত ৰাষ্ট্ৰীয় লোক আদালতৰ সাতখন আদালতত বিছৰাধীন আৰু প্ৰি লিটিগেছনৰ সাত হেজাৰ গোছৰৰ ভিতৰত ২০টা এম এ চি টি গোছৰসহ ১২৪৩টা গোছৰ নিস্পতিৰ জৰিয়তে মুঠ দুই কোটি সাত সত্তৰ লাখ টকা আদায় কৰা হয়। আজি তেজপুৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় লোক আদালত সন্দৰ্ভত জিলা আইন সেৱা প্ৰাধিকৰনৰ…

সোৱণশিৰিৰ বুকুত জাহ গৈছে শ শ হেক্টৰ শালি খেতি

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৯ ছেপ্টেম্বৰঃ অতীজৰ সোণ কমোৱা সোৱণশিৰি নদীখনে এতিয়া লৈছে অন্য ৰূপ৷ এতিয়া এই নদীখনে কালৰূপ ধাৰণ কৰি খহনীয়াৰ সৃষ্টি কৰাত বধাকৰা অঞ্চলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ জলসম্পদ বিভাগৰ লগতে লখিমপুৰ জিলা প্ৰশাসনৰ উদাসীনতাৰ বাবেই এতিয়া সোৱণশিৰি নদীয়ে ভয়ংকৰ গৰা খহনীয়াৰ সৃষ্টি কৰি ভীমপৰা মথাউৰিটো বিপন্ন কৰি তুলিছে৷ সোৱণশিৰিৰ গৰা খহনীয়াত এতিয়া শ শ হেক্টৰ কৃষিভূমি তথা শালি খেতি নদীৰ বুকুত জাহ যোৱাত কৃষকসকলে মূৰে কপালে হাত দিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে৷ নদীখনৰ খহনীয়াই বধাকৰাৰ লাইলঙীয়াত একপ্ৰকাৰে…