Browsing Category
অসম
তিনিচুকীয়াত ভাৰত জোড়ো যাত্ৰাৰ বৰ্ষপূৰ্তি উপলক্ষে কংগ্ৰেছৰ সভা, পদযাত্ৰা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৭ ছেপ্তেম্বৰ : নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ নিৰ্দেশক্ৰমে তিনিচুকীয়া জিলা কংগ্ৰেছ কমিটিয়ে আজি 'ভাৰত জোড়ো যাত্ৰা'ৰ প্ৰথম বৰ্ষপূৰ্তি পালন কৰে ৷ সেইমৰ্মে আজি জিলা কংগ্ৰেছ কমিটিৰ সভাপতি প্ৰণৱ বৰুৱাৰ সভাপতিত্বত জিলা কংগ্ৰেছ ভৱনত বিয়লি এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয় ৷ উক্ত সভাত অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ পৃথিৱী মাঝি, প্ৰাক্তন বিধায়ক ৰাজু চাহু, প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ মৌচুম বৰুৱা, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক অবিনাশ গগৈ, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ ৰাজ্যিক সাধাৰণ সম্পাদক জুৱেল চিৰিং,…
লখিমপুৰত ভয়ংকৰ কাণ্ডঃ ড্ৰাগছ সৰবৰাহকাৰীৰ আক্ৰমণত অভিযানকাৰী আৰক্ষী আহত
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৭ ছেপ্টেম্বৰঃ লখিমপুৰ জিলাৰ বঙালমৰা আৰক্ষী চকীৰ অন্তৰ্গত ২ নং আহমেদপুৰৰ দলনিৰ পাৰত আজি এক ভয়ংকৰ ঘটনা সংঘটিত হয়৷ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাবলৈ যোৱা আৰক্ষী দলক ড্ৰাগছ সৰবৰাহকাৰী আৰু তেঁওলোকৰ পৰিয়ালে আক্ৰমণ কৰি ড্ৰাগছ সৰবৰাহকাৰীক মোকলাই নিয়া ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ঘটনাৰ বিৱৰণি অনুসৰি যোৱা দুদিন পূৰ্বে বান্দৰদেৱা আৰক্ষীয়ে এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ পিছত সেই ড্ৰাগছ সৰবৰাহকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত কালি বিয়লি ২ নং আহমেদপুৰত বঙালমৰা আৰক্ষী চকীৰ এটা দলে ড্ৰাগছ সৰবৰাহকাৰী…
১৮৩৬ চনতে বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নিৰ্মাণ কৰা তেজপুৰ চহৰৰ অনাদৃত জোনাকী পুখুৰী (থানা পুখুৰী) ৰ শোভাবৰ্ধন
শতাব্দ ষ্টাফ ৰিপ'টাৰ, তেজপুৰ, ৭ ছেপ্তেম্বৰ: তেজপুৰ চহৰৰ মাজ ভাগতে থকা বৃটিছৰ দিনৰ আন এটা পৰিত্যক্ত পুখুৰীয়ে কালি সন্ধিয়াৰ ন - ৰূপত পুনৰ জীৱন লাভ কৰিলে মূলতঃ শোণিতপুৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ আৰু তেজপুৰ পাৰিপাৰ্শ্বিক সমাজৰ তৎপৰতাত। ১৮৩৫ চনত বৃটিছৰ আমোলত তেজপুৰ চহৰখন দৰং জিলাৰ সদৰ ৰূপে বিবেচিত হোৱাৰ সময়ৰে পৰা তেজপুৰ অঞ্চলত নগৰায়নৰ প্ৰক্ৰিয়া খৰতকীয়া হয়। নৱ নগৰখনৰ বাসিন্দাসকলৰ খোৱা পানীৰ চাহিদা পূৰণ কৰাৰ অৰ্থে বৃটিছ প্ৰশাসনে কেইবাটাও পুখুৰী নিৰ্মাণ তথা পুনৰ্নিৰ্মাণ কৰিছিল। এই পুখুৰীসমুহৰ ভিতৰৰ এটি গুৰুত্বপূৰ্ণ পুখুৰী হৈছে…
তিনিচুকীয়াৰ সীমান্তৱৰ্তী বজাৰত চি আৰ পি এফৰ কনিষ্টবলক ছুৰী মাৰি হত্যা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৬ ছেপ্তেম্বৰ : তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী বৰডুমছাত সীমামূৰীয়া চেকগেটৰ সমীপতে আজি সন্ধিয়া অচিনাক্ত আততায়ীয়ে চি আৰ পি এফৰ এজন কনিষ্টবলক ছুৰীকাঘাত কৰি হত্যা কৰাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ মটৰচাইকেলত অহা দুৰ্বৃত্তই ছুৰী মাৰি হত্যা কৰা চি আৰ পি এফৰ কনিষ্টবলজনৰ পৰিচয় সুনীল কুমাৰ পাণ্ডে বুলি জানিব পৰা গৈছে ৷ ঘটনাটো সংঘটিত হোৱাৰ সময়ত কনিষ্টবল পাণ্ডে অসামৰিক পোছাকত আছিল বুলি সূত্ৰত প্ৰকাশ ৷ নিহত কনিষ্টবলজনে জন্মাষ্টমী উপলক্ষে আন জোৱানৰ সৈতে বজাৰ কৰিবলৈ সীমান্তৱৰ্তী…
শিক্ষক দিৱসত প্ৰবীণ শিক্ষাবিদ মীৰা শৰ্মালৈ সম্ভাষণ
শতাব্দ ষ্টাফ ৰিপ'টাৰ তেজপুৰ ৬ ছেপ্টেম্বৰ: “আবেলি কিৰণে/জীৱন জগালে /সোণসেৰীয়া গানে,/জ্ঞানে ধ্যানে সংগে/অনুপম ৰংগে/নব বাৰতা আনে -----/’’শীৰ্ষক প্ৰতীকী গীতৰ সমূহীয়া পৰিবেশনৰ এক জীপাল পৰিৱেশত বৃহত্তৰ তেজপুৰ অৱসৰপ্ৰাপ্ত শিক্ষক ঐক্যমঞ্চৰ শিক্ষক দিৱসৰ কাৰ্যসূচী আৰম্ভ হয় ৷ অসমীয়া ক্লাব,তেজপুৰত অনুষ্ঠিত সভাখনত পণ্ডিত মনীষা ড° সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ ছবিত পুষ্পাৰ্পণ আৰু সদ্য প্ৰয়াত বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক তথা সমাজ সচেতন ব্যক্তি দেবেন দত্ত, অনন্ত কলিতা,জয়ন্ত মহাপাত্ৰ,নিৰু শৰ্মা পৰাজুলী ,পৰজ বকুল বৰুৱা ,ড° সুখ বৰুৱা ৰূপনাথ উপাধ্যায়…
তিনিচুকীয়াত গুলীৰ আঘাতত নিহত ১ : পিষ্টল আছিল বন্ধুৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৬ ছেপ্তেম্বৰ : তিনিচুকীয়া চহৰৰ মাজ মজিয়াত মঙ্গলবাৰে নিশা এজন ব্যক্তিৰ ৰহস্যজনক পৰিস্থিতিত গুলীৰ আঘাতত মৃত্যু হোৱাৰ ঘটনাক কেন্দ্ৰ কৰি ইয়াত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ ঘটনাৰ বিৱৰণী অনুসৰি কালি নিশা প্ৰায় ৯ বাজি যোৱাৰ পাছত তিনিচুকীয়া চহৰৰ এ টি ৰ’ডস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ (এ এছ টি চি) বাছ আস্থানৰ সন্মুখত ৰাইজে হঠাতে গুলীচালনাৰ শব্দ শুনিবলৈ পায় ৷ গুলীৰ শব্দ আহিছিল ৰাহুল বাজাৰী ওৰফে টিটু নামৰ ব্যক্তিজনৰ বাসগৃহৰ পৰা ৷ উল্লেখ্য যে ৰাহুল বাজাৰী ওৰফে টিটুৰ ঘৰৰ তলতে আছে নেটৱৰ্ক বাছৰ…
তেজপুৰৰ ঐতিহ্যমণ্ডিত মিলনবাকৰি ৰাস মহোৎসৱৰ মহাৰজত জয়ন্তীৰ শুভাৰম্ভণি
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ৬ ছেপ্তেম্বৰ : তেজপুৰৰ ৮৫ বছৰীয়া বিশিষ্ট ভাওনা শিল্পী ললিত শৰ্মাই আজি শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ দিনটোত তেজপুৰৰ ঐতিহ্যমণ্ডিত মিলনবাকৰি ৰাস মহোৎসৱৰ প্ৰাকৃতিক মণ্ডপৰ মাজত যথেষ্ট সংখ্যক ভকত বৈষ্ণৱ, আয়তী আৰু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত গায়ন বায়নৰ খোল-তালৰ ছেৱত পৰিৱেশন কৰিলে ৰাস ভাওনাৰ কৃষ্ণ নৃত্য। উল্লেখ্য যে, তেজপুৰৰ ঐতিহ্যমণ্ডিত মিলনবাকৰি ৰাস মহোৎসৱে এইবাৰ ৮৮ বছৰত ভৰি দিয়া উপলক্ষে স্হানীয় ৰাইজে অহা ২৩ নবেম্বৰৰ পৰা ২৮ নৱেম্বৰলৈ পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিবলৈ লোৱা মহাৰজত জয়ন্তীৰ আজি…
বিজ্ঞান সংগঠক যজ্ঞোৰাম বৰাৰ দুখন গ্ৰন্থ উন্মোচন
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ ছেপ্টেম্বৰঃ নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত আজি যজ্ঞোৰাম বৰাৰ দুখন গ্ৰন্থ উন্মোচন কৰা হয়। উল্লেখ্য যে লখিমপুৰ জিলাত শিশুৰ উদ্ভাৱনী প্ৰতিভাক আন্তৰাষ্ট্ৰীয় পৰ্যায় পৰ্যন্ত উলিয়াই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা যজ্ঞোৰাম বৰাৰ প্ৰৱন্ধ সংকলন "শৈশৱৰ উত্তৰণ" উন্মোচন কৰে লখিমপুৰ জিলা সাহিত্য সভাৰ সভাপতি উমানন্দ বৰুৱাই। আনহাতে কবিতা পুথি "হৃদয়ৰ ফুলনিৰ ৰঙা গোলাপ" উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক শৈলেন বৰুৱাই। উন্মোচক উমানন্দ বৰুৱাই সামাজিক ক্ষেত্ৰলৈ যজ্ঞোৰাম বৰাৰ অৱদান সন্দৰ্ভত আলোকপাত কৰাৰ লগতে আনজন উন্মোচক শৈলেন…
শিক্ষক দিৱসৰ উপলক্ষত তিনিচুকীয়াৰ ১০ শিক্ষক-শিক্ষয়িত্ৰীক শিক্ষা বিভাগৰ সম্বৰ্ধনা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৫ ছেপ্তেম্বৰ : বিশিষ্ট দার্শনিক, শিক্ষাবিদ, ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড° সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্মদিৱসৰ লগত সংগতি ৰাখি তিনিচুকীয়া জিলা শিক্ষা বিভাগৰ উদ্যোগত স্থানীয় বেঙ্গলী গাৰ্লছ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ প্ৰেক্ষাগৃহত আজি কেন্দ্ৰীয়ভাৱে ৬২ সংখ্যক শিক্ষক দিৱস উদযাপন কৰা হয় ৷ ড° সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা এই কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে তিনিচুকীয়াৰ আয়ুক্ত স্বপ্নীল পাল ৷ কাৰ্যসূচীত জ্যেষ্ঠ সাংবাদিক তথা লেখক অৰূপ…
তিনিচুকীয়াত প্ৰবঞ্চকৰ ভয়ংকৰ জাল : মহিলাৰ পৰা সৰকালে ১ কোটি ২০ লাখ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৫ ছেপ্তেম্বৰ : এটা প্ৰবঞ্চক চক্ৰৰ জালত ভৰি দি তিনিচুকীয়াৰ এগৰাকী মহিলাই কোটিৰো অধিক টকা হেৰুৱাই সৰ্বস্বান্ত হোৱাৰ এক ঘটনা পোহৰলৈ আহিছে ৷ তিনিচুকীয়া আৰক্ষীয়ে ইতিমধ্যে এই ভয়ংকৰ ঠগবাজীৰ লগত জড়িত থকাৰ অভিযোগত মহিলাগৰাকীৰ এজাহাৰৰ ভিত্তিত আলতাফ আলী নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে ৷ উল্লেখ্য যে তিনিচুকীয়াৰ ৰাণু দাস নামৰ এগৰাকী মহিলাই সদৰ থানাত ৮ মে'ত এখন এজাহাৰ দাখিল কৰিছিল ৷ উক্ত এজাহাৰত ৰাণু দাসে আলটাফ আলীৰ লগতে আন দুজন ব্যক্তিয়ে বিভিন্ন চল-চাতুৰীৰে ২০২১ চনৰ পৰা প্ৰায় ১ কোটি ২০ লাখ টকা…
