Browsing Category

অসম

১ ছেপ্টেম্বৰৰ পৰা ৰাজ্যৰ ৩ নতুন চিকিৎসা মহাবিদ্যালয়ত হ’ব এমবিবিএছ পাঠ্যক্ৰমৰ শুভাৰম্ভণি

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, নগাঁও, ২৮ আগষ্ট : চলিত বৰ্ষত ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে অনুমোদন জনোৱা ৰাজ্যৰ ৩খন নতুন চিকিৎসা মহাবিদ্যালয়ত অহা ১ ছেপ্টেম্বৰৰ পৰা শুভাৰম্ভণি হ'ব চিকিৎসা বিজ্ঞান শিক্ষাৰ পাঠ্যক্ৰম। ৰাজ্যৰ নখন পুৰণি চিকিৎসা মহাবিদ্যালয়ৰ লগতে নৱনিৰ্মিত নগাঁও, নলবাৰী আৰু কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়তো এমবিবিএছ প্ৰথম বাৰ্ষিকত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সেইদিনাৰ পৰাই আনুষ্ঠানিক ভাৱে পাঠদান পৰ্ব মুকলি কৰা হ'ব। ৰাজ্যৰ চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ তদাৰকতাত ইতিমধ্যে তিনিওখন নতুন চিকিৎসা মহাবিদ্যালয়তে এমবিবিএছ প্ৰথম…

শোণিতপুৰত ফাইলেৰিয়া নিৰ্মূল অভিযান

শতাব্দ ষ্টাফ ৰিপ'ৰ্টৰ তেজপুৰ ২৮ আগষ্ট: শোণিতপুৰ জিলাৰ IMA ৰ প্ৰেক্ষাগৃহত আজি ফাইলেৰিয়া নিৰ্মূল অভিযানৰ লগত সংগতি ৰাখি জিলাখনৰ বিভিন্ন বিষয়-ববীয়া আৰু NGO ৰ বিষয়- ববীয়াৰ লগত এখনি কৰ্মশালা অনুষ্ঠিত হৈ যায়। অহা ৩১ আগষ্টৰ পৰা ৯ ছেপ্টেম্বৰলৈকে শোণিতপুৰ জিলাত হ'ব লগীয়া ফাইলেৰিয়া নিৰ্মূল অভিযানৰ কৰ্মশালা উদ্বোধন কৰে মাননীয় যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ জিয়াউদ্দিন আহমেদে লগত উপস্থিত থাকে মুখ্য স্বাস্থ্য বিষয়া ডাঃ ৰফিকুল ইছলাম, অতিৰিক্ত মুখ্য স্বাস্থ্য বিষয়া ডা° বিমান শৰ্মা, জিলা অনুষ্ঠান প্ৰবন্ধক বিনয় দাস, জিলা মেলেৰিয়া…

আছুৰ অষ্টাদশ অধিবেশনত ‘কেৰিয়াৰ সম্পৰ্কীয় কৰ্মশালা’ বিষয়ে আলোচনা

মাননীয় সম্পাদক মহোদয়, সদৌ অসম ছাত্ৰ সন্থাৰ অষ্টাদশ ৰাজ্যিক অধিৱেশন অহা ২১,২২ আৰু ২৩ নবেম্বৰত মৰিগাঁৱত অনুষ্ঠিত হ'ব বুলি জানিব পাৰিছো । এই অধিৱেশনখনত ‘কেৰিয়াৰ সম্পৰ্কীয় কৰ্মশালা’ বিষয়ে আলোচনা কৰে যেন। বিভিন্ন শিক্ষানুষ্ঠান, দল-সংগঠন তথা অনুষ্ঠান-প্রতিষ্ঠানে আয়োজন কৰা কেৰিয়াৰ সজাগতা সভাবোৰত মাজে সময়ে অংশ গ্রহণ (অফলাইন/অনলাইন) কৰি আৰু প্ৰত্যেক শনিবাৰে বিয়লি ৬বজাৰ পৰা ৯বজাৰ ভিতৰত ফোন (৯৪৩৫১৮৮৬৩০) যোগেদি বিনামূলীয়াকৈ কেৰিয়াৰ বিভিন্ন বিষয়ৰ প্ৰশ্নবোৰ উত্তৰ দি এটা কথা জানিব পাৰিছো যে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত…

পানীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এ টি এলৰ সৌজন্যত জ্ঞান মেলা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২৭ আগষ্টঃ লখিমপুৰ জিলাৰ পানীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অটল টিংকাৰিং পৰীক্ষাগাৰৰ সৌজন্যত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত আজি জ্ঞান মেলা অনুষ্ঠিত হয়। অটল টিংকাৰিং পৰীক্ষাগাৰৰ অত্যাধুনিক প্ৰযুক্তিৰে ছাত্ৰ ছাত্ৰী সকলে সমন্বয়ক ভৃগু প্ৰসাদ শৰ্মাৰ তত্বাৱধানত বিজ্ঞানৰ সৃজনশীল প্ৰকল্প প্ৰস্তুত কৰাৰ লগতে সমাজ বিজ্ঞান, গণিত ভাষা আৰু সংস্কৃতিৰ ওপৰতো এইবাৰ ছাত্ৰ ছাত্ৰী সকলে শিক্ষয়িত্ৰী বিস্মৃতা বৰা, চিমি দত্ত ভূঞা, শ্যামলী ভূঞা, বিজু দত্ত, অনিমা শইকীয়া, ৰেণু নেওগ, প্ৰণশ্ৰী ৰাজখোৱা, স্বপ্না দত্ত শিক্ষক…

“গছ থালিলেহে মানুহ থাকিব” মন্ত্ৰেৰে তেজপুৰত শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্য মঞ্চৰ গছপুলি ৰোপণ অভিযান

শতাব্দ ষ্টাফ ৰিপ'টাৰ, ২৭ আগষ্ট :গছ থাকিলেহে মানুহ থাকিব - এই মন্ত্ৰেৰে আজি শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্য মঞ্চই তেজপুৰৰ ঐতিহাসিক গড়, দৌলৰ সন্মুখৰ লগতে পৰ্বতীয়াৰ পৰা তৰাজান কুমাৰ গাঁও সংযোগী পথৰ দুয়োকাষে শতাধিক গছপুলি ৰোপণেৰে এক দৃষ্টান্তমূলক পদক্ষেপ গ্ৰহণ কৰে। গোলকীয় উষ্ণতা বৃদ্ধিয়ে জনসাধাৰণৰ জীৱন দুৰ্বিসহ কৰি তোলাৰ লগতে সৰ্বত্ৰ প্ৰাকৃতিক ভাৰসাম্য হেৰাই যোৱাৰ উপক্ৰম হোৱাৰ পিছত এতিয়া চৌদিশ সেউজীয়া কৰি তোলাৰ বাহিৰে আন কোনো বিকল্প ব্যৱস্থা নোহোৱা হৈ পৰাৰ সময়ত সকলো লোকে যাতে খালী হৈ থকা মাটি ডোখৰত এটাকৈ হ'লেও গছপুলি ৰোপণ কৰি…

তেজপুৰত শোণিতপুৰ জ্যেষ্ঠ নাগৰিকৰ সভা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৭আগষ্টঃ আজি শোণিতপুৰ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ কাৰ্যনিৰ্বাহকৰ এখন গুৰুত্বপূৰ্ণ সাংগঠনিক সভা তেজপুৰ চাৰিআলি শাখাৰ উদ্যোগত অনুষ্ঠিত হৈ যায়।জিলা সন্মিলনৰ সভাপতি কেশৰাম নাথৰ সভাপতিত্বত পুৱা ১০ বজাত আৰম্ভ হোৱা সভাখনত আদৰণী ভাষন প্ৰদান কৰি তেজপুৰ চাৰিআলি শাখাৰ সভাপতি কুমুদ দাসে প্ৰকাশ কৰে যে মিছন চাৰিআলি নামেৰে জনাজাত এইটো আচলতে তেজপুৰ চাৰিআলিহে।কোনো ন্যস্তস্বাৰ্থ জড়িত মহলৰ অপপ্ৰচাৰৰ বাবেহে মিছন চাৰিআলি নামেৰে পৰিচিত হৈছে। অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ শীৰ্ষক গীতটো পৰিবেশনৰ পিছতেই যোৱা সময় চোৱাত…

মথাউৰি ছিগি তেজপুৰ বিহগুৰি আৰু বাঁহবাৰী মৌজাৰ কুৰিখনৰো অধিক গাঁও জলমগ্ন 

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, তেজপুৰ, ২৭ আগষ্ট : কাষৰীয়া অৰুণাচল প্ৰদেশত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ফেনে ফুটুকাৰে বাঢ়ি অহা বাঢ়নী পানীয়ে শোণিতপুৰৰ চাৰিদুৱাৰ আৰু বালিপৰাৰ বিস্তীৰ্ণ অঞ্চল বুৰাই পেলোৱাৰ পিছত কালিৰে পৰা এই জৰাসৰ নদীৰ বাঢ়নী পানীয়ে তেজপুৰৰ ঘগৰা আৰু ডিপোটা নৈ স্পৰ্শ কৰি বৰছলা আৰু তেজপুৰ সমষ্টিৰ বৃহত্তৰ বাঁহবাৰী অঞ্চলৰ বহুকেইখন গাওঁ জলমগ্ন কৰাৰ লগতে বিস্তীৰ্ণ অঞ্চলৰ কৃষি পথাৰ পানীয়ে বুৰাই পেলোৱাত কৃষক ৰাইজৰ মাজত হাঁহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। স্হানীয় বান আক্ৰান্ত ৰাইজৰ পৰা জানিব পৰা মতে বাঁহবাৰী ডেকা চুবুৰী প্ৰাথমিক…

তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত তিনিদিন ধৰি চৰম জলসংকট

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ২৬ আগষ্ট : শোণিতপুৰৰ টুমুকী স্হিত তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত যোৱা তিনিদিন ধৰি খোৱা পানীৰ সংকটে জুৰুলা কৰিছে।ইয়াৰ চিকিৎসক, ৰোগী আৰু চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্রীকে ধৰি সকলো কৰ্মচাৰীয়ে এতিয়া পানীৰ চৰম সংকটত ভুগিবলগীয়া হৈছে৷এই সংকট মষিমূৰ কৰিবলৈ চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই বিভিন্ন চৰকাৰী সংস্থা, দেশৰ সেনা বাহিনীৰ ,এছ এছ বি আৰু আই টি বি পি ৰ পৰা পানী সংগ্ৰহ কৰিব লগীয়া হৈছে৷উল্লেখযোগ্য যে, এই চিকিৎসা মহাবিদ্যালয়খনলৈ পানী যোগান ধৰা হয় তেজপুৰৰ দেৱীসিং ঘাটত স্হাপিত এক আচুতীয়া…

সোৱণশিৰিৰ এৰাসুঁতিৰ অমৃত সৰোবৰ বাঢ়নী পানীয়ে ভাঙি-চিঙি মহতিয়াই নিলে

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ ২৭ আগষ্টঃ পূৰ্বৰ ঢকুৱাখনা বিধান সভা সমষ্টি আৰু বৰ্তমান নাওবৈছা বিধানসভা সমষ্টিৰ অন্তৰ্গত সোৱণশিৰি গাঁও পঞ্চায়তৰ আলিমূৰ ভাটি গাঁৱৰ কাষৰ সোৱণশিৰি নৈৰ এৰাসুঁতিত অসম চৰকাৰৰ তিনিখনকৈ আঁচনিৰ পৰা আবন্টিত প্ৰায় ২২ লাখ টকাৰ শৰাধ কৰি খন্দা অমৃত সৰোবৰটো বহু নিৱনুৱা যুৱক-যুৱতীৰ জীৱন-জীৱিকা ধ্বংসৰ সৰোবৰো হৈ পৰিল। খৰালি তৰাং হৈ পৰা আৰু বাৰিষা বোৱতী নদীলৈ পৰিণত হোৱা সোৱণশিৰি নৈৰ এৰাসুঁতিতো দুয়োফালে সম্পূৰ্ণ বন্ধ কৰি বিধায়ক নৱ কুমাৰ দলেৰ ঘনিষ্ঠ ঠিকাদাৰ কুলাগাম পায়েং নামৰ এজন ঠিকাদাৰৰ নেতৃত্বত ঘিলামৰা উন্নয়ন খণ্ডৰ…

চিনিয়ৰ মহিলা ফুটবল লীগঃঅসম ৰাইফলছ একাদশৰ খিতাপ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৬আগষ্টঃ তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত আৰু ৰঙাপৰা মহাবিদ্যালয়ৰ সহযোগত অনুষ্ঠিত হোৱা শোণিতপুৰ জিলা চিনিয়ৰ মহিলা ফুটবল লীগৰ খিতাপ অৰ্জন কৰিছে অসম ৰাইফলছ দলে৷ ৰঙাপৰা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা লীগখনৰ আজিৰ অন্তিমখন খেলত অসম ৰাইফলছ একাদশে ৰঙাপৰা মহাবিদ্যালয় একাদশক ৩-০গ’লৰ স্পষ্ট ব্যৱধানত পৰাস্ত কৰে৷ বিজয়ী দলৰ হৈ ৰঞ্জীবালা দেৱীয়ে দুটা আৰু হেমলতা দেৱীয়ে এটা গ’ল স্কৰ কৰে৷