Browsing Category

অসম

কয়লামাৰী চাহ বাগান ফুটবল দলৰ খিতাপ অৰ্জন

উত্তৰ লক্ষীমপুৰ, ৩ ছেপ্টেম্বৰ: অসম চৰকাৰৰ চাহ জনগোষ্ঠী আৰু আদিবাসী কল্যান সঞ্চালকালয়, ক্ৰীড়া আৰু যুৱ কল্যান সঞ্চালকালয়ৰ উদ্যোগত লক্ষীমপুৰ জিলা প্ৰশাসন আৰু লখিমপুৰ জিলা ক্ৰীড়া আৰু যুৱ কল্যান বিভাগৰ সহযোগত লক্ষীমপুৰত জিলাভিত্তিত অনুষ্ঠিত হৈ থকা ১৯ বছৰ অনুৰ্দ্ধ মুখ্যমন্ত্ৰীৰ চাহ বাগিচা আৰু আদিবাসী ফুটবল টুৰ্ণামেণ্টৰ চুড়ান্ত খেলখনৰ আজি আনুষ্ঠানিক কাৰ্যসূচী ডিজু চাহ বাগানৰ খেলপথাৰত অনুষ্ঠিত হয়। জিলাভিত্তিত অনুষ্ঠিত হোৱা চূড়ান্ত খেলখন ক্ৰমে ডিজু, আৰু কয়লামাৰি চাহ বাগানৰ ফুটবল দলটিৰ মাজত অনুষ্ঠিত হয়। আজিৰ এই কাৰ্যসূচীৰ…

প্ৰবীন নাট্য শিল্পী পবিন শৰ্মাক জীৱনজোৰা নাট্য সাধনা বঁটা প্ৰদান ( ফটো সংবাদ)

নলবাৰীত ভবেন বৰুৱা সদৌ অসম শিশু নাট প্ৰতিযোগিতা আৰম্ভণিৰ দিনা প্ৰবীন নাট্য শিল্পী পবিন শৰ্মাক জীৱনজোৰা নাট্য সাধনা বঁটা প্ৰদান কৰা হয়।

চাৰিদুৱাৰত অসহায় গজৰাজ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২ছেপ্টেম্বৰঃ বিগত ছদিনে শোণিতপুৰৰ চাৰিদুৱাৰৰ অন্তৰ্গত চাৰিনম্বৰ বগীজুলীৰ ৰিংখাংপুৰত অসহায় অৱস্হাত পৰি থকা বনৰীয়া হাতীটোৰ অৱস্থা অধিক অৱনতি ঘটিছে৷ স্হানীয় ৰাইজে যান্ত্ৰনাত চটফটাই থকা হাতীটোক খাদ্যৰ যোগান ধৰিছে যদিও হাতীটোৱে গ্ৰহণ কৰা খাদ্যৰ পৰিমাণ তেনেই সামান্য৷ উল্লেখযোগ্য যে,পাহাৰৰ দাঁতিৰ এক প্ৰাকৃতিক নলাৰ পিতনিৰ দৰে স্হানত পৰি থকা হাতীটোৰ আগঠেং দুখন অজ্ঞাত কাৰণত অকামিলা হৈ পৰিছে বুলি বন বিভাগে প্ৰকাশ কৰাৰ লগতে হাতীটোৰ শৰীৰৰ আন স্হানত কোনো আঘাতৰ চিহ্ন নাই বুলিও সদৰি কৰিছে৷যোৱা ছদিনে হাতীটোৰ…

উৎপীড়কৰ পক্ষ লৈ আৰক্ষীৰ হাতত পৰা তিনিচুকীয়াৰ কংগ্ৰেছ নেতাক দলৰ পৰা নিলম্বন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২ ছেপ্টেম্বৰ : নিজৰ এগৰাকী ঘনিষ্ঠ আত্মীয় নাবালিকাৰ উপৰি আন এগৰাকী নাবালিকাক যৌন উৎপীড়ন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হোৱা তিনিচুকীয়া জিলা আয়ুক্ত কাৰ্যালয়ৰ নাজিৰ বিভাগৰ কৰ্মচাৰী ৱাজিদ হুছেইনৰ পক্ষ লৈ ভুক্তভোগীক নানা প্ৰলোভনেৰে বুজনি দিবলৈ গৈ আৰক্ষীৰ হাতত বন্দী হোৱা তিনিচুকীয়া জিলা কংগ্ৰেছৰ উপ-সভাপতি মিৰ আখতাৰ হুছেইনক দলৰ পৰা নিলম্বন কৰা হৈছে ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নিৰ্দেশমৰ্মে তিনিচুকীয়া জিলা কংগ্ৰেছৰ উপ-সভাপতি মিৰ আখতাৰ হুছেইনক দলৰ পৰা তৎকালে নিলম্বন কৰা বুলি দলৰ সাংগঠনিক…

ভূৱা নথিৰে দেশৰ অৰ্দ্ধসামৰিক বাহিনীত যোগদান বহিৰাজ্যৰ যুৱকৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২ছেপ্টেম্বৰঃ তেজপুৰত দুই প্ৰৱঞ্চকে যোগানধৰা ভূৱা নথিৰ সহায়ত দেশৰ অৰ্দ্ধসামৰিক বাহিনীত নিযুক্তি লাভ কৰি বহিৰাজ্যৰ একাংশই সম্প্ৰতি প্ৰশিক্ষণ গ্ৰহণ কৰি আছে৷যোৱা নিশা তেজপুৰৰ শালনিবাৰী আৰক্ষীয়ে চলোৱা এক অভিযানত এই দুজনীয়া প্ৰৱঞ্চক দলটো গ্ৰেপ্তাৰ হোৱাৰ পাছতে উদ্ধাৰ হৈছে এই জালিয়াতি চক্ৰটোৰ উদ্বেগজনক কৰ্মকাণ্ড৷ উল্লেখযোগ্য যে,তেজপুৰৰ শালনিবাৰী আৰক্ষী চকী অন্তৰ্গত দিহিঙীয়া গাঁৱৰ গাঁও প্ৰধান দুৰ্লভ কুমাৰ বৰাৰ নামত ভূৱা নথি তৈয়াৰ কৰি হাৰিয়ানাৰ ৰাজেন্দ্ৰ প্ৰসাদ আৰু ডেকাৰগাঁও ৰেলৱে কলনিৰ তৰুণ বিশ্বাসে চলাই…

তেজপুৰত এজনক ডিঙি কাটি হত্যা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,৩১আগষ্টঃ তেজপুৰত আজি এজন লোকৰ মৃতদেহ ৰক্তাক্ত অৱস্থাত নিজা বাসগৃহত উদ্ধাৰ হৈছে৷ উল্লেখযোগ্য যে দুৰ্বৃত্তই নিশাই এইদৰে হত্যা কৰা সুব্ৰত দাসগুপ্ত নামৰ লোকজনৰ মৃতদেহ আজি সন্ধিয়াহে উদ্ধাৰ হয়৷ স্হানীয় লোকৰ মাজত টুকু হিচাপে পৰিচিত ৪৩ বছৰীয়া লোকজনক যোৱা নিশাই চহৰখনৰ কছাৰীগাঁৱৰ নিজ ঘৰতে চোকা অস্ত্ৰৰে ডিঙি কাটি হত্যা কৰে কোনো লোকে৷ৱ উল্লেখযোগ্য যে, এসময়ত আৰক্ষীৰ স’তে ঘনিষ্ঠ সম্পৰ্ক থকা সুব্ৰতৰ ঘৰত সঘনাই চলিছিল সুৰাৰ আড্ডা৷ এনে অৱস্থাতে কোনো অচিনাকী ঘাতকে লোকজনক হত্যা কৰাৰ সন্দেহ কৰা হৈছে৷ নইপিনে…

তেজপুৰত ডকাইতি কায়দাৰে মহিলাৰ সোণৰ চেইন কাঢ়ি নিলে দুৰ্বৃত্তই

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৩১আগষ্টঃ তেজপুৰ চহৰৰ লগতে চহৰখনৰ নিকটৱৰ্তী এলেকাত চিলনী চোৰৰ লগতে ড্ৰাগছ,চুৰিকে ধৰি বিভিন্ন অপৰাধমূলক কাৰ্যকলাপ অব্যাহত থকাৰ সময়তে কালি নিশা এগৰাকী ৬০উৰ্দ্ধৰ মহিলাৰ মুখত সোপাদি তেওঁৰ ডিঙিৰ সোণৰ চেইন চিঙি লৈ যোৱাৰ এক ঘটনা ঘটিছে৷উল্লেখযোগ্য যে,তেজপুৰৰ ঐতিহ্যমণ্ডিত নিকামূল সত্ৰৰ সমীপতে এই ঘটনাটো সংঘটিত হয়৷অনু কলিতা নামৰ মহিলাগৰাকীয়ে নিশা প্ৰায় ৭-৪৫বজাত সান্ধ্য ভ্ৰমণ কৰি উভতাৰ পথত তেওঁৰ ঘৰৰ প্ৰায় সমীপতে এখন মটৰচাইকেলত উঠি অহা দুজন যুৱকে এজন লোকৰ ঠিকনা সোধে৷ মহিলাগৰাকীয়ে তেনে নামৰ লোক অঞ্চলটোত নাই…

তেজপুৰত যুৱ কংগ্ৰেছৰ প্ৰতিবাদঃ মুখ্যমন্ত্ৰীৰ পুতলিকা দাহ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৩১আগষ্টঃ শেহতীয়াকৈ ৰাজ্যত নিযুক্তিৰ নামত একাংশই চাকৰি প্ৰত্যাশীৰ পৰা তিনিলাখকৈ টকা সংগ্ৰহ কৰা আৰু ইয়াৰে আঢ়ৈ লাখ টকা “ওপৰ মহলক” দিব লাগে বুলি অভিযুক্তই স্বীকাৰোক্তি দিয়াক লৈ আজি তেজপুৰত এই নিযুক্তি কেলেংকাৰিৰ তদন্তৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে শোণিতপুৰ জিলা যুৱ কংগ্ৰেছে৷ প্ৰতিবাদকাৰী সকলে তেজপুৰত মুখ্যমন্ত্ৰীৰ পুত্তলিকাও দাহ কৰে৷ উল্লেখযোগ্য যে,দীবন ডেকা নামৰ এজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে পোহৰলৈ অহা চাকৰিৰ বজাৰ সম্পৰ্কত কিয় মুখ্যমন্ত্ৰী গৰাকী নিমাত হৈ আছে বুলি প্ৰশ্ন উত্থাপন কৰি…

বৰছলাৰ এগৰাকী অসহায় মহিলাৰ বাবে বৰষুণেই আতংক

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৩১আগষ্টঃ তেজপুৰৰ নিকটৱৰ্তী তথা বৰছলা বিধানসভা সমষ্টি অন্তৰ্গত মোৱামাৰী বৰাচুবুৰীৰ এগৰাকী মহিলাৰ বাবে বাৰিষাৰ বৰষুণজাকেই সম্প্ৰতি আতংকৰ কাৰণ হৈ পৰিছে৷তীব্ৰ আৰ্থিক প্ৰত্যাহ্বানৰ মাজত জীৱন অতিবাহিত কৰিবলগীয়া হ’লেও দুবছৰ পূৰ্বলৈকে তেওঁ নিজৰ ম্যাদী পটাৰ মাটিত চৰকাৰী ভাবে পোৱা এটি মৰমৰ বাস্হান এৰি পথৰ দাঁতিৰ কোনো ব্যৱসায়িক গৃহ নতুবা নামঘৰত আশ্ৰয় ল’ব লগীয়া হোৱা নাছিল৷কিন্তু যোৱা বছৰৰ পৰা এইগৰাকী মহিলাই নিজৰ মুকবধিৰ সন্তানকলৈ বাৰিষাৰ বিভিন্ন সময়ত অ’ত ত’ত আশ্ৰয় ল’বলগীয়া হৈছে৷সেয়ে তেওঁৰ বাবে বৰষুণ মানেই…

লক্ষীমপুৰত মুখ্যমন্ত্ৰীৰ চাহ বাগিচা আৰু আদিবাসী ফুটবল টুৰ্ণামেণ্টৰ চুড়ান্ত খেলৱ ৩ ছেপ্টেম্বৰত

 উত্তৰ লক্ষীমপুৰ, ৩১ আগষ্ট: অসম চৰকাৰৰ চাহ জনগোষ্ঠী আৰু আদিবাসী কল্যান সঞ্চালকালয়, ক্ৰীড়া আৰু যুৱ কল্যান সঞ্চালকালয়ৰ উদ্যোগত লক্ষীমপুৰ জিলা প্ৰশাসন আৰু লখিমপুৰ জিলা ক্ৰীড়া আৰু যুৱ কল্যান বিভাগৰ সহযোগত লক্ষীমপুৰত জিলাভিত্তিত অনুষ্ঠিত হৈ থকা ১৯ বছৰ অনুৰ্দ্ধ মুখ্যমন্ত্ৰীৰ চাহ বাগিচা আৰু আদিবাসী ফুটবল টুৰ্ণামেণ্টৰ চুড়ান্ত খেল অহা ৩ ছেপ্টেম্বৰৰ পুৱা ১০ বজাত ডিজু চাহ বাগানৰ খেলপথাৰত অনুষ্ঠিত হব। জিলাভিত্তিত অনুষ্ঠিত হোৱা উক্ত খেলখনত ইতিমধ্যে তিনিটা দল ছেমি ফাইনেললৈ উন্নীত হৈছে।দলকেইটা হ'ল ক্ৰমে ডিজু, চিনাতলীয়া আৰু কয়লামাৰি চাহ…