Browsing Category

অসম

নাৰায়ণপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয়ত ভুৱা জাতিগত প্ৰমাণ পত্ৰৰে অধ্যাপনা কৰাৰ অভিযোগ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৩১ আগষ্টঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ অনুসূচিত জাতি সংৰক্ষিত পদত এগৰাকী অধ্যাপকে ভুৱা প্ৰমাণ পত্ৰৰে চাকৰি কৰি থকাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম অনুসূচিত জাতি যুৱ-ছাত্ৰ সন্থাই৷ ২৮ আগষ্টত শোণিতপুৰৰ জিলা আয়ুক্তক যুৱ ছাত্ৰ সন্থাই লিখিত অভিযোগ দাখিল কৰি কয় যে অধ্যাপক দীপক দাসে ভুৱা জাতিগত প্ৰমাণ পত্ৰৰে দীৰ্ঘদিন ধৰি লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয়ত অধ্যাপকৰ চাকৰি কৰি আছে৷ সেয়ে দীপক দাসৰ ভুৱা জাতিগত প্ৰমাণ পত্ৰ নাকচ কৰি তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ…

পানীতোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ চেনীৰাম সোনোৱালৰ দেহাৱসান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৩১ আগষ্ট : তিনিচুকীয়া জিলাৰ গোবিন্দপুৰ নিবাসী পানীতোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ চেনীৰাম সোনোৱালৰ যোৱা নিশা বাৰ্ধক্যজনিত কাৰণত নিজা বাসগৃহত দেহাৱসান ঘটে ৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল প্ৰায় ৯১ বছৰ ৷ বৃহত্তৰ পানীতোলা অঞ্চলৰ এগৰাকী সমাজকৰ্মী, শিক্ষাবিদ তথা সৰবৰহী ব্যক্তি চেনীৰাম সোনোৱালৰ মৃত্যুত একাধিক ব্যক্তিৰ লগতে পানীতোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়, শিক্ষক তথা বিশিষ্ট কবি অমৃত ৰাজখোৱা, হিজুগুৰি সমল কেন্দ্ৰৰ হৰেশ্বৰ দাস, ডিমৰু গাঁৱৰ সভানেত্ৰী জীনা সোনোৱালৰ উপৰি বিভিন্ন…

লখিমপুৰৰ গ্ৰামোন্নয়নত ২০ কোটি ২৫ লাখ টকাৰ বৃহৎ কেলেংকাৰি

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৩১ আগষ্টঃ লখিমপুৰ জিলা গ্ৰামোন্নয়ন বিভাগত এতিয়া এক বৃহৎ কেলেংকাৰি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ জিলাখনৰ ৮১ খন গাঁও পঞ্চায়তত আঁচনি ৰূপায়ণৰ নামত আৱণ্টিত ধন শৰাধ হোৱাৰ তথ্যই ৰাইজৰ চকু কপালত তুলিছে৷ বিশেষকৈ প্ৰতিখন গাঁও পঞ্চায়তলৈ এনৰেগা আঁচনিৰ অধীনত আৱণ্টিত আই বি এছৰ নামত আৱণ্টিত প্ৰায় ২০ কোটি ২৫ লাখ টকাৰ কেলেংকাৰি হোৱাৰ তথ্য স্পষ্ট হৈ পৰিছে৷ প্ৰাপ্ত তথ্য অনুসৰি লখিমপুৰ জিলা গ্ৰামোন্নয়ন অভিকৰণলৈ ২০২০-২১ বৰ্ষত এনৰেগা আঁচনিৰ অধীনত জিলাখনৰ ৯টা উন্নয়ন খণ্ডৰ ৮১ খন গাঁও পঞ্চায়তলৈ হাজাৰ হাজাৰ…

 শনিবাৰে তিনিচুকীয়াত মুখ্যমন্ত্ৰীৰ উপস্থিতিত বিজেপি মিত্ৰজোঁটৰ বৈঠক

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৩১ আগষ্ট : আগন্তুক ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনক উদ্দেশ্য কৰি শাসক, বিৰোধী উভয়েই ব্যস্ত হৈ পৰিছে ৰণকৌশল নিৰ্ধাৰণত ৷ ৰাষ্ট্ৰীয় পৰ্যায়ত শাসকীয় জোঁটবন্ধন ’এন ডি এ’ৰ বিপৰীতে বিৰোধী জোঁট ’ইণ্ডিয়া’ই ধনুত টংকাৰ দিয়াৰ সমসাময়িকভাৱে অসমতো এঘড়ী যুঁজ দিয়াৰ বাবে কঁকাল পোনাই সাজু হৈছে শাসক আৰু বিৰোধী পক্ষ ৷ উজনি অসমত এক নিৰ্ণায়ক ভূমিকা লোৱা বাগিচাৰ ভোটাৰ ৰাইজৰ মাজত সোমাই নিজৰ হেৰুৱা ভেঁটি পুনৰুদ্ধাৰৰ বাবে কংগ্ৰেছ দলে ইতিমধ্যে আৰম্ভ কৰিছে ’বাগানে বাগানে কংগ্ৰেছ’ শীৰ্ষক কাৰ্যসূচী ৷ অনুৰূপ ধৰণে বিজেপি…

গোৱালপাৰাৰ মঘো গাঁৱত পামচু মহোৎসৱ আৰম্ভ

গোৱালপাৰা,৩০ আগষ্ট: ৰাভা লোক-সংস্কৃতিত পৰম্পৰাভাবে ব্যৱহৃত হৈ অহা এবিধ গছ-- পামচু। এই গছজোপাত ৰঙাবৰণৰ ফুল ফুলে।মৃতকৰ আত্মাৰ চিৰ শান্তিৰ বাবে এইবিধ গছজোপাৰ নামেৰে গীত পৰিবেশন কৰা হয়। সেই পৰম্পৰাকে উজ্জ্বীৱিত কৰি ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ সহযোগত আৰু খি'ছান নালা নামৰ সাংস্কৃতিক কেন্দ্ৰ, অসমৰ উদ্যোগত আজিৰ পৰা দুদিনীয়া কাৰ্য্যসূচীৰে মঘো গাঁৱত আৰম্ভ হৈছে পামচু মহোৎসৱ ।এই মহোৎসৱত জনগোষ্ঠীয় কৃষ্টি-সংস্কৃতিৰ প্ৰচাৰ, প্ৰসাৰ আৰু ভিন্ন জাতি-জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধ সুদৃঢ় কৰাৰ লক্ষ্য-উদ্দেশ্যেৰে ভিন্ন জনগোষ্ঠীয় শিল্পী দলৰ…

তিনিচুকীয়াত ভূপেন বৰা : পৰিৱৰ্তনৰ ফল তিতা নে মিঠা তাৰ বুজ লবলৈহে আহিছে কংগ্ৰেছ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৩০ আগষ্ট : কংগ্ৰেছে এইবাৰ ভোট বিচাৰি ’বাগানে বাগানে কংগ্ৰেছ’ শীৰ্ষক কাৰ্য্যসূচী গ্ৰহণ কৰা নাই ৷ ভোট কংগ্ৰেছে বিচাৰিব ৷ কিন্তু এইবাৰ কংগ্ৰেছ আহিছে ৰাইজে যি পৰিৱৰ্তন কৰিছিলে তাৰ কিবা সুফল পাইছে নে কুফল পাইছে তাৰ বুজ লবলৈ ৷ আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ’বাগানে বাগানে কংগ্ৰেছ’ শীৰ্ষক কাৰ্য্যসূচীৰ অধীনত তিনিচুকীয়া জিলাত অন্তিম দিনাৰ কাৰ্য্যসূচীত অংশগ্ৰহণৰ বাবে ইয়াত উপস্থিত হোৱা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সাংবাদিকৰ আগত এইদৰে কয় ৷ তেওঁ আৰু কয় যে এফালে উন্নয়নৰ গংগা বৈছে বুলি কোৱা হয় ৷…

তিনিচুকীয়া ট্ৰেনজিত পইণ্ট : দুদিন পূৰ্বে আৰক্ষীয়ে জব্দ কৰা গাড়ীৰ গোপন চেম্বাৰত পুনৰ উদ্ধাৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৯ আগষ্ট : ড্ৰাগছ সৰবৰাহৰ এক অন্যতম ’ট্ৰেনজিত পইণ্ট’ত পৰিণত হৈছে উজনিৰ অসম-অৰুণাচল সীমান্তৰ তিনিচুকীয়া জিলা৷ তিনিচুকীয়া আৰক্ষীয়ে ধাৰাবাহিক অভিযানৰ পাছতো ৰোধ কৰিব পৰা নাই নিষিদ্ধ ড্ৰাগছৰ অবাধ বেহা৷ প্ৰধানকৈ ডিমাপুৰৰ পৰা তিনিচুকীয়ালৈ বা তিনিচুকীয়াৰ মাজেৰে অৰুণাচলৰ বিভিন্ন প্ৰান্তলৈ নিতৌ বাছ, ৰেল অথবা ব্যক্তিগত বাহনৰ জৰিয়তে সৰবৰাহ হৈ আছে কোটি কোটি টকাৰ মাৰাত্মক ড্ৰাগছ ৷ উল্লেখ্য যে দুদিন পূৰ্বে তিনিচুকীয়া আৰক্ষীয়ে এছ টি এফৰ সহযোগত গোপন সূত্ৰে প্ৰাপ্ত তথ্যৰ ভিত্তিত তালাচী চকী বহুৱাই জিলাখনৰ…

অসম হাইস্কুল শিক্ষক সংস্থাৰ নৱ নিৰ্বাচিত যুটীয়া সম্পাদক তৰুণ চন্দ্ৰ নাথক সম্বৰ্ধনা

শতাব্দ ষ্টাফ ৰিপ'টাৰ তেজপুৰ, ২৯ আগষ্ট: তেজপুৰ হাইস্কুল শিক্ষক ভৱনত কালি অসম হাইস্কুল শিক্ষক সংস্থাৰ নৱনিযুক্ত যুটীয়া সম্পাদক তৰুণ চন্দ্ৰ নাথক সদৌ অসম অ-প্ৰাদেশীকৃত উচ্চ মাধ্যমিক বিদ্যালয় শিক্ষক কৰ্মচাৰী সন্থাৰ কেন্দ্ৰীয় কমিটি আৰু শোণিতপুৰ জিলা কমিটিৰ ফালৰ পৰা সম্বদ্ধৰ্না জনোৱাৰ বাবে এখন সভা অনুষ্ঠিত হয়৷ সভাত সভাপতিত্ব কৰে অ-প্ৰাদেশীক উচ্চ মাধ্যমিক শিক্ষক- সন্থাৰ ৰাজ্যিক সভাপতি বিপুল শৰ্মাই৷ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ছামধৰা হাইস্কুলৰ প্ৰধান শিক্ষক টিকাৰাম ছেত্ৰীয়ে৷ সভাত শোণিতপুৰ জিলাৰ সমূহ অ-প্ৰাদেশীকৃত হাইস্কুলৰ প্ৰধান…

তেজপুৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদঃমুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৯আগষ্টঃ নিত্য প্ৰয়োজনীয় বয়-বস্তুৰ লেকামহীন মূল্যবৃদ্ধি ৰোধ কৰা, বিদ্যুতৰ মাচুল হ্ৰাস কৰা, স্মাৰ্ট মিটাৰ স্থাপন বাতিল কৰা আৰু জীৱনদায়ী ঔষধৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ দাবীত আজি এছ ইউ চি আই (কমিউনিষ্ট) দলৰ শোণিতপুৰ জিলা কমিটিৰ উদ্যোগত আজি তেজপুৰৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এক গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰা হয়। শোণিতপুৰৰ বিভিন্ন অঞ্চলৰ পৰা দুই শতাধিক ৰাইজে অংশ লোৱা এই কাৰ্যসূচীত আজি দিনৰ ১২ বজাত চহৰখনত থকা পৌৰসভা অধীনস্থ যানবাহন আস্হানত সমবেত হৈ হাতে হাতে দাবী সম্বলিত প্লেকাৰ্ড, ফেষ্টুন লৈ…

নীপকোৱে এৰা পানীয়ে প্ৰাণ ললে  কণমানি ছাত্ৰীৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৯ আগষ্টঃ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লগতে লখিমপুৰ জিলাতো বিগত প্ৰায় এসপ্তাহ ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত ৰঙানদীৰ লগতে জিলাখনৰ নদীসমূহ ফেনে ফুটুকাৰে বাঢ়ি অহাৰ লগতে বহু ঠাইত বানৰ সৃষ্টি কৰিছে৷ ইফালে আজি নীপকোৱে কেবাখনো গেটেৰে ৰঙানদীত পানী এৰি দিয়াৰ ফলত পাভ বনাঞ্চলৰ সোনাপুৰ ৰিজাৰ্ভ গাঁৱত এগৰাকী কণমানি ছাত্ৰী বাঢ়নী পানীত ডুবি মৃত্যু মুখত পৰে৷ ৰঙানদীৰ বক্ষত নীপকোৱে ক্ৰমে ২০০ আৰু ৫০ এম এম পানী এৰি দিয়াৰ ফলত লখিমপুৰ জিলাৰ নামনিত বানৰ সৃষ্টি হৈছে৷ আজি ৰঙানদীৰ বাঢ়নী পানীত পাভ বনাঞ্চলৰ…