Browsing Category
অসম
লখিমপুৰত কাইলৈ অত্যাধুনিক সা-সুবিধাৰে ডাঃ দাস মাল্টিস্পেচিয়েলিটি হাস্পতাল মুকলি হব
১১ টা বিভাগৰ অ'পিডি
টেলি আই চি ইউৰ সুবিধা
৩ টা অস্ত্ৰোপচাৰ কক্ষ মডুলাৰশতাব্দ ষ্টাফ ৰিপৰ্টাৰ,৮ ছেপ্টেম্বৰঃ চিকিৎসা বিজ্ঞানৰ অত্যাধুনিক সা-সুবিধাৰে লখিমপুৰ স্বাস্থ্য সেৱা খণ্ডত সংযোজিত হৈছে এটি নতুন নাম--"ডাঃ দাস মাল্টিস্পেচিয়েলিটি হাস্পতাল"। কাইলৈ অৰ্থাৎ ৯ ছেপ্টেম্বৰ ২০২৩ তাৰিখৰ পৰা জনগণৰ বাবে মুকলি হব নতুন চিকিৎসালয়খন।প্ৰায় ২৫ কোটি টকা ব্যয় সাপেক্ষে উত্তৰ লখিমপুৰ নগৰৰ চাবতিৰ চেইণ্ট মেৰিজ স্কুলৰ প্ৰায় সন্মুখতে ৭ মহলীয়া সুদৃশ্য বিল্ডিঙেৰে চিকিৎসালয়খন স্থাপন কৰিছে লখিমপুৰৰ একালৰ প্ৰসিদ্ধ চিকিৎসক ডাঃ নোমল…
লখিমপুৰত গাহৰি বিক্ৰী-সৰবৰাহৰ ক্ষেত্ৰত ১৪৪ ধাৰা বলবৎ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৭ ছেপ্টেম্বৰঃ লখিমপুৰত আফ্ৰিকান চোৱাইন ফিভাৰ ৰোগত শ শ গাহৰিৰ মৃত্যু হোৱাৰ পিছত গাহৰি পালকসকলৰ লগতে পশু পালন আৰু চিকিৎসা সেৱা বিভাগতো হাহাকাৰ লাগিছে৷ ইতিমধ্যে লখিমপুৰ জিলা প্ৰশাসনৰ নিৰ্দেশ ক্ৰমে চলিত সপ্তাহত লখিমপুৰৰ জিলা পশু পালান আৰু চিকিৎসা সেৱা বিভাগে ইতিমধ্যে কিলিং মেচিনৰ জৰিয়তে কেবাশ গাহৰি নিধন কৰাৰ পিছত আজি গাহৰি বিক্ৰী নিষেধাজ্ঞাৰে লখিমপুৰ জিলা প্ৰশাসনে ১৪৪ ধাৰা বলবৎ কৰিছে৷ ইতিমধ্যে এই মাৰাত্মক ৰোগত আক্ৰান্ত হৈ বহু ক্ষুদ্ৰ ক্ষুদ্ৰ গাহৰি পালকৰ শ শ গাহৰি মৃত্যু হোৱাৰ ফলত গাহৰি পালকসকল…
তিনিচুকীয়াত শক্তিমন্ত্ৰীৰ পুত্তলিকা দাহ আছুৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৭ ছেপ্তেম্বৰ : উৎকট গৰমৰ মাজত সঘন বিদ্যুৎ কৰ্তনে ৰাইজক অতিষ্ঠ কৰি তোলাৰ সময়তে আজি তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোছাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ তিনিচুকীয়া চহৰৰ কলেজ তিনিআলিত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ সময়ত প্ৰতিবাদী আছু কৰ্মীসকলে ৰাজ্য চৰকাৰ আৰু শক্তিমন্ত্ৰীৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে ৷ তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি উদীপ বৰপাত্ৰগোঁহায়ে ক্ষোভ প্ৰকাশ কৰি কয় যে ২৪ ঘণ্টা বিদ্যুৎ যোগানৰ প্ৰতিশ্ৰুতিৰে ক্ষমতা দখল কৰা…
তেজপুৰৰ সুব্ৰত দাসগুপ্তৰ হত্যাকাণ্ডঃ অভিযুক্ত হত্যাকাৰীৰ পত্নীৰ ভাষ্যত আন এক মোৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৭ছেপ্টেম্বৰঃ তেজপুৰৰ কছাৰীগাঁৱৰ নিজা বাসগৃহতে ৩০আগষ্টৰ নিশা সুব্ৰত দাসগুপ্ত ওৰফে টুকু নামৰ লোকজনক হত্যা কৰা মনোজ গুৰুং প্ৰকৃততে পূৰ্বৰে পৰাই অপৰাধমূলক কাৰ্যকলাপৰে জড়িত৷তদুপৰি যোৱা তিনি ছেপ্টেম্বৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মনোজে হত্যাকাণ্ডৰ কাৰণ হিচাপে নিজ পত্নীৰ স’তে নিহত দাসগুপ্তৰ অবৈধ সম্পৰ্ক থকা বুলি প্ৰকাশ কৰা আৰু ইয়াৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি স্বীকাৰোক্তি দিয়াটোও এক কৌশল বুলি প্ৰকাশ কৰিছে হত্যাকাৰী মনোজৰ পত্নীয়ে৷ উল্লেখযোগ্য যে,আজি মহিলা গৰাকীয়ে স্বামী মনোজৰ বিৰুদ্ধে তেজপুৰৰ…
তিনিচুকীয়াত ভাৰত জোড়ো যাত্ৰাৰ বৰ্ষপূৰ্তি উপলক্ষে কংগ্ৰেছৰ সভা, পদযাত্ৰা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৭ ছেপ্তেম্বৰ : নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ নিৰ্দেশক্ৰমে তিনিচুকীয়া জিলা কংগ্ৰেছ কমিটিয়ে আজি 'ভাৰত জোড়ো যাত্ৰা'ৰ প্ৰথম বৰ্ষপূৰ্তি পালন কৰে ৷ সেইমৰ্মে আজি জিলা কংগ্ৰেছ কমিটিৰ সভাপতি প্ৰণৱ বৰুৱাৰ সভাপতিত্বত জিলা কংগ্ৰেছ ভৱনত বিয়লি এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয় ৷ উক্ত সভাত অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ পৃথিৱী মাঝি, প্ৰাক্তন বিধায়ক ৰাজু চাহু, প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ মৌচুম বৰুৱা, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক অবিনাশ গগৈ, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ ৰাজ্যিক সাধাৰণ সম্পাদক জুৱেল চিৰিং,…
লখিমপুৰত ভয়ংকৰ কাণ্ডঃ ড্ৰাগছ সৰবৰাহকাৰীৰ আক্ৰমণত অভিযানকাৰী আৰক্ষী আহত
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৭ ছেপ্টেম্বৰঃ লখিমপুৰ জিলাৰ বঙালমৰা আৰক্ষী চকীৰ অন্তৰ্গত ২ নং আহমেদপুৰৰ দলনিৰ পাৰত আজি এক ভয়ংকৰ ঘটনা সংঘটিত হয়৷ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাবলৈ যোৱা আৰক্ষী দলক ড্ৰাগছ সৰবৰাহকাৰী আৰু তেঁওলোকৰ পৰিয়ালে আক্ৰমণ কৰি ড্ৰাগছ সৰবৰাহকাৰীক মোকলাই নিয়া ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ঘটনাৰ বিৱৰণি অনুসৰি যোৱা দুদিন পূৰ্বে বান্দৰদেৱা আৰক্ষীয়ে এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ পিছত সেই ড্ৰাগছ সৰবৰাহকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত কালি বিয়লি ২ নং আহমেদপুৰত বঙালমৰা আৰক্ষী চকীৰ এটা দলে ড্ৰাগছ সৰবৰাহকাৰী…
১৮৩৬ চনতে বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নিৰ্মাণ কৰা তেজপুৰ চহৰৰ অনাদৃত জোনাকী পুখুৰী (থানা পুখুৰী) ৰ শোভাবৰ্ধন
শতাব্দ ষ্টাফ ৰিপ'টাৰ, তেজপুৰ, ৭ ছেপ্তেম্বৰ: তেজপুৰ চহৰৰ মাজ ভাগতে থকা বৃটিছৰ দিনৰ আন এটা পৰিত্যক্ত পুখুৰীয়ে কালি সন্ধিয়াৰ ন - ৰূপত পুনৰ জীৱন লাভ কৰিলে মূলতঃ শোণিতপুৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ আৰু তেজপুৰ পাৰিপাৰ্শ্বিক সমাজৰ তৎপৰতাত। ১৮৩৫ চনত বৃটিছৰ আমোলত তেজপুৰ চহৰখন দৰং জিলাৰ সদৰ ৰূপে বিবেচিত হোৱাৰ সময়ৰে পৰা তেজপুৰ অঞ্চলত নগৰায়নৰ প্ৰক্ৰিয়া খৰতকীয়া হয়। নৱ নগৰখনৰ বাসিন্দাসকলৰ খোৱা পানীৰ চাহিদা পূৰণ কৰাৰ অৰ্থে বৃটিছ প্ৰশাসনে কেইবাটাও পুখুৰী নিৰ্মাণ তথা পুনৰ্নিৰ্মাণ কৰিছিল। এই পুখুৰীসমুহৰ ভিতৰৰ এটি গুৰুত্বপূৰ্ণ পুখুৰী হৈছে…
তিনিচুকীয়াৰ সীমান্তৱৰ্তী বজাৰত চি আৰ পি এফৰ কনিষ্টবলক ছুৰী মাৰি হত্যা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৬ ছেপ্তেম্বৰ : তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী বৰডুমছাত সীমামূৰীয়া চেকগেটৰ সমীপতে আজি সন্ধিয়া অচিনাক্ত আততায়ীয়ে চি আৰ পি এফৰ এজন কনিষ্টবলক ছুৰীকাঘাত কৰি হত্যা কৰাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ মটৰচাইকেলত অহা দুৰ্বৃত্তই ছুৰী মাৰি হত্যা কৰা চি আৰ পি এফৰ কনিষ্টবলজনৰ পৰিচয় সুনীল কুমাৰ পাণ্ডে বুলি জানিব পৰা গৈছে ৷ ঘটনাটো সংঘটিত হোৱাৰ সময়ত কনিষ্টবল পাণ্ডে অসামৰিক পোছাকত আছিল বুলি সূত্ৰত প্ৰকাশ ৷ নিহত কনিষ্টবলজনে জন্মাষ্টমী উপলক্ষে আন জোৱানৰ সৈতে বজাৰ কৰিবলৈ সীমান্তৱৰ্তী…
শিক্ষক দিৱসত প্ৰবীণ শিক্ষাবিদ মীৰা শৰ্মালৈ সম্ভাষণ
শতাব্দ ষ্টাফ ৰিপ'টাৰ তেজপুৰ ৬ ছেপ্টেম্বৰ: “আবেলি কিৰণে/জীৱন জগালে /সোণসেৰীয়া গানে,/জ্ঞানে ধ্যানে সংগে/অনুপম ৰংগে/নব বাৰতা আনে -----/’’শীৰ্ষক প্ৰতীকী গীতৰ সমূহীয়া পৰিবেশনৰ এক জীপাল পৰিৱেশত বৃহত্তৰ তেজপুৰ অৱসৰপ্ৰাপ্ত শিক্ষক ঐক্যমঞ্চৰ শিক্ষক দিৱসৰ কাৰ্যসূচী আৰম্ভ হয় ৷ অসমীয়া ক্লাব,তেজপুৰত অনুষ্ঠিত সভাখনত পণ্ডিত মনীষা ড° সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ ছবিত পুষ্পাৰ্পণ আৰু সদ্য প্ৰয়াত বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক তথা সমাজ সচেতন ব্যক্তি দেবেন দত্ত, অনন্ত কলিতা,জয়ন্ত মহাপাত্ৰ,নিৰু শৰ্মা পৰাজুলী ,পৰজ বকুল বৰুৱা ,ড° সুখ বৰুৱা ৰূপনাথ উপাধ্যায়…
তিনিচুকীয়াত গুলীৰ আঘাতত নিহত ১ : পিষ্টল আছিল বন্ধুৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৬ ছেপ্তেম্বৰ : তিনিচুকীয়া চহৰৰ মাজ মজিয়াত মঙ্গলবাৰে নিশা এজন ব্যক্তিৰ ৰহস্যজনক পৰিস্থিতিত গুলীৰ আঘাতত মৃত্যু হোৱাৰ ঘটনাক কেন্দ্ৰ কৰি ইয়াত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ ঘটনাৰ বিৱৰণী অনুসৰি কালি নিশা প্ৰায় ৯ বাজি যোৱাৰ পাছত তিনিচুকীয়া চহৰৰ এ টি ৰ’ডস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ (এ এছ টি চি) বাছ আস্থানৰ সন্মুখত ৰাইজে হঠাতে গুলীচালনাৰ শব্দ শুনিবলৈ পায় ৷ গুলীৰ শব্দ আহিছিল ৰাহুল বাজাৰী ওৰফে টিটু নামৰ ব্যক্তিজনৰ বাসগৃহৰ পৰা ৷ উল্লেখ্য যে ৰাহুল বাজাৰী ওৰফে টিটুৰ ঘৰৰ তলতে আছে নেটৱৰ্ক বাছৰ…
