Browsing Category
অসম
তেজপুৰৰ ভাৰতীয় খাদ্য নিগমৰ কাৰ্যালয়ত উৎকোচ লোৱাৰ অভিযোগত গাণনিক গ্ৰেপ্তাৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৯ ছেপ্টেম্বৰঃ ভাৰতীয় খাদ্য নিগমৰ তেজপুৰস্হিত কাৰ্যালয়ত কৰ্মৰত গাণনিক আব্দুল লতিফক যোৱা নিশা কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্হা চিবিআইৰ দুৰ্নীতি নিবাৰক কোষে গ্ৰেপ্তাৰ কৰে৷ উল্লেখযোগ্য যে গাণনিক লতিফৰ বিৰুদ্ধে উৎকোচ গ্ৰহণৰ অভিযোগ উত্থাপিত হৈ আহিছিল আৰু এই অভিযোগৰ ভিত্তিত কালি দিনৰ প্ৰায় ১২বজাত চিটিআইৰ গুৱাহাটীৰ কাৰ্যালয়ৰ পৰা অহা এটা প্ৰায় ১৫জনীয়া দল তেজপুৰস্হ ভাৰতীয় খাদ্য নিগমৰ কাৰ্যালয়ত উপস্থিত হয়হি৷ ইয়াৰ পাছতেই চলা অনুসন্ধানৰ সময়ত বিয়লি অভিযুক্ত লতিফে লুকুৱাই থোৱা স্হানৰ পৰা নগদ ২০হেজাৰ টকা উদ্ধাৰ…
চৰাইদেউৰ মৈদামঃ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি আহৰণৰ প্ৰস্তুতিৰ অগ্ৰগতি পৰ্যালোচনা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৯ ছেপ্টেম্বৰঃ চৰাইদেউৰ আহোম স্বৰ্গদেউসকলৰ মৈদামৰ বাবে ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি আহৰণৰ বাবে চলোৱা প্ৰস্তুতি পৰ্বৰ তদাৰক কৰিবলৈ মুখ্যমন্ত্ৰীয়ে গঠন কৰি দিয়া মন্ত্ৰীস্তৰীয় গোটে আজি মৈদাম প্ৰকল্পস্থলী পৰিদৰ্শন কৰে। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, থলুৱা জনগোষ্ঠীয় বিশ্বাস আৰু কৃষ্টি (প্ৰত্নতত্ব) বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোচা, পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু ৰাজহ মন্ত্ৰী যোগেন মহনকলৈ গঠিত মন্ত্ৰীস্তৰীয় গোটে ৰাজ্যৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰৰ সৈতে আজি চৰাইদেউৰ প্ৰত্নতাত্বিক…
১৩ ছেপ্টেম্বৰৰ পৰা তেজপুৰ চেলেঞ্জ ফুটবল প্ৰতিযোগিতা
শতাব্দ প্ৰতিনিধি,তেজপুৰ,৮ চেপ্টেম্বৰঃ তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত স্হানীয় পলফিল্ডত অহা ১৩ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব বহু প্ৰত্যাশিত ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতা৷ আজি এই বিষয়ে প্ৰকাশ কৰিছে জিলা ক্ৰীড়া সন্হাটোৰ ফুটবল সম্পাদক অশ্বিনী বৰাই৷উল্লেখযোগ্য যে,২৪ছেপ্টেম্বৰত প্ৰতিযোগিতাখনৰ ফাইনেল অনুষ্ঠিত হ’ব৷প্ৰতিযোগিতাখনত তেজপুৰ এফ চি,দূৰ্গাপুৰ এফ চি কলকতা,লেণ্ড ৰভাৰ ফুটবল একাদশ শিলচৰ, যোৰহাট টাউন ক্লাব,নিউ মডেল টাউন ক্লাব,পি এফ আৰ একাডেমী ছিলং,অইল ইণ্ডিয়া, চিৰাং দুবাৰ এফ চি,মৰ্নিং ষ্টাৰ ডিফু…
তিনিচুকীয়াত শিক্ষা বিভাগ আৰু প্ৰেছ ক্লাবৰ উদ্যোগত ড্ৰাগছৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীক সজাগ কৰাৰ প্ৰচেষ্টা
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৮ ছেপ্তেম্বৰঃ মাৰাত্মক ড্ৰাগছৰ অবাধ প্ৰচলনে সমাজ জীৱনলৈ চৰম ভাবুকি কঢ়য়িাই অনাৰ পৰিপ্ৰেক্ষিতত স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলক ড্ৰাগছৰ বিৰুদ্ধে সজাগ কৰি তোলাৰ উদ্দেশ্যেৰে তিনিচুকীয়া জিলা শিক্ষা বিভাগৰ উদ্যোগত আৰু তিনিচুকীয়া সাংবাদিক চ’ৰাৰ (তিনিচুকীয়া প্ৰেছ ক্লাব) সহযোগত আজি জিলাখনৰ পানীতোলা হিন্দী ইংলিচ হাইস্কুলৰ প্ৰেক্ষাগৃহত ’বিপদজনক ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভা’ শীৰ্ষক এক কাৰ্যসূচীৰ আয়োজন কৰা হয়৷ তিনিচুকীয়া সাংবাদিক চ’ৰাৰ উপদেষ্টা, লেখক, জ্যেষ্ঠ সাংবাদিক অমূল্য খাটনিয়াৰৰ সঞ্চালনাত অনুষ্ঠিত সভাত সমল…
তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত নেত্ৰদান সপ্তাহ
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৮ ছেপ্টেম্বৰঃ অন্য বহু ৰাষ্ট্ৰৰ দৰে ভাৰতবৰ্ষতো অন্ধতাত ভুগি থকা অলেখ মানুহ আছে৷ তাৰ ভিতৰত বহুতো লোকে এক বিশেষ শ্ৰেণীৰ অন্ধতাত ভুগি আছে, যাক কোৱা হয় কৰ্ণিয়াজাত অন্ধতা৷ আমাৰ চকুৰ বগা অংশটোৰ মাজত এটা স্বচ্ছ আয়নাৰ নিচিনা গোলাকাৰ অংশ আছে, যাক কৰ্ণিয়া বোলে৷এই কৰ্ণিয়াৰ মাজেৰেই পোহৰ-ৰশ্মিবোৰ চকুৰ ভিতৰলৈ প্ৰৱেশ কৰি চকুৰ ভিতৰৰ পৰ্দা অক্ষিপট বা ৰেটিনাত পৰি আমাৰ চকুত দৃষ্টিৰ সঞ্চাৰ কৰে৷ এতিয়া কিবা কাৰণত, উদাহৰণস্বৰূপে বীজাণু সংক্ৰমণ, চকুৰ আঘাত, জন্মগত দোষ আদিৰ বাবে কৰ্ণিয়াখন অস্বচ্চ হৈ পৰিব পাৰে,…
বিশ্ব বৰেণ্য শিল্পী ড০ ভূপেন হাজৰিকাৰ ওপজা দিন
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৮ ছেপ্টেম্বৰঃবিশ্ব বৰেণ্য শিল্পী, সুধাকণ্ঠ, ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ ৯৭ সংখ্যক ওপজা দিনটোত আজি পুৱাই মুখৰিত হৈ পৰিল ড০ ভূপেন হাজৰিকাৰ সৰ্বাধিক প্ৰিয় ঠাই ঊষা নগৰী তেজপুৰ৷বিগত বছৰৰ দৰে এইবাৰো তেজপুৰৰ ঘৰপৰা চুবুৰীৰ প্ৰহ্লাদ চন্দ্ৰ দাস স্মৃতি নৃত্যশালাৰ অধ্যক্ষা দীপা দাসৰ নেতৃত্বত শিক্ষাৰ্থী সকলে পুৱা ৭ বজাতেই নৃত্যশালা প্ৰাংগনত পৰিবেশন কৰা নৃত্যই সকলোকে আপ্লুত কৰে৷ তেজপুৰৰ বিশিষ্ট শিক্ষাবিদ, তৰুণ অসম সংঘৰ সভাপতি ড০ ভুবনেশ্বৰ চহৰীয়াই বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰাৰ পিছত অকণিৰ…
লখিমপুৰত কাইলৈ অত্যাধুনিক সা-সুবিধাৰে ডাঃ দাস মাল্টিস্পেচিয়েলিটি হাস্পতাল মুকলি হব
১১ টা বিভাগৰ অ'পিডি
টেলি আই চি ইউৰ সুবিধা
৩ টা অস্ত্ৰোপচাৰ কক্ষ মডুলাৰশতাব্দ ষ্টাফ ৰিপৰ্টাৰ,৮ ছেপ্টেম্বৰঃ চিকিৎসা বিজ্ঞানৰ অত্যাধুনিক সা-সুবিধাৰে লখিমপুৰ স্বাস্থ্য সেৱা খণ্ডত সংযোজিত হৈছে এটি নতুন নাম--"ডাঃ দাস মাল্টিস্পেচিয়েলিটি হাস্পতাল"। কাইলৈ অৰ্থাৎ ৯ ছেপ্টেম্বৰ ২০২৩ তাৰিখৰ পৰা জনগণৰ বাবে মুকলি হব নতুন চিকিৎসালয়খন।প্ৰায় ২৫ কোটি টকা ব্যয় সাপেক্ষে উত্তৰ লখিমপুৰ নগৰৰ চাবতিৰ চেইণ্ট মেৰিজ স্কুলৰ প্ৰায় সন্মুখতে ৭ মহলীয়া সুদৃশ্য বিল্ডিঙেৰে চিকিৎসালয়খন স্থাপন কৰিছে লখিমপুৰৰ একালৰ প্ৰসিদ্ধ চিকিৎসক ডাঃ নোমল…
লখিমপুৰত গাহৰি বিক্ৰী-সৰবৰাহৰ ক্ষেত্ৰত ১৪৪ ধাৰা বলবৎ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৭ ছেপ্টেম্বৰঃ লখিমপুৰত আফ্ৰিকান চোৱাইন ফিভাৰ ৰোগত শ শ গাহৰিৰ মৃত্যু হোৱাৰ পিছত গাহৰি পালকসকলৰ লগতে পশু পালন আৰু চিকিৎসা সেৱা বিভাগতো হাহাকাৰ লাগিছে৷ ইতিমধ্যে লখিমপুৰ জিলা প্ৰশাসনৰ নিৰ্দেশ ক্ৰমে চলিত সপ্তাহত লখিমপুৰৰ জিলা পশু পালান আৰু চিকিৎসা সেৱা বিভাগে ইতিমধ্যে কিলিং মেচিনৰ জৰিয়তে কেবাশ গাহৰি নিধন কৰাৰ পিছত আজি গাহৰি বিক্ৰী নিষেধাজ্ঞাৰে লখিমপুৰ জিলা প্ৰশাসনে ১৪৪ ধাৰা বলবৎ কৰিছে৷ ইতিমধ্যে এই মাৰাত্মক ৰোগত আক্ৰান্ত হৈ বহু ক্ষুদ্ৰ ক্ষুদ্ৰ গাহৰি পালকৰ শ শ গাহৰি মৃত্যু হোৱাৰ ফলত গাহৰি পালকসকল…
তিনিচুকীয়াত শক্তিমন্ত্ৰীৰ পুত্তলিকা দাহ আছুৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৭ ছেপ্তেম্বৰ : উৎকট গৰমৰ মাজত সঘন বিদ্যুৎ কৰ্তনে ৰাইজক অতিষ্ঠ কৰি তোলাৰ সময়তে আজি তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোছাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ তিনিচুকীয়া চহৰৰ কলেজ তিনিআলিত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ সময়ত প্ৰতিবাদী আছু কৰ্মীসকলে ৰাজ্য চৰকাৰ আৰু শক্তিমন্ত্ৰীৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে ৷ তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি উদীপ বৰপাত্ৰগোঁহায়ে ক্ষোভ প্ৰকাশ কৰি কয় যে ২৪ ঘণ্টা বিদ্যুৎ যোগানৰ প্ৰতিশ্ৰুতিৰে ক্ষমতা দখল কৰা…
তেজপুৰৰ সুব্ৰত দাসগুপ্তৰ হত্যাকাণ্ডঃ অভিযুক্ত হত্যাকাৰীৰ পত্নীৰ ভাষ্যত আন এক মোৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৭ছেপ্টেম্বৰঃ তেজপুৰৰ কছাৰীগাঁৱৰ নিজা বাসগৃহতে ৩০আগষ্টৰ নিশা সুব্ৰত দাসগুপ্ত ওৰফে টুকু নামৰ লোকজনক হত্যা কৰা মনোজ গুৰুং প্ৰকৃততে পূৰ্বৰে পৰাই অপৰাধমূলক কাৰ্যকলাপৰে জড়িত৷তদুপৰি যোৱা তিনি ছেপ্টেম্বৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মনোজে হত্যাকাণ্ডৰ কাৰণ হিচাপে নিজ পত্নীৰ স’তে নিহত দাসগুপ্তৰ অবৈধ সম্পৰ্ক থকা বুলি প্ৰকাশ কৰা আৰু ইয়াৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি স্বীকাৰোক্তি দিয়াটোও এক কৌশল বুলি প্ৰকাশ কৰিছে হত্যাকাৰী মনোজৰ পত্নীয়ে৷ উল্লেখযোগ্য যে,আজি মহিলা গৰাকীয়ে স্বামী মনোজৰ বিৰুদ্ধে তেজপুৰৰ…
