Browsing Category

অসম

পথ দুৰ্ঘটনাঃ নিহত কিশোৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৫ছেপ্টেম্বৰঃ তেজপুৰৰ নিকটৱৰ্তী তথা বৰঘাট আৰক্ষী চকী অন্তৰ্গত মানশিৰি চেন্টাৰত আজি দুপৰীয়া সংঘটিত এক দূৰ্ঘটনাত এজন কিশোৰ নিহত হোৱাৰ লগতে আন দুজন গুৰুতৰ ভাবে আহাত হৈছে৷ ঘটনাৰ বিৱৰণী অনুসৰি আজি এএছ১২এবি ৫১১৩নম্বৰ স্কুটীখনত তেজপুৰ দিশে আহি আছিল তিনিও কিশোৰ৷ কিন্তু ৰৌমাৰীত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ কালভাৰ্টত খুন্দামাৰি খাৱৈত সোমাই পৰে৷স্হানীয় লোকে তিনিও কিশোৰক উদ্ধাৰ কৰাৰ লগতে আৰক্ষীক খবৰ দিয়ে৷ পাছত তিনিওকে চিকিৎসালয়লৈ নিয়া হয় যদিও আঞ্জাৰুল হক(১৫)নামৰ কিশোৰজন নিহত হোৱাৰ বিপৰীতে আছাদুল হক(১৪)আৰু…

তেজপুৰত শোণিতপুৰ জিলা প্ৰশাসনৰ শিক্ষক দিৱসত ৩৩ গৰাকীকৈ শিক্ষক – শিক্ষয়িত্ৰীক জিলা কৃতী শিক্ষকৰ বঁটা প্ৰদান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ৫ ছেপ্তেম্বৰ : মহান দাৰ্শনিক পণ্ডিত সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আজি শোণিতপুৰ জিলা প্ৰশাসনে জিলাখনৰ উচ্চতৰ মাধ্যমিকৰ পৰা প্ৰাথমিক পৰ্য্যায়লৈ ৩৩ গৰাকীকৈ শিক্ষক - শিক্ষয়িত্ৰীক কৃতি শিক্ষকৰ অভিধাৰে সন্মানিত কৰে। শোণিতপুৰ জিলা শিক্ষা বিভাগ আৰু সকলো শিক্ষক সংগঠনৰ সহযোগত পুৱা ১০ বজাৰ পৰা তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমূখী কন্যা বিদ্যালয়ত অনুষ্ঠিত হোৱা অনুষ্ঠানত আমন্ত্ৰিত বিশিষ্ট অতিথি সকলে এই শিক্ষক - শিক্ষয়িত্ৰী সকলক ২০২৩ বৰ্ষৰ জিলা কৃতী শিক্ষকৰ বঁটাৰে সন্মানিত কৰে…

লখিমপুৰত জিলা প্ৰশাসনৰ উদ্যোগত ৬২ সংখ্যক শিক্ষক দিৱস উদযাপন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ ৫ ছেপ্টেম্বৰঃ লখিমপুৰ জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ উদ্যোগত জিলাভিত্তিক ৬২ সংখ্যক শিক্ষক দিৱস আজি শৈক্ষিক ভৱন, বিদ্যালয়ৰ সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয় প্ৰাঙ্গনত অনুষ্ঠিত হয়।তাঁতীবাহাৰ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী লাভলী বৰাই আঁত ধৰা আজিৰ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত জিলা আয়ুক্ত সুমিত সত্বাৱনে ভাষণ প্রদান কৰি শিক্ষকসকলক শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে লগতে তেঁও সকলোকে নিজৰ কৰ্তব্য পালন কৰি জিলাখনক শৈক্ষিক ক্ষেত্ৰত অসমৰ ভিতৰত এখন উন্নত মানৰ জিলা হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনায়।…

ৰঙাপৰা ৰে’ল ষ্টেচনলৈ নিশা যাতায়াত কৰিবলৈ আশংকা যানবাহন চালকৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৪ছেপ্টেম্বৰঃ ৰঙাপৰাৰ পৰা একাধিক ৰে’ল সেৱা আৰম্ভ হোৱাৰ পাছত নিশা ৰঙাপৰা ৰে’ল আস্হানলৈ তেজপুৰ তথা পাৰ্শ্বৱৰ্তী অঞ্চলৰ বহু লোককে ব্যৱসায়িক বাহনৰ প্ৰয়োজন হয়৷ ভ্ৰমণৰ পৰা উভতি অহা লোকৰ উপৰি আনঠাইলৈ যাত্ৰা কৰিবলগীয়া যাত্ৰীয়ে এনে ব্যৱসায়িক বাহনৰ লগতে ইৰিক্সা আদিও ব্যৱহাৰ কৰে৷কিন্তু শেহতীয়াকৈ ৰঙাপৰা ৰে’ল আস্হানলৈ নিশা অহা যোৱা কৰিবলৈ ব্যৱসায়িক যানবাহনৰ চালকসকলে নিৰাপত্তাহীনতাত ভূগিছে৷ উল্লেখযোগ্য যে,ব্যৱসায়িক যানবাহনৰ চালকৰ নম্বৰত আগতীয়াকৈ যোগাযোগ কৰি নিশা ৰে’ল আস্হানত উপস্থিত হোৱাৰ পাছত কোনো যাত্ৰীক তাৰ…

লোভৰ বাবেই বিপদত দিল্লীৰ দুই ব্যৱসায়ীঃ আচল টকাৰ বিনিময়ত নকল টকাৰ বেহা শোণিতপুৰত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৪ছেপ্টেম্বৰঃ তেজপুৰ সদৰ থানাৰ অন্তৰ্গত কচু বিলৰ পৰা ১০ লাখ প্ৰকৃত টকাৰ বিপৰীতে নকল ২০ লাখ টকা নিবলৈ আহি এতিয়া হাবাথুৰি খাবলগীয়া হৈছে দিল্লীৰ দীপক জৈন আৰু পুনিত জৈন নামৰ দুজন লোক। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, যোৱা দুই ছেপ্টেম্বৰত কচু বিলৰ উত্তম কোছৰ পৰা প্ৰকৃত টকাৰ বিনিময়ত নকল টকা নিবলৈ আহিছিল দিল্লীৰ লোক দুজন৷উল্লেখযোগ্য যে,ইয়াৰ পূৰ্বেও শোণিতপুৰত নকল টকা ছপা কৰা অপৰাধী চক্ৰ আৰক্ষীৰ অভিযানত কৰায়ত্ত হোৱাৰ নজিৰ আছে৷কিন্তু সম্প্ৰতি এই চক্ৰৰ যোগাযোগ বহিৰাজ্যৰ অসাধু চক্ৰৰেও আৰম্ভ হৈছে আৰু এইদৰেই…

পাম গছৰ লগোৱা পুলি ইতিমধ্যে গৰুৱে খাই তহিলং

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৪ ছেপ্তেম্বৰ : তিনিচুকীয়া জিলাৰ ধলা অঞ্চলত চৰকাৰৰ পৃষ্ঠপোষকতাত ৰামদেৱে কৰিবলৈ লোৱা পাম অইল খেতিৰ সম্বন্ধে আজি এক বিবৃতিত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে চিপিআই (এমএল) দলৰ ৰাজ্যিক সম্পাদক বিবেক দাসে । দাসৰ নেতৃত্বত কৃষক মহাসভা, অসমৰ আহবায়ক বলিন্দ্ৰ শইকীয়া, দলৰ তিনিচুকীয়া জিলা সমিতিৰ সদস্য পূৰ্ণ কাকতি আৰু সুভাষ সেনক লৈ গঠিত এটি দলে ধলা অঞ্চলত চৰজমিন তদন্ত কৰি দেখা পায় যে অঞ্চলৰ ৰাইজে এই খেতি সম্পর্কে একোৱেই নাজানে ৷ আনকি যি অঞ্চলত পাম গছৰ পুলি নমুনা হিচাপে ৰোপন কৰা হৈছে সেই পঞ্চায়তৰ…

তেজপুৰত ব্যৱসায়ী হত্যাৰ অভিযুক্তক গ্ৰেপ্তাৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৪ছেপ্টেম্বৰঃ তেজপুৰ চহৰৰ কছাৰী গাঁৱত যোৱা ৩১ আগষ্টৰ সন্ধিয়া সুব্ৰত দাসগুপ্ত নামৰ ৪৩বছৰীয়া এজন লোকৰ ক্ষতবিক্ষত মৃতদেহ নিজৰ শোৱনি কোঠাৰ বিছনাত উদ্ধাৰ কৰাৰ পিছত এই হত্যাকাণ্ডৰে জড়িতক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ শোণিতপুৰৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিৰিঞ্চি বৰাই অসম আৰক্ষীৰ ফৰেনচিক প্ৰশিক্ষণপ্ৰাপ্ত আৰক্ষীৰ সহযোগত ঘটনাস্থলীত উপস্থিতহৈ এই ঘটনাৰ তদন্ত আৰম্ভ কৰি হত্যাকাৰী সন্দৰ্ভত নিশ্চিত তথ্য লাভ কৰে আৰু আৰক্ষীয়ে ফৰেনচিক বিশেষজ্ঞৰ তথ্যৰ আধাৰত চলোৱা তাৎক্ষনিক অনুসন্ধানত হত্যাকাৰী মনোজ…

তিনিচুকীয়াৰ কাকপথাৰ উন্নয়ন খণ্ডত আজৱ কাণ্ড

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৪ ছেপ্তেম্বৰ : তিনিচুকীয়া জিলাৰ কাকপথাৰ উন্নয়ন খণ্ডত চূড়ান্ত অনিয়ম সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ জানিব পৰা মতে পঞ্চদশ বিত্তীয় আয়োগে (২০২০-২১ বৰ্ষ) কাকপথাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত টঙনা গাঁও পঞ্চায়তৰ যোগেদি কাকপথাৰ শিক্ষাখণ্ডৰ গুটিবাৰী প্ৰাথমিক বিদ্যালয় মেৰামতিৰ বাবদ ডেৰ লাখ টকা আবন্টন দিছিল ৷ কিন্তু কাকপথাৰ উন্নয়ন খণ্ড আৰু টঙনা গাঁও পঞ্চায়তৰ ৰহস্যজনক ভূমিকা তথা চল-চাতুৰীৰ বাবে উক্ত ধনৰাশি গুটিবাৰী প্ৰাথমিক বিদ্যালয়ৰ পৰিৱৰ্তে ১ নং হাতীগড় প্ৰাথমিক বিদ্যালয়ৰ বিপৰীতে মোকলাই দিয়া হয়…

তেজপুৰৰ বিশিষ্ট সমাজকৰ্মী, অৱসৰপ্ৰাপ্ত বিষয়া ৰূপনাথ উপাধ্যায়ৰ আকস্মিক মৃত্যু

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ৪ ছেপ্টেম্বৰ : তেজপুৰ চানমাৰীৰ এগৰাকী বিশিষ্ট নাগৰিক তথা অসম চৰকাৰৰ অৱসৰ প্ৰাপ্ত বিষয়া ৰূপনাথ উপাধ্যায়ৰ কালি নিশা আকস্মিক ভাৱে নিজ বাসগৃহতে পৰলোক প্ৰাপ্তি ঘটাত তেজপুৰত শোকৰ ছাঁ পৰিছে। একালৰ স্বাধীনতা সংগ্ৰামী প্ৰয়াত ছবিলাল উপাধ্যায়ৰ জ্যেষ্ঠ নাতি আৰু লেখক, কবি টংক নাথ উপাধ্যায় আৰু ভাগীৰথী দেৱীৰ জ্যেষ্ঠ পুত্ৰ তথা সাহিত্য অকাডেমি বঁটা প্ৰাপক বিশিষ্ট লেখিকা গীতা উপাধ্যায়ৰ ভাতৃ ৰূপনাথ উপাধ্যায় সম্পূৰ্ণ সুস্থ অৱস্থাতে আন দিনাৰ দৰে নিত্য নৈমিত্তিক কৰ্মত ব্যস্ত হৈ থকাৰ মাজতে নিশা প্ৰায় ১২ - ৪৫…

 আফ্ৰিকান চুৱাইন ফিভাৰঃ লখিমপুৰত একেদিনাই একেখন ফাৰ্মত ৯ শ গাহৰি নিধন পশুপালন বিভাগৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৪ ছেপ্টেম্বৰঃ লখিমপুৰত এতিয়া আফ্ৰিকান চুৱাইন ফিভাৰ ৰোগত নিতৌ গাহৰিৰ মৃত্যু হ’ব ধৰিছে৷ গাহৰিৰ এই অকাল মৃত্যুৱে গাহৰি পালক সকলৰ জীৱনলৈ ঘোৰ অমানিশা নমাই অহাৰ সময়তে আজি লখিমপুৰৰ জিলা পশুপালন বিভাগে কদমত কেৱল এখন গাহৰি পামতে বিশেষ পদ্ধতিৰে ৯ শ গাহৰি মাৰি পেলোৱা কাৰ্যই গাহৰি পালক সকলক হতাশ কৰি তুলিছে৷ চৰকাৰে মাৰাত্মক ৰোগবিধ নিৰ্মূলৰ বাবে এনে ব্যৱস্থা গ্ৰহণ কৰাৰ ফলত বহু গাহৰিয়ে অকাল মৃত্যুক সাৱতি ল’ব লগা হয়৷ আজি পুৱাই লখিমপুৰ জিলা পশুপালন বিভাগৰ বৃহৎ এটা দল জিলাখনৰ কদমৰ সমীপৱৰ্তী লামু গাঁৱত উদীয়মান…