Browsing Category
অসম
তেজপুৰ সাহিত্য চ’ৰাৰ ৫৪২ সংখ্যক বৈঠক সম্পন্ন
শতাব্দ ষ্টাফ ৰিপ'টাৰ তেজপুৰ ১০ছেপ্তেম্বৰ: তেজপুৰ সাহিত্য চ'ৰাৰ ৫৪২ সংখ্যক বৈঠকখনি এইবেলি বিশিষ্ট বিজ্ঞান লেখক, অবসৰপ্ৰাপ্ত অধ্যাপক ড° ৰমেশ চন্দ্ৰ গোস্বামীৰ বাসভৱনত অনুষ্ঠিত হয়। বৈঠকৰ শুভাৰম্ভণী ঘটে ড° সতীশ চন্দ্ৰ ভট্টাচাৰ্য্যৰ মংগলাচৰণেৰে। সভাৰ পহিলা ভাগতেই সদ্যপ্ৰয়াত বিজ্ঞান লেখক ড° প্ৰণৱজ্যোতি চেতীয়া,বিশিষ্ট লেখক সমাজকৰ্মী দেবেন দত্ত, কবি ৰবীন্দ্ৰ সৰকাৰ, হেমন্ত কলিতা, নলিনী কুমাৰ শৰ্মা, ৰাধানাথ উপাধ্যায়, জ্যোতিনাথ শৰ্মা বৰদলৈ আৰু জ্ঞাত-অজ্ঞাত লোক সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পনেৰে এক মিনিট সময় মৌনতা অবলম্বন কৰা হয়। স্বৰচিত…
তেজপুৰৰ দ পৰ্বতীয়াৰ ঐতিহ্যত ব্ৰহ্মপুত্ৰৰ ভয়ঙ্কৰ আঘাত
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১০ছেপ্টেম্বৰঃ তেজপুৰৰ দ-পৰ্বতীয়াৰ এক অঞ্চলত ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়াই বিপদ কঢ়িয়াই আনিছে কাষৰীয়া একাধিক অঞ্চলৰ বাবে৷ ইতিহাস প্ৰসিদ্ধ অঞ্চলটোৰ ৰাইজে এই গৰাখহনীয়া শীঘ্ৰেই ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে চৰকাৰৰ প্ৰতি আহ্বান জনাইছে৷ উল্লেখযোগ্য যে, দ-পৰ্বতীয়াৰ বৰা চুবুৰী অঞ্চললৈ সম্প্ৰতি ব্ৰহ্মপুত্ৰৰ বিধ্বংসী খহনীয়াই ৰাইজক শংকিত কৰিছে৷ অঞ্চলটোৰ কাষৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ ঘাটত যোৱা সময়চোৱাত ধাৰাবাহিক ভাবে খহনীয়া অব্যাহত আছে৷ ইয়াৰ ফলত শংকিত হৈ পৰিছে বৰা চুবুৰীৰ লগতে দ-চুবুৰী আৰু লেঙা চুবুৰীৰ ১০…
পাচঁমাইল শাখা সাহিত্য সভাৰ চৰ -চাপৰিৰ হেৰাই যোৱা পৰম্পৰা শীৰ্ষক গ্ৰন্থ উন্মোচন
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১০ছেপ্টেম্বৰঃ আমি মূলতঃ কৃষি সভ্যতাৰ সন্তান। আমাৰ সংস্কৃতি সমূহো কৃষি ভিত্তিক।চৰ -চাপৰিৰ অনুষ্ঠানো কৃষি ভিত্তিক। আজি কালি সেইবোৰক ধৰ্মীয় গণ্ডীৰ মাজত অনাৰ চেষ্টা চলাই আছে।চৰ -চাপৰিৰ কৃষি ভিত্তিক অনুষ্ঠানৰ মাজত বহুতো সাহিত্যৰ সমল লুকাই আছে। ফকৰা যোজনা, সাঁথৰ, কিচ্ছা কাহিনী ইত্যাদি। এনেবোৰ সমল গোটাই লেখক -সাংবাদিক তথা সংগঠক চিৰাজ খানে চৰ -চাপৰিৰ হেৰাই যোৱা পৰম্পৰা শীৰ্ষক গ্ৰন্থখনত সুন্দৰ ভাৱে উপস্থাপন কৰিছে বুলি কয় পাঁচমাইল শাখা সাহিত্য সভাৰ গ্ৰন্থ উন্মোচনী সভাত উন্মোচনী বক্তব্যত কবি, ঔপন্যাসিক…
দৰ্শনা কাশ্যপক “গংগোত্ৰী গোস্বামী সোঁৱৰণী মেধা বঁটা” প্ৰদান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ১০ ছেপ্তেম্বৰ : এক পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটি লোৱা তেজপুৰ বাসন্তীপুৰৰ মেধাৱী ছাত্ৰী গংগোত্ৰী গোস্বামীৰ সোঁৱৰণত আজি গহপুৰৰ শংকৰদেৱ শিক্ষা নিকেতনৰ বিশেষ সভাকক্ষত বিহপুৰীয়া কেন্দুগুৰিৰ মেধাৱী ছাত্ৰী দৰ্শনা কাশ্যপক "গংগোত্ৰী গোস্বামী সোঁৱৰণী মেধা বঁটা" প্ৰদান কৰা হয়। উল্লেখ্য যে ২০১৫ চনৰ ১৬ ডিচেম্বৰত এক শোকাবহ পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটি লোৱা তেজপুৰৰ বহুমুখী প্ৰতিভাৰ অধিকাৰী গংগোত্ৰী গোস্বামীৰ সোঁৱৰণত ২০১৬ চনৰ পৰাই ১০ ছেপ্তেম্বৰৰ গংগোত্ৰী গোস্বামীৰ জন্ম দিনটোত আৰ্থিক ভাৱে পিছপৰা মেধাৱী…
তেজপুৰত ৰাষ্ট্ৰীয় লোক আদালত
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৯ছেপ্টেম্বৰঃ শোণিতপুৰ জিলা আইন সেৱা প্ৰাধিকৰনৰ উদ্যোগত আজি তেজপুৰৰ ন্যায়িক আদালতত শোণিতপুৰ জিলা আৰু সত্ৰ ন্যায়াধীশ তথা জিলা আইন সেৱা প্ৰাধিকৰনৰ সভাপতি ছত্ৰভূষন গগৈৰ পৰিচালনাত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হয়। আজি তেজপুৰৰ ন্যায়িক চৌহদত অনুষ্ঠিত ৰাষ্ট্ৰীয় লোক আদালতৰ সাতখন আদালতত বিছৰাধীন আৰু প্ৰি লিটিগেছনৰ সাত হেজাৰ গোছৰৰ ভিতৰত ২০টা এম এ চি টি গোছৰসহ ১২৪৩টা গোছৰ নিস্পতিৰ জৰিয়তে মুঠ দুই কোটি সাত সত্তৰ লাখ টকা আদায় কৰা হয়। আজি তেজপুৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় লোক আদালত সন্দৰ্ভত জিলা আইন সেৱা প্ৰাধিকৰনৰ…
সোৱণশিৰিৰ বুকুত জাহ গৈছে শ শ হেক্টৰ শালি খেতি
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৯ ছেপ্টেম্বৰঃ অতীজৰ সোণ কমোৱা সোৱণশিৰি নদীখনে এতিয়া লৈছে অন্য ৰূপ৷ এতিয়া এই নদীখনে কালৰূপ ধাৰণ কৰি খহনীয়াৰ সৃষ্টি কৰাত বধাকৰা অঞ্চলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ জলসম্পদ বিভাগৰ লগতে লখিমপুৰ জিলা প্ৰশাসনৰ উদাসীনতাৰ বাবেই এতিয়া সোৱণশিৰি নদীয়ে ভয়ংকৰ গৰা খহনীয়াৰ সৃষ্টি কৰি ভীমপৰা মথাউৰিটো বিপন্ন কৰি তুলিছে৷ সোৱণশিৰিৰ গৰা খহনীয়াত এতিয়া শ শ হেক্টৰ কৃষিভূমি তথা শালি খেতি নদীৰ বুকুত জাহ যোৱাত কৃষকসকলে মূৰে কপালে হাত দিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে৷ নদীখনৰ খহনীয়াই বধাকৰাৰ লাইলঙীয়াত একপ্ৰকাৰে…
তেজপুৰ কাৰাগাৰত আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ ফেডাৰেছনৰ প্ৰশংসনীয় পদক্ষেপ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৯ ছেপ্টেম্বৰঃ তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী মহিলা আৰু আৰু কাৰাৰুদ্ধ মহিলা সকলৰ লগত থকা শিশু সকলৰ কল্যানৰ বাবে আগবাঢ়ি আহিছে ভাৰত চৰকাৰৰ নীতি আয়োগৰ স্বীকৃতিপ্ৰাপ্ত আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ ফেডাৰেছনৰ সদস্য সকল। আজি ফেডাৰেছনৰ তৰফৰ পৰা তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ মহিলাসকললৈ এটা চিলাই মেছিন আনুষ্ঠানিকভাৱে আগবঢ়োৱাৰ লগতে মহিলা আৰু শিশুৰ বাবে কাপোৰ আগবঢ়োৱাৰ কথা এক সংবাদ মেলত সদৰী কৰিছে ফেডাৰেছনৰ মুখ্য সঞ্চালিকা ড° বৰ্ণালী শৰ্মাই। এই উদ্দেশ্যে শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সভাকক্ষত…
লখিমপুৰত আৰক্ষীক আক্ৰমণকাৰী ড্ৰাগছ সৰবৰাহকাৰী ছাদ্দাম হুছেইনৰ আত্মসমৰ্পণ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৯ ছেপ্টেম্বৰঃ অৱশেষত ড্ৰাগছ সৰবৰাহকাৰী ছাদ্দাম হুছেইন ওৰফে বোলায়ত হুছেইনে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয়৷ যোৱা নিশা বঙালমৰা আৰক্ষী চকীত আত্মসমৰ্পণ কৰে আৰক্ষীক আক্ৰমণকাৰী ড্ৰাগছ সৰবৰাহকাৰী ছাদ্দাম হুছেইনে৷ উল্লেখ্য যে ৬ ছেপ্টেম্বৰৰ সন্ধিয়া ছাদ্দাম হুছেইনক অসামৰিক পোছাকত থকা লালুক হাৰমতী আৰক্ষীৰ এটা দলে ড্ৰাগছৰ সৈতে নিজা ঘৰৰ পৰা কৰায়ত্ত কৰিছিল যদিও সেই সময়ত ছাদ্দামৰ পৰিয়ালে আৰক্ষীৰ দলটোক আক্ৰমণ কৰি মাৰধৰ কৰাৰ লগতে হাৰমতী আৰক্ষীচকীৰ ভাৰপ্ৰাপ্ত বিষয়া চিৰঞ্জীৱ বৰাক হাতত কামুৰি ছাদ্দাম…
যিকোনো প্ৰচেষ্টাৰ বাবে নিজৰ সৰ্বোচ্চ উজাৰি দিয়ক,–ৰীমা দাস
উত্তৰ লখিমপুৰঃ ৯ ছেপ্টেম্বৰঃ অস্কাৰৰ মনোনীত চলচ্চিত্ৰ পৰিচালক ৰীমা দাসে আজি ছাত্ৰ-ছাত্ৰীসকলক জীৱনৰ আকাংক্ষিত লক্ষ্যত উপনীত হ’বলৈ যৎপৰোনাস্তি চেষ্টা কৰিবলৈ কয়। আজি উত্তৰ লখিমপুৰৰ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বক্তৃতা শৃংখলাত অংশগ্ৰহণ কৰি দাসে এই পৰ্যবেক্ষণ কৰে। 'ভিলেজ ৰকষ্টাৰ' আৰু 'বুলবুল কেন চিঙ'ৰ দৰে সমালোচকৰ দ্বাৰা সমাদৃত আৰু প্ৰশংসিত আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বক্তৃতা মালৰ সপ্তমটো বক্তৃতা প্ৰদান কৰে। মহাবিদ্যালয়খনত সেই উদ্দশ্যে আয়োজিত…
তেজপুৰত “টীম এক্সেপ্ৰেশ্যনৰ” “বৰ্ণম – ১”শীৰ্ষক সদৌ অসম ভিত্তিক দলীয় চিত্ৰ আৰু ভাস্কৰ্য্য প্ৰদৰ্শনী
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ৯ ছেপ্তেম্বৰ : ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ১৯ গৰাকীকৈ চিত্ৰ - ভাস্কৰ্য্য শিল্পীৰ আকৰ্ষণীয় চিত্ৰৰে কালিৰে পৰা ১০ ছেপ্তেম্বৰলৈকে তিনিদিনীয়াকৈ তেজপুৰৰ ঐতিহ্যমণ্ডিত অসমীয়া ক্লাবৰ আৰ্ট গেলেৰীত অনুষ্ঠিত হৈছে "টীম এক্সেপ্ৰেশ্যনৰ" "বৰ্ণম - ১" শীৰ্ষক সদৌ অসম দলীয় চিত্ৰ আৰু ভাস্কৰ্য্য প্ৰদৰ্শনী '।ৰাজ্যখনৰ এগৰাকী বিশিষ্ট কলাৰসিক তথা শিল্পকলা ক্ষেত্ৰখনৰ সৈতে জড়িত তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা মৌচুমী কন্দলীয়ে আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰা আৰু দৰং মহাবিদ্যালয়ৰ অধ্যাপক ড০ মনোজ কুমাৰ হাজৰিকাকে ধৰি একাংশ…
